অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য বিচিত্ৰাঃ

স্বাস্থ্য বিচিত্ৰাঃ

কাজু বাদাম-

 

প্ৰচুৰ পৰিমাণে কেলৰিসমৃদ্ধ কাজুবাদাম আমাৰ প্ৰায়ভাগ লোকৰ মাজতে প্ৰিয়। ইয়াৰ উপকাৰসমূহ এনে ধৰণৰ-

হাৰ্টৰ বাবে অতি উপকাৰী।

তেজৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে কাজুবাদামে। প্ৰতিদিনে কাজুবাদাম খোৱাৰ ফলত ইয়াত থকা কপাৰে আমাৰ শৰীৰত তেজৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

কাজুবাদামত থকা এণ্টিঅক্সিডেণ্টে আমাৰ চকুৰ ৰেটিনা সুস্থ কৰি ৰাখে। ইয়াৰ ফলত অতি বেঙুনীয়া ৰশ্মিৰ সৈতে যুঁজ দিব পাৰে চকুযুৰিয়ে।

শৰীৰৰ ছালৰ বাবেও খুবেই উপকাৰী কাজুবাদাম। কাজুবাদামৰ তেলত প্ৰচুৰ পৰিমাণে জিংক, মেগনেছিয়াম, আইৰন আৰু ফছফৰাছ থাকে। ইয়াৰ উপৰি তাত প্ৰ’টিন আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে আমাৰ ছাল সুস্থ কৰি ৰখাৰ লগতে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ শংকা দূৰ কৰে।

  • শৰীৰৰ ওজন হ্ৰাস কৰাতো ভূমিকা আছে কাজুবাদামৰ। নিয়মিতভাৱে কাজুবাদাম খোৱাৰ ফলত শৰীৰৰ অতিৰিক্ত ওজন হ্ৰাস হোৱাৰ লগতে শৰীৰ সুস্থ থাকে। কাজুবাদামত থকা অ’মেগা-৩ ফেটি এচিডে শৰীৰৰ ওজন কমোৱাত সহায় কৰে।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

আদাৰ ৰসৰ উপকাৰিতাঃ

 

ভাৰতীয়সকলে ৰন্ধন কাৰ্যত প্ৰায়ে ব্যৱহাৰ কৰা আদা স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। আদাত কেলচিয়াম, আইৰন, মেগনেছিয়াম, জিংক আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰি আদাত এণ্টিঅক্সিডেণ্টে আৰু উপকাৰী খনিজ দ্ৰব্য যথেষ্ট পৰিমাণে থাকে বাবে বহু ধৰণৰ বেমাৰৰ বিৰুদ্ধে যুঁজাত ই সহায় কৰে। খাদ্যৰ সৈতে মিহলোৱাৰ পৰিৱৰ্তে পানীয় হিচাপেও আদা খাব পাৰি। আদাৰ ৰসে তেজত গ্লুক’জৰ মাত্ৰা কম কৰে, যি মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী। পাচন প্ৰক্ৰিয়াতো ইয়াৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। শৰীৰত কলেষ্টেৰেলৰ মাত্ৰা হ্ৰাস কৰাৰ ফলত ৰক্তবাহী নলিকাৰ ব্লকেজ দূৰ কৰাত সহায় কৰে আদাৰ ৰসে।

(উৎসঃ নিয়মীয়া বাৰ্তা)

 

ৰোগ নিৰাময়ত ৰঙা বাহক বা তিতাফুলঃ

 

তিতাফুল এবিধ চিৰসেউজীয়া উদ্ভিদ। ইয়াক ৰঙা বাহক নামেৰেও জনা যায়। ই জোপোহা আকৃতিৰ গছ। ইয়াৰ পাত ফুল খালে তিতা লাগে। ইয়াৰ ডালবোৰ পাতল হালধীয়া আৰু বেছিকৈ বিভাজিত। ফুলৰ ৰং ৰঙা বা ইটা বৰণীয়া। পাতবোৰ ডাঙৰ। তিতাফুল পাতত দি, আঞ্জা বা ভাজি কৰি খালে উপকাৰ পোৱা যায়। ইয়াৰ পাত আৰু ফুল ঔষধ হিচাপে ব্যৱহাৰ হয়। তিতাফুলৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • তিতাফুলে স্মৰণশক্তি বৃদ্ধিত সহায় কৰে।
  • জণ্ডিচ ৰোগীয়ে নিয়মীয়াকৈ অলপ দিন তিতাফুল খালে উপকাৰ পাব।
  • তিতাফুলে তেজ পৰিষ্কাৰ কৰে।
  • জ্বৰ হ’লে তিতাফুলৰ পাত বা ফুল সিজাই খালে জ্বৰ নিৰাময় হয়।
  • তিতাফুল ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।
  • শিশুৰ কৃমি হ’লে কম পৰিমাণৰ তিতাফুলৰ পাত থেতেলিয়াই ৰস উলিয়াই আধা চামুচ খালে উপকাৰ পোৱা যায়।
  • হুপিং কাহ হ’লে ইয়াৰ ফুল আৰু পাতৰ ক্কাথ তৈয়াৰ কৰি খালে কাহ কমে।
  • তিতাফুল ছালৰ যিকোনো ৰোগৰ বাবেই উপকাৰী।
  • গ্ৰহণী ৰোগত তিতাফুলৰ পাত আৰু ফুলৰ ৰস খালে ৰোগ সোনকালে নিৰাময় হয়।
  • তিতাফুলৰ পাত আৰু ফুল পানীত সিজাই নাইবা আঞ্জা কৰি খালে হাঁওফাঁওজনিত ৰোগ নিৰাময় হোৱাত সহায় কৰে।

(উৎসঃ অসম বাণী, ললিতা শৰ্মা লহকৰ)।


টেনচন কমাবলৈ সহজ উপায়ঃ

 

আজিকালি বেছিভাগ মানুহে বৃত্তিগত কাৰণত অতি ব্যস্ত হৈ থাকে। এই ব্যস্ততাৰ লগত বাঢ়ি আহে মনৰ উদ্বেগ, অস্থিৰতা- টেনচন। বিশ্ৰামত ব্যাঘাত হয়, খোৱা-বোৱাত অনিয়মিত হয়। টেনচন ৰিলিজ কৰাৰ এটি সহজ উপায় হ’ল ডায়েৰীত নিজৰ মনৰ কথাবোৰ লিখি থোৱা। দৈনিক নিয়মিতভাৱে যোগাসন কৰি থাকিলে টেনচনে সহজতে পীড়া কৰিব নোৱাৰে। কেতিয়াবা তেনে পৰিস্থিতি উদ্ভৱ হ’লেও নিয়মিত যোগাভ্যাস কৰা লোকে টেনচনত সহজতে কাবু হৈ নপৰে। মনটোক সতেজ আৰু উদ্যমী কৰি ৰাখিবলৈ হ’লে মাজে সময়ে পৰিয়ালক লৈ বাহিৰলৈ ফুৰিবলৈ যাওক। টেনচন কমাবলৈ সহজ উপায় হ’ল আশা বেছি কৰা অনুচিত। নিজৰ ক্ষমতাৰ বাহিৰত কোনো আকাংক্ষা বা ইচ্ছা কৰা উচিত নহয়। যিকোনো কাম কৰোতে খৰখেদাকৈ নকৰিব। বৃত্তিগত সাফল্যক ব্যক্তিগত প্ৰয়োজনতকৈ অধিক গুৰুত্ব দিবলৈ চেষ্টা কৰক। কোনো অন্তৰঙ্গ বন্ধুক মনৰ কথা ক’ব পাৰিলে টেনচন বহুখিনি কমে। যাৰ কোনো ধৰণৰ বন্ধু নাই মনোবিদৰ ওচৰত সমস্যাৰ কথা ক’ব পাৰে। যি মানুহে গান-বাজনা ভাল পায়, টেনচন হ’লে তেওঁলোকে গান শুনিব পাৰে অথবা সংগীত চৰ্চাও কৰিব পাৰে। টেনচন কমোৱাৰ আন এটা সহজ উপায় হ’ল গল্প-উপন্যাস আদি পঢ়া। মানসিক সমস্যা কমাবলৈ ভাল বন্ধু-বান্ধৱৰ সংগ লৈ কথা-বতৰা পাতিব পাৰে, টিভিও চাব পাৰে। নিজৰ মন বুজি নিজে টেনচন কমাবলৈ চেষ্টা কৰক। ইয়াক অ’টো-থেৰাপি বোলা হয়।

(উৎসঃ নিয়মীয়া বাৰ্তা)।


দৈনিক ব্ৰেড-বাটাৰ খোৱাটো বিপজ্জনকঃ

 

ব্ৰেকফাষ্ট হওক বা টিফিন, আমাৰ বহুতৰেই প্ৰথম পছন্দ দুটুকুৰা পাউৰুটী আৰু লগত মাখন। ব্ৰেকফাষ্ট অতি সোনকালেই প্ৰস্তুত হোৱাৰ লগতে পেটো ভৰে। কিন্তু এই ধৰণৰ খাদ্য অৰ্থাত্ ব্ৰেড-বাটাৰ নিতৌ খাদ্য তালিকাত থকা মানেই ডায়েবেটিছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা দুগুণ বৃদ্ধি পায়। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এদল গৱেষকৰ গৱেষণাত প্ৰকাশ পাইছে এই তথ্য। উল্লেখ্য যে পাউৰুটী বগা কৰিবলৈ ব্লিচ কৰা হয়। পাউৰুটীত প্ৰচুৰ পৰিমাণে নিমখ, ছ’ডিয়াম, ৰিফাইণ্ড চেনি আৰু প্ৰিজাৰভেটিভ থাকে। পাউৰুটীৰ মিহি অংশই শৰীৰত কাৰ্বন-ডাই-অক্সাইড আৰু ব্ৰ’মাইন জাতীয় বিষাক্ত যৌগ জমা কৰে। আনহাতে, মাখনত অস্বাস্থ্য্যকৰ চেচুৰেটেড ফেটি এচিড আৰু ট্ৰেন্সফেট। ফলত পাউৰুটী আৰু মাখন দুয়োটা মিলি শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে। এনে খাদ্যই টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰাৰ লগতে মেদবহুলতাৰ সৃষ্টি কৰে। গৱেষকসকলৰ মতে, মাত্ৰ ১০০ৰ পৰা ১২ গ্ৰাম মাখনেই শৰীৰৰ বাবে যথেষ্ট ক্ষতিকৰ।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

 

মাংস বেছিকৈ খালে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়-

 

আপোনাৰ দৈনিক আহাৰৰ তালিকাত শাক-পাচলি আৰু মাছ থাকে নেকি ? তেতিয়াহ’লে আপুনি চিন্তিত হোৱাৰ কাৰণ নাই। সপ্তাহত এদিন মাংস খালেও শৰীৰৰ কোনো ক্ষতি নহয়। কিন্তু আপুনি যদিহে নিতৌ মাংস খায় তেতিয়াহ’লে ই স্বাস্থ্যৰ পক্ষে হানিকাৰক হ’ব পাৰে। শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য। গৱেষকসকলৰ মতে মুৰ্গীৰ মাংস বা ছাগলীৰ মাংসত প্ৰচুৰ পৰিমাণৰ চেচুৰেটেড ফেটি এচিড থাকে। সেয়ে যিসকল লোকৰ খাদ্য তালিকাত নিতৌ মাংস থাকে তেনে লোকৰ টাইপ-২ ডায়েবেটিছত ভোগাৰ সম্ভাৱনা দুগুণে বৃদ্ধি পায়। গৱেষকসকলে প্ৰায় ৩,৫০০ গৰাকী লোকৰ মাজত পৰীক্ষা-নিৰীক্ষা চলাইছিল। গৱেষণাত প্ৰথম অৱস্থাত কোনো ধৰণৰ ডায়েবেটিছত আক্ৰান্ত নোহোৱা কিন্তু হৃদৰোগৰ সম্ভাৱনা থকা লোকসকলক অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁলোকৰ খাদ্যাভ্যাসৰ ওপৰত নিয়মিত নজৰ ৰখা হৈছিল। পাছত দেখা গৈছিল যে যিসকল লোকৰ মুৰ্গী নাইবা ছাগলী খোৱাৰ প্ৰৱণতা বেছি তেওঁলোকৰ টাইপ-২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা প্ৰায় দুগুণে বৃদ্ধি পাইছে।

(উৎসঃ নিয়মীয়া বাৰ্তা)।


বিলাহীৰ চৰবতৰ উপকাৰিতাঃ

 

খাদ্য তালিকাত সঘনাই ব্যৱহৃত পাচলিসমূহৰ অন্যতম হৈছে বিলাহী। বিলাহীৰ চালাড বহুতৰে প্ৰিয় যদিও কিছুমানে আকৌ বিলাহী খোৱাটো একেবাৰেই পছন্দ নকৰে। খাবলৈ ভাল নাপালেও কিন্তু খাদ্য তালিকাত নিতৌ বিলাহী ৰখা উচিত। বিলাহী চালাড নাইবা তৰকাৰী খাই যদিহে ভাল নাপায় তেন্তে বিলাহীৰ জুচ তৈয়াৰ কৰিও খাব পাৰে। বিলাহীৰ চৰবতক ‘ছুপাৰ ফুড’ বুলি কোৱা হয়। প্ৰচুৰ পৰিমাণৰ ভিটামিন আৰু মিনাৰেল সমৃদ্ধ বিলাহীয়ে শৰীৰ সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰচুৰ পৰিমাণৰ আঁহ থকা বাবে বিলাহী খোৱাৰ ফলত তেজৰ বেয়া কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস পায়। শৰীৰত কলেষ্টেৰলৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ নিতৌ এগিলাচ বিলাহীৰ চৰবত খোৱাটো জৰুৰী। একেদৰে শৰীৰত পানীৰ পৰিমাণৰ ভাৰসাম্য বজাই ৰাখে বিলাহীয়ে। বিলাহীত কম পৰিমাণৰ ছ’ডিয়াম আৰু উচ্চ পৰিমাণৰ আঁহ থকা বাবে দীৰ্ঘসময় ধৰি পেট ভৰাই ৰখাত সহায় কৰে। বিলাহীত থকা ক্ল’ৰিন, ছালফাৰে শৰীৰৰ বিষাক্ত বৰ্জ্য পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰে। ইয়াৰ উপৰি দাগমুক্ত আৰু উজ্জ্বল ছালৰ বাবে নিতৌ বিলাহী খোৱাটো আৱশ্যকীয়। মুখৰ শালমইনা দূৰ কৰাতো সহায় কৰে বিলাহীয়ে।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

খাদ্য আৰু কৰ্কট ৰোগঃ

 

বিভিন্ন বৈজ্ঞানিক সমীক্ষাত প্ৰমাণিত হৈছে যে কৰ্কট ৰোগ সম্বন্ধীয় মৃত্যু আৰু জীৱনশৈলীৰ পচন্দৰ ওপৰত এটা যোগসূত্ৰ আছে, যেনে- ধূমপান, সুৰাপান, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আৰু অস্বাস্থ্যকৰ খাদ্যই কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। ধূমপান আৰু সুৰাপান বৰ্জন কৰি আৰু শাৰীৰিক পৰিশ্ৰম কৰি শৰীৰৰ ওজন স্বাভাৱিক মাত্ৰালৈ আনি কিছুমান কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। কিন্তু আন এটা খুব গুৰুত্বপূৰ্ণ বিষয় হৈছে আমাৰ খাদ্য। সঠিক খাদ্যৰ দ্বাৰা আমি কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰিব পাৰোঁ। আমি নজনাকৈ এনে কিছুমান খাদ্য খাওঁ যি কৰ্কট ৰোগ হোৱাত ইন্ধন যোগায়। আনহাতে, এনে কিছুমান খাদ্য আমি অৱহেলা কৰো যি কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। খাদ্যৰ অলপ সালসলনি কৰি আমি কিছুমান কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰোঁ।

ফলমূল আৰু শাক-পাচলিত মনোযোগ দিয়ক-

 

ফলমূল আৰু শাক-পাচলিত কিছুমান শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে, যি কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। উদাহৰণস্বৰূপে-

(১) অধিক ফলমূল গ্ৰহণ কৰিলে পাকস্থলী আৰু হাঁওফাঁওৰ কৰ্কট ৰোগ হ্ৰাস পায়।

(২) কেৰ’টিনেৰে সমৃদ্ধ শাক-পাচলি, যেনে- গাজৰ, মিঠা আলু হাঁওফাঁও, মুখ, স্বৰযন্ত্ৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

(৩) ব্ৰুক’লি, বিন, পালেং শাক আদিয়ে পাকস্থলী আৰু খাদ্যনলীৰ কৰ্কট ৰোগ হ্ৰাস কৰে।

(৪) ভিটামিন ‘চি’ৰে সমৃদ্ধ খাদ্য, যেনে- কমলা, মটৰমাহ, কেপচিকাম, সেউজীয়া শাক-পাচলিয়ে খাদ্যনলীৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

(৫) লাইক’পিনৰে সমৃদ্ধ বিলাহী, মধুৰি, তৰমুজ আদিয়ে প্ৰ’ষ্টেট গ্ৰন্থিৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

কেনেকৈ ফলমূল আৰু শাক-পাচলিৰ মাত্ৰা বৃদ্ধি কৰিব-

কৰ্কট ৰোগ প্ৰতিৰোধ কৰিবলৈ আপুনি সম্পূৰ্ণ নিৰামিষ হোৱাৰ প্ৰয়োজন নাই, মাত্ৰ উদ্ভিদৰ পৰা উৎপন্ন হোৱা খাদ্যৰ মাত্ৰা বৃদ্ধি কৰক।

পুৱাৰ আহাৰৰ লগত যিকোনো ফল খোৱা অভ্যাস কৰক। দুপৰীয়া আহাৰৰ লগত তৰকাৰীৰ উপৰি কেঁচা শাক-পাচলিৰ চালাড খাওক। ৰাতিৰ আহাৰত ভাজি বা তৰকাৰী সৰহকৈ খাওক, আহাৰৰ মাজত ভোক লাগিলে ফল বা কেঁচা তিয়ঁহ, গাজৰ আদি খাব পাৰে। মুঠতে এতিয়া যিমান ফল বা শাক-পাচলি খায় তাতকৈ মাত্ৰা দুগুণ কৰক।

আঁহজাতীয় (ফাইবাৰ) খাদ্যৰ পৰিমাণ বৃদ্ধি কৰক-

আঁহজাতীয় খাদ্যই কল’ন (বৃহদান্ত্ৰৰ শেষৰ অংশ), পাকস্থলী, মুখ, ডিঙি আৰু স্বৰযন্ত্ৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। ফাইবাৰ বেছি থকা খাদ্যসমূহ হ’ল- ব্ৰাউন ৰাইচ, আটা, অ’টছ, আপেল, নাচপতি, কল, আম, কমলা, দাইল, ৰাজমাহ, কাবুলী চানা, লবিয়া, ব্ৰকলি, পালেং শাক, লাই শাক, গাজৰ, বিলাহী, ফুলকবি, বন্ধাকবি, আন শাক আদি। ফাইবাৰৰ মাত্ৰা বৃদ্ধি কৰাৰ লগে লগে পানীৰ মাত্ৰাও বৃদ্ধি কৰা উচিত।

ৰঙা মাংস (ৰেড মীট) আৰু প্ৰচেচড মীটৰ মাত্ৰা একেবাৰে হ্ৰাস কৰক বা বৰ্জন কৰক-

ৰঙা মাংস হৈছে ছাগলী বা ভেড়াৰ মাংস, গাহৰিৰ মাংস, গো-মাংস আদি। এনেবোৰ মাংসত কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা ফাইবাৰৰ অভাৱ। তদুপৰি ফাৰ্মত পোহপাল কৰা জন্তুবোৰক নানা ধৰণৰ এণ্টিবায়’টিক আৰু হৰম’নৰ দ্বাৰা চিকিৎসা কৰা হয়, যি মানুহৰ শৰীৰত প্ৰৱেশ কৰে আৰু ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। এনেবোৰ মাংসত যথেষ্ট পৰিমাণে চৰ্বিও থাকে। ৰেড মীটৰ সলনি মুৰ্গীৰ মাংস আৰু মাছ খাওক। বেকন, ছছেজ, হটডগ, চালামি আদি প্ৰচেচড মীটে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। প্ৰচেচড মীট একেবাৰে বৰ্জন কৰা উচিত।

চাহৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰা সম্ভাৱনা আছে-

চাহৰ বিশেষকৈ গ্ৰীণ টীৰ কল’ন, যকৃৎ, স্তন, প্ৰষ্টেট, হাঁওফাঁও আৰু ছালৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে বুলি গৱেষণাগাৰত প্ৰমাণ হৈছে। গ্ৰীণ টী খোৱা আৰম্ভ কৰক।

সুৰাৰ মাত্ৰা হ্ৰাস কৰিলে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পায়-

মুখ, ডিঙি, স্বৰযন্ত্ৰ, খাদ্যনলী, যকৃৎ আৰু স্তনৰ কৰ্কট ৰোগ আৰু সুৰাৰ মাজত যোগসূত্ৰ আছে। আমেৰিকান কেঞ্চাৰ ছ’চাইটীৰ মতে পুৰুষে দিনটোত দুটা ড্ৰিংক আৰু মহিলাই এটা ড্ৰিংকতকৈ বেছি খোৱা অনুচিত।

হালধিয়ে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে-

হালধি থকা কুৰকুমিনে নানা ধৰণৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। দিনটোত কমেও এচামুচ হালধি খোৱা প্ৰয়োজন। এচামুচ হালধি এগিলাচ পানী বা গাখীৰত মিহলাই খাব পাৰিলে ভাল, হালধিৰ লগত অলপ জালুক খোৱা প্ৰয়োজন।

চেনি আৰু চেনি মিহলোৱা শীতল পানীয় বৰ্জন কৰক-

চেনিয়ে প্ৰত্যক্ষভাৱে কৰ্কট ৰোগ নকৰে। কিন্তু চেনি আৰু চেনি থকা খাদ্য বা পানীয়ই দেহৰ ওজন বৃদ্ধি কৰে যাৰ বাবে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ চন্দন বৰুৱা)।




© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate