অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্যৰ বাবে তিল :

সুস্বাস্থ্যৰ বাবে তিল :

তিলপিঠা খাই আমি পৰম তৃপ্তি লাভ কৰো। বিশেষকৈ ভোগালী বিহুৰ বতৰত ই এবিধ উপাদেয় খাদ্য। তিল এবিধ জাৰকালিৰ শস্য আৰু কৃষকে আঘোণ মাহত ইয়াক পথাৰৰ পৰা চলাই আনে। কিছুমান লোকে তিল বটা খাই বৰ জুতিপায় বাবে মাজে-সময়ে ইয়াক ব্যঞ্জন হিচাপে ব্যৱহাৰ কৰে। তিল পিঁহি তাৰ প্ৰস্তুত কৰা বড় বৰ উপাদেয় খাদ্য। জাৰকালি তিল খোৱাটো স্বাস্থ্যৰ বাবে উপযোগী, কিয়নো ই শৰীৰক তাপৰ যোগান ধৰে, ফলত দেহ ঠাণ্ডাৰ পৰা সুৰক্ষিত হয়।

হিন্দু উপাখ্যান অনুসৰি তিল দান হিচাপে আগবঢ়োৱাটো পুণ্যৰ কাম যাক হোমযজ্ঞত আহুতি দিয়া হয়। কিয়নো বিশ্বাস কৰা মতে, যম ৰজাই তিল বীজক অমৰত্বৰ বৰদান দিছে। হিন্দু ধৰ্মাৱলম্বী লোকে সত্য বুলি মানি বিষ্ণুৰ দেহৰ পৰা নিগৰা ঘামৰ টোপালে তিলত পৰিণত হৈছে। মানৱ জাতিৰ পৰিচিত আটাইতকৈ পুৰণি তেল জাতীয় বীজটোৱেই তিল বুলি জনাজাত।

আয়ুৰ্বেদ শাস্ত্ৰত তিল অতিশয় উপকাৰী তথা শক্তিশালী দৰব বুলি গণ্য কৰা হয়। তিনিধৰণৰ তিল পোৱা যায়। কলা তিল, বগা তিল আৰু ৰঙা তিল। পুষ্টিৰ বেলিকা কলা তিলেই অতি উত্তম গুণ সম্পন্ন, বগা তিল মধ্যম আৰু ৰঙা তিল অতিশয় কম পৰিমাণে পুষ্টিদায়ক। তিল বীজত চাৰিওবিধ সোৱাদ সোৱাদ যেনে- জলা, তিতা, মিঠা আৰু উগ্ৰ সোৱাদ থাকে।

ভোগালী বিহুত তিলৰ ব্যৱহাৰ অত্যধিক পৰিমাণে কৰা হয়। কিয়নো তিল, গুড়, চাউল, মাহ আদিৰে পিঠা, লাৰু, কৰাই গুড়ি আদি মুখৰোচক খাদ্য প্ৰস্তুত কৰা হয়। এইবোৰ খোৱাৰ বৈজ্ঞানিক গুৰুত্ব আছে। জাৰকালি মানুহে ল্খোৱা খাদ্যত তাপ উৎপাদন কৰা ক্ষমতা থকাটো প্ৰয়োজন, যিয়ে গা গৰম কৰি ৰাখিব পাৰে, তিল এবিধ তেল উৎপাদনকাৰী বীজ, যিয়ে শৰীৰত যথেষ্ট পৰিমাণে শক্তি যোগান ধৰিব পাৰে। জাৰকালি অৰ্থাৎ ভোগালী বিহুত গুড় খোৱাটো ভাল অভ্যাস, কিয়নো এই খাদ্যয়ো দেহত তাপ উৎপাদন কৰে। শীতকালত ভক্ষণ কৰা তিল পিঠা, তিলৰ লাৰু আৰু আদিয়ে শৰীৰত প্ৰচুৰ পৰিমাণে তাপ উৎপাদন কৰি আমাক ঠাণ্ডাৰ পৰা সকাহ দিব পাৰে। মাহ, তিল, বৰা চাউল বেলেগে বেলেগে ভাজি মিহলাই প্ৰস্তুত মচমচীয়া কৰাই গুড়ি খাই জুতি পোৱা যায়। এই খাদ্যত পৰ্যাপ্ত পৰিমাণে স্থূল পোষক দ্ৰব্য পৰিপূৰ্ণ হৈ থাকে। এই খাদ্যবিধে শৰীৰত প্ৰচুৰ পৰিমাণে তাপৰ যোগান ধৰে বাবে জাৰকালিৰ বাবে ই অতিশয় উপযোগী। তিল এবিধ সাধাৰণতে পাব পৰা খাদ্য সামগ্ৰী, যিয়ে দেহৰ পুষ্টিসাধন কৰে। তদুপৰি তিলে নানা ৰোগৰ আক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰে। স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰ্ত তিলৰ বিশেষ গুৰুত্ব আছে। ই হাড়ৰ স্বাস্থ্য ৰক্ষাত অতিশয় উপকাৰী। তিল নিয়মীয়াকৈ খাদ্য খিচাপে গ্ৰহণ কৰা লোকৰ ৰক্তচাপ স্বাভাৱিক হৈ থাকে। শৰীৰত লোৰ নাটনি দূৰ কৰি তিলে ৰক্তহীনতা প্ৰতিৰোধ কৰে। মাজে-সময়ে তিল ভক্ষণ কৰা লোকে ছালৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিব পাৰে। মূৰৰ বিষ তথা আদকপালী প্ৰতিৰোধ কৰাত তিলৰ অন্যন্য অৰিহণা আছে। বিষণ্ণতাৰ বলি হ’লে নিয়মীয়াকৈ তিল ভক্ষণে সকাহ দিব পাৰে। কোষ্ঠ-কাঠিন্য প্ৰতিৰোধ কৰাত তিলে সহায়ৰ হাত আগবঢ়াব পাৰে। নিয়মীয়াকৈ তিল খাদ্য হিচাপে গ্ৰহণ কৰিলে কোষ্ঠ কাঠিন্যই গা কৰি উঠিব নোৱাৰে। তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পালে মধুমেহ ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা হয়। শৰীৰৰ অগ্নাশয় নামৰ গ্ৰন্থিয়ে ইনছুলিন নামৰ হৰম’ন নিঃসৰণ কৰে, যাৰ নাটনি হ’লে মধুমেহ ৰোগে গা কৰি উঠে। নিয়মীয়াকৈ তিল ভক্ষণ কৰা লোকে এই বেমাৰ প্ৰতিৰোধ কৰিব পাৰে। তিল ভক্ষণে তেজত ক’লেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰি শৰীৰক উচ্চ ৰক্তচাপৰ পৰা নিগলাই ৰাখে। ইয়াৰ ফলত কলিজাৰ স্বাস্থ্যৰ উন্নতি সাধন হয়। কেতবোৰ ৰশ্মিয়ে ক্ৰিয়া কৰাৰ ফলত শৰীৰৰ বংশগতিৰ বাহক ডি এন এৰ ক্ষতি সাধন হয়, যাক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ তিল খাদ্য হিচাপে গ্ৰহণ অপৰিহাৰ্য। নানাধৰণৰ বেমাৰ-আজাৰৰ পৰা মুখখন বচাই ৰাখিবলৈ তিল ভক্ষণ বিনে গতি নাই, যিয়ে শৰীৰত উৎপন্ন হোৱা বিষ-অবিষাক্ত পদাৰ্থলৈ পৰিৱৰ্তন কৰে। পৰিণত বয়সত মহিলাৰ ৰজঃনিবৃত্তি ঘটে, যাৰ আনুষংগিক হিচাপে কেতবোৰ সমস্যাই গা কৰি উঠে। এইবোৰৰ পৰা সহজে সকাহ পাবলৈ হ’লে তিল খাদ্য হিচাপে গ্ৰহণ কৰিব লাগে। আমাৰ ক্ষুদ্ৰান্ত্ৰত বাহ লোৱা কেতবোৰ পৰজীৱীয়ে অংগটোৰ অপকাৰ সাধনা কৰিব খোজে, যি বিসংগতিৰ পৰা ৰক্ষা পাবলৈ তিলৰ সহায় অপৰিহাৰ্য। তিল ভক্ষণ কৰাৰ অভ্যাস কৰিলে এই অপকাৰী পৰজীৱবোৰ নাশ কৰাৰ লগতে কেচুৱাক গাখীৰ খুওৱা তিৰোতাৰ দুগ্ধ গ্ৰন্থিৰ বিকাৰ নিৰাময় কৰাত সহায় হয়।

তিল ভক্ষণ কৰাটো স্বাস্থ্যৰ বাবে উপযোগী অথচ ইয়াৰ বীজ অতি মাত্ৰা গ্ৰহণ কৰিলে পাকস্থলী তথা মলাশয়ৰ অস্বস্তিত ভোগায়। তদুপৰি তিল খাদ্য হিচাপে মাত্ৰাধিকভাৱে গ্ৰহণ কৰিলে- চৰ্মৰোগ, খজুৱতি, বমি, পাকস্থলীৰ বিষ, ডিঙি আৰু ওঠ ফুলা, শ্বাস কষ্ট আদিয়ে গা কৰি উঠিব পাৰে। সেইবাবে ইয়াৰ ব্যৱহাৰত সতৰ্ক হোৱাৰো প্ৰয়োজন আছে।

প্ৰতি এশ গ্ৰাম তিলত থকা খাদ্য উপাদানবোৰ -

শক্তি

৫৭৩ কিলো কেলৰি

কাৰ্বহাইড্ৰেট

২৩.৪৫ গ্ৰাম(গ্ৰা)

প্ৰ’টিন

১৭.৭৩ গ্ৰাম

চৰ্বি

৪৯.৬৭ গ্ৰাম

আঁহ

১১.৮ গ্ৰাম

খাদ্যপ্ৰাণ

০.২৫ মিলিগ্ৰাম

ছ’ডিয়াম

১১ মিলিগ্ৰাম

প’টাছিয়াম

৪৬৮ মিলিগ্ৰাম

কেলচিয়াম

৯৭৫ মিলিগ্ৰাম

লো

১৪.৫৫ মিলিগ্ৰাম

দস্তা

৭.৭৫ মিলিগ্ৰাম

 

লেখক: আনন্দ দেৱ গোৱামী(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate