অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্যৰ উপযোগী হালধি

আঞ্জাৰ জুতি তথা সুগন্ধি বঢ়াবলৈ নানা তৰহৰ মচলা ব্যৱহাৰ কৰা হয়, তাৰ ভিতৰত হালধি প্ৰধান| এই গছজোপা বিখ্যাত হোৱাৰ মূলতে ইয়াৰ জাৰণবিৰোধী, বীজাণুবাৰক তথা বেদনাবিৰোধী গুণ| কেঁচা হালধি অথবা ইয়াৰ গুড়ি বহুতো দৰৱীয় তথা পুষ্টি গুণসম্পন্ন|

হালধিৰ এশ গ্ৰামত থকা উপাদানবোৰ হ’ল-

শক্তি- ৩৫৪ কিলো কেল’ৰি,

কাৰ্ব হাইড্ৰেট- ৬৫ গ্ৰাম,

প্ৰ’টিন- ৮ গ্ৰাম,

চৰ্বি- ১০ গ্ৰাম,

ছ’ডিয়াম- ৩৮ মিলিগ্ৰাম,

পটাছিয়াম- ২.৫২ মিলিগ্ৰাম,

আঁহ- ২১ গ্ৰাম|

বহুতো অধ্যয়নৰ পৰা জনা মতে, বেমাৰৰ জীৱাণু পৰাভূত কৰাত হালধিয়ে সহায়ৰ হাত আগবঢ়ায়, কিয়নো ই খাদ্য পাচনৰ সমস্যা ৰোধ কৰি পোৰণি হ্ৰাস কৰে| ইয়াৰ জাৰণবিৰোধী ধৰ্মই কৰ্কট ৰোগৰ কাৰক মুক্ত মূলকৰ লগত যুঁজ কৰাত সহায় কৰে| হালধিত থকা গুৰুত্বপূৰ্ণ উপাদান কুৰকুমিন শক্তিশালী জাৰণবিৰোধী তথা চোকা বেদনাশক| হালধি গ্ৰহণৰ অনুমোদিত মাত্ৰা হ’ল প্ৰতিদিনে ১ ৰ পৰা ৩ গ্ৰাম পৰ্যন্ত| মচলা হিচাপে নিয়মিতভাৱে হালধি গ্ৰহণ কৰিলে শৰীৰে শক্তি লাভ কৰি বেমাৰ প্ৰতিৰোধী ক্ষমতা লাভ কৰে| বাত বিষে জলা-কলা কৰা লোকে নিয়মিতভাৱে হালধি সেৱন কৰিলে বিষৰ পৰা সকাহ পায়|

পাকস্থলীৰ বিকাৰ-

যেনে- ফুলি উঠা, গেছ জমা হোৱা, পেটৰ অসুখ আদিত হালধিয়ে বিশেষ কাম সমাধা কৰে| ই খাদ্য জীণ নিওৱাত সহায় কৰে, যিহেতু হালধিয়ে পিত্ত ৰস নিঃসৰণ কৰা কাম সহজসাধ্য কৰে| সেইবাবে অজীৰ্ণতাত ভোগা লোকে খাদ্যৰ লগত হালধি গ্ৰহণ কৰি বিকাৰৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱপৰ| অধ্যয়নৰ জৰিয়তে গম পোৱা মতে, হালধিয়ে ধমনীত তেজ খমলা বন্ধা বন্ধ কৰি দেহক হৃদয়াঘাত অথবা কলিজাৰ বিকাৰৰ পৰা ৰক্ষা কৰে| মধুমেহ ৰোগীৰ পৰিয়ালত আন সদস্যকো একে বিকাৰত ভোগোৱাৰ সম্ভাৱনা নথকা নহয়, যি পৰিপ্ৰেক্ষিতত এনে লোকে খাদ্যত উপযুক্ত পৰিমাণে হালধি গ্ৰহণ কৰিলে ভৱিষ্যতে মধুমেহ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা হ্ৰাস পায়| মধুমেহ ৰোগীৰ দেহত চেনিৰ পৰিমাণ অত্যধিক মাত্ৰাত হ্ৰাস পালে বেমাৰীৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে| গতিকে হালধি ৰস সেৱন কৰি থকা ৰোগীয়ে সঘনে তেজত চেনিৰ পৰিমাণ পৰীক্ষা কৰি থকা প্ৰয়োজন|

পাচনতন্ত্ৰৰ এক চিৰকলীয়া ৰোগ হ’ল বৃহদান্ত্ৰৰ প্ৰদাহ-

যাৰ পৰা ৰক্ষা পাবলৈ হালধিৰ ৰস সেৱন কৰাই উত্তম পন্থা| কিয়নো এই অভ্যাসে ৰোগৰ বিষ-বেদনা তথা জটিলতা হ্ৰাস কৰে| হালধি প্ৰতিজাৰক, বেদনা প্ৰতিৰোধী তথা পুষ্টি গুণসম্পন্ন হোৱা বাবে কেতবোৰ স্নায়বিক বিকাৰ যেনে- আলঝেইমাৰ ৰোগ, পাৰ্কিনছনছ ৰোগৰ দৰে বিকাৰ প্ৰতিৰোধ কৰাত সহায় কৰে| হালধিৰ পৰিপূৰক দ্ৰব্য ব্যৱহাৰ কৰাতকৈ কেঁচা বা সজীৱ হালধি গ্ৰহণ কৰাটোহে উত্তম পথ| গৰ্ভৱতী তথা কেঁচুৱাক গাখীৰ খুওৱা মাতৃয়ে হালধি গ্ৰহণ কৰাত সাৱধানতা অৱলম্বন কৰিব লাগে| কাৰণ ই তেজ পনীয়া কৰে| কিন্তু আঞ্জা-তৰকাৰিত মচলা হিচাপে হালধি ব্যৱহাৰ কৰাটো মুঠেই ক্ষতিকাৰক নহয়, য’ত পাৰ্শ্ব প্ৰতিক্ৰিয়া শূন্য| বীজাণুবাৰক গুণসম্পন্ন হোৱা হেতুকে পোৰাৰ ক্ষেত্ৰত হালধি প্ৰয়োগ কৰিলে তাৎক্ষণিক সকাহ পোৱা যায়| বিমৰ্ষতাত ভোগা লোকসকলে হালধিৰ ৰস সেৱন কৰাটো অতিশয় প্ৰয়োজন,  কিয়নো ই মানসিক চাপ তথা বিমৰ্ষতা হ্ৰাস কৰে| হালধিয়ে মগজুৰ স্নায়বিক প্ৰেৰক প্ৰণালীৰ উন্নতি সাধন কৰি শৰীৰলৈ সতেজতা আনে| ছেৰ’টনিন নামৰ পদাৰ্থ সুখানুভূতিৰ কাৰক, যি পদাৰ্থ উৎপাদনত হালধিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে বাবে ইয়াক সেৱন কৰি লোক সুখী হ’ব পাৰে|

বীজাণুবাৰক তথা বেক্টেৰিয়া বিনাশী গুণসম্পন্ন হোৱা হেতুকে হালধি সেৱন কৰিলে ব্ৰণ ৰোগ, শালমন নিৰাময় হয় আৰু গ্ৰন্থিৰ পৰা তেল ওলোৱা হ্ৰাস কৰি ছালত চিক্‌মিকনি তোলে| হালধি লেপনৰ লগত কেইটোপালমান নেমুৰস মিহলালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়| বিশেষ গুণসম্পন্ন হোৱা হেতুকে হালধিয়ে বাৰ্দ্ধক্যৰ লক্ষণ দূৰতে বিদূৰ কৰে| হালধিৰ ৰস বা ইয়াৰ গুড়ি গাখীৰত মিহলাই খালে শাৰীৰিক সুস্থতা লাভ কৰা হয়|

লেখক:- আনন্দ দেৱ গোস্বামী

উৎস:- দৈনিক অসম



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate