আপুনি হয়তো ‘MRSA’ ৰ নাম শুনা নাই। এয়া হ’ল মেথিচিলিম ৰেজিষ্টেন্ট ষ্টেফাইল’কক্কাছ অৰিয়াছ। ই এবিধ ‘ছুপাৰ বাগ’, কিয়নো মেথিচিলিন এবিধ অতি শক্তিশালী এন্টিবায়’টিক। এই এন্টিবায়টিকৰ বিৰুদ্ধে ষ্টেফাইল’কক্কাছ অৰিচাছে প্ৰতিৰোধ্যতা অৰ্জন কৰিছে। আন এবিধ ‘ছুপাৰ বাগ’ হ’ল CRE। যিবিলাক বেক্টেৰিয়াই অতি শক্তিশালী এন্টিবায়’টিকৰ বিৰুদ্ধেও প্ৰতিৰোধ্যতা সৃষ্টি কৰিব পাৰে, সেইবোৰ বেক্টেৰিয়াকে ‘ছুপাৰ বাগ’ বোলা হয়। এনে বেক্টেৰিয়াৰ সংক্ৰমণ সাধাৰণতে হাস্পতালত ভৰ্তি হোৱা ৰোগীৰ হোৱা দেখা যায়; বিশেষকৈ অস্ত্ৰোপচাৰ কৰা অথবা ‘কেথেটাৰ’ ব্যৱহাৰ কৰা ৰোগীৰ ক্ষেত্ৰত। যিসকল ৰোগীৰ ৰোগ প্ৰতিৰোধ শক্তি হ্ৰাস পায়, তেওঁলোকৰ ক্ষেত্ৰতো ‘ছুপাৰ বাগ’গ্ৰ সংক্ৰমণৰ পৰা নিজকে বচাই ৰাখিবলৈ কেতবোৰ উপায় আছে যেনে, হাত পৰিষ্কাৰকৈ ধোৱা (ৰোগী, ডাক্তৰ, নাৰ্ছ, চিকিৎসা সহযোগী আদি সকলোৱেই), ঘা ভালকৈ ঢাকি ৰখা আৰু কেতবোৰ বেক্টেৰিয়াৰ বিৰুদ্ধে প্ৰতিষেধক ছিটা লোৱা। উদাহৰণ স্বৰূপে শ্বাসতন্ত্ৰৰ সংক্ৰমণকাৰী নিউম’ক’ক্কাচৰ বিৰুদ্ধে প্ৰতিৰোধক ছিটা উপলদ্ধ হৈছে। এন্টিবায়’টিকৰ অপব্যৱহাৰ কৰিলে বেক্টেৰিয়াৰ প্ৰতিৰোধ্যতা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। যধে-মধে এন্টিবায়’টিক ব্যৱহাৰ নকৰিব। চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিৰ্দিষ্ট শক্তিৰ, নিৰ্দিষ্ট পৰিমাণৰ এন্টিবায়’টিক নিৰ্দিষ্ট দিনলৈ ব্যৱহাৰ কৰিব। ভাইৰাছৰ সংক্ৰমণত এন্টিবায়’টিক ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। সৰু-সুৰা বেমাৰত পোনচাটেই শক্তিশালী এন্টিবায়’টিক ব্যৱহাৰ কৰা উচিত নহয়।
খাদ্য শস্য নানাবিধ কীট-পতংগই নষ্ট কৰে। এনে পৰিস্থিতি ৰোধ কৰিবলৈ বিভিন্ন কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয়। এনে দ্ৰব্যৰ কিছু অংশ খাদ্য দ্ৰব্যত সিক্ত হৈ থাকে। ফলত খাদ্য দূষিত হয়। এনে খাদ্য খালে স্নায়ুৰ বিকাৰ, কেন্সাৰ, জন্মগত বিসংগতি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। আমাৰ অতি প্ৰিয় ফল আপেলতো বহু পৰিমাণৰ কীটনাশক দ্ৰব্য সিক্ত হৈ থাকে। কোৱা হয়, আপেল আটাইতকৈ দূষিত ফল। সেউজীয়া শাক-পাচলিতো বহু পৰিমাণৰ কীটনাশক দ্ৰব্য সিক্ত হৈ থাকে। তেনেহ’লে আপেল, সেউজীয়া শাক-পাচলি আদি খাব নে নাই? আমেৰিকাৰ খাদ্য বিদূষণবিদ কাৰ্ল উইন্টাৰৰ মতে আমাৰ প্ৰায়বোৰ উদ্ভিদ খাদ্যত কম-বেছি পৰিমাণে কীটনাশক দ্ৰব্য থাকে; অৱশ্যে এই পৰিমাণ বৰ বেছি নহয় বুলি প্ৰমাণিত হৈছে। আনহাতে, স্বাস্থ্যৰক্ষাৰ ক্ষেত্ৰত ফল-মূল আৰু শাক-পাচলিৰ অৰিহণা অতি গুৰুত্বপূৰ্ণ। এইবোৰে হৃদৰোগ, ষ্ট্ৰোক, ডায়েবেটিছ, কেতবোৰ কেন্সাৰ ৰোধ কৰাত সহায় কৰে। ওজন হ্ৰাসতো সহায় কৰে আৰু মগজুৰ ক্ৰিয়াকলাপ বৃদ্ধি কৰে। মানুহৰ আয়ুসো বৃদ্ধি কৰে। অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে দিনে তিনিহেতা শাক-পাচলি খালে প্ৰায় তিনি বছৰ আয়ুস বৃদ্ধি হয়। দিনে দুকাপ ফল-মূল আৰু আঢ়ৈ কাপ শাক-পাচলি খালে স্বাস্থ্য ভালে থাকে। যদিওৱা এইবোৰ কিছু পৰিমাণে দূষিত খাদ্য, এনে খাদ্য খোৱা বন্ধ কৰিলে আমাৰ স্বাস্থ্য হানি হোৱাটো নিশ্চিত।
ৰাজহুৱা শৌচাগাৰৰ ‘ক’মোড’ আৰু ৰোগ বিস্তাৰ ৰাজহুৱা শৌচাগাৰৰ ‘ক’মোড’ত প্ৰচুৰ পৰিমাণৰ ভিন ভিন বীজাণু থাকিব পাৰে। সেইবাবে বহুতেই ৰাজহুৱা ‘ক’মোড’ ত নিম্নাংশ লগাবলৈ ইচ্ছা নকৰে। তেওঁলোকে ভয় কৰে, এনে ‘ক’মোড’ ত বহিলে যৌনৰোগৰ সংক্ৰমণ হ’ব পাৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে, ‘ক’মোডৰ ছীটত বহিলে গণ’ৰিয়া, ক্লেমাইডিয়া, এইচ আই ভি বা অন্য যৌন ৰোগ হোৱাৰ কোনো প্ৰমাণ নাই। অৱশ্যে এই বীজাণুবোৰ শৰীৰৰ নিম্নাংশৰ পৰিৱৰ্তে হাতত লাগি অহাৰ সম্ভাৱনাহে অধিক। শৌচ কৰাৰ পিছত হাত নোধোৱাকৈ চকু, নাক, মুখ আদি চুলে বীজাণু শৰীৰত প্ৰৱেশ কৰে।গতিকে শৌচ কৰাৰ পিছত চাবোনেৰে ভালদৰে হাত ধুব লাগে। বহুতেই এই কাম নকৰে, অথবা মাথোন পানীৰে হাত ধোৱে। এক সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰা সকলৰ পাঁচ শতাংশইহে ভালদৰে হাত ধোৱে, দহ শতাংশই মাথোন পানীৰে হাত ধোৱে। ইয়াৰ ফলত নানান বীজাণুৰ সংক্ৰমণ হ’ব পাৰে।
লিখক: ডা: জীৱন দত্ত বৰুৱা, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/15/2020