অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সূৰ্যৰ ৰশ্মি আৰু স্বাস্থ্য

সূৰ্যৰ ৰশ্মিৰ উপকাৰিতা

সূৰ্যৰ ৰশ্মি হৈছে বিদ্যুৎ চুম্বকীয় তৰংগই সৃষ্টি কৰা এবিধ বিদ্যুৎ-চুম্বকীয় শক্তি। সূৰ্যৰ ৰশ্মিৰ বিদ্যুৎ চুম্বকীয় বর্ণালীৰ এক বিশেষ অংশ হৈছে অতিবেঙুনীয়া বিকিৰণ। এই ৰশ্মিয়ে আমাৰ উপকাৰ-অপকাৰ দুয়োটায়ে কৰে। উপকাৰসমূহ এনেধৰণৰ—

  • অতি-বেঙুনীয়া ৰশ্মিয়ে খাদ্যপ্রাণ প্রস্তুত কৰিব পাৰে|
  • ই শৰীৰৰ ছালেৰে প্ৰৱেশ কৰি ডিহাইড্র-কলেষ্টেৰলক প্রি-ভিটামিন ডি-৩লৈ ৰূপান্তৰ কৰে। প্রি-ভিটামিন ডি-৩ ভিটামিন ডি-৩লৈ পৰিৱর্তিত হয়। ভিটামিন ডি-৩-এ কেলচিয়াম শোষণত সহায় কৰি হাড় শক্তিশালী কৰে। ই হাড়ৰ ৰোগ, অষ্টিঅ’প’ৰ’ছিছ, ৰিকেট আদি প্ৰতিৰোধ কৰে। তেজত ভিটামিন ডি-৩ ৰ মাত্ৰা বাঢ়িলে হাড়ৰ ঘনত্বও বৃদ্ধি হয়। গৱেষণাৰ পৰা দেখা গৈছে যে ভিটামিন ডিয়ে স্তন, বৃহদান্ত্ৰৰ কেন্‌ছাৰ প্ৰতিৰোধ কৰে।
  • সূৰ্যৰ ৰশ্মিয়ে মাল্টিপল স্কেলৰছিছ নামৰ ৰোগবিধৰ সম্ভাৱনা হ্ৰাস কৰে।
  • ছৰিয়াছিছ নামৰ চৰ্মৰোগ প্ৰতিৰোধ কৰে।
  • সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত মগজুৱে ছেৰটনিন নামৰ ৰসায়নবিধ বেছিকৈ উৎপাদন কৰে। ইয়াৰ ফলত হতাশাৰ ভাব দূৰ হয়। টোপনি ভাল হয়।
  • সূৰ্যৰ ৰশ্মিয়ে উচ্চ ৰক্তচাপ, টাইপ-২ ডায়েবেটিছ, মেকুলাৰ ডিজেনেৰেশ্যন প্ৰতিৰোধ কৰে।
  • ই শৰীৰৰ টি কোষৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি ইম্যুন ছিষ্টেম শক্তিশালী কৰে।
  • এই দৰে সূৰ্যৰ ৰশ্মিৰ উপকাৰিতাৰ কথা কৈ অন্ত কৰিব নোৱাৰি।

সূৰ্যৰ ৰশ্মিৰ অপকাৰিতা

সূৰ্যৰ ৰশ্মিয়ে আমাক যেনেকৈ উপকাৰ কৰে; তেনেদৰে অপকাৰো কৰে। অত্যাধিক সূৰ্যৰ ৰশ্মিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। যেনে-

  • বিভিন্ন চৰ্মৰোগ, ছালৰ কৰ্কট ৰোগ, কেটেৰেক্ট আদি ৰোগত কাৰক প্ৰখৰ সূৰ্যৰশ্মি।
  • ই বয়স বৃদ্ধি খৰতকীয়া কৰে।
  • ইয়াৰ প্ৰভাৱত ছান বাৰ্ন হ’ব পাৰে। ছান বাৰ্ন হ’লে ছালত প্ৰদাহ হয় আৰু জোলা উঠে।
  • অতি বেঙুনীয়া ৰশ্মি দুবিধ-uva আৰু uvb। uva বিধে ছালৰ গভীৰতম অংশলৈ গৈ মেলানমাৰ (Melanoma) সৃষ্টি কৰিব পাৰে।
  • অধিক সূৰ্যৰ ৰশ্মিৰ বাবে ছাল শোঁতোৰা-শোতৰ পৰে।
  • বহুসময় ধৰি তীব্ৰ ৰ’দত থাকিলে কার্ডিয়ভাস্কুলাৰ ছিষ্টেমৰ সক্রিয়তা কমি যায়। ইয়াৰ ফলত হৃদস্পন্দন বাঢ়ি যায়, বমি ভাব হয়, ছাল চেঁচা হয়। মানুহজন মূৰ্ছা গৈ শেষত মৃত্যু পর্যন্ত হ’ব পাৰে।
  • অতি-বেঙুনীয়া ৰশ্মিয়ে ছালৰ বাহিৰৰ স্তৰৰ কোষবোৰ ধ্বংস কৰে আৰু তাৰ তলত থকা ৰক্তনলীকাৰ ক্ষতি সাধন কৰে।
  • ইয়াৰ প্ৰভাৱত প্ৰটিনৰ উৎপাদন লেহেম হ’ব পাৰে আৰু ডি এন এৰ ক্ষতি সাধন হৈ কৰ্কট ৰোগ হ’ব পাৰে।

ল’ব লগা সাৱধানতা

সূৰ্যৰ ৰশ্মি আমাৰ কাৰণে অপৰিহার্য যদিও ইয়াৰ কু-প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিবলৈ বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে।

  • জহকালি পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ সূৰ্যৰ ৰশ্মি তীব্ৰ আৰু প্ৰখৰ হয়। এই সময়ছোৱাত প্রত্যক্ষভাৱে ৰ’দৰ সংস্পৰ্শত থকা অনুচিত।
  • তীব্ৰ ৰ’দৰ পৰা নিজকে বচাবলৈ ছানগ্লাছ, ছাতি, বহল টুপী আদি ব্যৱহাৰ কৰিব লাগে।
  • হাত, ভৰি আৰু বাহু ঢকাকৈ ঢিলা কাপোৰ পিন্ধিব লাগে।
  • ৰ’দত বাহিৰলৈ ওলাই যাওঁতে ছানস্ক্রিন (sunscreen) লোচন বা ক্রীম ব্যৱহাৰ কৰিব লাগে। এই লোচন বা ক্ৰীমৰ SPF (Sun Protection Factor) ৩০ তকৈ বেছি আৰু ৫০ তকৈ কম হোৱা উচিত।
  • Shadow Rule অনুসৰি ছাঁটো মানুহজনতকৈ দীঘল হ’লে “uv exposure” কম আৰু চুটি হ’লে uv exposure বেছি হয়।
  • বিলাহীত থকা লাইকোনিন নামৰ উপাদানবিধে সূৰ্য ৰশ্মিৰ পৰা হ’ব পৰা ক্ষতিক বাধা দিয়ে।
  • শেলুৱৈত থকা এষ্টাজোনথিন নামত এণ্টিঅক্সিডেণ্ট সংপৃক্ত স্নেহজাতীয় পদার্থ আৰু সেউজীয়া চাহৰ প্রয়োগে সূৰ্যৰ ৰশ্মিৰ পৰা সুৰক্ষা দিয়ে।
  • সেউজীয়া চাহত থকা পলিফেনলে ছালৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।
  • কেলেণ্ডুলা, ঠাণ্ডাপানী-গাখীৰৰ মিশ্রণ (৪:১), এলুমিনিয়াম এচিটেটযুক্ত এণ্টিচেপিটক পাউডাৰ, ভিনেগাৰ, বেকিং চ’ডা আৰু পানীৰ মিশ্রণ, কর্ন স্টার্চ (corn starch) আৰু পানীৰ পেষ্ট Ginkgo biloba extrael আদিৰ প্রয়োগে সূৰ্য ৰশ্মিয়ে পোৰাৰ ক্ষেত্ৰত সুফল দিয়ে।

লিখক: ডা: মিৰান্দা দত্ত, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 11/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate