অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য বাৰ্তা

আপোনাৰ শিশুটি লাজকুৰীয়া নেকি?


ৰিণ্টীৰ বয়স ৫ বছৰ। দেখিবলৈ অতি মৰমলগা। ৰিণ্টীক সকলোৱে মৰম কৰিব বিচাৰে। কিন্তু পৰিয়ালৰ চিনাকিসকলৰ বাহিৰে তাই আন কাৰোৰে কাষ নাচাপে, কোনোবাই কিবা এটা সুধিলেই তাই লাজ লাজকৈ গুচি আহে অথবা কান্দি দিয়ে। ৰিণ্টীৰ এই স্বভাৱৰ বাবে প্রথমে মাক-দেউতাকে চিন্তা কৰা নাছিল। তেওঁলোকে ভাবিছিল যে অলপ ডাঙৰ হ’লে তাইৰ এই স্বভাৱ আঁতৰিব। বর্তমান ৰিণ্টীৰ বয়স ৬ বছৰ, অথচ স্বভাৱ ঠিক আগৰ দৰেই।

কেৱল ৰিণ্টিীয়েই নহয়, সমাজত এনে অনেক শিশু আছে, যিসকল এনে পৰিস্থিতিৰ দাস। এনে পৰিস্থিতিৰ পৰা মুক্ত হ’বলৈ মাক-দেউতাকে কেৱল বয়সৰ ওপৰতেই দোষটো জাপি দিলে নহ’ব; বৰং তেওঁলোকে শিশুটিৰ এনে বদভ্যাস দূৰ কৰিবলৈ নিম্নোক্ত পদক্ষেপ গ্রহণ কৰিব লাগিব—

মুক্ত পৰিৱেশ

শিশুসকল অতি নিষ্পাপ আৰু কুমলীয়া মনৰ। সেয়ে সিহঁতক কেতিয়াও অধিক অনুশাসনৰ মাজত ৰাখিবলৈ চেষ্টা নকৰিব; বৰং এটি মুক্ত পৰিৱেশৰ মাজত ডাঙৰ-দীঘল কৰাত আগভাগ লওক। এনে পৰিৱেশে সিহঁতৰ লাজ লাজ ভাবটো নাইকিয়া কৰিব।

সকলোৰে লগত মিলা-মিছা

শিশুটিক কেতিয়াও কেৱল ঘৰৰ পৰিয়ালৰ মাজতে আবদ্ধ কৰি নাৰাখিব। এনে কৰিলে শিশুটিয়ে ঘৰৰ পৰিয়ালটিকে একমাত্র পথিৱী বুলি ভাবিবলৈ বাধ্য হ’ব; বৰং সকলো মানুহৰে লগত তাক মিলা-মিচা কৰিবলৈ দিব। অৱশ্যে এই ক্ষেত্ৰত আপুনি চকু ৰখাটো অতি প্রয়োজন।

লিংগ বৈষম্য

আপোনাৰ শিশুটিক কেতিয়াও তই ল’ৰা, তই ছোৱালী— এনে মনোভাব সুমুৱাই নিদিব। নিজৰ লিংগ সম্পর্কে সৰুতেই কোনো ধাৰণা সুমুৱাই দিলে সিহঁতে লজ্জাবোধ কৰে। সেয়ে ল’ৰা-ছোৱালী হিচাপে কোনো বৈষম্য নকৰি শিশু হিচাপে সিহঁতৰ খেয়াল ৰখা উচিত।

এগৰাকী ভাল বন্ধু হওক

শিশুসকলে যাৰ ওচৰত সকলো কথা খুলি ক’ব পাৰে, সেয়া হ’ল নিজৰ বন্ধু। বন্ধুৰ এই ভূমিকা মাক-দেউতাকে গ্রহণ কৰিব পাৰে। অর্থাৎ তেওঁলোক কেৱল মাক-দেউতাকেই নহয়, তেওঁলোক দুয়ো নিজৰ সন্তানটিৰ বাবে ভাল বন্ধু, পথ-প্রদর্শক হ’ব পাৰে। মাক-দেউতাকৰ পৰা বন্ধুত্বসূলভ আচৰণ পালে শিশুটিৰ মনৰ স্থিতি উভয়ে জানিব পাৰিব আৰু ভিন্‌ ভিন্‌ ধৰণে শিশুটিৰ লজ্জা নিবাৰণ কৰিব পাৰিব।

কথা ক’বলৈ দিয়া

শিশুটিৰ লজ্জা দূৰ কৰিবলৈ মাক-দেউতাকে শিশুটিক কথা ক’বলৈ দিব লাগে। শিশুটিয়ে কথা কওতে মাক-দেউতাক উভয়ে গুৰুত্ব সহকাৰে শুনিব লাগে। এনেধৰণে কথা শুনিলে সি মনত আনন্দ পায়। ইয়াৰ প্রতিক্রিয়া সকলোতে ঘটে, ফলত তাৰ মনৰ পৰা লজ্জা ভাব আঁতৰ হয়।

কিতাপ পঢ়াৰ অভ্যাস

শিশুটিৰ মনৰ পৰা লজ্জা ভাব দূৰ কৰিবলৈ ঘৰত কিতাপ পঢ়াৰ অভ্যাস গঢ় দিয়া উচিত। কিতাপ পঢ়াৰ এই অভ্যাসৰ আধাভাগ লোৱাত মাক-দেউতাকেই অৰিহণা যোগাব লাগে যদিও পাছলৈ শিশুটিও এই অভ্যাস কৰাত অগ্রণী হ'ব। তাৰ লগে লগে শিশুটিৰ মানসিক ভেটিও সুদৃঢ় হ’ব।

অত্যাধিক চাপ নিদিব

পঢ়া-শুনাৰ ক্ষেত্ৰতেই হওক অথবা আন কোনো ক্ষেত্র, যেনে— সংগীত, সাঁতোৰ, ক্রীড়া ইত্যাদি যিকোনো ক্ষেত্ৰতেই নহওঁক কিয়, শিশুটিক কেতিয়াও অধিক চাপ নিদিব। আপুনি তাৰ পৰা যি বিচাৰে, সেয়া পূৰণ কৰিবলৈ চাপহীনভাবে পূর্ণ প্রস্তুতি চলাওক। কিন্তু তাৰ বাবে অধিক হেঁচা প্রয়োগ নকৰিব | এনে কৰিলে চাপে তাক শংকিত কৰি সংকুচিত ভাবাপন্ন কৰি তোলে। ফলত সি লাজকুৰীয়া হৈ পৰে।

মুঠতে, শিশু এটাৰ যি লাজকুৰীয়া ভাব, তেনে ভাব সহজতে দূৰ কৰিব পাৰে একমাত্র মাক-দেউতাকেহে। সেয়ে, তেওঁলোকে গভীৰ চিন্তা-চৰ্চা কৰি পদক্ষেপ ল’লেহে শিশুটি এনে বদ অভ্যাসৰ পৰা আঁতৰি সকলোৰে লগত মিলা-মিচা কৰি জীৱনৰ যাত্ৰাপথত আগুৱাব পাৰিব।

 

লোভ সম্বৰণ সুস্থ জীৱন


আমাৰ মাজত বহু লোক আছে যিসকলৰ লোভ সম্বৰণ কৰাৰ ক্ষমতা অতি কম। যদিও সৰুতে পঢ়া কথাষাৰ হয়তো বহুতৰে মনত আছে— ‘লোভেই পাপ পাপেই মৃত্যু।” তথাপি মানুহে বহু কথা জানি-বুজিও এই লোভ নামৰ ৰিপুটো পৰিত্যাগ কৰিব নোৱাৰে। তাৰ ফলত নাখাওঁ বোলা বস্তুটোও চকুৰ আগত পৰিলে নোখোৱাকৈ থাকিব নোৱাৰে। আহকচোন— কোনবোৰ বাধা থকা খাদ্য বা বস্তু আমি নোখোৱাকৈ থাকিব নোৱাৰো তাকে চাওঁ-

নিমখ

চিকিৎসকসকলে আচলতে বয়সস্থ লোকসকলক নিমখ কমাই খাবলৈ কয়েই। উচ্চ ৰক্তচাপ থকা, কিডনীৰ অসুখ থকাসকলক নিমখ কমাই খাবলৈ কোৱা হয়। কিন্তু বহু লোকে নিমখ খাব নালাগে বুলি জানিও ভাতৰ কাষত কেঁচা নিমখ অকণমান নোখোৱাকৈ ভাত খাব নোৱাৰে। আন মুখৰোচক খাদ্যৰ লগতো নিমখ লৈ খায়। তৰকাৰি-আঞ্জাত নিমখ কম হ’লে খাই শান্তি নাপায়। সোৱাদ নালাগে। আকৌ লৈ খায়। এইসকলে চিকিৎসকৰ কথা শুনা উচিত। আজিকালি এনেবোৰ বিষয়ত কাকত-আলোচনীত চিকিৎসক-বিশেষজ্ঞসকলে যথেষ্ট লিখা-মেলা কৰে। সেইবোৰ মনোযোগ দি পঢ়া উচিত।

চেনি

বিশেষজ্ঞসকলে ৪০ বছৰ বয়সৰ পাছৰ পৰাই সকলোকে চেনি বা মিঠাই খোৱাৰ ক্ষেত্ৰত সাৱধানবাণী শুনায়। মিঠা বা শর্কৰাই শৰীৰত ফেট বৃদ্ধি কৰি নানা ৰোগ হোৱাত ইন্ধন যোগায়। ডায়েবেটিছ ৰোগীসকলৰ বাবে চেনি বা মিঠাই মাৰাত্মক। কিন্তু মিঠাই দেখিলে ৰ’ব নোৱাৰা ডায়েবেটিছ ৰোগীও বহু আছে। বিয়া-সবাহবোৰত খাদ্যবস্তু সোৱাদ কৰিবলৈ পোলাও-বিৰিয়ানি, অন্য তৰি-তৰকাৰি, মাছ-মাংস আদিত চেনি প্রয়োগ কৰে।

গতিকে ৰক্তচাপ, ডায়েবেটিছ থকা লোকসকলে বিয়ালৈ গ’লেও এনে খাদ্য খোৱাৰ প্ৰতি সচেতন হয়নে ? সমুখত খাদ্য দেখিলে এনে বহু ৰোগীয়ে কিন্তু লোভ সামৰিব নোৱাৰে।

চাহ

আমি জানো ঘনে ঘনে চাহ খাই থকাটো স্বাস্থ্যৰ বাবে হানিকৰ। চাহ কমাই খাম বুলি বাৰে বাৰে প্ৰতিজ্ঞাবদ্ধ হৈও বহুতে এই প্রতিজ্ঞা ৰক্ষা কৰিব নোৱাৰে। বহুতে গাখীৰ-চেনি নিদিয়া ৰঙা চাহ টুপিকে খাম বুলি মন বান্ধিলেও মূৰকত গাখীৰ-চেনি দিয়া ডাঠ চাহকাপ ওঁঠত লৈহে শান্তি পায়। কিন্তু ইফালে দেহত বাঢ়ে অশান্তি। বাৰে বাৰে শৰীৰলৈ ফেট-শর্কৰা পঠিয়াই থকাটো কিমান ভয়ংকৰ হ’ব পাৰে ভাবি চাব।

মাছ-মাংস

তেলাল মাছ-মাংস নাখাওঁ বুলি বহুতে ঠিক কৰে। কিন্তু আজি খাওঁ, আৰু নাখাওঁ বুলি বহুতে সদায় এনে মাছ-মাংস মুখলৈ থাকে।

অধিক তেল মছলা দি ৰন্ধা খাদ্য

অধিক তেল-মছলা ব্যৱহাৰ কৰি ৰন্ধা খাদ্য ক্ষতিকাৰক বুলি কোনেনো নাজানে ? কিন্তু তেনে জুতি লগা খাদ্য ৰান্ধি আনৰ প্রশংসা লোৱাৰ প্ৰৱণতা বহুতো ৰান্ধনীৰ থাকে।

তামোল-পাণ

কোনেনো নাজানে তামোল-চুপাৰি আদি স্বাস্থ্যৰ পক্ষে হানিকাৰক। কর্কট ৰোগৰ দৰে লোগো তামোল খোৱাৰ ফলত হয় বুলি সদায় প্রচাৰ হৈয়ে আহিছে। চিকিৎসকসকলে তামোল-পাণ, গুট্‌খা আদি মানৱৰ শত্ৰু বুলি কৈয়েই আহিছে। ৰাজহুৱা স্থানত হ’ৰ্ডিং, পোষ্টাৰ আদিও অঁৰা হয়। কিন্তু খোৱাই খায়েই আছে।

এনেদৰে আমাৰ মানুহে সদায় নাখাবলগীয়া বস্তু খাই হুতাহ পলুৱাই আছে। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নিজে ঔষধ কিনি খোৱাটো কিমান ভয়ংকৰ। কিন্তু বহু লোকে তাকো কৰে। আমি দীর্ঘদিন জীয়াই থাকিব খোজো। কোনেও মৰিব নোখোজো। কিন্তু কেনেদৰে সুস্থ হৈ জীয়াই থাকিব লাগে, সেই কথাহে ভাবি নাচাওঁ।

উৎস- দিগন্ত বৈশ্য অসম বাণী, সীমা চক্ৰৱৰ্তী অসম বাণী।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate