হ্ৰদযন্ত্ৰৰ অসাধাৰণ ধপধপনি নিয়ন্ত্ৰণৰ কাৰণে সাধাৰণতে পেচমেকাৰৰ সহায় লোৱা হয়। শেহতীয়াকৈ ‘হিউষ্টন মেথ’ডিষ্ট’ৰ গৱেষক ডা পল ছৰ্চুমনে বিশ্বৰ ক্ষুদ্ৰতম পেচমেকাৰটি উদ্ভাৱন কৰি উলিয়াবলৈ সক্ষম হৈছে। টান্সকেথেটাৰ পেছিং ছিষ্টেম(টি পি এছ) নামৰ এই ডিভাইচটো পৰম্পৰাগত পেচমেকাৰৰ তুলনাত আকাৰত প্ৰায় দহ গুণ সৰু। আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন (এফ ডি এ)ৰ পৰা মঞ্জুৰী পাবলৈ সক্ষম হোৱা এটা কেপছুল আকাৰৰ এই ডিচাইচটো এগৰাকী ৰোগীৰ দেহত ইতিমধ্যে সফলতাৰে প্ৰত্যাৰোপণো সম্পন্ন কৰা হয়। গৱেষক ডা: ছৰ্চুমনৰ মতে, এইটো একেবাৰে নতুন ধৰণৰ হাৰ্ট ডিভাইচ। আৰু এয়া অতিশয় উন্নত পেছিং টেকন’জীৰ আধাৰত বিকাশ কৰি উলিওৱা হৈছে। ইতিমধ্যে প্ৰত্যাৰোপণ কৰা ব্যক্তিগৰাকীৰ দেহত ডিভাইচটোৱে সুন্দৰকৈ কাম কৰি আছে বুলিও গৱেষকগৰাকীয়ে লগতে প্ৰকাশ কৰে। ডা: পল ছৰ্চুমনৰ মতে, ধপধপনিৰ পৰিমাণ নিম্ন হৈ গ’লে হ্ৰদয়ে অক্সিজেনযুক্ত তেজ পৰ্যাপ্ত পৰিমাণে পাম্পিং কৰিবলৈ অসমৰ্থ হোৱা অৱস্থাত এই নতুন ডিভাইচৰ প্ৰয়োগে অতিশয় ইতিবাচক ফল দিবলৈ সক্ষম হ’ব।
সঘনকৈ পিঠিৰ বিষত ভুগি থকা ব্যক্তিয়ে যদি ৰোগবিধৰপৰা উপশম পাবৰ নিমিত্তে সাধাৰণ বিষ নাশৰ ঔষধৰ সহায় লৈ আহিছে, তেন্তে তেওঁলোক সাৱধান হ’বৰ হ’ল। অষ্ট্ৰেলিয়াস্থিত জৰ্জ ইনষ্টিটিউট অবগ্ল’বেল হেলথৰ গৱেষক ডা: মেনুৱেলা ফেৰিয়েৰাই এই সাৱধানবাণী শুনাইছে। অতি শেহতীয়াকৈ সম্পন্ন কৰা গৱেষকগৰাকীয়ে জানিব পাৰে যে আইবুপ্ৰ’ফিন জাতীয় সাধাৰণ বিষ নিবাৰক দৰৱে প্ৰতি ছগৰাকী ব্যক্তিৰ মাজত মাত্ৰ এগৰাকী ব্যক্তিকহে কদাচিত আৰোগ্যৰ দিশলৈ আনিব পাৰে। আকৌ এনে দৰৱে ৰোগ নিৰাময় কৰিব পাৰক অথবা নোৱাৰক, ৰোগীৰ শৰীৰৰ ক্ষতি কিন্তু ঠিকেই কৰে। গৱেষকগৰাকীৰ মতে, এনে দৰৱে ৰোগীৰ পেটত আলচাৰ তথা ৰক্তস্ৰাৱৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গৱেষক ডা: মেনুৱেলা ফেৰিয়েৰাৰ মতে, অষ্ট্ৰেলিয়াৰ প্ৰায় ৮০ শতাংশ ব্যক্তি জীৱনকালত এবাৰ নহৈ এবাৰ পিঠিৰ বিষত আক্ৰান্ত হয়েই। কাৰ্যালয়ত বহু সময় বহি কাম কৰাৰ ফলতে মুখ্যত: এনে সমস্যাৰ সৃষ্টি হয়। সমস্যাৰ ভয়াৱহতালৈ চাই ৰোগবিধৰ উপশমৰ কাৰণে অধিক ফলপ্ৰসূ চিকিৎসা ব্যৱস্থাৰ অনুসন্ধান অতিশয় জৰুৰী বুলি মত ব্যক্ত কৰে গৱেষকগৰাকীয়ে।
উৎস:চন্দন কুমাৰ কলিতা(দৈনিক অসম)