অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্থ-সবল শৰীৰ:

সুস্থ-সবল শৰীৰ কি-


দেহাইহে বেহা বুলি কথা এষাৰ আছে। শৰীৰ সুস্থ-সবল হৈ থাকিলেহে কৰ্মোদ্যমৰ গৰাকী হৈ সকলো কাম সুকলমে সম্পন্ন কৰাটো সম্ভৱ। এনে শৰীৰৰ অধিকাৰীয়ে বেমাৰ-আজাৰ দূৰ কৰি জীৱণ ধাৰণ সাৰ্থক কৰিব পাৰে। দেহ সুস্থ-সবল কৰি ৰাখিবলৈ ঘাইকৈ নিয়মিতভাৱে সুষম খাদ্য গ্ৰহণ তথা ব্যায়ামৰ অনুশীলন কৰাটো অত্যাৱশ্যকীয়। পৰিপুষ্টি বিজ্ঞানৰ উন্নতি সাধন হোৱাৰ ফলত মানুহক প্ৰতিদিনে আৱশ্যক হোৱা খাদ্যৰ বিভিন্ন প্ৰকাৰ তথা পৰিমাণৰ বিষয়ে সঠিককৈ জানিব পাৰি। বহুতো লোকে আজিকালি যোগাভ্যাস কৰিবলৈ লৈছে যাৰ নিয়মীয়া অনুশীলনে শৰীৰ সুস্থ-সবল কৰি দীৰ্ঘ জীৱন দান দিয়াৰ উপৰি বাৰ্দ্ধক্য প্ৰতিৰোধ কৰে।

সুস্থ-সবল শৰীৰৰ বাবে খাদ্য-

 

দেহৰ পুষ্টিৰ বাবে প্ৰয়োজনীয় সকলো উপাদান উপযুক্ত পৰিমাণে সুষম খাদ্যত মজুত থাকে। কাম অনুসৰি খাদ্য তিনি প্ৰকাৰৰ- শক্তিদায়ক, দেহবৰ্দ্ধক আৰু দেহৰক্ষক। আমি অলস হৈ থাকিলেও কলিজা, হাওঁফাওঁ আদি অংগ বিৰামবিহীনভাৱে কৰ্মৰত, যাৰ পৰিপেক্ষিতত নিৰৱিচ্ছন্নভাৱে শক্তিৰ যোগান আৱশ্যক। দেহৰ উষ্ণতা নিয়ন্ত্ৰণ, মগজুৰ কাৰ্যকলাপতো শক্তিৰ অবিৰত যোগান অপৰিহাৰ্য। শক্তিৰ জোখ কেল’ৰিত প্ৰকাশ কৰা হয় আৰু প্ৰাপ্তবয়স্ক লোক এজনৰ দেহৰ সকলো কাম নিয়াৰিকৈ চলিবলৈ প্ৰতিদিনে ২৪০০ কেল’ৰিৰ প্ৰয়োজন। খাদ্যৰ অন্যতম উপাদান প্ৰ’টিন শৰীৰৰ বৃদ্ধিৰ বাবে অতিশয় আৱশ্যকীয় বাবেই দেহবৰ্দ্ধক খাদ্য। গাখীৰ, মাছ, মাংস, কণী, দাইল, ছয়াবীন আদি প্ৰ’টিনৰ উত্তম উৎস। প্ৰাপ্তবয়স্ক লোকক প্ৰতিদিনে দেহৰ প্ৰতি কিলোগ্ৰাম ওজনৰ বাবে এক গ্ৰামকৈ প্ৰ’টিনৰ আৱশ্যক। খাদ্যপ্ৰাণ, পানী, খনিজ লৱণ আদি দেহৰক্ষক খাদ্য, কিয়নো শৰীৰ নিৰোগী কৰি ৰখাত এইবোৰৰ অৱদান অনস্বীকাৰ্য। পোলেণ্ডৰ বিজ্ঞানী কছিমিৰ ফ্ৰাংকে ১৯১১ চনত খাদ্যপ্ৰাণ আৱিষ্কাৰ কৰে। ই কেইবাবিধৰো আৰু সামান্য পৰিমাণহে দেহৰ বাবে উপযোগী, অধিক মাত্ৰাই শৰীৰৰ অপকাৰ সাধিব পাৰে। গাজৰ, চালগোপ, বিলাহী, কণী, মাখন, মাছ, গাখীৰ আদিত খাদ্যপ্ৰাণ ‘ক’ উভৈনদী, শৰীৰত যাৰ নাটনি হ’লে মানুহ কুকুৰীকণা হয়। খাদ্যপ্ৰাণ ‘গ’ৰ অভাৱত স্কাৰ্ভি নামৰ ৰোগে যন্ত্ৰণাত ভোগায়, যাৰ লক্ষণ দাঁতৰ আকু ফুলি ইয়াৰপৰা তেজ নিগৰে। নেমু, সুমথিৰা, আমলখি, আপেল, আনাৰস, বিলাহী, আম আদি এই খাদ্যপ্ৰাণত চহকী।

পানীয়েই প্ৰাণ বুলি কয়। কিয়নো দেহৰ ওজনৰ প্ৰায় ৬০ ভাগেই পানী। ইয়াৰ অবৰ্তমানত আমাৰ দেহৰ সকলো ক্ৰিয়া অচল হৈ পৰাটো অৱধাৰিত। পিয়াহ লাগক বা নালাগক, সদায় অধিক পৰিমাণে পানী খোৱাৰ অভ্যাস কৰাটো সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ অতিশয় জৰুৰী। দিনে দহ-বাৰ গিলাচ পানী খালে বিষৰ যাতনাৰ পৰা ৰক্ষা পাব পাৰি। শৰীৰত শক্তিদায়ক খাদ্য ৰাহি হ’লে ই চৰ্বিত পৰিণত হয়, যিয়ে দেহৰ ওজন বৃদ্ধি কৰে।

সংসাৰ মৰুভূমিত সংগীত সৰোৱৰ স্বৰূপ। সকলোৱে সুগায়ক নহ’ব পাৰে, কিন্তু প্ৰয়াস কৰিলে বাদ্যযন্ত্ৰী হ’ব পাৰে। কানাডাৰ মন্ট্ৰিল বিশ্ববিদ্যালয়ৰ গৱেষক ছাইমন লণ্ড্ৰীয়ে প্ৰমাণ পোৱা মতে, বাদ্যযন্ত্ৰীয়ে অনুশীলনৰ জৰিয়তে বাৰ্দ্ধক্য ৰোধ কৰিব পাৰে। খাদ্য গ্ৰহণৰ সাৱধানতা অৱলম্বন কৰি সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ নিয়মিতভাৱে খাদ্য গ্ৰহণৰ অভ্যাস কৰি অধিক পৰিমাণে শাক-পাচলি তথা ফল-মূল খাদ্যত অন্তৰ্ভূক্ত কৰিব লাগে। দিনৰ খাদ্য গ্ৰহণৰ পিছত কিছু দূৰ খোজ কঢ়াৰ অভ্যাস কৰিলে মানসিক চাপৰপৰা মুক্ত হৈ সুস্থ জীৱন লাভ কৰিব পাৰি। কাৰ্যালয়ত কৰ্মৰত লোকে জীৱনত সক্ৰিয় হৈ থাকিবলৈ দূৰভাষেৰে কথা পাতোতে থিয় হৈ থকাৰ অভ্যাস কৰিব পাৰে। কাৰোবাক লগ ধৰিবলৈ খোজ কঢ়া, বহুমহলীয়া ঘৰৰ ওপৰলৈ উঠোতে অথবা ছিৰিৰে উঠা-নমা কৰিলে সুস্বাস্থ্য দীৰ্ঘম্যাদী হয়। কাৰ্যালয়ত বহি কাম কৰিব লগা হ’লে আধা ঘন্টাৰ মূৰে মূৰে অলপ পৰৰ বাবে খোজকাঢ়িলে একঘেয়ামি গুচে।

সুস্থ-সবল শৰীৰৰ বাবে ব্যায়াম-


ব্যায়াম, খেলা-ধূলা তথা দৈহিক পৰিশ্ৰমে শক্তি ক্ষয় কৰে বাবে সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ প্ৰতিদিনে আধা ঘন্টা সক্ৰিয় ব্যায়াম অনুশীলনৰ আৱশ্যক। পুৱা বা আবেলি বেগাই খোজকঢ়াটো উত্তম ব্যায়াম, যিহেতু ই তেজ চলাচল বৃদ্ধি কৰি কলিজাৰ উপকাৰ সাধন কৰে। এই অনুশীলনত প্ৰায় দুশ কেল’ৰি শক্তি খৰচ হয়। আধা ঘন্টা লাহে লাহে দৌৰিলে ৬৫৪ কেল’ৰি, চাইকেল চলালে ৬৫২ কেল’ৰি আৰু সাঁতুৰিলে ৫২২ কেল’ৰি শক্তি খৰচ হয় বাবে দেহত মেদকলা উৎপন্ন হোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়। নতুন দিল্লীৰ মেক্স হেলথকেয়াৰ নামৰ প্ৰতিষ্ঠানৰ স্বাস্থ্য জীৱনশৈলী তথা কল্যাণ পৰামৰ্শদাতা প্ৰীতি ৰাওৰ মতে, ভাৰতবৰ্ষ তথা বিদেশত লাভ কৰা অভিজ্ঞতাই স্পষ্ট কৰা মতে, নিয়মিতভাৱে যোগ-প্ৰাণায়াম তথা ধ্যানৰ অনুশীলনে সুস্বাস্থ্য অক্ষুন্ন ৰাখি বাৰ্দ্ধক্য বিলম্বিত কৰে। কলিজাৰ পুৰণি বিকাৰৰপৰা অত্যধিক কলেষ্টেৰ’ললৈ, মধুমেহৰপৰা উচ্চ ৰক্তচাপলৈ এইধৰণৰ স্বাস্থ্য সমস্যাৰপৰা ৰেহাই পাবলৈ যোগাভ্যাসে সহায় কৰে।

শৰীৰত চেনিৰ পৰিমাণ বৃদ্ধি পালে নানা বিকাৰে গা কৰি উঠে বাবে চেনি খোৱাটো সমূলি পৰিহাৰ কৰা ভাল। ঘৰৰ সৰু-সুৰা কাম, যেনে- বজাৰৰ পৰা অনা বয়-বস্তুৰ মোনা দঙা, ৰন্ধন গেছৰ চিলিণ্ডাৰ পাকঘৰলৈ অনা আদি অনায়াসে সমাধা কৰিব লাগে। জীৱ মাত্ৰেই পৰিৱেশৰ দাস আৰু মানুহ ইয়াৰ মুঠেই ব্যতিক্ৰম নহয়। পৰিৱেশ প্ৰদূষিত হ’লে সান্নিপাতিক জ্বৰ, হাইজা, মূৰৰ বিষ, মূৰ ঘূৰণি, চকু তথা নাকৰ ৰোগ, হাঁওফাওঁৰ কৰ্কট ৰোগ তথা অন্যান্য বিকাৰ, কলিজাৰ ৰোগে মানুহক আক্ৰান্ত কৰি যমৰ যাতনা ভোগায়। সেইবাবে সম্প্ৰতি পৰিৱেশ প্ৰদূষণমুক্ত কৰি নিকা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিজ্ঞানীৰ অক্লান্ত প্ৰয়াসৰ ফলত বহুতো মাৰাত্মক ৰোগ নিৰাময় কৰা দৰব আৱিষ্কৃত হৈছে, যাৰ ফলত এই বিকাৰবোৰ আমাৰ সুস্বাস্থ্যৰ পৰিপন্থী হৈ উঠিব পৰা নাই। আৰম্ভণিতে চিনাক্ত হ’লে কৰ্কট ৰোগ নিৰাময় কৰাটোও সম্ভৱ।

লেখক:আনন্দ দেৱগোস্বামী(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate