অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য কিটিপ

গৰমৰ আমনি ঘাম

 

গৰমৰ দিনত অন্যান্য ভালেমান অস্বস্তি কাৰক উপসৰ্গৰ ভিতৰত ঘাম ওলোৱাটো অন্যতম।বহুতো লোকৰ গা সামান্য গৰমতে বৰকৈ ঘামে।গৰমত সামান্য দুৰ খোজ কাঢ়িলে ,ঘৰুৱা কাম-বন কৰিলে বা কেতিয়াবা বহি থাকিলেও কোনো কোনো লোক বৰকৈ ঘামিব পাৰে।বেছিকৈ ঘমাটো বৰ আমনিদায়ক।কিন্তু এই সম্পৰ্কে চিন্তা কৰি লাভ নাই।কাৰণবোৰ জানিলে বেছিকৈ ঘাম ওলোৱাৰ পৰা বাচি থাকিব পাৰি।

ঘাম কি আৰু ক’ৰ পৰা ওলায়

আমাৰ শৰীৰত থকা ঘৰ্মগ্ৰন্থি বা ছোৱেট গ্লেণ্ডৰ পৰা ঘাম নিৰ্গত হয়।আমাৰ ছালৰ গভীৰত থকা ডাৰমিছ নামৰ স্তৰটোত ঘৰ্মগ্ৰন্থি থাকে।ঘৰ্মগ্ৰন্থি দুই প্ৰকাৰৰ।এক্সিন ছোৱেট গ্লেণ্ড আৰু এপোক্ৰিণ ছোৱেট গ্লেণ্ড।ঘাম নিৰ্গত হোৱাৰ ক্ষেত্ৰত এপোক্ৰিণ ছোৱেট গ্লেণ্ডৰ ভুমিকা বিশেষ নাই।ঘাম বেছিকৈ নি:সৰণ কৰে এক্সিন ছোৱেট গ্লেণ্ডবিলাকে।আমাৰ ছালত প্ৰায় দুই নিযুত ঘৰ্মগ্ৰন্থি আছে।আটাইতকৈ বেছি ঘৰ্মগ্ৰন্থি আছে আমাৰ হাত আৰু ভৰিৰ তলুৱা,কাষলতি আৰু মুখমণ্ডলত।সেয়ে এইবিলাক অংশত বেছিকৈ ঘাম ওলায়।

যিসকল লোক বেছি অনুভুতি প্ৰৱণ,তেওঁলোকৰ হাত আৰু ভৰিৰ তলুৱা বেছিকৈ ঘামে।আৱেগৰ ফলত এক্সিন গ্ৰন্থি উত্তেজিত হয় আৰু তাৰ ফলত হাত আৰু ভৰিৰ তলুৱা বেছিকৈ ঘামে।তদুপৰি বেছি তাপ পালে বা পৰিৱেশ বেছি উত্তপ্ত হ’লেও বেছিকৈ ঘাম ওলায়।বেছিকৈ ঘমাটো কোনো ৰোগৰ লক্ষণ নহয়।ঘাম বেছি বা কমকৈ ওলোৱা প্ৰক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰে মস্তিষ্কৰ এটা বিশেষ অংশই।সেয়ে শুই থকা অৱস্থাত আবেগ-অনুভুতি সক্ৰিয় নহয় বাবে হাত-ভৰিৰ তলুৱা নাঘামে।হঠাৎ গৰম উঠিলে ,গৰমৰ পৰা ৰক্ষা কৰাৰ বাবে মস্তিষ্কৰ নিয়ন্ত্ৰণ কেন্দ্ৰটোৱে সংকেত পঠায়।তেতিয়া ছালৰ ৰক্তবাহী নলীবিলাক প্ৰসাৰিত হয়।ইয়াৰ্ ফলত ঘাম বাঢ়ি যায়।সেই ঘাম ছালৰ উপৰিভাগলৈ উঠি লাহে লাহে বতাহত মিহলি হৈ যায়।ফলত শৰীৰ শীতল পৰে।

ঘাম কিয় ওলায়?

ঘৰ্মগ্ৰন্থিৰ সক্ৰিয়তাৰ ওপৰতে ঘাম উৎপন্ন হোৱা-নোহোৱাটো নিৰ্ভৰ কৰে।সেইবাবে কাৰোবাৰ বেছিকৈ ঘাম ওলায় বা বেছিকৈ ঘামে আৰু কোনোবাজনৰ আকৌ একেবাৰে ঘাম নোলায়।প্ৰত্যেক মানুহৰ জন্মৰ আগতেই তেওঁৰ ঘৰ্মগ্ৰন্থিৰ সংখ্যা নিৰ্দিষ্ট হৈ যায়।জন্মৰ পিছত নতুনকৈ আৰু ঘৰ্মগ্ৰন্থিৰ সৃষ্টি নহয়।প্ৰধানকৈ তিনিটা কাৰণৰ ওপৰত ঘৰ্মগ্ৰন্থিৰ ক্ৰিয়া-কলাপ নিৰ্ভৰ কৰে।

১।গাষ্টাট’ৰি (Gustatory):স্বাদ অনুভুতি সম্পৰ্কীয় বহু লোক খোৱা-বোৱাৰ সময়ত বেছিকৈ ঘামে।স্নায়ুতন্ত্ৰই এই ঘাম নি:সৰণো নিয়ন্ত্ৰণ কৰে।মস্তিষ্কৰ মেডুলাৰি নিউক্লিয়াছ বিলাকে স্বাদ অনুভুতিৰ সামঞ্জস্য ৰাখি ঘাম ওলোৱাটো নিয়ন্ত্ৰণ কৰে।

২।থাৰ্মেল (Thermal):তাপমাত্ৰাৰ তাৰতম্যৰ কাৰণে মানুহৰ শৰীৰত যি ঘাম হয় তাক নিয়ন্ত্ৰণ কৰে মস্তিষ্কৰ হাইপোথেলামাছ নামৰ ঠাইত থকা হিট ৰেগুলেটিং টেণ্টাৰে।

৩।ইমোচন বা আৱেগ(Emotion):আৱেগ ,অনুভুতি বা মআনসিক উত্তেজনাৰ ফলতো মানুহে বেছিকৈ ঘামিব পাৰে।এই ঘামৰ নিয়ন্ত্ৰণ স্থান সঠিকভাৱে নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই যদিও মস্তিষ্কৰ এৰিয়া চিক্স অব ব্ৰেডমেনৰ পৰা উদ্ভৱ হোৱা স্নায়ৱিক উদ্দীপনাৰ ফলতেই এই ঘাম ওলায় বুলি জনা গৈছে।

এইবিলাকৰ উপৰি স্থানীয় তাপমাত্ৰাৰ হীন-ডেঢ়ি,বিভিন্ন ধৰণৰ হৰমোন,তেজ চলাচলৰ অস্বাভাৱিকতা আৰু স্পাইনেল ৰিফ্লেক্সৰ ওপৰতো ঘাম ওলোৱাৰ বিষয়টো নিৰ্ভৰ কৰে।

অসুবিধাসমুহ

বেছিকৈ ঘাম ওলোৱা লোকসকলে হীনমন্যতাত ভোগে।ফলত নিজৰ ওপৰত খ্ং উঠে আৰু জীৱনলৈ হতাশা নামি আহে।ব্যৱহাৰিক দিশতো তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।যেনে-ভাল কাপোৰ –কানি ঘামত তিতি যোৱাৰ ফলত সোনকালে নষ্ট হয় আৰু আনতকৈ সোনকালে লেতেৰা হয়।লিখা বহী হাতৰ ঘাম লাগি তিতি যায়।ঘামে যদি অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰে বা নিয়ন্ত্ৰণ নহয়,তেনেহ’লে ডাক্তৰক দেখুওৱা উচিত।

চিকিৎসা

  • এলুমিনিয়াম ক্লোৰাইড বা এলুমিনিয়াম হাইড্ৰক্সাইড  চলিউচন লগব পাৰে।শতকৰা কুৰিভাগ শক্তিৰ এলকহ’ল চলিউচন ব্যৱহাৰ কৰিলে আটাইতকৈ ভাল ফল পোৱা যায়।ই ঘৰ্মগ্ৰন্থিৰ মুখ বন্ধ কৰি পেলায়।ফলত ঘাম ওলোৱা বন্ধ হয়।
  • প্ৰোবান্থিন নামৰ এণ্টিকুলিনাৰ জিংক প্ৰিপাৰেচন ব্যৱহাৰ কৰিও সাময়িকভাৱে ঘামৰ পৰা ৰেহাই পাব পাৰি।পিছে এই দ্ৰব্যৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া আছে।
  • আয়োনফোৰিচ নামৰ এটি বিদ্যুৎ চালিত যন্ত্ৰৰ সহায়ত ঘৰ্মগ্ৰন্থিৰ মুখবিলাক বন্ধ কৰি ঘাম ওলোৱা বন্ধ কৰিব পাৰি।
  • অস্ত্ৰোপচাৰৰ যোগেদি ঘৰ্মগ্ৰন্থিৰ মুখ বন্ধ কৰি অতিৰিক্ত ঘামৰ পৰা ৰক্ষা পাব পাৰি।
  • ঘাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আটাইতকৈ ফলপ্ৰসু ঔষধ হৈছে বটুলিনাম টক্সিন।একমাত্ৰ ঘাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰতে নহয়,ভালেমান কচমেটিক পদ্ধতিত এই টক্সিন ব্যাপকভাৱে ব্যৱহৃত হয়।কিন্তু এই দ্ৰব্যৰ দাম বৰ বেছি।

বিভিন্ন শাৰীৰিক সমস্যাৰ বাবেও ঘাম বেছি হয়।সমস্যাসমুহ হ’ল-

  • ডায়েবেটিছ বা ইৰয়েডৰ সমস্যা থাকিলে।
  • হাৰ্টৰ অসুখ বা কেন্সাৰ থাকিলে।
  • যিসকলে খুব বেছিকৈ ঔষধ খায় বা যি সকল ড্ৰাগ এডিক্ট লোকে ড্ৰাগ আসক্তি ত্যাগ কৰি স্বাভাৱিক জীৱনলৈ ঘুৰি আহিছে।
  • গৰম আৰু মছলাযুক্ত আহাৰ খোৱাৰ পিছত ওঁঠ আৰু মুখৰ চাৰিওকাষে আৰু কপাল ঘামে।

গৰমৰ দিনত বহুতো লোকৰ হাত আৰু ভৰিৰ তলুৱাত এক প্ৰকাৰ সৰু সৰু পানীজোলা উঠে।দেখাত ঘামচিৰ নিচিনা ভিতৰত পানী থকা এই ফোঁহা উঠিলে খজুৱায়।ই এক প্ৰকাৰৰ একজিমা।ডাক্তৰী ভাষাত কমফোলিক বুলি কোৱা হয়।এই ৰোগ হ’লে ষ্টেৰয়েড ক্ৰীম বা লোচন বা এণ্টিহিষ্টামিন বৰি খালে উপকাৰ পোৱা যায়।

 

সৌন্দৰ্য বৃদ্ধিৰ বাবে ৰঙালাওৰ ৰস খাওক

 

আমাৰ ঘৰবিলাকত সাধাৰণতে ৰঙালাওৰ আঞ্জা প্ৰস্তুত কৰা হয়।বহুতো লোকে ৰঙালাওৰ পাচলি পছন্দ নকৰে।দেখাত সধাৰণ যেন লগা ৰঙালাও আপোনাৰ সৌন্দৰ্য ৰক্ষাৰ কাৰণে যে ইমান উপকাৰী সেই কথা এতিয়াহে বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হৈছে।ৰঙালাও যদি আপুনি ভাল পায়,তেনেহ’লে নিয়মীয়াকৈ খাওক আৰু ইয়াত থকা  পুষ্টিগুণবিলাকৰ যোগেদি আপোনাৰ শৰীৰত থকা বিবিধ উপাদানৰ অভাৱ পুৰণ কৰক।ৰঙালাওত কেৱল পুষ্টি উপাদানেই নহয়,ইয়াত আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাযুক্ত উপাদানো যথেষ্ট মাত্ৰাত থাকে।

ৰঙালাওৰ ৰস

ৰঙালাওত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট,প্ৰোটিন ,ভিটামিন-‘এ’,ভিটামিন-                             ‘বি’১,’বি’২,’বি’৬,’চি’,’ডি’,’ই আৰু  বিটা কেৰোটিন,পটাচিয়াম    ,ফচফ’ৰাছ,কেলচিয়াম,মেগ্নেচিয়াম,আয়ৰণ আদি খনিজ লৱণ,চুক্ৰ’জ আৰু অৰ্গেনিক    থাকে।এইবিলাকৰ উপৰি  ইয়াত যথেষ্ট পৰিমাণে ফ্লেভ’নয়ড;পলি ফেলোইক এণ্টিঅক্সিডেণ্টৰ দৰে লিউটিন আৰু কেল’ৰি থাকে।

ৰঙালাওৰ ৰস নিয়মিতভাৱে সেৱন কৰি থাকিলে কেবাবিধো মাৰাত্মক ৰোগৰ পৰা আপুনি ৰক্ষা কৰি থাকিব।

যদি আপোনাৰ কিডনিত পাথৰ জম হৈছে,তেনেহ’লে নিয়মীয়াকৈ ৰঙালাওৰ ৰস খাওক।একেৰাহে দহ দিন ধৰি,দিনে অতি কমেও এগিলাচকৈ ৰঙালাওৰ ৰস খাই থাকিলে আপুনি এই ৰোগৰ পৰা পৰিত্ৰাণ পাবই।প্ৰতিদিনে তিনিবাৰকৈ আধা গিলাচ পৰিমাণত ৰঙালাওৰ ৰস খাব পাৰে।

হৃদযন্ত্ৰ শক্তিশালী কৰি ৰাখক

ৰঙালাওৰ ৰসত এনে কিছুমান পুষ্টি আৰু ঔষধীয় উপাদান থাকে,যিবিলাকে হাৰ্ট এটেক,ষ্ট্ৰোকৰ দৰে সমস্যাৰ পৰা আপোনাক বচাই ৰাখিব।এই ৰসত ৰক্ত সঞ্চালন কৰা ধমনী পৰিষ্কাৰ কৰি ৰখাৰো গুণ আছে।ধমনীৰ ভিতৰখন পৰিষ্কাৰ হৈ থাকিলে হৃদযন্ত্ৰ সম্বন্ধীয় ৰোগ বা হাৰ্ট এটেকৰ আশ্ংকাৰ পৰা বচাই ৰাখিব পাৰে।ইয়াৰ লগতে ইয়াত থকা এণ্টিঅক্সিডেণ্টে ধমনীৰ বেৰবিলাক কঠিন নোহোৱাকৈ বা কোমলকৈ ৰাখে।

ৰঙালাওৰ গুটিতো আয়ৰণ,জিংক,পটাচিয়াম আৰু মেগনেচিয়াম যথেষ্ট পৰিমাণে থাকে।ৰঙালাওত প্ৰধানকৈ বিটা কেৰোটিন নামৰ উপকাৰী উপাদান এবিধ থাকে।এইবিধ উপাদাত ভিটামিন ‘এ’পোৱা যায়।হালধীয়া আৰু সুমথিৰা বা ৰঙা ৰঙৰ ৰঙালাওত কেৰোটিনৰ মাত্ৰা তুলনামুলকভাৱে বেছি থাকে।

ৰঙালাও এবিধ গৰম পাচলি বুলি বহুতৰে ধাৰণা আছে যদিও ই এবিধ শীতল পাচলিহে।গৰমৰ দিনত শৰীৰটো অতি গৰম হৈ পৰিলে ঠাৰিৰ ফালে কাটি এডোখৰ ৰঙালাও উলিয়াই লৈ ভৰিৰ তলুৱাত ঘঁহি থাকিলে শৰীৰৰ অধিক উত্তাপ ওলাই যায় আৰু শৰীৰ শীতল পৰে।একেৰাহে জ্বৰ হৈ থাকিলে ৰঙালাওৰ এনে ব্যৱহাৰে জ্বৰ কমায়।

ৰঙালাওৰ ৰসে তেজৰ শৰ্কৰা মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু অমাশয় সক্ৰিয় কৰি ৰাখে।ফলত শৰীৰত ইনচুলিনৰ নি:সৰণ বৃদ্ধি পায়।ৰঙালাও সেৱন কৰিলেও শৰীৰত আয়ৰণৰ অভাৱ দুৰ হয়।ৰঙালাওৰ গুটিতো আয়ৰণ,জিংক,পটাছিয়াম,মেগনিছিয়াম আদি পোৱা যায়।

 

গৰমৰ দিনত চুলিত কি শ্বেম্পু ব্যৱহাৰ কৰিব

 

প্ৰত্যেকগৰাকী মহিলাই নিজৰ চুলিখিনি উজ্জ্বল,ঘন আৰু দীঘল হোৱাটো বিচাৰে।কিন্তু সকলোৰে জানো চুলিৰ গঠন একে?বিভিন্নজনৰ বিভিন্ন প্ৰকাৰ আৰু গঠনৰ চুলি।গতিকে এগৰাকী মহিলাই ব্যৱহাৰ কৰা সামগ্ৰীসমুহ আন গৰাকীৰ বাবে সুৰক্ষিত নহব’ও পাৰে।গতিকে আমি আমাৰ চুলিত কেনেধৰণৰ শ্বেম্পু ব্যৱহাৰ কৰা উচিত-সেই বিষয়ে জনাটো অতি আৱশ্যক।বিশেষকৈ এই গৰমৰ দিনত আমাৰ চুলিখিনি পৰিষ্কাৰকৈ ৰখাটো অতি আৱশ্যক।গৰমৰ দিনত আমি সপ্তাহত তিনি-চাৰিবাৰকৈও শ্বেম্পু কৰিবলগীয়া হয়।কাৰণ আমাৰ চুলিখিনি ঘামত তিতি আঠাৰ দৰে লাগি ধৰি লেতেৰা হয়।তাৰ ফলত চুলি সৰিবলৈ লয়।গৰমৰ দিনত শ্বেম্পু কৰাৰ পিছত কণ্ডিচনাৰ ব্যৱহাৰ কৰাটো অতি আৱশ্যক।যিহেতু গৰমত আমি আমাৰ চুলিত তেল ব্যৱহাৰ কৰিবলৈ বেয়া পাওঁ।অতিষ্ঠ হোৱা গৰমৰ দিনকেইটাত আমি আমাৰ চুলিত ৰাসায়নিক শ্বেম্পু ব্যৱহাৰ কৰাতকৈ হেনা ব্যৱহাৰ কৰিব পাৰোহঁক।হেনাৰ দ্বাৰা আপোনাৰ চুলিখিনি শ্বেম্পু কৰাৰ লগতে কণ্ডিচনাৰো কৰা হয়।ফলত চুলিখিনি পৰিষ্কাৰ আৰু উজ্জ্বল হয়।শুকান চুলিত সপ্তাহত দুবাৰকৈ এনেদৰে হেনা লগাব।পাতল,ল’ৰাৰ দৰে কটা চুলিৰ বাবে একাপ হেনা পাউদাৰ চালনিৰে চালি ল’ব।তাৰ লগত দুটা কণী মিহলাব।এতিয়া আটাইখিনি মিশ্ৰণ চাহৰ পানীত মিহলাব।চাহৰ পানীখিনি কুহুমীয়া হ’লে ভাল হয়।মিশ্ৰণটো ভালদৰে ফেটি লৈ মুৰত সানি এঘণ্টা সময় থৈ দিব।পিছত ভালদৰে ধুই দিব।ধুবলৈ কণীযুক্ত বা কোমল শ্বেম্পু ব্যৱহাৰ কৰিলে ভাল।এনেদৰে শ্বেম্পু ব্যৱহাৰ কৰিলে আপোনাৰ চুলিৰ অনিষ্ট নহয়।

শুকান চুলিত ৰ্ং কৰিবলৈ বিচাৰিলে (ল’ৰাৰ দৰে চুলিত)একাপ হেনা পাউদাৰ লগত বীটৰ ৰস মিহলাই ল’ব।বীটৰ ৰসৰ লগত দুটা কণী মিহলালে চুলিখিনি বেলেগকৈ কণ্ডিচনাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাথাকে।বেছি শুকান চুলিত সদায় চাহ চামুচেৰে দুই-তিনি চামুচ এৰা গুতিৰ তেল ব্যৱহাৰ কৰিব।ই চুলিখিনি মিহি আৰু কোমল কৰিব।

শুকান চুলিত উফি থাকিলে হেনা পাউদাৰ একাপৰ লগত আধা কাপ বগা সৰিয়হ বটি মিহলাব।বেছি উফি থাকিলে ভাতৰ চামুচেৰে এচামুচ মুলতানি মাটিৰ গুৰি মিহলাব।এতিয়া তিনিটা কণীৰ লগত গোলাপ জল গাখীৰত মিহলাই চুলিত লগাব।দুই ঘণ্টাৰ পিছত ধুই দিব।কোমল শ্বেম্পু ব্যৱহাৰ কৰিলে চুলিৰ ছালত হেনা পাউদাৰ লাগি থকাৰ সম্ভাৱনা কম থাকে।শুকান কেঁকোৰা চুলি শ্বেম্পু কৰাৰ লগতে পোন কৰিবলৈ বিচাৰিলে পোন কৰিব পাৰিব।পোন কৰিবলৈ সদায় হেনাৰ লগত সমান পৰিমাণৰ ময়দা মিহলাব আৰু দুটা কণীৰ সলনি চাৰিটা ব্যৱহাৰ কৰিব।চাহৰ পানীৰ সলনি শিলিখা উতলাই লৈ ঠাণ্ডা কৰি ব্যৱহাৰ কৰিব।হেনা সদায় ব্ৰাছ আৰু ফণিৰ সহায়ত লগাব।ব্ৰাছৰ সহায়ত লগাওঁতে চুলিৰ প্ৰত্যেক ডালত লাগে।এনেদৰে হেনা সপ্তাহত তিনি-চাৰিবাৰকৈ লগালেহে ভাল ফল পাব।উফি থক তেলতীয়া চুলিত সদায় হেনাৰ লগত মুলটানি মাটি মিহলাই ল’ব।ল’ৰাৰ দৰে চুলিৰ বাবে একাপ হেনা পাউদাৰৰ লগত একাপ মুলটানি মাটি সমানে মিহলাই ল’ব।এতিয়া দৈৰ পানীৰ লগত এটা কণী মিহলাই মুৰত ব্ৰাছৰ সহায়ত লগাব।এঘণ্টামান থকাৰ পিছত কুহুমীয়া পানীৰে ধুই দিব।এনেদৰে সপ্তাহত তিনি –চাৰিবাৰকৈ হেনা লগালে চুলিৰ পৰা তেল আৰু উফি নাইকিয়া হ’ব।লাহে লাহে চুলিৰ গঠন আৰু উজ্জ্বলতা বাঢ়িব।

তেলেতীয়া কেঁকোৰা চুলিৰ বাবে হেনা পাউদাৰৰ লগত ময়দা আৰু বুটৰ গুৰি সমানে মিহলাই ল’ব।তাৰ লগত দুটা কণী মিহলাই মোচাম্বীৰ ৰসত তৈয়াৰ কৰিব।কেঁকোৰা চুলি পোন কৰিবলৈ সপ্তাহত তিনি-চাৰিবাৰকৈ কৰিলেহে ভাল ফল পাব।তেলেতীয়া চুলি হেনা লগোৱাৰ পাছত নেমুযুক্ত শ্বেম্পুৰে ধুই দিব।

আমাৰ সাধাৰণ চুলিৰ বাবে হেনা লগাবলৈ হ’লে হেনা পাউদাৰ একাপৰ লগত এটা কণী,ভাতৰ চামুচেৰে দুই চামুচ আমলখিৰ ৰস,এৰাগুটিৰ তেল চাহ চামুচেৰে দুই চামুচ মিহলাব।এই আটাইখিনি চাহৰ পানীত মিহলাই চুলিত লগাব।ধোৱাৰ সময়ত আমলখিযুক্ত শ্বেম্পু অলপ ব্যৱহাৰ কৰিব।ই কেৱল চুলিখিনি পৰিষ্কাৰ কৰিব।শ্বেম্পুৱে কেৱল আমাৰ চুলিখিনি পৰিষ্কাৰ কৰে।কিন্তু বেছি শ্বেম্পুৰ ব্যৱহাৰে আমাৰ চুলিৰ ক্ষতি সাধন কৰে।গতিকে হেনা কৰি শ্বেম্পু কৰিলে আমাৰ কোনো ক্ষতি নহয়।বৰঞ্চ উজ্জ্বলহে হ’ব।আমাৰ বয়সৰ লগেলগে চুলি সংখ্যা বাঢ়ি যায় আৰু গজাৰ সংখ্যা কমি আহে।যদি এতিয়াৰ পৰাই যত্ন লয় তেন্তে বয়সৰ লগেলগে আমাৰ চুলিখিনিও ভালেই থাকিব।

চুলিৰ বাবে আমি সদায় ভিটামিন ‘ই’টেবলেট এটাকৈ খাব লাগে।সেউজীয়া শাক,সজীৱ ফল-মুল,দৈ,নেমুৰ চৰবত,কণী,মাছ আদি খোৱাটো প্ৰয়োজন।

 

হাত দুখন সুন্দৰ কৰি তোলাৰ ঘৰুৱা দিহা

 

প্ৰতিজন লোকেই কোমল,মোলায়েম আৰু সুন্দৰ সুগাঢ়ী হাত পছন্দ কৰে।কিন্তু হাত যিমানেই সুন্দৰ নহওক লাগে,বাহিৰৰ পৰিৱেশ,পানী আৰু বিভিন্ন ৰাসায়নিক দ্ৰব্য,চাবোন আদিৰ সংস্পৰ্শলৈ আহিব লগা হয় আৰু হাতৰ সৌন্দৰ্যও ক্ৰমে হ্ৰাস পাবলৈ আহিবলৈ ধৰে আৰু হাতৰ ছালো ক্ৰমে কৰ্কশ আৰু শুকান হৈ আহিবলৈ বাধা হয়।শীতকালত এই সমস্যা আৰু অধিক হয়।কিন্তু গ্ৰীষ্মকালতো বাহিৰৰ উষ্ণ পৰিৱেশে হাত দুখনৰ মসৃণতা আৰু কোমলতা কিছু পৰিমাণে হ’লেও হ্ৰাস কৰে।নিজৰ হাত দুখন সুন্দৰ কোমল আৰু মোলায়েম কৰি ৰাখিবৰ কাৰণে তলত উল্লেখ কৰা প্ৰাকৃতিক কিটিপকেইটা মানি চলক।

  • তিনি চামুচ জলফাই তেল(অলিভ অয়ল)ৰ লগত দুচামুচ চেনি মিহলাই লওক।সেই তেল নিজৰ হাতত মালিচ কৰি পোন্ধৰ মিনিট সময় ৰওক।ইয়াৰ পিছত কুহুমীয়া পানীৰে হাতদুখন ধুই পেলাওক।এই ব্যৱস্থা সপ্তাহত তিনি দিনকৈ তিনিমাহমান কৰিলে হাত দুখন কোমল আৰু সুন্দৰ হৈ উঠিব।
  • এচামুচ বেচন,এচামুচ গাখীৰৰ সৰ আৰু এচামুচ নেমুৰ ৰস মিহলাই এটা ডাঠ মণ্ড (পেষ্ট)বনাই নিজৰ হাত দুখনত সানি সামান্যভাৱে মালিচ কৰক।এই প্ৰলেপটো শুকাই গ’লে হাতেৰে মোহাৰি উঠাই পেলাওক।ইয়াৰ পিছত হাত দুখন ঠাণ্ডা পানীৰে ধুই অকণমান জলফাই তেল সানি দিয়ক।এই ব্যৱস্থা সপ্তাহত দুই তিনি-দিনকৈ তিনিমাহ মান কৰি থাকিলে হাত দুখন ধুনীয়া কোমল আৰু মসৃণ হৈ উঠিব।
  • চাৰি-পাঁচ চামুচ গোলাপজল,তিনি চামুচ গ্লিচাৰিণ আৰু দুটা মধ্যমীয়া আকাৰৰ গোল-নেমুৰ ৰস মিহলাই এটা বটলত ভৰাই কোনো শুকান আৰু ঠাণ্ডা ঠাইত থৈ দিয়ক।ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ আগে আগে আৰু প্ৰতিদিনে ৰাতি শোৱাৰ আগতে এই মিশ্ৰণ হাতত সানি পাতলকৈ মালিচ কৰক।শীতকালত এই মিশ্ৰণৰ মালিচ বিশেষভাৱে উপকাৰী।

এই ঘৰুৱা দিহাকেইটা মানি চলিলে আপুনি হাত দুখন কোমল,মোলায়েম আৰু সুন্দৰ কৰি তুলিব পাৰে।নিজৰ শৰীৰৰ সৌন্দৰ্য ৰক্ষাৰ কাৰণে বা বৃদ্ধি কৰিবৰ কাৰণে কেতিয়াও কোনো ৰসায়নযুক্ত ক্ৰীম ব্যৱহাৰ নকৰিব।এনে ধৰণৰ ৰসায়নযুক্ত  প্ৰসাধন সামগ্ৰীয়ে আপোনাৰ ছালৰ উজ্জ্বলতা,মসৃণতা আৰু কোমলতা নষ্ট কৰিব পাৰে।ঘৰুৱা দিহাবোৰ মানি চলিলে আপুনি নিশ্চিন্ত হৈ থাকিব পাৰে যে এনেবোৰ দ্ৰব্যই আপোনাৰ ছালখন একেবাৰে নষ্ট নকৰে।

 

উৎস:স্বাস্থ্য

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate