অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰ্পদংশন আৰু আমি কৰিবলগীয়া কিছু দিহা:

সৰ্পদংশন আৰু আমি কৰিবলগীয়া কিছু দিহা:

 

আমাৰ দেশ ভাৰতবৰ্ষৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে-

সেয়ে ভাৰতবৰ্ষখন ক্ৰান্তিয় জলবায়ু অঞ্চলত পৰে। এনে অঞ্চলৰ আৰ্দ্ৰ, শুষ্ক, পৰ্ণপাতী, অৰ্ধপৰ্ণপাতী, চিৰসেউজীয়া আৰু উপকূলীয়া জলবায়ু মণ্ডলৰ উদ্ভিদীয় পৰিৱেশত ২০০ ৰো অধিক সৰু-বৰ সাপ পোৱা যায়। প্ৰতিবছৰে ভাৰতৰ বহুলোক সৰ্পদংশনত মৃত্যু হয়। কিছুলোক হস্পিতালত আৰু কিছু লোক হস্পিতাললৈ নিয়াৰ পথত, ঘৰত বা সৰ্পদংশনৰ ঠাইতে মৃত্যুমুখত পৰে।

গৰিষ্ঠসংখ্যক সাপ বিষাক্ত নহয়। আত্যমৰক্ষাৰ যেনে ধৰণৰ উপায়কে সাপে অৱলম্বন নকৰক কিয়, মানুহ নাইবা আন ডাঙৰ আৰু বিপজ্জনক প্ৰাণীকো এনেয়ে খোঁট মাৰি নিদিয়ে। অৱশ্যে জোকাই ল’লে, কাষেদি গ’লে, গচকিলে নাইবা আঘাত কৰিলেহে সাপে আন কোনো উপায় নাপাই কামোৰে। সাপে নিজকে আত্মগোপন কৰি থাকিব পৰা ক্ষমতাই হ’ল ইয়াৰ আত্মৰক্ষাৰ প্ৰধান উপায়। যথেষ্ট সাপ থকা ঠাইতো ইহঁতক অতি কমেইহে দেখা পোৱা যায়। কিছুমান সাপে মানুহৰ পৰা দূৰে দূৰে থাকে। কিছুমান সাপ দিনতকৈ ৰাতিহে বেছি সক্ৰিয় হৈ পৰে।

মানুহৰ বিপদৰ আশংকাত, প্ৰতিশোধ কল্পে, সাপৰ বিষ আৰু ছাল বেচিবলৈ সাধাৰণতে সাপ মৰা হয়। পিছে সাপে পৰোক্ষভাৱে হ’লেও মানুহক সহায় কৰে। সাপে আমাৰ বহুমূলীয়া শস্য(পথাৰত বা ঘৰত থকা) নষ্টকাৰী এন্দুৰ বা নিগনি খায়। পোক-পতংগ খোৱা ভেকুলী খাই পৰিৱেশৰ যে এটা ভাৰসাম্য ৰক্ষা কৰে, তালৈ বিশেষ গুৰুত্ব দিয়া নহয়।

কিছুমান সাপৰ বিষৰ পৰা সৰ্পবিষ প্ৰতিৰোধী ঔষধ(Antivenom Serum) প্ৰস্তুত কৰা হয়। আমাৰ দেশৰ বিভিন্ন অঞ্চলৰ ভৌগলিক পৰিৱেশৰ বাবে সাপ নিৰ্মূলকৰণ সম্ভৱ নহয় নাইবা জৈৱবৈচিত্ৰ বা পৰিৱেশ সুৰক্ষা আইনৰ অধীনত সেয়া এক দণ্ডণীয় অপৰাধ। পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে তেনে কাম বৰ্জনীয়। নিতান্ত বৈজ্ঞানিক অনুসন্ধানৰ বাহিৰে আন কোনো কাৰণত সাপৰ ছাল, বিষ আদি বিদেশলৈ ৰপ্তানি কৰা আইনসন্মত নহয়। এনে এটা অৱস্থাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে সৰ্পদংশনৰ পৰা হাত সাৰি থাকিবলৈ নিজে চেষ্টা কৰিব লাগে।

ভাৰতত পোৱা কেইবিধমান বিষাক্ত সাপ হ’ল-

নাগ সাপ, গোৱালা(হকা)সাপ, এটা চকৰি থকা ফেঁটি, দুটা চকৰি থকা ফেঁটি, ৰজা ফেঁটি, বাঁকৰাজ, গা-পাতল প্ৰবাল সাপ, মুৰ্গী ফেঁটি, ৰাচেল ভাইপাৰ, বাঁহগছৰ পিট ভাইপাৰ আৰু সামুদ্ৰিক সাপ। এই সাপবোৰৰ ভিতৰত গুৱালা সাপেই আটাইতকৈ বেছি বিষাক্ত। অৱশ্যে এই সাপে খুব কমেইহে কামোৰা দেখা যায়। ভাৰতত এই সাপৰ বিষৰ বাবে মানুহ মৰাৰ খবৰ জনা নাযায়। ভাৰতত এই সাপৰ বিষৰ প্ৰতিৰোধক চিৰামো তৈয়াৰ হোৱা নাই। ইয়াৰ লগত প্ৰায় মিল থকা বিষ প্ৰতিৰোধী ছিৰাম বেংককৰ ৰাণী চাওৱাভা প্ৰতিষ্ঠানত পোৱা যায়।

ফেঁটি সাপ প্ৰায়ে মানুহে দেখা নোপোৱাকৈ থাকে। শত্ৰুক ভয় খুৱাবলৈ সিহঁতে ফেঁট তুলি চকুৰে শত্ৰুলৈ চাই থাকে। বেছিকৈ উত্তেজিত হ’লে শ্বাসৰন্ধ্ৰেৰে জোৰেৰে বতাহ উলিয়াই ফোঁচ ফোঁচ শব্দ কৰে।

উত্তৰ-পূব ভাৰতৰ ফেঁটি সাপে কিছু দূৰলৈকে সিহঁতৰ বিষ ছটিয়াব পাৰে। সাপৰ তালুৰ ফালে দুটা বিষগ্ৰন্থিৰ সৈতে দুটা বিষদাঁত থাকে। শত্ৰুক দংশন কৰিবলৈ মুখখন বহলকৈ মেলি বেজীৰ দৰে দাঁত দুটা চিকাৰৰ গাত বহুৱাই দিয়ে। সাপে সচৰাচৰ খাদ্যৰ বাবে চিকাৰ কৰা জীৱ-জন্তুৰ গাত বিষ নাঢালে। গধূলিপৰত ইহঁতে ফুৰিবলৈ আৰু চিকাৰ কৰিবলৈ ভাল পায়। আনবোৰ সাপৰ দৰে ফেঁটি সাপ বৰষুণৰ দিনত বেছি সক্ৰিয় হয়। ফেঁটি সাপৰ বিষৰ পৰা কিছুমান অতিমাত্ৰা বিষৰ উপশম ঘটোৱা ঔষধ প্ৰস্তুত কৰা হৈছে। যেনে- কব্ৰাক্সিন, নাইলক্সিন আদি(Hyson, Wescott & Dunning, USA)।

ফেঁটি সাপে দংশন কৰিলে হফকিন বিষ নাশক ছিৰাম ভেকচিন দিব লাগে। ৰজা ফেঁটি সাপৰ বিষ আন ফেঁটতি সাপৰ বিষতকৈ কম বিষাক্ত। কিন্তু বিষৰ(তৰল বিষ) পৰিমাণ বেছি বাবে কোনো ৰজা ফেঁটি সাপৰ দংশনে এটা হাতীকো মাৰিব পাৰে। এনে সাপৰ দংশনৰ চিকিৎসাৰ বাবে দৰকাৰী বিষ নাশক ঔষধ কেৱল থাইলেণ্ডতহে পোৱা যায়। সামুদ্ৰিক সাপৰ বিষ ফেঁটি সাপৰ বিষতকৈ কেবাগুণো বেছি বিষাক্ত। সামুদ্ৰিক সাপৰ কামোৰৰ কাৰতণে বিষ প্ৰতিৰোধী ছিৰাম অষ্ট্ৰেলিয়াতহে তৈয়াৰ হয়, আমাৰ দেশত নহয়। ৰাচেল ভাইপাৰে দংশন কৰিলে বিষনাশক দ্ৰব্য সৰহ পৰিমাণে দি ইয়াৰ চিকিৎসা কৰিব লাগে।

সকলো সাপৰ দংশন সাধাৰণতে জীৱন নাশক নহয়। কোনো এটা সাপে কামোৰতে কিমান পৰিমাণৰ বিষ কামোৰজনৰ শৰীৰত সুমুৱাব পাৰিছে, সেই কথাৰ ওপৰত ভিত্তি কৰিহে সাপ একোটাৰ কামোৰ কিমান গুৰুতৰ, সেই কথা নিৰ্ভৰ কৰে।

সকলো ধৰণৰ সাপৰ কামোৰকে গুৰুতৰ বুলি ধৰি লৈ চিকিৎসা আৰু নিৰীক্ষণ কৰিব লাগে। কাৰণ কামোৰোতে শৰীৰত সুমুৱাই দিয়া বিষৰ পৰিমাণ বেছিও হ’ব পাৰে। সৌভাগ্যৰক্ৰমে বম্বেৰ হফকিন প্ৰতিষ্ঠানে এনে এবিধ সৰ্পবিষ প্ৰতিৰোধী ছিৰাম তৈয়াৰ কৰি উলিয়াইছে, যিবিধ প্ৰতিষেধক ভাৰতত পোৱা প্ৰধান চাৰিওবিধ বিষাক্ত সাপৰ দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি। এই প্ৰতিষেধক বৰ্তমান সকলো চৰকাৰী হস্পিতালত ৰখা হৈছে। গাঁৱলীয়া অঞ্চলতো প্ৰতিখন স্বাস্থ্য কেন্দ্ৰতে এই ছিৰাম সহজলভ্য হ’লে সাপৰ কামোৰত মৰা লোকৰ সংখ্যা বৰ্তমানতকৈ যথেষ্ট কম হৈ পৰিব।

সৰ্প দংশনত প্ৰাথমিক চিকিৎসা আৰু কিছুমান মানিবলগীয়া কথা:

  • শান্ত হৈ ৰ’ব। সাপে কামোৰাজনক উত্তেজিত হ’বলৈ নিদিব।
  • সাপে কামুৰিলে কামোৰা ঠাইখিনিৰ ওপৰফালে চাৰিওপিনে কাপোৰ এখনেৰে পটিৰ দৰে টানকৈ বান্ধ এটা দিব লাগে। হাতত কামুৰিলে বান্ধটো বাহুৰ ফালে আৰু ভৰিত কামুৰিলে বান্ধটো ভৰিৰ ওপৰৰ ফালে দিব লাগে। কাপোৰখন এনেদৰে টানকৈ বান্ধি দিব লাগে যাতে তেজ চলাচল প্ৰায় নোহোৱা হয়।
  • সাপে খোঁটা ব্যক্তিজনক এটা এচপিৰিণ পিল আৰু অলপ পানী দিব পাৰে। ভয় খাই পেপুৱা লগাটো(Tremor Stricken) অতি বিপজ্জনক।
  • সাপে খোঁটা ব্যক্তিজনক কোনো আৰামদায়ক বাহনত বা এম্বুলেন্সত ততালিকে ওচৰৰ সৰ্পবিষ প্ৰতিৰোধী ছিৰাম পোৱা ঠাইলৈ লৈ যাব। তেওঁক নিজে যাবলৈ নিদিব। চক খোৱাৰ প্ৰতিকাৰ কৰিব। ভৰি দুটা ওপৰলৈ দাঙি থৈ গৰম কম্বলেৰে গাটো ঢাকি দিব।
  • ৰোগীয়ে বমি কৰিলে তেওঁক এফলীয়াকৈ কাটি কৰি দিব লাগে নাইবা পিঠিখিন দাঙি ধৰিব লাগে, যাতে উশাহ লওঁতে চৰ্চৰণি নাখায়।
  • জিভাখন গধুৰ হৈ পৰে, কথাবোৰ অস্পষ্ট হয় আৰু লেলাউটি ওলায়।
  • টোপনিৰ ভাব আহে, ভাৰসাম্য হেৰুৱাই পেলায়।
  • উশাহ ল’বলৈ অসুবিধা পায়, কেতিয়াবা মুৰ্চ্ছিত হয় সিৰামূৰি ধৰে।

বিষাক্ত সাপে দংশন কৰাৰ লক্ষণ:

সাপে দংশন কৰাৰ পিছত সাপটো ওচৰে-পাজৰে দেখা নাযায় বাবে সাপটো বিষাক্ত নে অবিষাক্ত ধৰিব নোৱাৰি। গতিকে ৰোগীৰ লক্ষণসমূহ সঠিকভাৱে নিৰীক্ষণ কৰাটো অতি আৱশ্যক। যদি সাপে কামোৰা ঠাই টুকুৰা নিবিষায়, নাইবা কামোৰা ঠাইডোখৰ ফুলি নুঠে, তেনেহ’লে বুজিব যে সাপটো বিষাক্ত নহয়।

সাধাৰণতে ক্ৰেইট সাপ বা ডুমুনী সাপে কামোৰাৰ লক্ষণ:

এনে সাপৰ বিষ ফেঁটি সাপতকৈ ৬/৮ গুণ বেছি বিষাক্ত হয়। সাপে কামোৰাৰ পিছত ৩-৫ ঘন্টালৈকে লক্ষণবোৰ ফেঁটি সাপৰ দৰেই হয়। মাথোন তলত দিয়া লক্ষণকেইটাহে ইয়াৰ ব্যতিক্ৰম।

  • সাধাৰণতে কামোৰা ঠাইডোখৰত কোনো ধৰণৰ বিষ হোৱা দেখা নাযায় নাইবা ঠাইডোখৰ ফুলিও নুঠে।
  • কামোৰাৰ কেইঘন্টামানৰ পিছত হঠাতে লক্ষণ কিছুমান দেখা দিব পাৰে।
  • ৬-১২ ঘন্টাৰ ভিতৰত পেটৰ আৰু গাঁঠিৰ বিষ হ’ব পাৰে। কামোৰাৰ অলপ পিছতেই হস্পিতাললৈ নিব লাগে আৰু তাত কেইঘন্টামান চিকিৎসকৰ পৰ্যবেক্ষণত ৰাখিব লাগে।

ফেঁটি সাপে কামোৰাৰ লক্ষণ:

ফেঁটি সাপৰ বিষে স্নায়ু, স্নায়ুতন্ত্ৰ বিকল কৰিব পাৰে। ই প্ৰেৰক স্নায়ুক নিষ্ক্ৰিয় কৰি শ্বাস-প্ৰশ্বাস ৰুদ্ধ কৰে আৰু ফলত হৃদস্পন্দন বন্ধ হৈ ৰোগীৰ মৃত্যু হয়। ফেঁটি সাপে কামোৰাৰ লক্ষণসমূহ হ’ল-

  • কামোৰা ঠাইটুকুৰাত বিষ হয়। কেতিয়াবা বিষ নহবও পাৰে।
  • কামোৰা ঠাইডোখৰ ফুলি উঠে। কেতিয়াবা এঘন্টা বা তাৰো বেছি সময়ৰ পিছত বিষ হয়। কেতিয়াবা ঘা লাগিবও পাৰে। পিছত সম্ভৱতঃ ক্ষতস্থানৰ পচন হয়।
  • চকুৰে অস্পষ্ট দেখে।
  • চকুৰ পতা ওলমি পৰে। ভৰি থৰক বৰক হৈ পৰে।

ৰাচেল ভাইপাৰ বা গোমসাপে কামোৰাৰ লক্ষণ:

গোমসাপৰ বিষে তেজৰ লগত ক্ৰিয়া কৰে। তেজ খমলা বন্ধায়, শৰীৰৰ কোষকলা ধ্বংস কৰে। ইয়াৰ বিষ ফেঁটি সাপৰ বিষতকৈ এক তৃতীয়াংশ কম বিষাক্ত যদিও বিষথলী আৰু বিষদাঁতৰ আকাৰৰ কাৰণে গোম সাপে কামুৰিলে ফুটি উঠা শাৰীৰিক লক্ষণসমূহ হ’ল-

  • ততালিকে আৰু একেলেথাৰিয়ে হোৱা জ্বলা-পোৰা বিষ।
  • কামোৰা অংশ হঠাতে ফুলি উঠে, প্ৰায় দুঘন্টাৰ ভিতৰতে ফুলি প্ৰকাণ্ড হৈ পৰে।
  • কামোৰা অংশখিনিৰ ৰং শেঁতা পৰি যায়, থেতেলা খোৱাৰ দাগ, পানীজোলা বন্ধা আদি লক্ষণে দেখা দিয়ে।
  • বমিভাব, দুৰ্বলতা, ছটফটনি।
  • খেকাৰ, বমি, প্ৰস্ৰাৱ আৰু শৌচত তেজ যায়।
  • চকুৰে দেখাত আৰু উশাহ-নিশাহ লোৱাত কষ্ট পায়।
  • তেজ যাবলৈ ধৰা, ২৪ ঘন্টাৰ পিছত মূত্ৰক্ষয়বিকাৰ(বৃক্কই কাম নকৰা হোৱা) হয়।

কৰতৰ দৰে বাকলিৰ ভাইপাৰ বা বাঁকৰাজ বা আখৈয়াগোম সাপে কামোৰাৰ ফলত দেখা দিয়া শাৰীৰিক লক্ষণ:

আকাৰত সৰু বাঁকৰাজ সাপৰ দাঁত বেছ ডাঙৰ কিন্তু কাপোৰ নাইবা জোতাৰ চামৰাত খোঁট মাৰিলে বেঁকা হ’ব পাৰে।এই সাপৰ বিষৰ তেজ গোট মৰাব পৰা শক্তি বৰ বেছি আৰু এই বিষ ৰাছেল ভাইপাৰ সাপতকৈ বেছি বিষাক্ত। ভাগ্যক্ৰমে ই কম পৰিমাণৰ বিষহে সুমুৱায়। বাঁকৰাজ সাপে কামোৰাৰ প্ৰধান লক্ষণবোৰ হ’ল-

  • জ্বলা-পোৰা বিষ(হয়তো কম পৰিমাণৰ), পিছলৈ বাহু আৰু ভৰিৰ গাঁঠিত বিষ হয়।
  • দুঘন্টাৰ ভিতৰতে ফুলি উঠে, কেতিয়াবা অতি বেছিকৈ ফুলে। বিশেষকৈ যদিহে ভৰিত খোঁট মৰাৰ পিছত ৰোগীয়ে খোজকাঢ়ে বা দৌৰে।
  • দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, কটা ঘাৰ পৰা তেজ ওলোৱা, প্ৰস্ৰাৱত তেজ ওলোৱা।
  • ১২-২৪ ঘন্টাৰ পিছত শৰীৰৰ ভিতৰি ৰক্তক্ষৰণৰ(Internal Hemorrhage) চিন ওলায়।
  • ৰক্তহীনতা, তেজ ক্ষয়ৰ পৰা হোৱা দুৰ্বলতাৰ লক্ষণ ওলায়। হৃদপিণ্ডই কাম নকৰা হোৱা ইত্যাদি।

ৰক্তক্ষৰণ বন্ধ কৰিবলৈ ধৰণী পটিৰে অতি জোৰেৰে বান্ধি দিয়াৰ ফলতো ঠাইডোখৰ বেছি উখহি উঠিব পাৰে। তেজ চলাচল বন্ধ হোৱাৰ ফলত উখহিলে ঠাইডোখৰ চুলে চেঁচা লাগিব কিন্তু সাপৰ বিষৰ কাৰণে ফুলি উঠিলে গৰম লাগিব।

ডঃ য়চিঅ’ চৱাইৰ মতে বেছিভাগ মৃত্যু ফেটি সাপৰ দংশনৰ ফলত হয়, কাৰণ অতি সোনকালে স্নায়ুতন্ত্ৰ আক্ৰান্ত হৈ পক্ষাঘাত সৃষ্টি কৰে। গাঁৱলীয়া অঞ্চলৰ পৰা হস্পিতাললৈ পোৱাৰ আগতেই সাপে খোঁটা বেছিভাগ মৃত্যু হস্পিতালতে হয়। কাৰণ দংশনৰ পিছত মূত্ৰক্ষয় বিকাৰ(বৃক্ক বিকল হোৱা) লক্ষণবোৰ সাপে কামোৰাৰ কেইদিনমানৰ পিছতহে দেখা পোৱা যায়। চিকিৎসালয়ত থাকোতে বা চিকিৎসালয়লৈ আনোতে এনে ৰোগীৰ মৃত্যু হয়। যদিহে সাপে কামোৰা ৰোগীক অনতিপলমে প্ৰতিষেধক চিকিৎসা দিব পৰা যায়, তেনেহ’লে এনে ৰোগীৰ মৃত্যুৰ আশংকা কমি যায়।

হফকিন পলিভেলেট বিষ প্ৰতিৰোধী ছিৰাম গুৱালা তথা ফেঁটি সাপে খুঁটিলে কিছু কামত আহিব পাৰে। কিন্তু পিট ভাইপাৰ আৰু সামুদ্ৰিক সাপে খুঁটিলে এই ঔষধ একো কাম নকৰে।

আমাৰ দেশত পোৱা ২১৬ টা প্ৰজাতিৰ সাপৰ ভিতৰত মাত্ৰ ৫২ টা প্ৰজাতিৰ সাপহে বিষাক্ত। এই বিষাক্ত সাপবোৰৰ চকুৰ তলতে দুটা বিষগ্ৰন্থি থাকে। সিহঁতৰ মুখৰ পেৰটিড লেলাউটি গ্ৰন্থিৰ ৰূপান্তৰ ঘটি ইয়াৰ উৎপত্তি হয়। দুয়োটা গ্ৰন্থি দুডাল নলীৰ দ্বাৰা দুটা বিষদাঁতৰ(Fang) লগত সংলগ্ন হৈ থাকে। বিষদাঁত দুটা অন্য দাঁততকৈ ডাঙৰ, জোঙা আৰু ফোঁপোলা। খোঁট মৰাৰ সময়ত বিশেষ ধৰণৰ মাংসপেশীয়ে দিয়া চাপ বা হেঁচাৰ ফলত দাঁত সংলগ্ন নলীয়েদি বিষ ওলাই আহে। বিষদাঁত দুটা ভাঙি গ’লেও তিনিৰ পৰা ছয় সপ্তাহৰ ভিতৰত পুনৰ দাঁত বাঢ়ি আহে। আফ্ৰিকা আৰু ইণ্ডোনেছিয়াতো পোৱা এস্মিটিং ফেঁটি নামৰ সাপবিধে চিকাৰৰ গালৈ দূৰৈৰ পৰাই বিষ ছটিয়াব পাৰে। অসমতো কোনো এবিধ ফেঁটিসাপে বিষ ছটিয়াই দিব পাৰে। ছটিয়াই দিয়া বিষ চিকাৰৰ চকুত পৰিলে বিপজ্জনক অৱস্থাৰ সৃষ্টি হ’ব পাৰে। এডাল সাপে চিকাৰৰ দেহত এবাৰত কিমান বিষ সুমুৱাই দিব, সেইটো নিৰ্ভৰ কৰে সাপডালৰ আকাৰ, খোঁটাৰ মুহূৰ্ত আৰু বিষগ্ৰন্থিত থকা বিষৰ পৰিমাণৰ ওপৰত। প্ৰাপ্তবয়ষ্ক সাপ এডালৰ বিষগ্ৰন্থিত বেছি পৰিমাণত বিষ থাকে।

মতা ফেঁটি আৰু ক্ৰেইট বা নাগ বা শংখচূড় সাপে ইহঁতৰ মাইকী বোৰতকৈ বেছি পৰিমাণৰ বিষ ধাৰণ কৰে। কম সময়ৰ ভিতৰতে সাপ এডালে বাৰে বাৰে খুঁটিলে প্ৰতিবাৰতে সম পৰিমাণৰ লবিষ সুমুৱাই দিব নোৱাৰে। কাৰণ বিষগ্ৰন্থিত বিষ জমা হ’বলৈ কিছু সময়ৰ প্ৰয়োজন। এডাল প্ৰাপ্তবয়ষ্ক ফেঁটি সাপৰ বিষগ্ৰন্থিত থকা আটাইখিনি বিষে প্ৰায় পোন্ধৰজন মানুহৰ মৃত্যু ঘটাব পাৰে। আনহাতে এডাল ক্ৰেইট সাপে পাঁচজন মানুহ মাৰিব পৰা বিষ ধাৰণ কৰে। পাঁচজন লোকৰ মৃত্যু ঘটাবলৈ সাগৰীয় সাপৰ মাত্ৰ এটোপাল বিষহে প্ৰয়োজন। আক্ৰান্ত প্ৰাণীৰ দেহৰ ওজন আৰু বিষৰ ক্ৰিয়াৰ মাজত এটা নিৰ্দিষ্ট সম্পৰ্ক আছেয়। যি পৰিমাণৰ বিষে এজন সৰু ল’ৰাৰ মৃত্যু ঘটাব পাৰে, সেইখিনিয়ে এজন প্ৰাপ্তবয়ষ্ক ব্যক্তিৰ মৃত্যু ঘটাব নোৱাৰে।

এজন প্ৰাপ্তবয়ষ্ক লোকৰ মৃত্যু ঘটাবলৈ ফেঁটি সাপৰ ১২ মিঃগ্ৰাম, ৰাছেল ভাইপাৰৰ ১৫ মিঃগ্ৰাম, ক্ৰেইট বা নাগসাপৰ ৬ মিঃগ্ৰাম আৰু কৰতদঁতীয়া ভাইপাৰৰ ৮ মিঃগ্ৰাম বিষেই যথেষ্ট। যিবিলাক সাপক অবিষাক্ত্ বুলি ধৰো, সেইবিলাক সাপৰো লেলাউটি চিকাৰ ধৰা আৰু আত্মৰক্ষাৰ সুবিধাৰ বাবে সামান্য পৰিমাণে বিষাক্ত। অৱশ্যে বিষাক্ত সাপৰ দৰে ইহঁতৰ বিষদাঁত আৰু বিসগ্ৰন্থি আদি নাথাকেত।

গ্ৰীষ্মপ্ৰধান অঞ্চলৰ সাপৰ বিষৰ তীব্ৰ্তা আৰু বিষ উৎপাদনৰ পৰিমাণ ঠাণ্ডা অঞ্চলৰ সাপতকৈ বেছি। সকলো সাপৰ ভিতৰত সাগৰীয় Alydnphobis becheri নামৰ সাপবিধ আটাইতকৈ বেছি বিষাক্ত। আনহাতে অন্যান্য সাপৰ তুলনাত ভাইপাৰ সাপৰ বিষ বেছি ভয়াৱহ। ভাইপাৰ সাপৰ বিষত লাইছিন আৰু টক্সিন- এই দুয়োবিধ ৰসায়ন মিহলি হৈ থাকে। গাহৰি, নেউল, ম’ৰা চৰাই আদি প্ৰাণীক বিষাক্ত সাপে খুঁটিলেও সিহঁতৰ গাত বিষৰ প্ৰতিক্ৰিয়া নহয়। কাৰণ সিহঁতৰ দেহত থকা ডাঠ নোম, ৰবৰৰ দৰে ছাল আৰু ছালৰ তলত থকা চৰ্বিৰ ডাঠ তৰপে তেজৰ লগত বিষ মিহলি হোৱাত বাধা দিয়ে।

সাপ-নেউলৰ যুঁজত নেউলে সাপৰ লগত দ্ৰুতগতিত আক্ৰমণ কৰাৰ ভাও ধৰি সাপটোক দুৰ্বল কৰি লয়। তাৰ পিছত সুযোগ বুজি সাপটোৰ ডিঙিত কামোৰ মাৰি সাপটো মাৰে আৰু খাই পেলায়।

কোনো এটা বিষাক্ত সাপে চিকাৰ এটা ধৰোতে তাৰ গাতো কিছু বিষ ঢালি দিয়ে। পিছত এই বিষাক্ত হৈ পৰা চিকাৰটো গিলি খোৱাৰ পিছত সাপটো নিজে বিষক্ৰিয়াত আক্ৰান্ত নহয়। তাৰ বিপৰীতে চিকাৰটোৰ দেহত থকা বিষে সাপটোৰ পাকস্থলীত খাদ্য হজম কৰাত সহায়হে কৰে। সাপৰ বিষে ইয়াৰ চিকাৰৰ নখ আৰু চুলিৰ বাহিৰে আন সকলো অংশ হজম কৰিব পাৰে।

সাপৰ বিষ কেবাবিধো ৰাসায়নিক পদাৰ্থৰ এক জটিল সংমিশ্ৰণ। ইয়াৰ বৰণ হালধীয়া। কিন্তু ৰাছেল ভাইপাৰৰ ক্ষেত্ৰত বিষৰ বৰণ বগা বা হালধীয়া দুয়োটাই হ’ব পাৰে। সাপৰ বিষ আঠাযুক্ত তৰল পদাৰ্থ। ইয়াৰ কোনো সোৱাদ নাইবা গোন্ধ নাই। বিষ গঠনকাৰী প্ৰত্যেকবিধ ৰাসায়নিক বস্তুৱে প্ৰাণীদেহৰ কোষকলাৰ ওপৰত বেলেগ বেলেগ ধৰণে ক্ৰিয়া কৰে। বেছিভাগ সাপৰ বিষত প্ৰটিঅ’লাইছিন, কাৰ্ডিঅ’টক্সিন, হিম’ৰেহেজিন, নিউৰ’ছাইটলাইছিন আৰু এণ্টিবেক্টেৰিছিডিন নামৰ উৎসেচকবিধ থাকে।

প্ৰটিঅ’লাইছিন ফেঁটি, প্ৰৱাল, ৰাছেল ভাইপাৰ, ৰেটল আদিৰ সাপৰ বিষত থাকে। ই ক্ষতস্থান উখহাই তোলাৰ লগতে কলাও ধ্বংস কৰে। কাৰ্ডিঅ’টক্সিনে কলিজাৰ ওপৰত অতি সোনকালে ক্ৰিয়া কৰি হৃদযন্ত্ৰৰ নলীকাৰ প্ৰবল সংকোচন আৰু প্ৰসাৰণৰ সৃষ্টি কৰে। বেছি পৰিমাণৰ বিষ দেহত প্ৰৱেশ কৰিলে কৰ’নাৰি ধমনীৰ প্ৰবল সংকোচন হয় আৰু শেষত কলিজাই কাম কৰিব নোৱাৰা হয়। আনহাতে কম পৰিমাণৰ বিষ প্ৰাণীদেহত প্ৰৱেশ কৰিলে কৰ’নাৰী ধমনীৰ প্ৰসাৰণ বৃদ্ধি পায় আৰু নিম্ন ৰক্তচাপৰ সৃষ্টি হয়। হিম’ৰেহেজিনে ৰক্তবাহিকাৰ অন্তঃস্তৰীয় ক’লা ধ্বংস কৰি ৰক্তক্ষৰণৰ সৃষ্টি কৰে। নিউৰ’ছাইট’লাইছিনে শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণকাৰী স্নায়ুৰ ওপৰত ক্ৰিয়া কৰি শ্বাস-অৱৰোধ ঘটায়। এন্টিবেক্টেৰিছিডিনে তেজৰ বীজাণু নাশ কৰিব পৰা শক্তি ধ্বংস কৰে।

নিউৰ’ছাইট’লাইচিন নামৰ উৎসেচকবিধ ফেঁটি সাপৰ বিষত আৰু আন কিছুমান উৎসেচক ভাইপাৰ, ক’ৰেল, ৰেটল, ক্ৰেইট আৰু সাগৰীয় সাপৰ বিষত থাকে।

বিষাক্ত সাপে খুঁটিলে আজিকালি এণ্টিভেনিন বা সৰ্পবিষ প্ৰতিৰোধক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতৰ মুম্বাই চহৰৰ হফকিন ইনষ্টিটিউট আৰু কচৌলিৰ কেন্দ্ৰীয় গৱেষণা কেন্দ্ৰত এণ্টিভেনিন প্ৰস্তুত কৰা হয়। কোনো ব্যক্তিক বিষাক্ত সাপে খুঁটিলে লগে লগে এণ্টিভেনিন প্ৰয়োগ কৰিব পৰাকৈ ঔষধৰ যোগান নাপাবও পাৰে। এনেক্ষেত্ৰত নিম্নলিখিত ব্যৱস্থাসমূহ লোৱা দৰকাৰ।

  • ৰোগীক লৰচৰ কৰিবলৈ দিব নালাগে। লৰচৰ কৰিলে ৰক্তনলীৰে বিষ বিয়পাত সহজ হয়।
  • হাত-ভৰিত খুঁটিলে ক্ষতস্থানৰ অলপ ওপৰত ৰছী, কাপোৰ বা আন সুবিধাজনক বস্তুৰে কিছু টানকৈ বান্ধিব লাগে।
  • বান্ধনী একেৰাহে ত্ৰিছ মিনিটতকৈ বেছি সময় ৰখা উচিত নহয়। আৰু প্ৰতি বিছ মিনিটৰ মূৰে মূৰে বান্ধনী ত্ৰিছ ছেকেণ্ডমানৰ বাবে ঢিলা কৰি দি পুনৰ বান্ধিব লাগে। এনে কৰাৰ ফলত কিছু বিষযুক্ত তেজ ভাল তেজৰ লগত মিহলি হৈ বিষৰ ক্ষমতা লোপ পায়।
  • বান্ধনী থকা বিছ মিনিটৰ ভিতৰতে ক্ষতস্থানৰ অলপমান ওপৰত পৰিষ্কাৰ চোকা ব্লেড বা ছুৰীৰে হাড় আৰু ৰক্তবাহী নলীত নলগাকৈ সাৱধানে মাংসপেশীৰ অলপমান ফালি দি চেপি চেপি বিষযুক্ত তেজ উলিয়াবলৈ চেষ্টা কৰিব লাগে।
  • ফালি দিয়া ঠাইখিনি নিমখ পানী তিওৱা কাপোৰেৰে ঢাকি থোৱা ভাল।
  • সাপে খোঁটাৰ দহ মিনিটৰ ভিতৰত কোনো লক্ষণে দেখা নিদিলে অথবা আক্ৰান্ত ব্যক্তিৰ স্বাভাৱিকতাৰ কোনো পৰিৱৰ্তন নহ’লে সাপডাল অবিষাক্ত অথবা খোঁটাৰ সময়ত বিষ সুমুৱাবলৈ বিষ নাছিল বুলি ধৰিব পাৰি।
  • আক্ৰান্ত ব্যক্তিজনে যাতে ভয় নাখায়, তাৰ প্ৰতি চকু ৰাখিব লাগে। কাৰণ বেছিভাগ ক্ষেত্ৰতে ভীতিগ্ৰস্ত হৈহে(Nervous) ৰোগীৰ মৃত্যু হয়।
  • প্ৰাথমিক চিকিৎসা দংশনৰ লগে লগে আৰু যিমান পাৰি কম সময়ৰ ভিতৰত দি ডাক্তৰৰ ওচৰ চপা উচিত।

লেখক: ভাৰত চন্দ্ৰ বৰা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

 

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate