অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্যৰ বাবে হানিকাৰক শাক-পাচলি আৰু ফল-মূল

স্বাস্থ্যৰ বাবে হানিকাৰক শাক-পাচলি আৰু ফল-মূল

আমি সকলোৱে জানো যে মানুহৰ সুস্বাস্থ্যৰ ববে সেউজীয়া শাক-পাচলি আৰু ফল-মূল অত্যন্ত প্ৰয়োজনীয়। এইবোৰে মানুহক শক্তি দিয়াৰ উপৰিও কৰ্কট ৰোগকে ধৰি নানাবিধ ৰোগ প্ৰতিৰোধ কৰে। কিন্তু, সম্প্ৰতি নিৰ্ভেজাল আৰু সতেজ শাক-পাচলি আৰু ফল-মূল বজাৰত পোৱা দুৰূহ হৈ পৰিছে। ভেজাল শাক-পাচলি আৰু ফল-মূলে বজাৰ চানি ধৰিছে আৰু এনে ভেজালবোৰকে খাই আমি প্ৰতিদিনে শৰীৰৰ ক্ষতি কৰি আহিছো।

উৎপাদনকাৰী আৰু অসাধু ব্যৱসায়ীসকলে শাক-পাচলি আৰু ফল-মূলবোৰ ডাঙৰ কৰিবলৈ, সতেজ দেখাবলৈ আৰু আকৰ্ষণীয় কৰিবলৈ আজিকালি মানুহৰ শৰীৰৰ ক্ষতি কৰিব পৰা নানাবিধ বিষাক্ত পদাৰ্থ, ৰাসায়নিক সাৰ, গ্ৰোথ ফেক্টৰ, স্ত্ৰী হ’ৰমন, কীটনাশক দ্ৰৱ্য আৰু কৃত্ৰিম ৰাসায়নিক ৰং আদি প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰাৰ উপৰি কেঁচা ফল-মূলবোৰ ৰাসায়নিক পদাৰ্থ দি কৃত্ৰিমভাৱে পকাই শাক-পাচলি আৰু ফল-মূল আদিৰ ভেজালকৰণ কৰি আহিছে। সেইবোৰ ক্ষতি কৰিব পৰা বিষাক্ত পদাৰ্থ শাক-পাচলি আৰু ফল-মূলত ৰৈ যায় আৰু এইবোৰক খাদ্য হিচাপে গ্ৰহণ কৰোঁতে ই আমাৰ শৰীৰত প্ৰৱেশ কৰি নানা ৰোগৰ সৃষ্টি কৰে।

ৰঙা লাও, পানীলাও, কোমোৰা, কবি, নানাবিধ ফল আদি সোনকালে ডাঙৰ কৰিবলৈ নানা স্ত্ৰী হ’ৰমন, গ্ৰোথ ফেক্টৰ আদি বেজিৰে এইবোৰত দিয়া হয়। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক দ্ৰৱ্য আদি অতিৰিক্তভাৱে দিয়া হয়। ১৯৮৫ চনতে ভাৰত চৰকাৰে ‘ফাৰ্টিলাইজাৰ কণ্ট্ৰল অৰ্ডাৰ আইন’ বলবৎ কৰি ৰাসায়নিক সাৰৰ গুণ, মান আদি নিৰ্ধাৰণ কৰি শস্যৰ গুৰিত সাৰ প্ৰয়োগত কিছুমান নিয়ম পালন কৰাৰ নিৰ্দেশ দিছে। ২০১৩ চনত অলপ সংশোধন কৰিলেও, ব্যৱসায়িক ভিত্তিত কৃষি কৰা অধিক খেতিয়কে এই নিয়ম পালন নকৰে। ব্যক্তিগত লাভালাভক অগ্ৰাধিকাৰ দি বজাৰত উপলব্ধ শস্যৰ গ্ৰোথ ৰেগুলেট আৰু গোথ প্ৰোমোট কৰিব পৰা সাৰ অতিৰিক্তভাৱে প্ৰয়োগ কৰি আহিছে। সেইবোৰ পাচলি আৰু ফলবোৰত ৰৈ যায় আৰু তেনে পাচলি আৰু ফল-মূল খাদ্য হিচাপে গ্ৰহণ কৰিলে এনে অপকাৰী দ্ৰৱ্যবোৰ আমাৰ শৰীৰত প্ৰৱেশ কৰি নানা ক্ষতি কৰে। ৰাসায়নিক সাৰৰ বেছিভাগতে থাকে নাইট্ৰজেন, পটাছিয়াম আৰু ফছ্ফৰাছৰ লগতে অন্য দ্ৰৱ্য। এইবোৰৰ পৰা বিভিন্ন ধৰণৰ এলাৰ্জিজনিত ৰোগ হোৱাৰ উপৰি পেটৰ অসুখ, অৰুচি আদি হ’ব পাৰে। ৰাসায়নিক কীটনাশক দ্ৰৱ্যবোৰ মানুহৰ দেহৰ বাবে ক্ষতিকাৰক। ই স্নায়ুৰ দুৰ্বলতা, মস্তিস্ক আৰু অস্থিৰ কৰ্কট ৰোগ পৰ্যন্ত কৰিব পাৰে। অতিৰিক্ত স্ত্ৰী হ’ৰমনে এণ্ডোক্ৰাইন গ্ৰন্থিৰ কাৰ্যবোৰত আউল লগোৱাৰ উপৰি পুৰুষৰ প্ৰজনন ক্ষমতা হ্ৰাস কৰে। দীৰ্ঘদিন ধৰি এনে খাদ্য গ্ৰহণ কৰিলে কৰ্কট ৰোগৰো কাৰক হ’ব পাৰে। বিলাহী, আম, তৰমুজ আদি ৰঙা দেখাবলৈ বেজীৰে ৰং ভৰাই দিয়া হয়। ৰঙা হ’লেও এনে বিলাহী, কল আদিৰ ভিতৰভাগ কিন্তু কেঁচা আৰু টান হৈ থাকে। বেঙেনা দেখাত চিকচিকিয়া কৰিবলৈ ফুৰাডন নামৰ এবিধ দ্ৰৱ্য প্ৰয়োগ কৰে। কেতিয়াবা বেঙেনাবোৰক সতেজ দেখাবলৈ কাৰ্বফ্লৰিন দ্ৰৱ্যত ডুবাই দিয়া হয়। এনে বেঙেনাই পেটৰ অসুখত ভুগোৱাটো নিৰ্ঘাত। পেৰাফিনত তিতোৱা তুলাৰে বেঙেনাটো মচি দিলে ৰংটো তুলাত লাগি আহে।

আজিকালি গছত আম বা লিচু আদি কলি হৈ থাকোঁতে বজাৰত কৃত্ৰিম ভাৱে ৰাসায়নিক পদাৰ্থৰে পকোৱা ফল-মূল যথেষ্ট দেখা যায়। সাধাৰণতে ফলবোৰ প্ৰাকৃতিকভাৱে পকিলে ইয়াৰ বৰ্হিআৱৰণত থকা ক্লোৰ’প্লাষ্টিডৰ বৰণ সলনি হৈ ক্ৰোম’প্লাষ্টিডৰ বৰণ লয় আৰু প্ৰাকৃতিক হ’ৰমনে ফলবোৰৰ সাহবোৰ ঢিলা কৰি তাত চেনীজাতীয় পদাৰ্থ জমাই মিঠা কৰি সোৱাদযুক্ত কৰি তোলে। কিন্তু কৃত্ৰিমভাৱে আবতৰত ৰাসায়নিক পদাৰ্থৰে পকোৱা ফল-মূলবোৰ বাহিৰত পকা যেন লাগে যদিও ই ভিতৰত টান, কেঁচা থাকে। এনেবোৰ ফল খাবলৈ মুঠেও সোৱাদযুক্ত নহয়। ব্যৱসায়ীবোৰে আবতৰত কেঁচা ফলকে পকাই উচ্চ দামত বিক্ৰী কৰি গ্ৰাহকক ঠগায়। কল, আম, অমিতা আদি কৃত্ৰিমভাৱে অকালতে পকাবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবোৰ হ’ল- কেলচিয়াম কাৰ্বাইড, কাৰ্বাইড, এছিটিলিন, ইথিলিন, প্ৰপিলিন, ইথাৰেল আৰু ফছফৰিক এচিড আদি। এই ৰাসায়নিক দ্ৰৱ্যসমূহ মানুহৰ স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক। এইবোৰৰ ভিতৰত কেলচিয়াম কাৰ্বাইড নামৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কম মূল্যৰ ৰাসায়নিক দ্ৰৱ্যবিধকে বৰ্তমান সময়ত ব্যৱসায়ীসকলে বহুল ভাৱে প্ৰয়োগ কৰা দেখা যায়। প্ৰিভেনচন অব ফুড এডাল্টেৰেছন এক্ট, ১৯৫৪ৰ ৪৪ এ ৰুল অনুসৰি যদিও কেঁচা ফল-মূল পকাবলৈ কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে আৰু দোষীক ছমাহ কাৰাদণ্ড আৰু এহাজাৰ টকা জৰিমনা বিহাৰ বিধান আছে। তথাপি সস্তীয়া আৰু অতি কমসময়ৰ ভিতৰতে ফলবোৰ পকে বাবে ফল-মূল পকাবৰ বাবে দুষ্ট চক্ৰই সদাই ইয়াকে ব্যৱহাৰ কৰি আহিছে। মাত্ৰ ২০-৩০ টকাত পোৱা এক কিলোগ্ৰাম কেলচিয়াম কাৰ্বাইডেৰে প্ৰায় ১০ টন কল পকাব পাৰি। আৰ্দ অৱস্থাত পানীৰ অণুৰ সৈতে কেলছিয়াম কাৰ্বাইডে ৰাসায়নিক বিক্ৰিয়া ঘটাই এছিটিলিন গেছ উৎপন্ন কৰে আৰু এই গেছে ফল-মূলবোৰ পকায় বাবে বহুতে ইয়াক গেছ দি পকোৱা ফল বুলিও কয়। ইয়াৰে পকোৱা ফল যথেষ্ট কমদিন (মাত্ৰ দুদিন) খোৱাৰ উপযুক্ত হৈ থাকে। কেলচিয়াম কাৰ্বাইড স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক। ই মূৰৰ বিষ, মূৰ ঘূৰোৱা, মতিভ্ৰম, দৃষ্টি শক্তি হ্ৰাস, বুদ্ধি হ্ৰাস, নানা এলাৰ্জিজনিত সমস্যা আৰু ছালৰ ৰোগ কৰে। ইয়াৰ উপৰিও হৃদপিণ্ড, বৃক্ক আৰু হাওফাওৰ সমস্যা সৃষ্টি কৰে। এতিয়া প্ৰশ্ন হ’ল প্ৰাকৃতিকভাৱে পকা ফল আৰু এনেদৰে কৃত্ৰিমভাৱে পকোৱা ফল আমি কেনেকৈ চিনাক্ত কৰিম। প্ৰাকৃতিকভাৱে পকা ফলৰ ৰং ফলবিধৰ বাকলিৰ সকলোতে সমান নহয় আৰু ফলবিধ ভিতৰৰ পৰা বাহিৰলৈ পকি আহে কিন্তু কৃত্ৰিম ভাৱে পকোৱা ফলৰ ৰং ফলবিধৰ বাকলিৰ সকলোতে সমান, দুই তিনিদিন পিছত ক’লা দাগ দেখা দিয়ে আৰু ফলবিধ বাহিৰৰ পৰা ভিতৰলৈ পকে। সাধাৰণতে কৃত্ৰিমভাৱে ফল পকাবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবোৰ আৰু ফল-মূল আদি সোনকালে নষ্ট নহ’বৰ বাবে প্ৰয়োগ কৰা ৰাসায়নিক দ্ৰৱ্য ফল-মূল আদিৰ গাত লাগি থাকে। সেয়েহে স্বাস্থ্য আৰু পৰিপুষ্টি বিভাগে আপেল, আম আদি খালে ভালদৰে ধুই, শুকাই বাকলি আৰু ভিতৰৰ গুটিবোৰ গুচাইহে খাব দিছে। কিন্তু এই কৃত্ৰিম ৰাসায়নিক দ্ৰৱ্যবোৰৰ কিছু অংশ বাকলিবোৰত থকা ক্ষুদ্ৰ ছিদ্ৰবোৰেৰে ফলবোৰৰ সাহৰ ভিতৰলৈও সোমায় আৰু বাকলি গুচাই খালেও ই আমাৰ শৰীৰত প্ৰৱেশ কৰি স্বাস্থ্যৰ ক্ষতি কৰে। সেয়েহে এনেদৰে পকোৱা ফল-মূলবোৰ যিমান পাৰি খোৱা পৰিত্যাগ কৰি সদায় বতৰৰ টাটকা ফল-মূলহে খাব লাগে। ড্ৰাই ফলবোৰত চৰ্বী আৰু গ্লুক’জ মিহলাই বাবে ই মানুহৰ ডায়েবেটিচ আৰু কলেষ্টেৰল বঢ়ায়। আনহাতে বজাৰত পেকেট আৰু প্লাষ্টিক বটলত উপলব্ধ ফলৰ ৰসত চেনী, ভিটামিন চি আদি দি ভেজাল কৰাৰ উপৰি বেছিদিন বেয়া নোহোৱাকৈ ৰাখিবলৈ কিছুমান কৃত্ৰিম ৰাসায়নিক সংৰক্ষক দিয়া হয়। মিহলোৱা পদাৰ্থই শৰীৰৰ ক্ষতি কৰিব পাৰে। বহু সময়ত এনে বটলত থকা এনে ফলৰ ৰসবোৰৰ ভিতৰত পোক, পতংগ, কীট, লেতেৰা পদাৰ্থ আদি পোৱা যায়। আইন অনুযায়ী এই সকলোবোৰ খাদ্যসামগ্ৰীৰ ভেজালকৰণত পৰে। The Federal Food, Drugs, and Cosmetic (FD&C) Act (1938) অনুসৰি খাদ্যসামগ্ৰীবিধ ৰখা পাত্ৰটো যদি আংশিক বা সম্পূৰ্ণভাৱে স্বাস্থ্যৰ অনিষ্ট কৰিব পৰা পদাৰ্থৰ দ্বাৰা তৈয়াৰী হয় আৰু ই ভিতৰত থকা খাদ্যত মিহলি হোৱাৰ আশংকা থাকে তেন্তে তাক খাদ্য সামগ্ৰীৰ ভেজালকৰণ কৰা বুলি কোৱা হয়। সেই অনুসৰি ফলৰ ৰস ৰখা প্লাষ্টিকৰ বটলবোৰৰ তৈয়াৰী পদাৰ্থ চাব লাগে। এই বটলবোৰৰ তলপিনে এটা ত্ৰিভুজ থাকে আৰু তাত ১ৰ পৰা ৭ৰ ভিতৰত কিবা এটা নম্বৰ লিখা থাকে। এই সংখ্যাই প্লাষ্টিক বটলৰ মান নিৰ্ণয় কৰে। নিম্ন মানৰ প্লাষ্টিক বটলত কিছুমান ক্ষুদ্ৰ চিহ্ন থাকে। এইবোৰেৰে বীজানু সোমাই ভিতৰৰ ফলৰ ৰসবোৰ দুষিত কৰে। এনে দুষিত ফলৰ ৰস খালে নানা ৰোগ হ’ব পাৰে। ১ সকলোতকৈ নিৰাপদ। ২, ৩, ৪, ৫ নিৰাপদ। ৬ আৰু ৭ নিৰাপদ নহয়। বিশেষকৈ ৭ অন্তৰ্ভুক্ত প্লাষ্টিকত থকা বিছফেনল এ নামৰ পদাৰ্থ বিধে টাইপ ২ ডায়েবেটিছ আৰু কৰ্কট ৰোগ কৰিব পাৰে। ৰাষ্টাৰ কাষত বিক্ৰী কৰা ফলৰ ৰসবোৰত নানা বীজাণু (যেনে-ই-কলাই, ভিব্ৰিও, চালমোনেলা আদি) মিহলি হৈ ডয়েৰিয়া, ডিচেণ্ট্ৰি আদি ৰোগ কৰিব পাৰে। এনেদৰে স্বাস্থ্যৰ বাবে একান্ত প্ৰয়োজনীয় শাক-পাচলি আৰু ফল-মূল আদিক ভেজাল কৰি আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিছে। সেয়েহে আমি কেৱল বতৰত উপলব্ধ সতেজ টাটকা ফল আৰু শাক-পাচলিহে খাব লাগে।

লিখক: ড° ধৰ্মকান্ত কুম্ভকাৰ।

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate