অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদয়ৰ বন্ধু বাদাম

হৃদয়ৰ বন্ধু বাদাম

কম ব্যয়ত স্বাস্থ্য ৰক্ষাৰ লগতে সময় কটোৱাৰ এক উপযুক্ত বন্ধু হ’ল বাদাম। ইয়াৰ উপকাৰসমূহ তলত উল্লেখ কৰা হ’ল

১) বাদামত প্ৰচুৰ পৰিমাণৰ শৰীৰৰ বাবে উপকাৰী চৰ্বী, উদ্ভিদজ মাংসসাৰ, খাদ্যপ্ৰান, খনিজ, আঁহ আৰু প্ৰতিজাৰকৰ দৰে প্ৰয়োজনীয় খাদ্য উপাদান থাকে। সেইবাবেই পুষ্টি বিজ্ঞানীসকলে প্ৰতিদিনেই বাদাম গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।

২) বাদাম হৃদয়ৰ বন্ধু। প্ৰতি একক বাদামত ৮০ শতাংশ শৰীৰৰ বাবে উপকাৰী চৰ্বী থাকে। প্ৰতি একক শুকান বাদামত সংপৃক্ত চৰ্বীৰ পৰিমাণ মাত্ৰ ২ শতাংশ আৰু অসংপৃক্ত চৰ্বীৰ পৰিমাণ প্ৰায় ১১.৪ শতাংশ থাকে।

৩) অসংপৃক্ত চৰ্বীসমূহ হৃদয়ৰ বাবে অতি উপকাৰী আৰু এইসমূহে সংপৃক্ত চৰ্বীৰ পৰিমাণ কমাই ৰখাত সহায় কৰে।

৪) বাদামত থকা এল আৰ্জিনিনে শৰীৰৰ ধমনীসমূহৰ চাৰিওকাষ কোমল আৰু সৱল কৰি ৰখাত সহায় কৰে।

৫) ধমনীসমূহত তেজ জমা হোৱাত বাধা প্ৰদান কৰি হৃদযন্ত্ৰ বিকল হোৱাৰ সম্ভাৱনীয়তা কমাই ৰাখে। এটা অধ্যয়নত দেখা গৈছিল যে যিসকল লোকে সপ্তাহত কমেও চাৰিদিন বাদাম গ্ৰহণ কৰিছে তেওঁলোকৰ হৃদৰোগ জনিত মৃত্যুৰ আশংকা ৪০ শতাংশ হ্ৰাস পায়।

৬) বাদামে উচ্চ ৰক্তচাপ, ষ্ট্ৰোক, মধুমেহসহ বহুবোৰ ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হয়।

৭) চীনা বাদামত ৰেচ ভেৰাট্ৰ’ল নামৰ এবিধ প্ৰতিজাৰক থাকে। যিয়ে শৰীৰৰ ৰক্তবাহী নলীৰ ওপৰত এনজিঅটেনছনৰ কাৰ্য্যকৰীতা কমাই তোলে। ফলত ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখি হঠাৎ ৰক্তচাপ বৃদ্ধি হৈ হোৱা ষ্ট্ৰোকৰ সম্ভাৱনীয়তা কমাই তোলে।

৮) বাদামত ক’এনজাইম কিউ ১০ (Co-Q10) নামৰ এক শক্তিশালী প্ৰতিজাৰক থাকে। ই হৃদপিণ্ড মগজু আৰু মাংসপেশীৰ স্বাভাৱিক কাম-কাজৰ এক গুৰুত্বপূৰ্ণ ভূমিকা লয়। যুৱাৱস্থা দীৰ্ঘতম কৰাত এই প্ৰতিজাৰকে সহায় কৰাৰ লগতে হৃদৰোগ, মধুমেহ, উচ্চ ৰক্তচাপ, স্তনৰ কৰ্কট ৰোগ, হাড়ৰ ৰোগ, বিভিন্ন পেশী সমস্যা, বন্ধ্যাত্ব, পাকস্থলীৰ আলচাৰ আদি ৰোগ প্ৰতিৰোধ আৰু নিৰাময়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

৯) বাদামত আঁহ আৰু ফাইট’ষ্টেৰল থাকে। ই আপোনাৰ পৰিপাকতন্ত্ৰৰ কাৰ্য্যদক্ষতা বৃদ্ধি কৰাৰ লগতে ৰেচন প্ৰক্ৰিয়া স্বাভাৱিক কৰাৰ লগতে মলদ্বাৰৰ কৰ্কট ৰোগসহ বিভিন্ন ধৰণৰ কৰ্কট ৰোগ আৰু মধুমেহ আৰু প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

১০) বাদামত অধিক পৰিমাণৰ খাদ্যপ্ৰান আৰু খনিজ দ্ৰব্য থাকে। ইয়াত খাদ্যপ্ৰান বি কমপ্লেক্স আৰু খাদ্যপ্ৰান ই থাকে। যিয়ে শৰীৰৰ সামগ্ৰিক সুস্থতা বজাই ৰখাৰ লগতে ছাল, চুলি আৰু পেশীসমূহক ভালে।

১১) বাদামত অধিক পৰিমাণৰ ফলিক এচিড থকাৰ বাবে গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ শিশুৰ বাবেও ই অত্যন্ত উপকাৰী।

প্ৰতিদিনে ৰাতিপুৱা তিয়াই থোৱা কেঁচা বাদামৰ পানী আৰু সন্ধিয়া শুকান বাদাম খাই যৌৱনক দীৰ্ঘতম কৰাৰ লগতে নিজৰ স্বাস্থ্যও সুস্থ কৰি ৰাখক। প্ৰতিদিনে কমেও ৫০ গ্ৰাম বাদাম গ্ৰহণে আপোনাৰ স্বাস্থ্য ৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

লিখক: পংকজ নেওগ।

উৎস: জাৰ্নেল অফ আমেৰিকান মেডিকেল এচো’চিয়েছন

শেহতীয়া উন্নীতকৰণ: : 5/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate