অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সু-স্বাস্থ্যৰ বাবে ৰন্ধন প্ৰকৰণ আৰু খোৱা লোৱাৰ বিধান :

সু-স্বাস্থ্যৰ বাবে ৰন্ধন প্ৰকৰণ আৰু খোৱা লোৱাৰ বিধান :

 

সমাজৰ প্ৰতিজন মানুহে জীৱনটো সুখ, স্বাচ্ছন্দ্য আৰু সু-স্বাস্থ্যৰে যাপন কৰিব বিচাৰে। তেনে জীৱন কটাবৰ বাবে কিছুমান বিধি বিধান মানি চলিব লগা হয়। বিশেষকৈ খাদ্যবস্তু যধে-মধে খালে নহ’ব। সেই আহাৰ শুদ্ধ আৰু সহজ খাদ্য হ’বই লাগিব। কেতিয়া কি খাদ্য লাগে, সেইবোৰ কেনেকৈ ৰান্ধিব লাগে, সেই কথা সুন্দৰভাৱে জানি ল’ব লাগে। তেনেদৰে শুদ্ধভাৱে প্ৰস্তুত কৰা খাদ্য পৱিত্ৰ চিত্তে খোৱাৰ বাবেও মনোযোগ দিব লাগে।

যিবোৰ আহাৰ খাই আমি জীয়াই থাকো, সেইবোৰ অতি পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সতেজ হোৱা উচিত। কাৰণ তেনেবোৰ খাদ্যই আমাৰ শৰীৰৰ উপকাৰ সাধন কৰে।

সম্প্ৰতি বজাৰত উভৈনদী হোৱা শাক-পাচলি, ফলমূলবোৰ কেনেধৰণে খাব লাগে, তাৰে কিছু বিধান এই লেখাটিৰ যোগেদি দিয়াৰ প্ৰয়াস কৰা হৈছে।

১)বজাৰত শাক-পাচলিবোৰ অধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা হয়। কৃষিজাত খাদ্য দ্ৰব্যত কীটনাশক ঔষধো প্ৰয়োগ কৰা হয়।

২)জৈৱিক পদ্ধতিৰে উৎপাদন কৰা শাক-পাচলিহে খোৱা উচিত।

৩)বজাৰৰ পৰা ক্ৰয় কৰি অনা শাক-পাচলিবোৰ ভালদৰে ধুই পৰিষ্কাৰ কৰি ৰান্ধিব লাগে। ফলমূল, কল, আপেল, গাজৰ, বিহালী আদি কুহুমীয়া পানীৰে ধুই-পখালি ৰন্ধা উচিত।

৪)শাক-পাচলিবোৰ ৰন্ধাৰ আগতে পৰিষ্কাৰ পানীত ধুই, মচি, বাছি ৰন্ধা অত্যন্ত জৰুৰী কথা।

ৰন্ধন প্ৰকৰণ -

ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত কিছুমান নীতি-নিয়ম মানি চলা উচিত। পৱিত্ৰ মন এটা লৈ ৰন্ধা-বঢ়া কৰিব লাগে। সেয়েহে ডাকৰ বচনত কোৱা হৈছে এইদৰে-

চাউল দিবা যেতেক তেতেক

পানী দিবা তিনি তেতেক

তেবেও যদি নিসিজে চাউল

তেবে বুজিবা ডাকক বাউল।

বৰ্তমান পদ্ধতিগতভাৱে ৰন্ধন প্ৰকৰণৰ বিষয়ে সকলোৱে জানিব পৰাকৈ, বিশেষকৈ পাচলি কুটাৰ পৰা খাদ্য পৰিৱেশন কৰালৈ শুদ্ধ নিয়ম বৰ্ণনা কৰি অসংখ্য পুথি ৰচিত হৈছে।

অসমীয়া সমাজত ভাত প্ৰধান খাদ্য। এই ভাত ৰন্ধা সম্পৰ্কেও এই পুথিবিলাকত দিহা দিয়া হৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চহকী খাদ্য সম্ভাৰবিলাক সুস্বাদু ৰস, গোন্ধ আৰু সোৱাদেৰে সমৃদ্ধ। ভিন্ন ভিন্ন জাতি-জনজাতিৰ বাসস্থান অসমতো আধুনিক খাদ্য শৈলীৰ প্ৰৱেশ ঘটিছে আৰু খোৱাৰ ৰুচি বঢ়াই তুলিবলৈ সক্ষম হৈছে।

কোন মাহত কি খাব -

ব’হাগত খাব:

গৰুৰ বিহুৰ দিনা তিতা কেৰেলা, লাও, বেঙেনাৰ তৰকাৰী। চেৰা বিহুৰ দিনা নিমতিতা, দৈ আৰু পইতা ভাত। সাত বিহুৰ ভিতৰত কঠালৰ মুচি, কল পচলা। পহিলা ব’হাগত বা সাত বিহুৰ মাজত এশ এবিধ শাক খোৱাটো এক পৰম্পৰা। ই স্বাস্থ্যৰ বাবে উত্তম।

জেঠ-আহাৰত:

এই মাহবোৰত বাঁহৰ গাজ, বাঁহ গাজৰ খাৰ বা আঞ্জা টেঙা খাব লাগে।

আহিন-কাতিত:

খাৰলি খাব লাগে। দেৱালীৰ আগদিনা(ভূত চতুদ্দৰ্শী) ১০ বিধ শাক খোৱা উচিত। আলু-কচু খাব লাগে।

শাওণত:

পইতা ভাত, পোৰা মাছ আৰু খৰিচা খোৱা ভাল। পইতা ভাত গৰৈমাছ পোৰাৰে খাব লাগে। ই স্বাস্থ্যৰ বাবে ভাল। দেহ শীতল কৰি ৰাখে।

মাঘ মাহত:

মেজি জ্বলোৱাৰ পিছত কাঠ আলু, মাহ কৰাই, তিল পিঠা খাব লাগে। পেটৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি তিলৰ লাৰু বা তিল পিঠা খালে। ই গাৰ ছাল নিমজ কৰে আৰু দেহৰ সৌন্দৰ্য বঢ়ায়।

খোৱা-বোৱাৰ বিধান:

বন্ধা বঢ়াৰ বাবে যিদৰে বিধান আছে, সেইদৰে খাদ্য দ্ৰব্য খোৱাৰো আছে কিছুমান বিধি বিধান। যিবোৰ বিধান মানি চলিলে মানুহৰ স্বাস্থ্য অটুট থাকিব।

‘চেঙা, চেঙেলী জমিবৰ ৰসে কাহুদী দিয়া জেৱে পাৰিসে মুখৰ আৰুচি দূৰক যায়। আচোক পৰ দেবো মোহ পায়’। আৰু কোৱা হয় অধিক ভোজন পেটলৈ বেয়া। অল্প অৰ্জন, বিস্তৰ ভোজন-

খাবলৈ ভাল টেঙা মাছৰ জোল

পেটলৈ নকৰে ই গণ্ডগোল।

বেছিকৈ খোৱাটো বৰ ভুল

পিছত হয় বেমাৰৰ হুল।

১)ৰাতি টেঙা তিতা খাব নালাগে। পেটৰ অসুখ হয়। হজম শক্তি হ্ৰাস পায়।

২)মাংস খাই এঁৱা গাখীৰ খাব নালাগে।

৩)ৰাতি দৈ খোৱা উচিত নহয়। পেটত এচিডিটি বৃদ্ধি কৰে বুলি কয়।

৪)ৰাতি শাক খাব নালাগে। ই হজম নহয়।

৫)পিঁয়াজ আৰু কণী একেলগে খোৱা উচিত নহয়।

৭)বাকলি নোহোৱা মাছ পুৰি খাব নাপায়। মাগুৰ, শিঙৰা, বটিয়া মাছ পুৰি খোৱা উচিত নহয়।

৮)মূলা, নহৰু আৰু চজিনা খাই গাখীৰ খাব নালাগে।

৯)তিতা আৰু খাৰ একেলগে খালে বদহজম হয়।

১০)থেকেৰা আৰু তেতেলী একেলগে খোৱা বেয়া।

১১)কঠাল, নাৰিকল খাই গাখীৰ খোৱা নিষেধ।

১২)ওল কচু, মাটি দাইল একেলগে খোৱাটো বেয়া।

১৩)জলফাই টেঙা আৰু চুকা শাক খোৱাটো বেয়া।

১৪)তিয়ঁহ আৰু খিচিৰি খাব নালাগে।

১৫)এঁৱা গাখীৰ আৰু সুৰা খোৱা নিষেধ।

১৬)এঁৱা গাখীৰৰ লগত নিমখ একেলগে খোৱা নিষেধ।

১৭)দৈৰ সৈতে তেতেলী খোৱা নিষেধ।

১৮)ৰহৰ দাইল খাই এঁৱা গাখীৰ খাব নালাগে।

‘ভোজনান্তে বিষম বাৰি’ বুলি আয়ুবেৰ্দিক শাস্ত্ৰত কোৱা হয়। অৰ্থাৎ আহাৰ খাই পানী খোৱা উচিত নহয়। আহাৰ খাই এঘন্টাৰ পিছত পানী খোৱা উচিত।

এনেদৰে আহাৰ খোৱাৰ বিধি বিধান মানি চলিলে আহাৰৰ পৰা উপকাৰ পোৱা যায়। গতিকে বিধি বিধান মানি চলি সুস্বাস্থ্যৰ সাধনা কৰাটো অতীৱ প্ৰয়োজন।

বয়স আৰু শৰীৰৰ ক্ষমতা অনুসৰি এজন লোকে কেনে ধৰণৰ, কিমান আহাৰ খাব, তাৰ এখন তালিকা-

দাইল আৰু মাহ জাতীয় শস্য: ২৫ গ্ৰাম

গাখীৰ: ১৫০ গ্ৰাম

কণী: এটা

মাছ-মাংস: ২৫ গ্ৰাম।

লেখক: ধনেশ্বৰ হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate