অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হজম ভাল হ’বলৈ ১২ টা টিপছ :

হজম ভাল হ’বলৈ ১২ টা টিপছ :

 

স্বাস্থ্য ভালে ৰাখিবলৈ আমি খোৱা খাদ্য বস্তু বহলকৈ হজম খোৱাটো একান্ত প্ৰয়োজন। আমি খুব পুষ্টিকৰ খাদ্য খালেও যদি ভালকৈ হজম নহয়, তেন্তে শৰীৰে সেই পুষ্টিকৰ উপাদানবোৰ গ্ৰহণ কৰিব নোৱাৰে। বদহজমে আমাৰ স্বাস্থ্য, মগজুৰ স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলায়। যাৰ ফলত বিভিন্ন ৰোগৰ আশংকা বাঢ়ি যায়, স্মৃতিশক্তি কমি যায়, দুৰ্বল অনুভৱ হয় আৰু মানসিক অৱসাদত ভুগিব লাগে।

তদুপৰি বদহজমৰ বাবে উগাৰ মৰা, পেট ওফন্দি থকা, পেটৰ অসুখ, পেটৰ বিষ আদিত ভুগিব লাগে। সেইবাবে খাদ্য ভালকৈ হজম হোৱাৰ বাবে কেইটামান টিপছ উল্লেখ কৰিলোঁ।

(১) খাদ্য ভালকৈ চোবাই খাব: আমি কোনো খাদ্য বস্তু যেতিয়া চোবাওঁ, তেতিয়া খাদ্যৰ টুকুৰাবোৰ খুব ক্ষুদ্ৰ অংশত পৰিণত হয়, যাতে শৰীৰে খাদ্যৰ পুষ্টিকৰ উপাদানবোৰ হজম কৰিব পাৰে। খাদ্যবস্তু আমি যিমানেই ক্ষুদ্ৰতম অংশত পৰিণত কৰিব পাৰোঁ, আমাৰ ক্ষুদ্ৰান্ত্ৰই (স্মল ইনটেষ্টিন) সিমানে সহজে পুষ্টিকৰ উপাদানবোৰ শুহি ল’ব পাৰিব। ভালকৈ চোবাই নাখালে, খাদ্যৰ ডাঙৰ অংশবোৰ পাচন যন্ত্ৰত ৰৈ যায় আৰু তাত থকা অপকাৰী বীজাণুবোৰক ইন্ধন যোগায় আৰু ৰোগৰ সৃষ্টি কৰে। বেলেগ বেলেগ খাদ্যৰ চোবোৱাৰ মাত্ৰাও বেলেগ বেলেগ। কল এটাতকৈ এটুকুৰা মাংস বেছি সময় চোবোৱাৰ প্ৰয়োজন। বিশেষজ্ঞসকলৰ মতে খাদ্যবস্তু যেতিয়ালৈকে মণ্ডৰ নিচিনা হৈ নাযায়, তেতিয়ালৈকে চোবাব লাগে। তদুপৰি চোবোৱাৰ সময়ত আমাৰ মুখৰ পৰা লেলাউটি (ছলাইভা) ওলোৱা আৰম্ভ হয়। লেলাউটিত কিছুমান পাচক ৰস (এনজাইম) থাকে, যি খাদ্যবস্তু হজম কৰাত সহায় কৰে। গতিকে সকলো খাদ্যবস্তু খুব ভালকৈ সময় লৈ চোবাই খোৱা উচিত। যিমানে বেছি সময় চোবাব, সিমানেই লেলাউটি ওলাব আৰু খাদ্য হজম কৰিবলৈ বেছি সময় পাব।

(২) আহাৰ গ্ৰহণ কৰাৰ সময়ত বেছিকৈ পানী নাখাব: আহাৰ গ্ৰহণৰ সময়ত খুব কম পৰিমাণৰ পানী মাজে মাজে খাব। আহাৰ গ্ৰহণৰ সময়ত বা তাৰ ঠিক পিছতেই বেছি পৰিমাণৰ পানী খাব নালাগে। কাৰণ পানীয়ে পাচন  ৰসসমুহ  তৰল কৰি পেলায় যাৰ বাবে হজমত ব্যাঘাত জন্মে।

(৩) আহাৰ গ্ৰহণৰ পিছতেই কফী নাখাব: খাদ্য গ্ৰহণৰ সময়ত বা ঠিক তাৰ পিছতে কফী খালে হজমত ব্যাঘাত জন্মে। কফীৰ পৰা কিছুসংখ্যক লোকৰ বুকু জ্বলা (হাৰ্টবাৰ্ন) হ’ব পাৰে। কফীৰ সলনি গ্ৰীন টী খাব পাৰে।

(৪) আহাৰ গ্ৰহণৰ ঠিক পিছতেই বেছি পৰিমাণৰ ফল নাখাব: বেছি পৰিমাণৰ ফল খালে পেট ওফন্দি যোৱা, গেছ, পেটৰ বিষ আদি হ’ব পাৰে আৰু খাদ্য ভালকৈ হজম নহ’ব।

(৫) আহাৰ গ্ৰহণৰ পিছত কষ্টসাধ্য ব্যায়াম নকৰিব: আহাৰ গ্ৰহণৰ পিছতে খাদ্য হজম হ’বলৈ শৰীৰৰ ৰক্ত চলাচল পাচন যন্ত্ৰলৈ বৃদ্ধি পায়। খাদ্য গ্ৰহণৰ পিছত কষ্টসাধ্য ব্যায়াম কৰিলে পাচন যন্ত্ৰলৈ তেজ অহা প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়ে। ফলত খাদ্য ভালকৈ হজম নহয়।

(৬) আহাৰ গ্ৰহণৰ ঠিক পিছতেই গৰম পানীৰে স্নান নকৰিব: গৰম পানীৰে স্নান কৰিবৰ সময়ত শৰীৰৰ তাপমান বৃদ্ধি পায়। শৰীৰৰ তাপমান নিয়ন্ত্ৰণ কৰিবৰ বাবে হজমৰ কাৰণে প্ৰয়োজন হোৱা ৰক্ত পাচন যন্ত্ৰৰ পৰা শৰীৰৰ ছাললৈ যাব লগা হয়। ফলত হজম হ্ৰাস পায়।

(৭) প্ৰত্যেক আহাৰৰ লগত শাক-পাচলি খাব :সেউজীয়া শাক-পাচলিত যথেষ্ট পৰিমাণে আঁহজাতীয় পদাৰ্থ (ফাইবাৰ) থাকে। ফাইবাৰৰ উপৰি শাক-পাচলি বিভিন্ন ভিটামিন আৰু এনজাইমেৰে ভৰপুৰ, যি খাদ্য ভালকৈ হজম হোৱাত সহায় কৰে। খাদ্যত ফাইবাৰৰ মাত্ৰা যিমানেই বেছি হ’ব, শৰীৰৰ চৰ্বিৰ মাত্ৰা সিমানেই কমিব।

(৮) আহাৰৰ পিছত লাহে লাহে খোজকাঢ়ক : যদিও আহাৰ গ্ৰহণৰ পিছত কষ্টসাধ্য ব্যায়াম কৰিলে হজমত ব্যাঘাত জন্মে, লাহে লাহে ১০ ৰ পৰা ১৫ মিনিট খোজকাঢ়িলে খাদ্য ভালকৈ হজম হোৱাত সহায় কৰে। বয়োজ্যেষ্ঠ ব্যক্তিয়ে আহাৰৰ পিছত ১৫ মিনিটকৈ দিনে দুবাৰ লাহে লাহে খোজকাঢ়িলে ৰক্তত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক হয়।

(৯) দৈ খাওক: দৈত প্ৰবায়োটিকছ থাকে। প্ৰবায়োটিকছ হ’ল কিছুমান জীৱাণু, যি আমাৰ স্বাস্থ্যৰ বাবে আৱশ্যক। এই জীৱাণুবোৰে আমাৰ পাচন যন্ত্ৰত থাকি হজমত সহায় কৰে। সেইবাবে নিয়মীয়াকৈ দৈ খাওক। প্ৰবায়োটিকছ কেপছুলো বজাৰত পোৱা যায়। তেনে কেপছুল দৈনিক ব্যৱহাৰ কৰিব পাৰি।

(১০) ডাইজেষ্টিভ এনজাইম ঔষধ: ডাইজেষ্টিভ এনজাইম থকা কেপছুল বা টনিক ঔষধৰ দোকানত কিনিবলৈ পোৱা যায়। এনে ঔষধত কেইবাবিধো এনজাইম থাকে, যি হজম প্ৰক্ৰিয়াত সহায় কৰে।

(১১) আহাৰ খুব লাহে লাহে খাব: আহাৰ খুব ভালকৈ চোবাই লাহে লাহে খাব। টিভিৰ সমুখত বহি আহাৰ গ্ৰহণ নকৰিব। আপুনি খোৱা প্ৰত্যেক খাদ্যৰ স্বাদ উপলব্ধি কৰক আৰু খোৱাৰ আনন্দ লওক। খোৱাৰ সময়ত ফেচবুক, হোৱাটছএপ আদি ব্যৱহাৰ নকৰি খোৱাত মনোযোগ দিয়ক। মুখত এবাৰত কম পৰিমাণৰ খাদ্য ভৰাব আৰু লাহে লাহে বহুত সময় চোবাব।

(১২) আহাৰ গ্ৰহণ কৰি উঠিয়েই নুশুব: আহাৰ গ্ৰহণ কৰাৰ কমেও দুঘন্টা পিছতহে শুবলৈ যাব, যাতে খাদ্য হজম হ’বলৈ কিছু সময় পায়। বাওঁফালে কাটি হৈ শুলে হজম ভালকৈ হয়। ওপৰত উল্লেখ কৰা টিপছকেইটা মানি চলি নিজৰ স্বাস্থ্যৰ উন্নতি কৰক। আৰু বিভিন্ন ৰোগৰ পৰা নিজকে ৰক্ষা কৰক।

লেখক: ডা: চন্দন বৰুৱা (নিয়মীয়া বাৰ্তা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate