অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্য ৰক্ষাত থেৰাপী

সুস্বাস্থ্য ৰক্ষাত থেৰাপী

অতি পুৰণি কালৰে পৰা ৰং (Colour) থেৰাপী প্ৰচলন হৈ আহিছে । মানৱ সভ্যতাৰ আদিম অৱস্থাৰ পৰা মানুহক বিভিন্ন ৰং-বিৰঙে আকৰ্ষিত কৰি আহিছে । প্ৰকৃতি জগতখন ৰুপ-ৰস-গন্ধ আৰু ৰঙেৰে ভৰপূৰ । প্ৰকৃতিৰ সেউজীয়া গচ-গছনি ৰং-বিৰঙে আমাৰ মনৰ ওপৰত আনন্দ যোগাই আহিছে । আকাশখন নীলা । সূৰ্যৰ পোহৰ যেতিয়া আকাশৰ ডাৱৰত পৰে, তেতিয়া আমি আকাশত ৰঙা ৰং আৰু বেঙুনীয়া ৰং দেখা পাওঁ ।

ভাৰতবৰ্ষ ক্ৰম’থেৰাপীৰ (Chromotherapy) জন্মস্থান । ভাৰত তথা পৃথিৱীৰ বিভিন্ন ৰং পোহৰে যুগে যুগে মানুহৰ মন, শৰীৰ আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে । বৰ্তমান আধুনিক যুগত ৰং থেৰাপী এক অত্যন্ত উপকাৰী আৰু আৰোগ্যকাৰী চিকিৎসা হিচাপে পৰিগণিত হৈছে ।

ৰঙৰ মেজিক থেৰাপীয়ে বৰ্তমান যুগৰ মানুহক শৰীৰত হোৱা নানা ধৰণৰ ৰোগ আৰোগ্যৰ বাবে বহুত উপকাৰী উপাদান যোগান ধৰিব পাৰিছে । সেয়েহে ৰং থেৰাপীৰ উপযুক্ত ব্যৱহাৰে মানুহে ভুগি থকা বহুতো ৰোগ নিৰাময় আৰু ৰোগ দূৰ কৰাত সহায় কৰিব পাৰে । আধুনিক গৱেষণাই প্ৰমাণ কৰিছে যে ৰঙে প্ৰকৃততে আমাৰ মন আৰু স্বাস্থ্যৰ ওপৰত যথেষ্ট ক্ৰিয়া কৰে । নীলা পোহৰে কত বেমাৰ ভাল কৰে । চিকিৎসক ডা: এচ  এফ ডোনালডৰ মতে নীলা পোহৰৰ যোগেদি কেঞ্চাৰ আৰু মেলিগনেট টিউমাৰৰ চিকিৎসা কৰাত ভাল ফল দিয়ে । বিজ্ঞানে বিশ্বাস কৰে যে আমাৰ মগজু ৰঙৰ দ্বাৰা প্ৰভাৱান্বিত হয় । নীলা ৰং ব্যৱহাৰ কৰি টোপনিৰ নহা সমস্যা সমাধান কৰিব পাৰি । সেইদৰে বেঙুনীয়া পোহৰে মানুহৰ ষ্ট্ৰেছ (Stress) আৰু বহুদিনীয়া বাত বিষ ভাল কৰিব পাৰি । ৰঙে আমাৰ শাৰীৰিক, আৱেগিক, মানসিক আৰু আধ্যাত্মিক দিশত যথেষ্ট প্ৰভাৱ পেলায় আৰু ক্ৰিয়া কৰে । উদাহৰণস্বৰুপে ক’ব পাৰি যে এজন মানুহৰ যদি পেটফুলা বা পিত্তৰোগ হয়- এইটো এটা শাৰীৰিক সম্বন্ধীয় ৰোগ । কিন্তু সেই মানুহজন বা ৰোগীজন আৱেগিক আৰু মানসিকভাৱে বাধাপ্ৰাপ্ত হয়, শাৰীৰিকভাৱেও তেওঁ মনৰ দুখত ভুগিব পাৰে । ইয়াৰ ফলত তেওঁৰ ভোক-পিয়াহ নাইকিয়া হ’ব পাৰে ।

এনেবোৰ ক্ষেত্ৰত মানুহজনক শাৰীৰিক, আৱেগিক, মানসিক আদি দিশত চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে ।

এইকেইটা দিশত মানুহৰ কেনে প্ৰতিক্ৰিয়া হ’ব পাৰে চাওকচোন-

শাৰীৰিক দিশত :-

  • সেউজীয়া ৰং আৰু পাতলীয়া সেউজীয়া ৰঙে মনত শান্তি আৰু প্ৰশান্তি প্ৰদান কৰে ।
  • ৰঙা-ৰঙে মনটো সজীৱ কৰি তোলে । ধ্যানত (Meditation) সহায় কৰে ।
  • কমলা ৰঙে শৰীৰ আৰু মনত শক্তি প্ৰদান কৰে ।

আৱেগিক দিশত :-

  • আকাশ নীলা ৰঙে মানুহক বিশ্ৰাম প্ৰদান কৰে ।
  • নৰা বগৰী ৰঙে মনত উৎসাহ জন্মায় ।
  • কমলা ৰঙে মনত আনন্দ প্ৰদান কৰে ।

মানসিক দিশত :-

  • বেঙুনীয়া ৰঙে আৰাম, প্ৰফুল্লতা দিয়ে ।
  • সেউজীয়া ৰঙে মনত শান্তি প্ৰদান কৰে ।

আধ্যাত্মিক দিশত :-

  • নীলা ৰং আৰামদায়ক
  • বেঙুনীয়া ৰঙে মন উৎফুল্লিত কৰে ।

ৰোগৰ চিকিৎসাত ৰঙৰ প্ৰয়োগ কেনেকৈ কৰিব ?

ইলেকট্ৰিকেল বালব, ৰঙচুৱা গ্লাছ ব্যৱহাৰ কৰিব লাগে । ইলেক্ট্ৰিকেল সামগ্ৰী থকা দোকানত বিভিন্ন ধৰণৰ বালব পোৱা যায় । চিকিৎসাত নিয়ন লাইট ব্যৱহাৰ কৰিব নালাগে । বালবৰ ৱাটচৰ শক্তি হ’ল- ৩০,৪০,৬০,১০০,২০০ শক্তিপৰ্যন্ত ।

ৰং থেৰাপীৰ যোগেদি চিকিৎসা কৰিব পৰা বেমাৰ, প্ৰয়োজনীয় ৰং আৰু চিকিৎসা পদ্ধতিৰ এখন তালিকা তলত দিয়া হৈছে –

বেমাৰৰ নাম

প্ৰয়োজনীয় ৰং

চিকিৎসা পদ্ধতি

মাইগ্ৰেন, মূৰৰ প্ৰচণ্ড বিষ আদিত

হালধীয়া

কপালৰ ওপৰত ১০ মিনিট দিনে দুবাৰকৈ । এসপ্তাহ । বালব ৬০ ৱাটছৰ ব্যৱহাৰ কৰিব পাৰিব ।

 

টোপনি নহা সমস্যাত

নীলা

কপালৰ ওপৰত ৫ মিনিট । দিনে ২ বাৰ । বালব ৬০ ৱাটছৰ

চকুৰ অসুখত, চকু ৰঙা  পৰি পানী ওলোৱা, খচখচোৱা

নীলা

চকুকেইটা মুদি থকা অৱস্থাত চকুৰ ওপৰত লাহে লাএ দিব । বালব ৩০ শক্তি । ১৫ মিনিট । ২ বাৰকৈ ৫ দিন

শকত হোৱা বা মেদবহুলতা

সেউজীয়া

শোৱনিকোঠাত সেউজীয়া বালব ১৫ শক্তি, ১৫ ঘণ্টা জ্বলাই ৰাখিব । ১ মাহ বা ২ মাহ ধৰি ।

মৃগী (Epilepsy)

নীলা

মূৰত আৰু ৰাজহাড়ত ২০ মিনিট । ২ বাৰ । ১ মাহ । বালব ৬০ ৱাটছ বা ৪০ ৱাটছ

বহুমূত্ৰ বা ডায়েবেটিছ

হালধীয়া

পেংক্ৰিয়াচৰ ওপৰত । ১৫ মিনিট দিনে ২ বাৰ । বালব ৩০ শক্তি । ২ মাহ পৰ্যন্ত

কৰ্কট ৰোগ

বেঙুনীয়া, কমলা আৰু নীলা

শৰীৰৰ যি ঠাইত ৰোগৰ আক্ৰমণ হয় সেই অংশত ৩০ মিনিট ।দিনে ৩ বাৰ । ২ মাহ । বালব ৬০ শক্তি ।

এনিমিয়া

ৰঙচুৱা

পেটত ৰঙচুৱা পোহৰ । দিনে ২ বাৰ । ১ মাহ ধৰি । বালব ৩০ শক্তি ।

 

খাদ্য :- শিঙৰা , মাছ, পচলা, বিট, গাজৰ, ডালিম, আমলখি, আপেল, মধুৰিআম, সেউজীয়া শাক-পাচলি ।

লেখক :- উপেন দত্ত

উৎস :- অসমীয়া খবৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate