অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন তথ্য

অস্ত্ৰোপচাৰেই মেদবহুলতাৰ শেষ চিকিৎসা নেকি?


মেদবহুলতাই আজি সমগ্ৰ বিশ্বতে ভয়াবহ সমস্যা হিচাপে দেখা দিছে। পৃথিৱীৰ ৬০ শতাংশৰো অধিক লোক হয় মেদবহুল, নহয় অতিৰিক্ত ওজনৰ। জীৱনশৈলীৰ পৰিৱৰ্তন আৰু ওজন হ্ৰাসৰ ঔষধ গ্রহণ কৰা সত্ত্বেও অধিকাংশ লোকে মেদবহুলতাৰ পৰা মুক্তি পোৱা সম্ভব হোৱা নাই। ওজন হ্ৰাসৰ অস্ত্ৰোপচাৰ মেদবহুলতা হ্রাসৰ সমাধান হিচাপে প্রমাণিত হৈছে। এই অস্ত্ৰোপচাৰৰ দ্বাৰা কেতবোৰ গুৰুতৰ ৰোগৰ পৰাও মুক্তি সম্ভৱ হৈ পৰিছে। লেপাৰ’স্কপিক ছাৰ্জাৰীৰ (যাক কী হল ছাৰ্জাৰী বুলিও জনা যায়) যোগেদি মেদবহুলতাৰ চিকিৎসা ভাৰততো সূচনা হৈছে। এপ'লো হাস্পতালে ইতিমধ্যে বেৰিয়াট্রিক ছাৰ্জাৰীযোগে মেদবহুলতাৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে আৰু বিশ্বৰ বিভিন্ন প্রান্তৰ লোকে তাৰ সুফল পাইছে।

এপ'লো হাস্পতালৰ জ্যেষ্ঠ ছাৰ্জিকেল আৰু লেপাৰ'স্কপিক ছাৰ্জন ডা: প্রসন্ন কুমাৰ ৰেড্ডীৰ মতে বহু মেদবহুল লোকৰ বাবে কেৱল খাদ্য পৰিমিত কৰি বা ডায়েটিং কৰি ব্যায়ামৰ যোগেদি মেদবহুলতাৰ পৰা মুক্তি পোৱা সম্ভৱ হোৱা নাই। শেহতীয়াভাবে চিকিৎসা বিজ্ঞানীসকলে প্রমাণ কৰিছে যে ওজন হ্রাসৰ অস্ত্ৰোপচাৰে ৰোগীক অকল ওজন হ্রাসতে সহায় নকৰে, লগতে বহুতক বহুমূত্ৰ ৰোগৰ পৰাও মুক্তি দিয়ে। কী হল ছাৰ্জাৰীযোগে অস্ত্ৰোপচাৰ কৰাৰ পিছত ৰোগীয়ে চিকিৎসালয়ত তিনি বা চাৰি দিনহে থাকিব লগা হয় আৰু ৰোগীৰ ওজন হ্রাসৰ লগে লগে ডায়েবেটিক, উচ্চ ৰক্তচাপ, কলেষ্ট’ৰেল আৰু অন্যান্য ৰোগৰ পৰাও ক্ৰমাৎ আৰোগ্য লাভ কৰে। লেপাৰ’স্কপিক বেৰিয়াট্ৰিক ছাৰ্জাৰী এক পৰিৱৰ্তনশীল চিকিৎসা প্রণালী। কমসংখ্যক লেপাৰ’স্কপিক ছাৰ্জেনেহে মুক্ত বেৰিয়াট্ৰিক ছাৰ্জাৰীৰ তুলনাত তুলনামূলকভাবে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। এই ছাৰ্জাৰীৰ কিছু দীঘলীয়া পৰীক্ষা-নিৰীক্ষাৰ প্রয়োজন যদিও আশাজনক কথা এয়াই যে ৰোগীৰ শৰীৰত অধিক কটা-ছিঙাৰ প্রয়োজন নহয়। মাত্র পাঁচটা বা ছটা কী হল আকৃতিৰ ছিদ্ৰৰে অস্ত্ৰোপচাৰ সম্ভৱ হৈ পৰে।

ভাৰতীয় নাগৰিকসকল ভয়াবহতাৰ মাজেৰে জীৱন-নির্বাহ কৰিছে। কিয়নো ভাৰতীয় নাগৰিকৰ মেদবহুলতাত আক্ৰান্ত হোৱাৰ প্রবণতা অধিক। ভাৰতীয়সকল পশ্চিমীয়া লোকৰ তুলনাত চাপৰ আৰু কম মঙহাল। তাৰ বাবেই ভাৰতীয় লোকসকল বহুমূত্র ৰোগ, ৰক্তচাপ, উচ্চ কলেষ্ট'ৰেল আৰু হৃদৰোগত কম বয়সতে আক্ৰান্ত হয়। ভাৰতৰ এক-তৃতীয়াংশ লোক এতিয়া দাৰিদ্ৰ্য সীমাৰেখাৰ তলত যদিও সমৃদ্ধিশালী নগৰাঞ্চলৰ লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। এনে লোকৰ সংখ্যা প্রায় দুশ নিযুত। ফলত জীবনশৈলীৰ বাবে বহু লোক লাহে লাহে মেদবহুলতাৰ চিকাৰ হৈছে। চর্বিযুক্ত আৰু উচ্চ কেলৰিযুক্ত খাদ্যই মেদবহুলতাৰ কাৰণ যদিও শাৰীৰিক শ্ৰম বা পৰিশ্ৰমৰ অভাৱে বৃহৎ সংখ্যকক মেদবহুলতা নামৰ নীৰব ঘাতকৰ চিকাৰ কৰি তুলিছে।

আনহাতে এপ’লো হাস্পতালে ৰবটৰ সহায়েৰে অস্ত্ৰোপচাৰৰ শুভাৰম্ভ কৰিছে। এই চিকিৎসা লেপাৰ’স্কপিক বেৰিয়াট্ৰিক অস্ত্ৰোপচাৰতকৈ নিখুঁত আৰু ফলপ্রসূ বুলি ইতিমধ্যে প্রমাণিত হৈছে। উল্লেখ্যযোগ্য যে এপ'লো হাস্পতালত ইউৰ'লজী আৰু প্রসূতি চিকিৎসাৰ ক্ষেত্ৰত ইতিমধ্যে ৰবটৰ সহায়ত চিকিৎসা আৰম্ভ কৰি সুফল পোৱা গৈছে। চিকিৎসা বিশেষজ্ঞ ডাঃ ৰাজকুমাৰ পালনিয়াপ্পানে দাবী কৰে যে অন্য লেপাৰ’স্কপিক ছাৰ্জাৰীতকৈ ৰবট নির্দেশিত অস্ত্ৰোপচাৰৰ দ্বাৰা নিখুঁত ফল পোৱাটো সম্ভৱ হৈ পৰিছে। মেদবহুলতা হ্রাসৰ বাবে থকা গেষ্ট্ৰিক বেণ্ড, শ্লীভ গেষ্টেক্টমী আৰু গেষ্ট্ৰিক বাইপাছ — এই তিনি প্রকাৰৰ বেৰিয়াট্ৰিক ছাৰ্জাৰীত ৰবট নির্দেশিত অস্ত্ৰোপচাৰেৰে সম্ভৱ। উল্লেখযোগ্য যে চেন্নাইত বহি থাকিও চিকিৎসকে ৰবটৰ জৰিয়তে কলকাতাৰ হাস্পতালত অস্ত্ৰোপচাৰ পৰিচালিত কৰিব পাৰে।

অন্য অস্ত্ৰোপচাৰতকৈ ৰবট পৰিচালিত অস্ত্ৰোপচাৰ নিৰাপদ, নিখুঁত। মানৱ চিকিৎসক বা ছাৰ্জনতকৈ ৰবট চিকিৎসকে অধিক দক্ষতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পাৰে। ৰোগীয়ে কম কষ্ট পোৱাৰ লগতে ৰক্তক্ষৰণৰ পৰিমাণো সামান্য। ফলত হাস্পতালত থকাৰ সময় কম হোৱাৰ লগতে সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠে।

ৰবটৰ সহায়ৰ অস্ত্ৰোপচাৰত পাৰদৰ্শিতা লাভ কৰিবলৈ এগৰাকী ছাৰ্জনক প্ৰয়োজন এবছৰতকৈ কম সময়ৰ। কিন্তু মুক্ত অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত পাৰদৰ্শী হ’বলৈ এজন চিকিৎসকক পাচৰ পৰা ছবছৰ পর্যন্ত সময়ৰ প্রয়োজন হয়। মেদবহুলতাৰ ক্ষেত্ৰত নিজে সাৱধান হৈ এই নীৰব ঘাতকৰ পৰা ৰক্ষা পোৱাৰ বাবে চেষ্টা চলাব লাগিব। চিকিৎসা বিজ্ঞানৰ শেহতীয়া প্রযুক্তিয়ে দিব পাৰে সুস্থ জীৱনৰ এটা বাটহে। এই বাটেই শেষ সমাধান নহয়। যিদৰে আগতেও হোৱা নাছিল।

লেখিকা: ডাঃ পিংকী, চুবেদাৰ, গণ অধিকাৰ।

 

শিশুটিৰ ঘামচি হ’লে কি কৰিব?-


খুব বেছি গৰম পৰিলে শিশুৰ ছালত ফোঁহা, ঘামগাৰ, ঘামচি আদিয়ে দেখা দিয়ে। শিশুৰ ছাল অতি কোমল আৰু স্পর্শকাতৰ হয়; সেয়েহে ডাঙৰে নুভুগিলেও শিশুৱে ছালত উঠা ঘামচি, ফোঁহা আদিত আক্রান্ত হয়। গৰম পৰিলে শৰীৰত ঘাম ওলায় আৰু শৰীৰটো ঘামত তিতি থাকে। এনে ঘামত তিতা শৰীৰতে ভেঁকুৰ জাতীয় (ফাংগাচ) উপাদান বা জীৱাণুৰ জন্ম হয়। যাৰ ফলত শিশুটিৰ ছালত ঘামচি, ফোঁহা আদিৰ সৃষ্টি হয়। শিশুৰ ঘামচি নহ’বৰ বাবে তলত উল্লেখ কৰা সাৱধানতাবোৰ লোৱা উচিত।

  • যিসকল শিশুৱে বেছিকৈ ঘামে তেওঁলোকৰ ঘামত তিতি যোৱা সাজ-পোছাকবোৰ সঘনে সলাই থাকিব। ঘৰৰ বাহিৰলৈ ফুৰিবলৈ গ’লে শিশুটিৰ বাবে উপৰুৱা সাজ-পোছাক কেইযোৰমান লৈ যাব। যিবোৰ শিশু শকত-আৱত হয়, সিহঁতৰ শৰীৰত বহুত ভাঁজ থাকে। শৰীৰৰ তেনেবোৰ ভাঁজত ঘাম আৰু মলি জমা হৈ থকাৰ কাৰণে তাত বেছিকৈ ঘামচি আৰু ফোঁহাৰ সৃষ্টি হয়।
  • ঘামচিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে শিশুটিক যিমান পাৰে ঠাণ্ডা পৰিবেশত ৰাখক, সম্ভৱ হ’লে শীততাপ নিয়ন্ত্ৰিত কোঠাত ৰাখিব। শিশুটিক পৰিচ্ছন্ন অৱস্থাত ৰাখিবলৈ তাক নিয়মিতভাবে গা ধুৱাব।
  • বহুতে ঘামচিৰ পৰা পৰিত্ৰাণ পাবলৈ শিশুটিক উদংগাৰে ৰাখে। পিচে জনা উচিত যে শিশুটিক উদং শৰীৰৰে ৰাখিলে, তাৰ শৰীৰত ঘামচিৰ পৰিমাণ আৰু বেছিহে বাঢ়ি যাব। কোমল কপাহী কাপোৰৰ সাজ-পোছাকে শিশুটিৰ দেহৰ ঘাম শুহি ছালখনক ঘামচি মুক্ত কৰাতহে সহায় কৰে।
  • গৰমৰ দিনত শিশুসকলৰ মূৰতো ফোঁহা আদি উঠে। তেতিয়া বহুতো পিতৃ-মাতৃয়ে শিশুটিৰ মূৰৰ চুলি খুৰাই পেলায়। পিচে চুলি খুৰাই পেলালেই ফোঁহা বা ঘামচিৰ সমস্যাৰ অন্ত নপৰে। সেয়েহে সেইবোৰক আগতীয়াভাৱে প্ৰতিৰোধ কৰিবলৈ ‘ইৰেথ্ৰ’মাইচিন’ লোচন ব্যৱহাৰ কৰক।
  • ঘামচিৰ আকাৰ ডাঙৰ হ’লেও এনে লোচন ব্যৱহাৰ কৰিব পাৰিব। পিচে ঘামচি আৰু ফোঁহাৰ আকাৰ বেছি বাঢ়ি গ’লে বা সেইবোৰ পকি উঠিলে চিকিৎসকৰ পৰামর্শ অনুযায়ী শিশুটিক এণ্টিবায়টিক ঔষধ সেৱন কৰাওক।
  • শিশুৰ ঘামচিব বাবে কেলামিলন লোচনো ব্যৱহাৰ কৰিব পাৰি। পিচে কেলামিলন লোচন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এটা নিয়ম আছে। শিশুটিক গা ধুওৱাৰ আধাঘণ্টা আগতে তাৰ শৰীৰত উক্ত লোচনবিধ সানিব। শিশুটিক গা ধুৱাওঁতে এই লোচনবোৰ তাৰ শৰীৰৰ পৰা ধুই আঁতৰাই পেলাওক। এনেকৈ দৈনিক দুবাৰকৈ শিশুটিৰ শৰীৰত কেলামিলন লোচন সানিলে ভাল ফল পাব। প্রিক্‌লি হিট্‌ পাউডাৰবোবেও ঘামচি নিৰাময় কৰাৰ ক্ষেত্ৰত সুফল দিয়ে। পিচে বজাৰত জধে-মধে পোৱা পাউডাৰবোৰ নিকিনি প্রকৃত প্রিক্‌লি হিট পাউদাৰ অথবা ভাল কোম্পানীৰ টেলকাম পাউডাৰহে কিনিব। আমাৰ শৰীৰৰ স্বাভাৱিকভাৱে সৃষ্টি হোৱা ঘামবোৰ ঘৰ্মগ্রন্থিৰ পৰা সৰু নলীৰে ছালৰ ওপৰলৈ উঠি আহে, ছালৰ তলত জমা হৈ থকা ঘামবোৰেই ঘামচিৰ ৰূপত আত্মপ্রকাশ কৰে। ঘামচিৰ সৃষ্টি হ’লে শৰীৰৰ ভিতৰৰ পৰা ঘামবোৰে ঠিকমতে ছালৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে। তাৰ লগে লগে শৰীৰটোত সৃষ্টি হোৱা উপৰুৱা তাপখিনি বাহিৰলৈ ওলাই অহাৰ কাৰণে বাধাগ্ৰস্ত হয়। তাৰ ফলত আমাৰ বেছিকৈহে গৰম লাগে, মূৰ ঘূৰায়, মূৰ বিষায়, বমি ভাব হয়, জ্বৰ জ্বৰ লাগে, শৰীৰত খজুৱতিৰ সৃষ্টি হয়৷ খজুৱাই থাকিলে ঘামচিত বীজাণুৰ সংক্রমণ (ইনফেক্‌চন) হয় আৰু অৱশেষত ঘামচিবোৰে সংক্রমিত হৈ একজিমাৰ ৰূপ ধাৰণ কৰে। বহু সময়ত ঘামচিবোৰ ফোঁহালৈ ৰূপান্তৰিত হয়। পিচে উল্লেখনীয় কথাটো হ’ল- ঘামচিয়ে কেতিয়াও নোমৰ গুৰিবোৰক সংক্ৰমিত নকৰে। ঘামচিত আক্রান্ত শিশুটি অথবা পূৰ্ণবয়স্ক লোক এজনেও তলত উল্লেখ কৰা সাৱধানতাবোৰ লোৱা উচিত:
  • শীতল পৰিবেশত থাকিব লাগে। ঘৰত এয়াৰ কণ্ডিছনাৰ থাকিলে ভাল, পিচে ফেনৰ বতাহো উপকাৰী হয়।
  • দিনটোত শীতল পানীৰে কেইবাবাৰো গা ধুব লাগে।
  • শিশুসকলে বেবী টেলকাম পাউডাৰ ব্যৱহাৰ কৰিব পাৰে।
  • কপাহী কাপোৰৰ ঢিলা সাজ-পোছাক পিন্ধিব লাগিব।
  • ঘামচি আক্রান্ত শৰীৰত কেলমিলন লোচন সানি কেইবা ঘণ্টা থকাৰ পিচত সেই লোচনবোৰ ধুই পেলাব লাগিব। পিচে এই কামটো তিনি বা চাৰিদিনৰ অধিক দিন নকৰাই উচিত।
  • ঘামচিবোৰ ৰঙা পৰিলে চিকিৎসকৰ পৰামর্শ লওক। কিউৰিল মলমবিধ দিনে দুবাৰকৈ কিছুদিন সানিলে উপকাৰ পাব।
  • যদিহে গৰমৰ কাৰণে শৰীৰত ফোঁহাৰ সৃষ্টি হৈছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ এণ্টিবায়টিক ঔষধ মুখেৰেহে খাব লাগিব।

উৎস: সাদিন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate