অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাৰ্ট কেয়াৰ ছ’চাইটিৰ হৃদয় দিৱস পালন

হাৰ্ট কেয়াৰ ছ’চাইটিৰ হৃদয় দিৱস পালন

 

অসমৰ হাৰ্ট কেয়াৰ ছ’চাইটিৰ গুৱাহাটী চেপ্তাৰে,’বিশ্ব হৃদয় দিৱস’উপলক্ষে দুটা অনুষ্ঠানৰ আয়োজন কৰে।এইবছৰ এই দিৱসৰ অনুষ্ঠান দুৰ্গা পুজাৰ কাৰণে কিছু আগতীয়াকৈ আয়োজন কৰিব লগা হয়।

‘সমগ্ৰ বিশ্বতে বছৰি ১৭.৫ নিযুত লোকৰ মৃত্যু হয় হৃদৰোগৰ বাবে।বিশ্বত বছৰি যিমান লোকৰ অসংক্ৰমণজনিত ৰোগত মৃত্যু হয়,সেইবোৰৰ ভিতৰত এই ৰোগক তৃতীয় স্থানত ৰখা হৈছে।এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰায় ৮০ শতাংশ লোক নিম্ন আৰু মধ্যমীয়া আয়ৰ অন্তৰ্ভুক্ত দেশৰ নাগৰিক’।–এই মন্তব্য বিশিষ্ট শল্য হৃদৰোগ বিশেষজ্ঞ তথা হাৰ্টকেয়াৰ ছ’চাইটি,অসমৰ গুৱাহাটী শাখাৰ সম্পাদক ডা: বিকাশ ৰায় দাসৰ।‘বিশ্ব হৃদ দিৱস’উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত সজাগতা অনুষ্ঠান তথা সংবাদমেলত ডা: দাসে এইদৰে মন্তব্য আগবঢ়ায়।ৰাজ্যখনৰ বিভিন্ন ঠাইত হৃদৰোগ সম্পৰ্কে ৰাইজক সচেতন কৰিবলৈ সজাগতা সভাৰ লগতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি অহা স্বেছাসেৱী সংগঠন হাৰ্ট কেয়াৰ ছ’চাইটি,অসমৰ গুৱাহাটী শাখাই ২২ ছেপ্টেম্বৰত হৃদ দিৱস উপলক্ষে এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰে।

ডা: দাসে পুনৰ কয় যে বহুতৰে মনত ভ্ৰান্ত ধাৰণা আছে যে হৃদৰোগ কেৱল বয়ষ্ক লোকৰহে হয়,কম বয়সীয়া লোক আক্ৰান্ত নহয়।কিন্তু এয়া ভ্ৰান্ত ধাৰণাহে ।মহিলা আৰু শিশুসকলক বিশেষকৈ কৈশোৰ অৱস্থাৰ ল’ৰা-ছোৱালী এই ৰোগত আক্ৰান্ত নহয় বুলি ভবা হয় যদিও এই সকলোবোৰ এনে ৰোগৰ চিকাৰ হ’ব পাৰে।এই শ্ৰেণীৰ লোকসকল আক্ৰান্ত নহয় বুলি ভাবিয়েই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰে।সেইবাবে হৃদৰোগত আক্ৰান্তৰ লগতে ইয়াৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰতি মুহুৰ্ততে বৃদ্ধি পাব ধৰিছে।

তেওঁ পুনৰ কয় যে সুস্বাস্থ্যৰ লগতে মাদক দ্ৰব্য বৰ্জন,ধুমপানৰ পৰা আঁতৰি থাকি এজন লোকে এটা সুস্থ জীৱন যাপন কৰিব পাৰে।এই উপলক্ষে হাৰ্ট কেয়াৰ ছ’চাইটি,অসমৰ সভাপতি তথা বিশেষজ্ঞ ডা: এন কে ভট্টাচাৰ্যই কয় যে-হৃদৰোগ সম্পৰ্কে ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত বিশ্ব হৃদ দিৱসে এক বিশেষ ভুমিকা গ্ৰহণ কৰিছে।আমাৰ ছ’চাইটিৰ সদস্যসকলৰ লগতে আমি সকলো শুভাকাংক্ষীৰ সহযোগত ব্যক্তিগতভাৱে অথবা পৰিয়াল,দেশ তথা চৰকাৰৰ সহযোগত ৰাইজক সজাগ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব পাৰো।আমি একেলগে হাতে হাত ধৰি হৃদৰোগত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস কৰিব পাৰো।উক্ত অনুষ্ঠানত হাৰ্ট কেয়াৰ ছ’চাচইটি,অসমৰ গুৱাহাটী শাখাৰ সভাপতি এ.এন. দাসো উপস্থিত থাকে।এই দিৱস উপলক্ষে ড° মুক্তা বিশ্বাস সম্পাদিত ‘হৃদয়’নামৰ মুখপত্ৰখনি উন্মোচন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড° ভৱেশ চন্দ্ৰ গোস্বামীয়ে।হাৰ্ট কেয়াৰ ছ’চাইটিৰ এনে সজাগতামুলক কাৰ্যসুচীক অধ্যাপক গোস্বামীয়ে প্ৰশংসা কৰে।

বিশেষ অতিথি হিচাপে উক্ত অনুষ্ঠানত উপস্থিত থাকে অভিনেত্ৰী জেৰিফা ৱাহিদ।উক্ত অনুষ্ঠানটোৰ আঁত ধৰে হাৰ্ট কেয়াৰ ছ’চাইটি,অসমৰ গুৱাহাটী শাখাৰ সহকাৰী সম্পাদক বেলা নেওকাই।শলাগৰ শৰাই আগবঢ়াব হাৰ্ট কেয়াৰ ছ’চাইটি,অসমৰ গুৱাহাটী শাখাৰ উপ-সভাপতি ডা: নীলাম্বৰ বুঢ়াগোঁহায়ে।

২/পিছদিনা অৰ্থাৎ ২৩ ছেপ্টেম্বৰৰ দিনা ইণ্ডিয়ান অয়লৰ নুনমাটিৰ জুবিলী হলত ‘বিশ্ব হৃদয় দিৱস’উপলক্ষে সন্ধিয়া ৬ বজাৰ পৰা আন এক অনুষ্ঠানো ৰুপায়ণ কৰা হয়।এই উপলক্ষে বিশ্ব হৃদয় দিৱসৰ বিভিন্ন দিশ সম্পৰ্কে এক গম্ভীৰ্যপুৰ্ণ আলোচনাৰ আয়োজন কৰা হয়।নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলক হাৰ্ট কেয়াৰ ছ’চাইটিৰ গুৱাহাটী চেপ্তাৰৰ সম্পাদক ডা: বিকাশ ৰায় দাসে আদৰণি জনায় আৰু সভাপতি শ্ৰী এ.এনন্দাসে আদৰণি ভাষণ প্ৰদান কৰে।শ্ৰীমতী অৰ্চনা ভট্টাচাৰ্যৰ ‘শ্লোক’কাৰ্যসুচীৰে বন্তি প্ৰজ্বলন কৰা হয়।অসম হাৰ্ট কেয়াৰ ছ’চাইটিৰ সভাপতি ডা:এন.কে.ভট্টাচাৰ্যই সভাত উপস্থিত বিশিষ্ট চিকিৎসক আৰু সভাৰ মুখ্য অতিথি ডা: এন.চি বৰা আৰু বিশিষ্ট অতিথি ডা: বি.খাখলাৰীক একোটিকৈ স্মাৰক প্ৰদান কৰে।ডা: বৰা আৰু সভাপতি ডা: এন.কে.ভট্টাচাৰ্যই দুটি বহুমুলীয়া ভাষণ প্ৰদান কৰে।ইয়াৰ পিছতে ছ’চাইটিৰ গুৱাহাটী চেপ্তাৰৰ সম্পাদক ডা: বিকাশ ৰায় দাসে সঞ্চালন কৰা এটি আলোচনাত ভাগ লয়-ডা: বি.খাখলাৰী,ডা: মিছেচ দাস,শৰৎ ৰাজখোৱা আৰু আৰ. জে. নন্দীয়ে।শেষত শলাগৰ শৰাই আগবঢ়ায় শ্ৰীমতী বেলা নাওকাই।সভাৰ শেষত ভালেমান কাৰ্যসুচীৰে এক বৰ্ণাঢ্য  বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হয়।

উৎস:স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate