অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সূৰুজমুখী ফুলৰ ঔষধীয় গুণ :

সূৰুজমুখী ফুলৰ ঔষধীয় গুণ :

সূৰুজমুখী এবিধ ঔষধীয় উদ্ভিদ। ইয়াৰ পাত, গুটি আৰু ফুল আদি সকলো অংশকে ঔষধৰূপে প্ৰয়োগ কৰিব পাৰি। পৃথিৱীত উৎপন্ন হোৱা প্ৰায়বিধ উদ্ভিদেই সূৰ্যৰ পিনে অকণমান হলেও হালি থাকে। সূৰ্যৰ ৰশ্মি অধিক মাত্ৰাত পাবৰ কাৰণে প্ৰকৃতিৰ এই ব্যৱস্থা। কিন্তু সূৰজমুখী গছৰ এই প্ৰক্ৰিয়াটো সহজতে চকুত পৰে। সূৰুজমুখী ফুল ফুলাৰ পিছৰে পৰা প্ৰতিদিনে সূৰ্যটোৰ লগে লগে ইয়াৰ ফুলপাহো পূবৰ পৰা পশ্চিম মুৱা হৈ ঘূৰে। সেইকাৰণে এইবিধ ফুলক সূৰুজমুখী বা বেলিমুখীয়া ফুল বুলি কয়।

সূৰুজমুখী ফুলৰ গুটিত যথেষ্ট পৰিমাণে ভিটামিন ‘ই’ তথা অন্য খনিজ পদাৰ্থ থাকে। এই গুটিবোৰৰ ঔষধীয় গুণে মানুহৰ মূৰৰ পৰা ভৰিলৈকে উপকাৰ সাধন কৰে।

সূৰুজমুখী গুটিৰ তেলত লিনোলিক এচিড, অ’লিক এচিড আৰু পামিটিক এচিড পোৱা যায়। ইয়াত পৰ্যাপ্ত মাত্ৰাত ভিটামিন ‘ই’, ‘এ’ আৰু ‘ডি’ও থাকে।

খেলুৱৈসকলে সূৰুজমুখীৰ গুটি আৰু তেল সেৱন কৰে। কাৰণ সূৰুজমুখীৰ গুটিত প্ৰোটিন আৰু কাৰ্বোহাইড্ৰেট যথেষ্ট পৰিমাণে পোৱা যায়। ইয়াৰ গুটিয়ে লিভাৰৰ পৰা গ্লাইকোজেন ৰক্ত প্ৰবাহৰ লগত মিহলি কৰি সঞ্চালন কৰাত সহায় কৰে। তাৰোপৰি সূৰুজমুখীৰ পাত বতি লেপ দিলে লিভাৰ আৰু হাওঁফাওঁ ফুলি যোৱা ৰোগ নিৰাময় হয়। সূৰুজমুখীৰ গুটিৰ তেলত পোৱা উপাদানে আমাৰ ছালখনক বেক্টেৰিয়াৰ সংক্ৰমণৰ বচাই ৰাখে। ফলত মুখত ব্ৰণ আৰু ফোঁহাৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। সূৰুজমুখী তেলৰ ওপৰত চলা অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে, এই তেল সেৱন কৰিলে পেট, প্ৰোষ্টেট আৰু ব্ৰেষ্ট কেন্সাৰৰ পৰাও বাচি থাকিব পাৰি। ইয়াত থকা ভিটামিন ‘ই’ চেলিয়াম আৰু কপাৰে এণ্টিঅক্সিজেন্টৰ কাম কৰে।

সূৰুজমুখীৰ তেল অস্থি সন্ধিৰ বিষত ভোগা লোকে ব্যৱহাৰ কৰি এনে বিষৰ পৰা উপশম পাব  পাৰে। সূৰুজমুখী তেল একেৰাহে সেৱন কৰিলে মগজু শীতল কৰি ৰাখে। ইয়াত থকা মেগনেচিয়ামে মস্তিষ্কৰ কোষবিলাক শান্ত কৰি ৰাখে, লগতে মানসিক চাপ আৰু মাইগ্ৰেণৰ পৰা ৰক্ষা কৰি থাকে। সূৰুজমুখীৰ গুটিত যথেষ্ট মাত্ৰাত ‘ফাইবাৰ’ (খাদ্য আঁহ) থাকে বাবে এই গুটি খাই থাকিলে কোষ্টবদ্ধতা নিৰাময় হৈ থাকে। সূৰুজমুখী তেল ব্যৱহাৰ কৰি থাকিলে ছাল কোমল আৰু উজ্জ্বল হৈ থাকে। ছালখন শুকান আৰু অনুজ্জ্বল হৈ পৰিলে সূৰুজমুখী তেলেৰে মালিচ কৰিলে ছালৰ ওপৰত হোৱা সংক্ৰমণ নিৰাময় হয় আৰু কোচ খোৱা প্ৰতিৰোধ হৈ থাকে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate