আদা দিয়া ৰঙা চাহ আমাৰ প্ৰায়ভাগ লোকৰেই অতি প্ৰিয়। পুৱা বিছনাৰ পৰা উঠিয়েই হওক নাইবা দিনৰ কৰ্মব্যস্ত জীৱনৰ মাজতেই হওক একাপ আদা দিয়া চাহে মুহূৰ্ততে মন-মগজুক প্ৰশান্তি দিয়ে। বিশেষজ্ঞসকলৰ মতে আদা দিয়া চাহ শৰীৰৰ বাবেও যথেষ্ট উপকাৰী। মূৰ ঘূৰণি নাইবা বমি বমি ভাব- এইধৰণৰ অসুস্থতাৰ পৰা আমাৰ শৰীৰক আৰাম দিয়ে আদা মিহলি চাহে। একেদৰে পাকস্থলী সুস্থ ৰখাৰ লগতে হজম শক্তি বঢ়ায় আদা দিয়া চাহে। পেটৰ বিষ উপশম, আৰ্থাৰাইটিছ জাতীয় ৰোগতো এই চাহে যথেষ্ট সুফল দিয়ে। মানসিক চাপ, হতাশা দূৰ কৰাৰ ক্ষেত্ৰতো ইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰি হাঁপানীত আক্ৰান্ত লোকসকলৰ বাবেও আদা মিহলি চাহ অতি উপকাৰী।
শৰীৰৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন হ’বলৈ ভিটামিন, প্ৰ’টিন, কেলচিয়াম, আইৰন আদি নানা উপাদানৰ প্ৰয়োজন আছে। কিন্তু এই উপাদানসমূহ প্ৰয়োজনতকৈ অধিক হ’লেই বিপদে দেখা দিব পাৰে। তেজত হিম’গ্লবিন উৎপাদনৰ বাবে আইৰনৰ আৱশ্যক। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰতো ভূমিকা আছে আইৰনৰ। কিন্তু শৰীৰৰ আইৰনৰ মাত্ৰা অধিক হ’লে ই শৰীৰৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত যকৃত আৰু হৃদযন্ত্ৰ ক্ষতিগ্ৰস্ত হয়। চিকিৎসকসকলৰ মতে, মহিলাসকলৰ ক্ষেত্ৰত মাহেকীয়া হোৱাৰ সময়ত শৰীৰৰ পৰা আইৰন কিছু পৰিমাণে বাহিৰ হৈ যায়। সেয়ে তেওঁলোকৰ দেহত আইৰনৰ পৰিমাণ অতিমাত্ৰা বৃদ্ধি হ’ব নোৱাৰে। কিন্তু পুৰুষৰ ক্ষেত্ৰত সেয়া নহয়। বৰং ক্ৰমশঃ বৃদ্ধিহে পায় আইৰনৰ মাত্ৰা। সেয়ে মহিলাৰ তুলনাত পুৰুষসকল অধিক যকৃতৰ ৰোগত আক্ৰান্ত হোৱা দেখা যায়। চিকিৎসা বিশেষজ্ঞসকলৰ মতে, শৰীৰত আইৰনৰ পৰিমাণ বৃদ্ধি পালে লাহে লাহে বিভিন্ন অংগ-প্ৰত্যংগ আৰু কোষসমূহ নিষ্ক্ৰিয় হৈ গৈ থাকে। সঠিক সময়ত চিকিৎসা নকৰিলে আইৰনৰ পৰিমাণ বৃদ্ধি হৈ গৈ থাকে। ফলত বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হয়। ইয়াৰ উপৰি শৰীৰত আইৰনৰ পৰিমাণ বৃদ্ধি হ’লে ডায়েবেটিছ, যৌন জীৱনৰ সমস্যা, পুৰুষত্বহীনতা আদি সমস্যাৰ সৃষ্টি হয়। বিশেষজ্ঞসকলৰ মতে, এগৰাকী মহিলাৰ শৰীৰৰ বাবে এদিনত ১৫ মিলিগ্ৰাম আৰু এজন পুৰুষৰ বাবে ১০ মিলিগ্ৰাম আইৰনহে আৱশ্যক।
প্ৰাপ্তবয়স্ক ব্যক্তিৰ দৈহিক ওজন নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিলে এনে লোকৰ মৃত্যু হোৱাৰ আশংকা থাকে। এটা নতুন অধ্যয়নত এই কথা প্ৰকাশ পাইছে। মেদবহুলতা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি পূৰ্বতে বিভিন্ন অধ্যয়নত প্ৰকাশ পাইছে যদিও অত্যধিক ওজনৰ বাবে এজন লোকৰ মৃত্যু ঘটিব পৰাৰ আশংকা প্ৰকাশ পোৱা এয়ে হৈছে প্ৰথমটো অধ্যয়ন। বষ্টন ইউনিভাৰ্ছিটি স্কুল অব পাব্লিক হেল্থ আৰু হাৰ্ভাৰ্ড টি এছ চেন স্কুলৰ গৱেষকে বডী মাছ ইনডেক্স (বি এম আই) আৰু মৃত্যুৰ হাৰ সম্পৰ্কে উক্ত অধ্যয়নটো চলাইছিল।
(উৎসঃ নিয়মীয়া বাৰ্তা)।