বিশ্বৰ প্ৰায় সকলো প্ৰান্তৰ মানুহৰ মাজত সুদূৰ অতীতৰ পৰাই বিভিন্ন প্ৰকাৰৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰ্চলন হৈ আহিছে| এই মাৰাত্মক অপকাৰী দ্ৰব্যবোৰৰ প্ৰতি মানুহৰ আসক্তি কমক ছাৰি দিনক দিনে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে| অতীতৰে পৰা পৃথিৱীৰ বহুতো ঠাইৰ মানুহৰ মাজত ব্যাপকভাৱে প্ৰচলিত এবিধ নিচা জাতিয় দ্ৰব্য হ’ল মদ বা সুৰা|
সুৰাৰ ব্যাপক প্ৰচলনৰ ফলত ইয়াৰ দ্বাৰা প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে ক্ষতিগ্ৰ্স্ত নোহোৱা মানুহ খুৱ কমেইহে ওলাব| এজন সুৰাসক্ত ব্যক্তি নিজে নানান সমস্যাৰ সন্মুখীন হোৱাৰ লগতে তেওঁ কেতবোৰ পাৰিবাৰিক আৰু সামাজিক সমস্যাও সৃষ্টি কৰে| সুৰাসক্তিয়ে কাম খতি তথা কৰ্মহীনতা, ঋণগ্ৰস্ততা,অপৰাধ প্ৰ্ৱণতা,সামাজিক স্থিতিৰ অৱনতি,সন্তানৰ প্ৰতি অৱহেলাৰ মনোভাৱ আদি অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰে| সুৰাপানৰ প্ৰভাৱ ঘাইকৈ স্নায়ুতন্ত্ৰত পৰে যদিও ইয়াৰ বিৰূপ প্ৰ্ভাৱ শৰীৰৰ আন কিছুমান অংগতো পৰিলক্ষিত হয়| সুৰাপানৰ প্ৰ্ভাৱত হৃদস্পন্দন সামান্য বৃদ্ধি পায় আৰু সিৰত ৰক্ত প্ৰৱাহৰ গতি বৃদ্ধি পায়;ইয়াৰ পৰিপ্ৰেক্ষিতত চেহেৰা ৰঙা পৰে আৰু ছালত উষ্ণতা অনুভৱ হয়|সুৰাপানৰ পিছত প্ৰস্ৰাৱৰ মাত্ৰা বৃদ্ধি পায়; ঘাইকৈ সুৰাপানৰ জৰিয়তে শৰীৰত যথেষ্ট পৰিমাণে সোমোৱা জুলীয়া পদাৰ্থ নিষ্কাসন কৰাৰ বাবে আৰু লগতে সুৰাৰ প্ৰভাৱত বৃক্কৰ ৰক্তবাহী নলীবোৰ প্ৰসাৰিত হোৱা বাবে এনে হয়|
সুৰাত যথেষ্ট পৰিমাণে কাৰ্ব’হাইড্ৰেট থাকে আৰু এই কাৰ্ব’হাইড্ৰেটৰ জৰিয়তে শৰীৰত তাৎক্ষণিকভাৱে যথেষ্ট শক্তি উৎপন্ন হয়; কিন্ত সুৰাৰ নিচাকাৰক তথা বিৰূপ প্ৰভাৱৰ বাবে শৰীৰে এই শক্তি যথোচিতভাৱে ব্যৱহাৰ কৰিব নোৱাৰে| নিচাগ্ৰস্ত কৰাৰ বাবে প্ৰয়োজন হোৱা সুৰাৰ পৰিমাণ মানুহ ভেদে আৰু সময় ভেদে ভিন ভিন হয়| সেয়েহে কিমান পৰিমাণৰ সুৰাপান কৰিলে শৰীৰৰ বিশেষ একো ক্ষতি নহয়-সেয়া নিৰ্ণয় কৰাটো যথেষ্ট কঠিন কাম| সুৰাপান কৰাৰ প্ৰায় লগে লগেই বিবেচনা শক্তি, স্মৃতি শক্তি, গাড়ী চলোৱাৰ দক্ষতা আদি হ্ৰাস পাবলৈ ধৰে আৰু সুৰাপান কৰি থকালৈকে এই হ্ৰাস পোৱা প্ৰক্ৰিয়া অব্যাহত থাকে| যিমান বেছিকৈ সুৰাপান কৰা হয়,সিমানেই বিচাৰ-বুদ্ধি তথা বিবেচনা শক্তি হ্ৰাস পায় আৰু সেই অনুপাতে শাৰীৰিক-মানসিক শক্তি-সামৰ্থ্য হ্ৰাস পোৱা কথাটোৰ প্ৰতি আওকণীয়া মনোভাৱে বৃদ্ধি পায়| নিয়মীয়াকৈ সুৰাপাণ কৰিলে ,শৰীৰটো সুৰাৰ প্ৰতি ক্ৰমাৎ সহনশীল হ’বলৈ ধৰে; ইয়াৰ পৰিপ্ৰেক্ষিতত নিচাগ্ৰস্ত হ’বৰ বাবে প্ৰয়োজন হোৱা সুৰাৰ মাত্ৰা দিনক দিনে বঢ়াই গৈ থাকিবলগীয়া হয়|
সুৰাপায়ীসকল প্ৰায়ে আভোক বা ক্ষুধামান্দ্যত ভোগে| কিছুমানৰ আকৌ পুৱাৰ ভাগত ওকালি আহে| এনে কাৰণতে বহু সুৰাপায়ীয়ে পুৱাৰ আহাৰ গ্ৰহণ কৰাতকৈ পুৱাই সুৰাপান কৰিবলৈহে বেছি ভাল পোৱা হয়- এয়া অতি মাৰাত্মক| এহাতে খাদ্য গ্ৰহণৰ পৰিমাণ অভাৱণীয়ভাৱে হ্ৰাস পোৱা আৰু আনহাতে, অত্যধিক সুৰাপানৰ ফলত পাকস্থলীৰ প্ৰদাহ বা যকৃতৰ চিৰ’ছিছৰ দৰে গুৰুতৰ সমস্যাই দেখা দিব পাৰে আৰু এনে পৰিস্থিতিত আভোক তথা অৰুচি অধিক বৃদ্ধি পোৱাটো অৱধাৰিত |এইবোৰ কাৰণতে সুৰাপায়ীসকল গুৰতৰভাৱে পুষ্টিহীনতাত ভোগে| পুষ্টিহীনতাই যকৃতৰ চিৰ’ছিছ হোৱাত সহায় কৰে; আনহাতে যকৃতৰ চিৰ’ছিছে ৰোগীক অপুষ্টিত ভোগায়| এনেদৰে সুৰাপায়ীৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক “পাপ-চক্ৰ”ৰ সৃষ্টি হয়|
যকৃতৰ ৰোগৰ এটা অন্যতম কাৰণ হ’ল দীৰ্ঘকালীন সুৰাসক্তি| পিছে সুৰাই যকৃতৰ কেনেদৰে ক্ষতি কৰে, সেয়া এতিয়াও ভালদৰে জানিব পৰা হোৱা নাই| হয়তো সুৰাই পোনপটীয়াকৈ যকৃতৰ কোষবোৰত বিষাক্ত প্ৰ্তিক্ৰিয়াৰ সৃষ্টি কৰে অথবা সুৰাপায়ীৰ শৰীৰে খোৱা খাদ্যৰপৰা পুষ্টিকৰ উপাদানবোৰ ভালদৰে আহৰণ কৰিব নোৱাৰা বাবে আৰু লগতে পৰ্যাপ্ত মাত্ৰাত সুষম আহাৰ গ্ৰহণ নকৰা বাবে সুৰাপায়ীৰ শৰীৰত যকৃতৰ যথোচিত মেৰমতিৰ বাবে আৱশ্যক হোৱা কেতবোৰ উপাদান ভালদৰে উৎপন্ন নহ’ব পাৰে-এনে কোনো কাৰণতে সুৰাসক্ত মানুহৰ যকৃত ৰোগাক্ৰান্ত হয়|
দীৰ্ঘকালীন সুৰাসক্তিৰ ফলত কেতবোৰ মানসিক সমস্যায়ো দেখা দিয়ে| তিনিটা কাৰণত এই মানসিক সমস্যাবোৰ উদ্ভৱ হয়; কাৰণকেইটা হ’ল-১| দীৰ্ঘ সময় সুৰাপান নকৰাকৈ থকাৰ ফলত দেখা দিয়া প্ৰত্যাহাৰ সংলক্ষণ ২|শৰীৰত হোৱা ভিটামিনৰ অভাৱ আৰু ৩|মস্তিস্কৰ কোষ ধ্বংস হোৱা| আৰম্ভণিতেই আৰু আটাইতকৈ বেছিকৈ পৰিলক্ষিত হোৱা প্ৰত্যাহাৰ সংলক্ষণ হ’ল শৰীৰৰ প্ৰচণ্ড কম্পন|এদিন বা দুদিন সুৰাপান নকৰাকৈ থকাৰ ফলত সুৰাপান জনিত মৃগীয়ে দেখা দিব পাৰে| সুৰাপায়ীসকলৰ শৰীৰত “বি” ভিটামিনৰ অভাৱ হ’ব পাৰে; ইয়াৰ ফলত স্মৃতিশক্তিবিষয়ক সমস্যাকে ধৰি কেতবোৰ মানসিক সমস্যাই দেখা দিব পাৰে|
সুৰাপানৰ ফলত উদ্ভৱ হোৱা সমস্যাবোৰৰ সামান্য এটা আভাসহে এই লেখাটোত দিয়া হ’ল|প্ৰকৃততে সুৰাপানৰ ফলত হোৱা ক্ষতিৰ পৰিসৰ আৰু মাত্ৰা যথেষ্ট ব্যাপক|উন্নত মানৰ সুৰা সীমিত মাত্ৰাত পান কৰিলে সিমান ক্ষতি নহয় যদিও সুৰাপান কৰা লোকসকলৰ বেছিভাগৰেই সুৰাপানৰ ক্ষেত্ৰত কোনো নিয়ন্ত্ৰণ নাথাকে |সেয়েহে সুৰাপানৰ অভ্যাস সম্পূৰ্ণৰূপে ত্যাগ কৰাই মংগল|সুৰাসক্তি ত্যাগ কৰাৰ ক্ষেত্ৰত সুৰাপায়ীৰ দৃঢ় সংকল্পই হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ কথা| বহু সময়ত বিশেষকৈ প্ৰ্ত্যাহাৰ সংলক্ষণবোৰৰ পীড়নৰ বাবে বহু সুৰাপায়ীয়ে ইচ্ছা কৰিলেও সুৰাসক্তি ত্যাগ কৰিব নোৱাৰে; এনে পৰিস্থিতিত চিকিৎসকৰ সহায় লোৱা উচিত|আমি এটা কথা সদায় মনত ৰখা উচিত যে নিচাকাৰক দ্ৰব্যবোৰে দিয়া সুখ কৃত্ৰিম আৰু ক্ষণস্থায়ী;ইয়াৰ বিপৰীতে এইবোৰে আমাৰ শৰীৰৰ ওপৰত পেলোৱা কুপ্ৰ্ভাৱ স্থায়ী আৰু মাৰাত্মক|
লেখক: অমল ভাগৱতী
উৎস: দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 1/18/2023