অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাতৰ তলুৱাৰ ঘাম প্ৰতিৰোধৰ উপায়

হাতৰ তলুৱাৰ ঘাম প্ৰতিৰোধৰ উপায়

প্ৰায়বোৰ লোকৰে অতি কম পৰিমাণে হাতৰ তলুৱা ঘামাৰ্ত্ব হোৱাটো স্বাভাৱিক কিন্তু হাতৰ তলুৱা অতিপাত ঘামি থকাটো এটা বিব্ৰতকৰ সমস্যা। হাতৰ তলুৱা ঘমা কাৰ্য্যই কেৱল যে কাম-কাজ কৰাতেই অসুবিধাৰ সৃষ্টি কৰে সেয়া নহয়। আন লোকৰ সন্মুখতো অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয়। যদিহে অতিপাত হাতৰ তলুৱা ঘামে সাধাৰণ ঘৰুৱা উপায়েৰে এই কাৰ্য্য কেনেকৈ প্ৰতিৰোধ কৰিব সেই সম্পৰ্কে তলত ব্যাখ্যা কৰা হ’ল:

১) প্ৰতিদিনে বিলাহীৰ ৰস গ্ৰহণ কৰক

কেবল হাতৰ তলুৱাই নহয় শৰীৰৰ যিকোনো অংশই অতিৰিক্ত ঘাম প্ৰতিৰোধ কৰিবলৈ প্ৰতিদিনে এক গিলাচকৈ বিলাহীৰ ৰস গ্ৰহণ কৰক। বিলাহীৰ ৰস গ্ৰহণ কৰিব নোৱাৰিলে সম পৰিমাণৰ কেঁচা বিলাহীও চালাড হিচাপে খাব পাৰে। ই ঘাম নিয়ন্ত্ৰণত সহায় কৰাৰ উপৰিও গাৰ ছাল সুন্দৰ আৰু পৰিষ্কাৰ কৰি ৰাখে। বিলাহীত থকা পটাছিয়াম আৰু মেগনেছিয়ামে ঘাম নিয়ন্ত্ৰণত উল্লেখ্যযোগ্য ভূমিকা গ্ৰহণ কৰে।

২) বেকিং চোডা

দুইখন হাত ডুবাব পৰা পানীত বেকিং চোডা মিহলি কৰি সেই পানীত প্ৰতিদিনে ১৫-২০ মিনিট হাত ডুবাই ৰাখক। অতিপাত ভৰি ঘমাৰ ক্ষেত্ৰতো এই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

ইয়াৰ উপৰিও বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ ঘাম নিৰোধক স্প্ৰে বা টেলকম পাউদাৰ ব্যৱহাৰ কৰি সাময়িকভাৱে ঘাম নিয়ন্ত্ৰণ কৰাৰ লগতে ঘামৰ পৰা নিৰ্গত হোৱা দূৰ্গন্ধ প্ৰতিৰোধ কৰিব পৰা যায়।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 5/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate