অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য বাৰ্তা-

স্বাস্থ্য বাৰ্তা-

 

নাৰীৰ হার্ট এটেকৰ লক্ষণসমূহ


২০১৬ চনত কৰা এক গৱেষণা অনুসৰি, পুৰুষতকৈ নাৰীসকলৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক হয়। নাৰী আৰু পুৰুষৰ হাৰ্ট এটেকৰ লক্ষণ প্ৰায় একেই যদিও তাৰ মাজতো কিছু গুৰুত্বপূৰ্ণ পাৰ্থক্য দেখা যায়। নাৰীসকলৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ লক্ষণ অধিক সূক্ষ্ম আৰু দুৰ্বোধ্য হয়। সেইবাবে এই লক্ষণসমূহৰ বিষয়ে জনাতো নিতান্তই প্ৰয়োজনীয়। হাৰ্ট এটেকৰ সাধাৰণ লক্ষণসমূহ হৈছে- বুকুৰ বিষ, বাহুৰ বিষ, বমি বমি ভাব তথা বমি হোৱা। কোনো নাৰী হার্ট এটেকৰ সন্মুখীন হ’লে তেওঁলোকৰ মাজত এই লক্ষ্যণেই দেখা যায় যদিও লক্ষণসমূহ অধিক স্পষ্টকৈ দেখা নাযায়। উদাহৰণস্বৰূপে, বুকুৰ বিষ নাৰীসকলৰ হার্ট এটেকৰ সাধাৰণ লক্ষণ যদিও ই প্রধান লক্ষণ নহয়। পুৰুষৰ বুকুৰ বিষৰ দৰে নাৰীসকলৰ বুকুৰ বিষ তীব্ৰ নহয়। বুকুৰ বিষৰ লগতে নাৰীৰ হার্ট এটেকৰ মাজত দেখা দিয়া অন্য কিছু লক্ষণ হ’ল— শ্বাস-প্ৰশ্বাসত কষ্ট, অৱসাদ তথা বমি বমি ভাব। ইয়াৰ উপৰি বিষ কেৱল বুকুতেই নহয়, পিঠি তথা কান্ধতো হয়। পুৰুষৰ তুলনাত নাৰীৰ হার্ট এটেকৰ লক্ষণ কিয় ভিন্ন, সেই বিষয়ে কোনো স্পষ্ট ব্যাখ্যা নাই। এইক্ষেত্ৰত কিছু বিষয়ে প্রধান ভূমিকা লয়। কোনো নাৰী হৃদৰোগত আক্রান্ত হ’লে হৃদপিণ্ডৰ সৰু ৰক্তনলীৰ ওপৰত প্ৰভাৱ পৰে। পুৰুষৰ দৰে নাৰীৰ ধমনীত কঠিন বাধাৰ সৃষ্টি নহয়। নাৰীসকলৰ ৰক্তনলীসমূহ সৰু হয় তথা ৰক্তনলীৰ প্ৰাচীৰ অনমনীয় হয়। কিন্তু উক্ত বিষয়টি লক্ষণৰ বিভিন্নতাৰ অন্তর্নিহিত কাৰণ হয় নে নহয়, সেয়া বর্তমানেও নিশ্চিত হোৱা নাই। কিন্তু হৃদৰোগৰ প্ৰধান কাৰণসমূহ নাৰী-পুৰুষ উভয়ৰে ক্ষেত্ৰত একেই। মধুমেহ ৰোগ, ধূম্ৰপান, উচ্চ ৰক্তচাপ, ওজন বৃদ্ধি, নিয়মিত শাৰীৰিক সক্রিয়তাৰ অভাৱ, উচ্চ কলেষ্ট্ৰেৰ’ল, অস্বাস্থ্যকৰ খাদ্যাভ্যাস ইত্যাদিয়ে হৃদৰোগৰ সম্ভাৱনীয়তা বৃদ্ধি কৰে।

পুৰুষ ধূম্রপায়ীতকৈ নাৰী ধূম্রপায়ীৰ মধুমেহ ৰোগীৰ হৃদৰোগ হোৱাৰ সম্ভাৱনীয়তা অধিক। এইসমূহৰ উপৰিও কিছু অন্য কাৰকেও কেৱল নাৰীৰ হৃদৰোগ হোৱাৰ সম্ভাৱনীয়তা বঢ়াই তোলে। যিসকল নাৰীৰ গৰ্ভাৱস্থাৰ সময়ত উচ্চ ৰক্তচাপৰ সমস্যা থাকে, তেওঁলোকৰ পৰৱৰ্তী সময়ত হৃদৰোগ হোৱাৰ সম্ভাৱনীয়তা অধিক। তদুপৰি মেন'প’জৰ পিচত ইষ্ট্রোজেনৰ মাত্রা হ্রাস পোৱা নাৰীসকলৰো হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। নাৰীসকলে হৃদৰোগৰ লক্ষণ তথা কাৰকসমূহৰ বিষয়ে চিকিৎসকৰ সৈতে আলোচনা কৰাটো অতি প্রয়োজনীয়। নিজৰ ব্যক্তিগত থকা পৰিয়ালৰ চিকিৎসা ইতিহাসৰ কথাও আলোচনা কৰা উচিত, যিয়ে নাৰীসকল হৃদৰোগৰ সম্ভাৱনীয়তা বহনকাৰী কাৰকসমূহৰ বিষয়ে অৱগত হ’ব পাৰিব। যদিহে হৃদৰোগৰ কোনো লক্ষণ দেখা যেন লাগে, অতি শীঘ্ৰে চিকিৎসকৰ কাষ চাপি উপযুক্ত চিকিৎসা কৰোৱাটো উচিত। কিয়নো দ্রুত চিকিৎসা তথা সজাগতাই দিব পাৰে এক সুস্থ জীৱন।

উৎস: সাদিন।

খোৱাৰ টিপ্‌ছ-


নহৰু

বহুতে বিভিন্ন কাৰণত কেঁচা নহৰু খায়। পিছে কেঁচা নহৰু খালে মুখ গোন্ধায়। সেই কথা কাকো ক’ব নালাগে। গতিকে কি কৰিব? কেঁচা নহৰ, খাই মধুৰিআম গছৰ কোঁহ পাত দুখিল চোবাই খাব। ইয়াত যথেষ্ট পৰিমাণে কেলচিয়াম থকা বাবে পাথৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে নহৰু খালে যথেষ্ট পানী খাব। কাটি থোৱা বা বটি থোৱা নহৰু ব্যৱহাৰ কৰাতকৈ সকলো সময়ত সতেজ নহৰু ব্যৱহাৰ কৰিব। নহৰু শৰীৰৰ ওজন বঢ়াৰ প্ৰতিৰোধক। নহৰু বা নহৰু সমৃদ্ধ আহাৰ খালে ৰক্তচাপ কমে। নহৰুৱে বেয়া কলেষ্টৰেল কমায়। ভাল কলেষ্টৰেল বঢ়ায়। ৰক্ত চলাচল দ্রুত হোৱাত সহায় কৰে। নহৰুৰ চাট্‌নি কৰি খাব পাৰে।

পাতি নেমু

ভিটামিন চি সমৃদ্ধ পাতি নেমু শৰীৰ শ্লীম কৰি ৰখাৰ শ্রেষ্ঠ উপাদান। এন্টিঅক্সিডেন্টেৰে ভৰপূৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। কৰ্কট ৰোগ প্রতিৰোধতো সহায় কৰে বুলি বিজ্ঞানীসকলে পাইছে।

  • পুৱা খালী পেটত নেমু মিহলোৱা কুহুমীয়া পানী খুবেই উপকাৰী। এচামুচ যদি ভাল মৌ দিব পাৰে, আৰু উত্তম।
  • অলিভ অইল আৰু নহৰু থেতেলিয়াই লৈ তাত নেমুৰ ৰস মিহলাই লওক। উত্তম চালাড ড়েছিং হ’ব পাৰে।
  • দুপৰীয়া-নিশা প্রত্যেক আহাৰত এটুকুৰা নেমুৰ ৰস খাওক।
  • মাছ-মাংস বা তৰকাৰি বেক কৰাৰ সময়ত নেমু শ্লাইচ কৰি কাটি দিব। খাবৰ পৰত আঁতৰাই দিব। গুণ আৰু সুন্দৰ সুবাস পাব।
  • নেমু ফ্ৰীজত কিন্তু ৰাখিলে ৰস কমকৈ ওলায়।
  • নেমু কটাৰ আগেয়ে হাতৰ মাজত লৈ পিটিকি ল’ব।
  • নেমু কটাৰ পাছত কেতিয়াও নুধুব। কটাৰ আগেয়ে ধোৱক৷
  • টেঙা আঞ্জা নহ’লেও দাইল, মাংস, মাছ পিটিকা, মাছ বয়ল, কণী তৰকাৰি আদিত সামান্য নেমু ৰস দিলে সুস্বাদু হয়।

পিয়াজ

পিয়াঁজ জিৰ’ কেল'ৰিৰ যদিও দামৰ বাবেই হয়তো খোৱাৰ বিলাস কৰিব নোৱাৰি। তথাপি জানি থোৱাত আপত্তি কি? আমাৰ ৰন্ধা-বঢ়াত পিয়াঁজৰ ব্যৱহাৰ বহুদিনীয়া। পিয়াঁজে পেনক্রিয়াছত ইনছুলিন বঢ়াব পাৰে আৰু তেজত চেনি কমাব পাৰে বাবে ডায়েবেটিছ ৰোগীৰ বাবে কেঁচা পিয়াঁজ মহৌষধ। আয়ুৰ্বেদ শাস্ত্ৰমতে, পিয়াঁজৰ ৰসে পোৰা ছাল ভাল কৰাত সহায় কৰে। ৰসে পোৰা ছাল ভাল কৰাত সহায় কৰে। ৰসে চুলি সৰা ৰোধ কৰে। অর্থাৎ পিয়াঁজ ৰুকি ৰস উলিয়াই চুলিৰ গুৰিত ঘঁহিব লাগে। পিয়াঁজে ব্রেষ্ট কেন্সাৰ ৰোধ কৰাতো সহায় কৰে।

  • চালাডত পিয়াঁজ ব্যৱহাৰ কৰিব।
  • পিয়াঁজ কলি বা পিয়াঁজৰ পাত বা নলাও উপকাৰী।
  • বিভিন্ন তৰকাৰিত পিয়াঁজ ব্যৱহাৰ কৰিব।
  • পিয়াঁজ কাটি তাত সামান্য নিমখ, চাট্‌ মছলা, নেমু ৰস দি খোৱা টেবুললৈ আনক। অতি জুতি লগা হয়।
  • পিয়াঁজ কাটি নুধুব। পিয়াঁজত ছালফাৰ থকা হেতু কাটিলে চকুপানী ওলায়। বঠিখনৰ মূৰত তিতা কাপোৰ এখন মেৰিয়াই পিয়াঁজ কাটি চাবচোন।

বেঙেনা

বেঙেনা অতি উপকাৰী পাচলি। বজাৰত বহুবিধৰ বেঙেনা পোৱা যায়। তদুপৰি বছৰৰ বাৰমাহেই বেঙেনা খাব পাৰি। বেঙেনাত যথেষ্ট পানী থাকে বাবে ই কম কেল'ৰিযুক্ত। কিন্তু পটাছিয়ামৰ পৰিমাণ বেছি বাবে শৰীৰৰ বাবে অতি দৰকাৰী। কৰ্কট, হাইপাৰটেনছন, ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।

  • মিক্স তৰকাৰিত বেঙেনা নহ’লে নজমে।
  • পোৰা বেঙেনা উপকাৰী।
  • পোৰা বেঙেনা কণী দি তৈয়াৰ কৰা ভাজি কাৰ প্রিয় নহয়। পিছে কেতিয়াবা চীজ মিহলাব পাৰে।
  • বেঙেনা ফ্রাই খাব লগা হ’লে ফ্রাই কৰাৰ পাছত টিছু পেপাৰত ৰাখিব লাগে যাতে বেঙেনাৰ পৰা অতিৰিক্ত তেল শুহি লয়।
  • পোৰা বেঙেনাৰ ওপৰৰ ক’লা বাকলিখন ভালদৰে চাফা কৰিহে খোৱাৰ বাবে সাজু কৰি ল’ব লাগে।

বিলাহী

এতিয়া বিলাহীক লৈ নানা বিতর্ক। বজাৰত ইনজেক্‌চন দি, গেছ দি পকোৱা বিলাহীৰ দম। এসময়ত বিলাহী খাই ভাল পোৱাসকলৰ এতিয়া বিলাহী কিনিবলৈকে ভয়। ঘৰতে ছাদত, বাৰীৰ চুকত ৰুব পাৰে দুজোপামান বিলাহী। বজাৰতো কিনিবলৈ পোৱা যায় আমাৰ থলুৱা জাতৰ বিলাহী। বিলাহীৰ গুণো অসীম। ই কৰ্কট ৰোগৰ লগতে আন নানা ৰোগৰ প্ৰতিৰোধক। বিলাহীয়ে কলেষ্টৰেল কমায় আৰু ৰক্তচাপ বঢ়াত বাধা দিয়ে। হৃদৰোগৰ সম্ভাৱনাক কমায় যথেষ্টভাৱে|

  • বিলাহী ধুই শুকানকৈ মচি বেগত ভৰাই ফ্ৰীজত থ’ব। আমাৰ থলুৱা বিলাহীৰ ক্ষেত্ৰত যিমানেই অধিক ৰঙা দেখিব, তিমানেই পুষ্টিৰে পৰিপূৰ্ণ বুলি বুজিব।
  • বিলাহীৰ চাট্‌নি-চালাড আদি সকলোৰে প্রিয়। ঠাণ্ডা দিনত টমেট’ ছুপ অতি আৰামদায়ক।

লেখিকা: সীমা চক্ৰৱৰ্তী, অসম বাণী।

গৰমৰ পানীয় আৰু আহাৰ-


গৰমৰ দিনকেইটা সকলোৰে বাবে বৰ আমনিদায়ক। বিশেষকৈ জুলাই-আগষ্ট আৰু ছেপ্টেম্বৰ মাহ। এই সময়ত মানুহৰ খোৱা বোৱাতো বহুত বিসংগতি হোৱা দেখা যায়। বতৰ অনুযায়ী শাক-পাচলি সতেজ হ’লে শৰীৰো ভালে থাকে। কিন্তু আজিকালি সতেজ, ৰাসায়নিক দ্রব্যবিহীন পাচলি য়ে বা ক’ত ? নিজৰ ঘৰৰ বাৰীত শাক-পাচলি হ’লেতো কথাই নাই! গৰমৰ দিনত বেছি মছলাযুক্ত আহাৰ গ্ৰহণ নকৰাই ভাল। পাতল সহজে গ্রহণ কৰিব পৰা যেনে— সিজোৱা, বেক্‌ কৰা আহাৰ হজম কৰাত সহজ হয়। এই সময়ত পানীৰ ভাৰসাম্য বজাই ৰাখিবৰ বাবে প্ৰচুৰ পানী খাব লাগে। ঘামৰ জৰিয়তে শৰীৰৰ পৰা ওলাই যোৱা পানীখিনি পূৰাবৰ বাবে পানীৰ প্রয়োজন হয়। ডাবৰ পানীত ছ'ডিয়াম, মেগনেছিয়াম, ফছফৰাছ আদি বহুত মূল্যৱান উপাদান পোৱা যায় আৰু ই বীজাণুমুক্ত। কোলড্ৰিংকছবোৰ পৰিহাৰ কৰাই ভাল। ই স্বাস্থ্যসন্মত নহয়। সহজতে পোৱা যায় বাবে ইয়াৰ আদৰ বেছি। ঘৰতে বনোৱা পানীয়বোৰ কিমান স্বাস্থ্যসন্মত হ’ব পাৰে সেয়াও চিন্তা কৰি চাব লাগে। মাত্ৰ অলপ কষ্ট কৰিব লাগে। বাহিৰলৈ ওলাই গ’লে লগত পানীৰ বটল নিবলৈ পাহৰিব নালাগে।

এই গৰমৰ দিনকেইটাত যথেষ্ট ফল পোৱা যায়। তৰমুজ, তিয়হ, জামু, আনাৰস, পনিয়ল, লেতেকু, আম, আদি। তৰমুজ অতি উপাদেয় ফল। ইয়াত পানীৰ পৰিমাণ বেছি থাকে বাবে শৰীৰে সোনকালে গ্রহণ কৰি ঠাণ্ড কৰি ৰাখে। তৰমুজত বিতা কেৰ’টিন, এণ্টি অক্সিডেণ্ট, লাইকোপেন আৰু ভিটামি বি, চি থাকে। ইয়াক বিভিন্ন ধৰণে বিভিন্ন ধৰণে উপাদানেৰে বনাই গ্রহণ কৰিব পাৰি। কেইটুকুৰামান তৰমুজ, অলপ পানী, চেনি অলপ, নামমাত্র নিমখ দি মিক্সিত দি এফাল নেমুৰ ৰস মিহলাই বৰফ অলপ মিলাই দুটামান পদিনা পাত ওপৰত দি সুন্দৰ চৰবত প্রস্তুত কৰিব পাৰি। সেইদৰে আন ফলৰ পৰা ঘৰতে চৰবত বনাই গৰমৰ দিনকেইটাত অন্তত: স্বাস্থ্যৰ প্ৰতি সামান্য হ’লেও যত্ন ল’ব পৰা যায়। আম আৰু কঁঠাল হাই কে’লৰিযুক্ত হয় বাবে কম পৰিমাণে গ্রহণ কৰিব পাৰিলে ভাল। বদহজম আদিৰ পৰাও হাত সাৰি থাকিব পাৰি।

শাক-পাচলিৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিব লাগে। সতেজ পাচলি গ্রহণ কৰিব লাগে। চালাড সিজোৱা, বেক কৰা খাদ্য গ্রহণ কৰিব পাৰিলে ভাল। চালাডত তিয়ঁহ অধিক পৰিমাণে প্রয়োগ কৰিব পাৰিলে ভাল। তিয়ঁহে শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে। নিৰামিষ আহাৰ এই সময়ত অতি উত্তম কিয়নো হজম হোৱাত ই সহায় কৰে। এই সময়তে আমাৰ পইতা ভাতৰ বিষয়ে উল্লেখ কৰিব পাৰি। পানী দি অলপ নিমখ-তেল দি খোৱা ভাতখিনি গৰম দিনৰ বাবে যে কিমান উপাদেয় তাক বুজাব নোৱাৰি লগত যদি আলু পিটিকা, মাছ পোৰা থাকে, তেতিয়া হ’লেতো কথাই বেলেগ। তলত দুটামান সহজে বনোৱা চৰবতৰ প্রস্তুত প্রণালী দিয়া হ’ল-

  • ক’লা জামু একাপ, চেনি অলপ, নিমখ নামমাত্র, এফাল নেমু ৰস, পানী দুকাপ। ক’লা জামুৰ ৰস উলিয়াই পানীৰে মিহলাই চেনি নিমখ দি নেমুৰ ৰস দি বৰফৰ লগত ওপৰত দুটামান পদিনাৰ পাত দি পৰিৱেশন কৰিব।
  • আনাৰসৰ ৰস দুকাপ, পানী দুকাপ, নিমখ অলপমান, এটা নেমুৰ ৰস সকলো মিলাই বৰফ আৰু জালুকৰ গুড়িৰে পৰিৱেশন কৰিব।
  • ভীমকল চাৰিটা, পানী আধা লিটাৰ, এটা নেমুৰ ৰস, নামমাত্ৰ ক’লা নিমখ। ভীমকলৰ বাকলি গুচাই মঙহখিনি এৰাই গুটিৰে সৈতে হাতেৰে পিটিকি পানীত কিছু সময় তিয়াই থ’ব। হাতেৰে ভালকৈ মোহাৰি চেকণিৰে চেকি লোৱা ৰসৰ পানীখিনিত নেমুৰ ৰস, ক’লা নিমখ মিহলাই বৰফ দি খাই চাবচোন। এইবোৰ লগে লগে খোৱা হয় বাবে ইয়াৰ কোনো ফ্ৰিজাৰভেটিভৰ প্ৰয়োজন নহয়। পকা আমৰ ৰসৰ লগত এইদৰে চৰবত বনাই ল’ব পাৰি। দৈৰ লগত টুকুৰাকৈ কটা পকা আমাৰ লগত সামান্য জিৰা, জালুক, গুড়ি মিহলাই বনোৱা ৰায়তাও গৰম দিনৰ আহাৰ হিচাপে ল’ব পৰা যায়। মাত্র কিছু সময় ফ্ৰীজত ৰাখিব লাগিব। কেঁচা আমাৰ চৰবত হিট ষ্ট্রোকৰ বাবে অতি উপকাৰী। ভেজাল খাদ্যৰ দিনত হাততে পোৱা ফল আদিৰে এইদৰে ঘৰতে বনোৱা পানীয় স্বাস্থ্যৰ বাবে উপকাৰী হোৱাৰ উপৰি খৰচো কম হয়। মাত্ৰ অলপ কষ্ট কৰিব লাগে।

লেখিকা: মঞ্জুলা দত্ত, অসম বাণী।

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate