অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য সৰ্ম্পকীয় বিভিন্ন কথা

স্বাস্থ্য সৰ্ম্পকীয় বিভিন্ন কথা

গুটখা নাখাব

 

গুটখাৰ বিষয়ে প্ৰায় সকলো মানুহেই কম-বেছি পৰিমাণে জানে যদিও ল’ৰাৰ পৰা বৃদ্ধলৈকে পুৰুষ-মহিলা বহুতেই গুটখা খোৱা দেখা যায়।গুটখাৰ নিচাৰ কবলত তেওঁলোক এনেধৰণেৰে আসক্ত যে সক লোবোৰ কথা জনা সত্ত্বেও এই বস্তুটোৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰে।গুটখাই শৰীৰত কৰিব পৰা ক্ষতিবোৰ এনেধৰণৰ-

*গুটখা খোৱাৰ ফলত দাঁত,ওঁঠ,জিভাত ৰং ধৰে।গুটখা খোৱা মানুহৰ মুখৰ পৰা দুৰ্গন্ধ ওলায়।

*গুটখাত থকা হানিকাৰক ৰাসায়নিক পদাৰ্থই মুখৰ শ্লেমা আৱৰণখন পুৰি পেলায়।ফলত মুখত ঘাঁ হয়।ইয়াৰ লগতে দীৰ্ঘদিন গুটখা ব্যৱহাৰে মুখৰ পেশীৰ পৰিৱৰ্তন ঘটায়।পিছলৈ গুটখা কোৱা লোকজনে ভালদৰে মুখ মেলিব নোৱাৰা হয়।অৰ্থাৎ মুখৰ হনুৰ মেলিলে বিষ অনুভৱ কৰে।

*গুটখাত থকা হানিকাৰক খহটা পদাৰ্থবোৰে দাঁতৰ এনামেল ক্ষয় কৰে।ফলত দাঁতৰ পৃষ্ঠভাগত কিছুমান গাঁতৰ সৃষ্টি হয়।তদুপৰি এনামেল ভাগ ক্ষয় হোৱাৰ ফলত দাঁতৰ সিৰসিৰণি আৰম্ভ হয়।

*গুটখা খোৱাৰ ফলত জিভাৰ ওপৰত এটা তৰপ পৰে আৰু সেই তৰপটোৱে জিভাত থকা স্বাদ কণিকাৰ পৰিৱৰ্তন ঘটায়।ফলত গুটখা খোৱা লোকসকলে খাদ্যবস্তুৰ সোৱাদ কমকৈ পায়।

*গুটখা খোৱা লোকৰ ডিঙিৰ অসুখ বেছিকৈ হোৱা দেখা যায়। এই ক্ষেত্ৰত অস্বাভাৱিক কাঁহ আৰু ডিঙিৰ সুৰসুৰণি এটা লক্ষণ।

*গুটখা খোৱাৰ ফলত মুখত যি ঘাঁৰ সৃষ্টি হয়,সেই ঘাঁ পিছলৈ প্ৰাৰম্ভিক কেঞ্চাৰৰ লক্ষণো হ’ব পাৰে।এই ক্ষেত্ৰত ইয়াৰ সম্ভাৱনা শতকৰা এশভাগেই থাকে।

*মুখৰ জ্বলা-পোৰা অনুভৱ কৰে আৰু সেই অনুভৱ দমাই ৰাখিবৰ বাবে পুনৰ গুটখা খোৱাৰ ইচ্ছা অনুভৱ কৰে।

 

শিশুৰ চকুৰ যতন

 

*সদ্যোজাত শিশুৱে চকু নেমেলিলে মাক-দেউতাকৰ বহু চিন্তা হয়।শিশুৰ বিভিন্ন জন্মগত অসুখৰ বাবেও কেতিয়াবা কেতিয়াবা চকু নেমেলিব পাৰে।কেতিয়াবা আকৌ চকুত বীজাণু সংক্ৰমিত হৈ চকুপানী,ফেচকুৰি আদিৰে চকু আৱৰি ৰাখে বাবে চকু মেলাত অসুবিধা হয়।এনে অৱস্থাত ঘৰুৱা চিকিৎসা নকৰি চকু বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।

*ৰাতিপুৱা শুই উঠি চকু ভালদৰে চাফা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।একেদৰে ৰাতি শুবৰ সময়তো চকু ভালদৰে চাফা কৰিহে শুব লাগে।চকুত জোৰেৰে পানী মৰাটো বদ অভ্যাস।কিয়নো,এনে কৰিলে চকুৰ কৰ্নিয়াখনৰ ক্ষতি হ’ব পাৰে।চকুত দুখ পালে বা খজুৱালে কেতিয়াও খহটা কাপোৰেৰে মচিব নালাগে।কোমল কপাহী কাপোৰেৰে চকু মোহাৰিব লাগে।

*শিশুক স্কুলত ভৰ্তি কৰোৱাৰ আগতে এবাৰ চকু পৰীক্ষা কৰিলে ভাল।৩ বছৰ বয়সতে চকু পৰীক্ষা নকৰিলেও ১০ বছৰৰ ভিতৰত এবাৰ চকু পৰীক্ষা কৰাব লাগে।কিয়নো,কিছুমান ডেভেলপমেণ্টেল ডিফেক্ট সৰুতেই চিকিৎসা কৰিলে আৰোগ্য হোৱা দেখা যায়।পঢ়ি থকা ল’ৰা-ছোৱালীক লক্ষ্য কৰিব লাগে যাতে সিহঁতে প্ৰয়োজনীয় পোহৰ পঢ়িবৰ সময়ত পায়।যদিহে কিতাপ পঢ়োতে কিতাপখন বেছি ওচৰলৈ আনি পঢ়িবলৈ চেষ্টা কৰিছে,তেতিয়া আপুনি বুজিব লাগিব যে তাৰ চকুৰ দৃষ্টিশক্তিৰ সমস্যা আছে।তেনে অনুভৱ কৰিলেই চকু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব।

*কিতাপ পঢ়াৰ সময়ত চকুযুৰিৰ পৰা কমেও এক ফুট দুৰত্বত কিতাপ ৰাখি পঢ়িব লাগে।পঢ়াৰ সময়ত বাওঁফালৰ অহা পোহৰ আৰু টেবুল লাইটৰ পোহৰত কিতাপ পঢ়াটো চকুৰ বাবে উত্তম।

*কিছুমান মানুহ এতিয়াও অন্ধবিশ্বাসৰ পৰা মুক্ত নহয়।তেওঁলোকে চকু ৰঙা পৰিলে বা চকুৰ বিভিন্ন অসুখ হ’লে মাছ-মাংস,কণী,বিভিন্ন পাচলি খোৱাত বাধা আৰোপ কৰে।এনে কৰিলে ভিটামিন ‘ক’ৰ অভাৱ ঘটি চকুৰ ক্ষতি হোৱাৰহে সম্ভাৱনা থাকে।চকুৰ কোনো ৰোগত বনৌষধি ব্যৱহাৰ কৰা অনুচিত।

*শিশুক খেলিবলৈ দিয়া বস্তৱে যাতে চকুৰ ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।বিপজ্জনক সামগ্ৰীৰে শিশুক খেলিবলৈ দিব নালাগে।

*চকুত সৰু পোক বা তেনেজাতীয় কোনো বস্তু চকুত সোমালে চকু মোহাৰি উলিয়াবলৈ চেষ্টা কৰিব নালাগে।

*চকু বহলকৈ মেলি এবাটি পানী লৈ তাত চকু দুটা পচাৰি দিলে সাধাৰণতে চকুত সোমোৱা বস্তু ওলাই যায়।যদিহে এনে কৰোতেও চকুৰ পৰা ওলাই যোৱা নাই তেতিয়া চকু দুটা জপাই চিকিৎসকৰ কাষলৈ যাব লাগে।

*চকুৰ অসুখ হোৱাটো একো স্বাভাৱিক নহয়।কেতিয়াবা নিজে গম নোপোৱাকৈও চকুৰ অসুখ হৈ থাকিব পাৰে।অথবা দৃষ্টিশক্তি কমিব পাৰে।সেয়েহে মাজে মাজে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চকু চিকিৎসা কৰা উচিত।

উৎস:জি এনআৰচি স্বাস্থ্য

ছাল বগা কৰা ক্ৰীমৰ বিপদ

 

গ্ৰাহকক প্ৰলোভিত কৰি বহুতো কছমেটিক কোম্পানীয়ে বিজ্ঞাপন এনেদৰে প্ৰচাৰ কৰে যে সেই সামগ্ৰী ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পোৱাৰ লগতে কম দিনৰ ভিতৰতে ছাল বগা হৈ উঠে।কম বয়সৰ বহু ব্যক্তি এই বিজ্ঞাপনৰ প্ৰতি প্ৰলোভিত হৈ এনে সামগ্ৰী ব্যৱহাৰ কৰে।প্ৰকৃততে এই ক্ৰীমবোৰত অতি শক্তিশালী ষ্টেৰইড জাতীয় দ্ৰব্য ব্যৱহাৰ কৰে।ই কেৱল ছালৰ ক্ষতিয়েই নকৰে,ইয়াৰ বহুতো পাৰ্শ্বক্ৰিয়াইও আমাৰ শৰীৰৰ স্নায়ুকোষৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকে।দীৰ্ঘদিন ধৰি এনে ক্ৰীম ব্যৱহাৰ কৰিলে হাইপাৰ টেনছন আৰু তেজত গ্লুক’জৰ পৰিমাণ বৃদ্ধি হোৱাৰো আশংকা থাকে।ইয়াৰ ফলত ছালত কিছুমান সমস্যা স্থায়ী হৈ ৰয়।চিকিৎসা বিজ্ঞানৰ মতে কোনো সামগ্ৰীয়ে ছালৰ ৰং সলনি কৰিব নোৱাৰে।অৱশ্যে প্ৰয়োজনতকৈ বহু বেছি শতাংশ ৰঞ্জক ব্যৱহাৰ কৰিলে অস্থায়ীভাৱে ছালখনৰ উজ্জ্বলতা বৃদ্ধি হয় যদিও পিছলৈ ছালখনৰ ক্ষতিহে কৰে।

 

বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্য ভালে ৰখাৰ কৌশল

 

এজন ব্যক্তিৰ ৩০ বছৰ অতিক্ৰম কৰাৰ পিছৰ পৰাই পৰিপুষ্টিজনিত প্ৰয়োজনবোৰ সলনি হ’বলৈ ধৰে।ইয়াৰ মুখ্য কাৰণ হ’ল বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া আৰম্ভ হয়।লাহে লাহে বয়স বৃদ্ধিৰ লগে লগে শৰীৰৰ ক্ৰিয়াৰ সৈতে জড়িত কোষবোৰৰ কৰ্মদক্ষতা হ্ৰাস পাবলৈ ধৰে।কোষৰ সংখ্যা কমি অহাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।সেয়ে বয়োজ্যেষ্ঠ স্বাস্থ্যৰ যতন বেছিকৈ লোৱা উচিত।

বয়োজ্যেষ্ঠ ব্যক্তিয়ে কোনো কাৰণতে উপবাসে থকা অনুচিত।তেওঁলোকৰ আহাৰ সাধাৰণ আৰু পুষ্টিকৰ হোৱা প্ৰয়োজন।আহাৰ এনে হ’ব লাগে যাতে সহজে হজম কৰিব পাৰে।এবাৰতেই সৰহকৈ খোৱা অনুচিত।কম কমকৈ কে’বাবাৰো আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যসন্মত।বেছিকৈ তেলত ভজা খাদ্য খোৱা অনুচিত।কেতবোৰ খাদ্য সিদ্ধ কৰি খালে উপকাৰ পোৱা যায়।

বয়োজ্যেষ্ঠ ব্যক্তিৰ আহাৰত নিমখৰ পৰিমাণ কম হোৱা উচিত।তাৰ বিপৰীতে আহাৰত যথেষ্ট পৰিমাণৰ সেউজীয়া শাক পাচলিৰ লগতে দৈনিক এটা ফল খোৱাটো প্ৰয়োজন।ইয়াৰ বাহিৰেও চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰয়োজনীয় ভিটামিন নিয়মীয়াকৈ গ্ৰহণ কৰা উচিত।

বয়োজ্যেষ্ঠ ব্যক্তিয়ে যথেষ্ট পৰিমাণৰ পানী খোৱা উচিত।ৰাতিপুৱা,গধুলি ৩০ মিনিটকৈ মধ্যমীয়া বেগত খোজ কঢ়াটো স্বাস্থ্যসন্মত।

নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন সামাজিক কামত জড়িত হৈ থাকিলে শাৰীৰিক,মানসিক উভয় দিশতে লাভৱান্বিত হ’ব পাৰি।

 

বৃক্কৰোগীৰ খাদ্য

 

বৃক্কৰোগীয়ে নেফ্ৰ’লজিষ্টৰ পৰামৰ্শ মানি খাদ্য বিশেষজ্ঞই পৰিকল্পনা কৰি দিয়া খাদ্য তালিকা গ্ৰহণ কৰিব লাহে।খাদ্য বিশেষজ্ঞই যেনেধৰণৰ খাদ্য খাবলৈ তেওঁক অনুমতি দিছে সেই খাদ্যৰ নিয়ম পালন কৰাটো বাধ্যতামুলক।অন্যথা তেওঁৰ শাৰীৰিক সমস্যাই দেখা দিব।

*বৃক্কৰোগীয়ে পানীয় গ্ৰহণ কৰাৰ ক্ষেত্ৰত সীমিতকৰণ কৰা উচিত।

*শৰীৰটোৱে যাতে প্ৰয়োজনীয় পুষ্টি গ্ৰহণ কৰিব পাৰে,সেই মতে খাদ্য তালিকাখন প্ৰস্তুত কৰি ল’ব লাগে।প্ৰ’টিনযুক্ত আহাৰ কমকৈ খোৱাৰ পৰামৰ্শ দিয়ে।মাংস,মাছ অৰ্থাৎ উচ্চ হাৰৰ প্ৰ’টিনৰ লগতে যাতে পটাছিয়াম আৰু ফছফৰাছো থাকে,তেনে আহাৰ গ্ৰহণৰ ক্ষেত্ৰত চিকিৎসকৰ লগত আলোচনা কৰা উচিত।

*খাদ্যত কাৰ্বহাইড্ৰেট কমাব লাগে।চৰ্বিযুক্ত আহাৰ পৰিহাৰ কৰাৰ লগতে আহাৰৰ লগত কিমান তেল দৈনিক গ্ৰহণ কৰিব সেই কথা জানি লোৱা উচিত।

*বৃক্কৰোগীক নিমখ কমকৈ থকা আহাৰ খাবলৈ দিয়ে।সেয়ে কেঁচা নিমখ খোৱাৰ অভ্যাস পৰিহাৰ কৰক।ইয়াৰ লগতে বেকিং পাউদাৰ দি ৰন্ধা খাদ্য খাব নালাগে।

*একে বস্তু সদায় খাই থাকিলে খোৱাৰ প্ৰতি ৰুচি কমি যায়।সেয়ে যিখিনি খাদ্য গ্ৰহণ কৰিলে বৃক্ক ভালে থাকে তেনে আহাৰ চিনাক্ত কৰি সেই মতে খাব লাগে।চিৰা,মুড়ি,আখৈ আদি কম পৰিমাণে খাব পাৰে।

*প্ৰতিদিনে এটা ফল খাব পাৰি যদিও পৰাপক্ষত নিম্ন পটাছিয়ামযুক্ত ফল গ্ৰহণ কৰিব লাগে।

*শাক আৰু পাচলি খাওঁতে মন কৰিব যাতে তেনেধৰণৰ খাদ্যত পটাছিয়াম কম থাকে।প্ৰায় সকলো খাদ্যতে পটাছিয়াম থাকেই।সেয়ে পৰাপক্ষত কম মাত্ৰাৰ পটাছিয়ামযুক্ত খাদ্য চিনাক্ত কৰি লওক।

*পাচলি সৰু সৰুকৈ কাটি পানীত ভালদৰে ধুই কিছু সময় পানীত ডুবাই ৰাখিব।এনে কৰিলে শাক-পাচলিত থকা পটাছিয়ামৰ মাত্ৰা কিছু কমাব পাৰি।

*বৃক্কৰোগত বেছিকৈ সমস্যাই দেখা দিলে তেনে ৰোগীক আহাৰ প্ৰদান কৰোতে শাক-পাচলি সিজাই সেই পানীখিনি পেলাই দিব লাগে।উচ্চ পটাছিয়ামযুক্ত শাক-পাচলি বৃক্কৰোগীয়ে বৰ্জন কৰা উচিত।

*ৰান্ধি খোৱা আহাৰৰ জৰিয়তে ভিটামিন শৰীৰত যোগান ধৰাৰ পৰিৱৰ্তে চিকিৎসকৰ উপদেশ অনুসৰি ভিটামিন পৰিপুৰক গ্ৰহণ কৰা উচিত।মনত ৰাখিব বৃক্কৰোগীৰ কাৰণে পটাছিয়ামৰ মাত্ৰা স্বাভাৱিক হৈ থকা অতি প্ৰয়োজন।কিয়নো,পটাছিয়ামৰ মাত্ৰা অতিক্ৰম কৰিলে মাংসপেশী অতিশয় দুৰ্বল হৈ পৰে আৰু বিপজ্জনকভাৱে হৃৎপিণ্ডৰ ছন্দ অনিয়মিত হ’ব পাৰে।যেতিয়া পটাছিয়াম খুব ওপৰলৈ উঠে,তেতিয়া অভাৱনীয়ভাৱে হৃৎপিণ্ড বন্ধ হৈ যাব পাৰে আৰু ই আকস্মিক মৃত্যুৰো কাৰণ হৈ পৰে।সেয়ে তেজত পটাছিয়ামক নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে চিকিৎসকৰ পৰামৰ্শ নিয়মীয়াকৈ গ্ৰহণ কৰা উচিত।

উৎস:জি এনআৰচি স্বাস্থ্য

 

 

 

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate