অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৫ টা পৰীক্ষাৰে সুস্থ-সবল হৈ থাকক

 

মহিলা অবিহনে এখন ঘৰৰ অস্তিত্বই নাথাকে। পৰিয়ালৰ সকলোবোৰ প্রয়োজনীয়তাৰ খবৰ ৰাখে এগৰাকী মহিলাই। সকলোৰে খবৰ ৰখাৰ পাছত এগৰাকী মহিলাই নিজৰ শৰীৰটোক লৈ যথেষ্ট আওকাণ কৰা পৰিলক্ষিত হয়। যাৰ ফলত শৰীৰত বহুতো বেমাৰে বাহ লয়। যদি সময়ে সময়ে বছৰত পাঁচটা পৰীক্ষা কৰোৱা হয় তেতিয়া শৰীৰৰ লগত জড়িত বহুতো বেমাৰৰ পৰা হাত সাৰি থকা দেখা যায়।

হাড়ৰ পৰীক্ষা

 

মহিলাৰ বাবে হাড়ৰ পৰীক্ষা কৰোৱা অত্যন্ত প্ৰয়োজনীয়। বাঢ়ি যোৱা বয়স আৰু দুৰ্বলৰ বাবে মহিলাৰ হাড়বোৰ ঠুনুকা হৈ পৰা দেখা যায়। এই বেমাৰবিধক অষ্টিঅ'প'ৰ'ছিছ বুলি কোৱা হয়। ইয়াৰ ফলত শৰীৰত কেলচিয়ামৰ পৰিমাণ কমি যায়। আৰম্ভণিতে এই ৰোগবিধৰ বিষয়ে জনা নাযায়, কিন্তু বেমাৰবিধ বাঢ়ি যোৱাৰ লগে লগে পৰিস্থিতি সংকটজনক হয়। ইয়াৰ বাবে প্রয়োজনীয় যে বছৰত কমেও এবাৰ হাড়ৰ চেকআপ কৰাওক।

ডিপ্ৰেছন পৰীক্ষা

 

আজিকালি প্রত্যেকেই জীৱনত বহুত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়। দৌৰি ফুৰা জীৱনত পৰিয়ালৰ লগত সময় অতিবাহিত কৰাটোও টান হৈ পৰে। এই কথাটোক লৈ মহিলাসকল অত্যন্ত চিন্তিত হৈ পৰে। উক্ত সমস্যাৰ পৰা মুক্তি পাবৰ বাবে বছৰত এবাৰ মহিলাসকলে স্ক্রীনিং টেষ্ট কৰাব লাগে। এই পৰীক্ষাটোৱে মহিলাসকলৰ জীৱনত অশান্তিসমূহ দূৰ কৰে। যাৰ সহায়ত মহিলাসকলৰ ডিপ্ৰেছন কম হয়।

পাব্লিক আল্ট্ৰাছাউণ্ড

 

মহিলাসকলৰ ঋতুস্ৰাৱ অনিয়ম হোৱা, দুখ-ভাগৰ, সন্তান জন্ম দিয়া আদি মহিলাৰ বাবে সাধাৰণ কথা। সেইবাবে পাব্লিক আল্ট্ৰাছাউণ্ড কৰোৱা হয়৷ য’ত অভাৰী কেন্সাৰৰ দৰে বিপদৰ পৰা মুক্তি পাব পাৰি।

হাইপ'থাইৰয়ডিক্স পৰীক্ষা

 

এই সমস্যাটো পাঁচগৰাকী মহিলাৰ ভিতৰত দুগৰাকীৰ গাত দেখা যায়৷ য’ত ওজন বেছি পানীলগা, ভাগৰ আদিৰ দৰে অশান্তিসমূহ আহিব পাৰে। এই বেমাৰবিধ হ’লে থায়ৰাক্সিন হৰম’ন কমি যায়৷ ইয়াৰ বাবে বছৰত এবাৰ টি এছ এছ টেষ্ট কৰোৱাটো অত্যন্ত প্রয়োজনীয়।

মেমগ্রাম পৰীক্ষা

 

চল্লিশ বছৰ পাৰ হোৱাৰ পাছত মহিলাসকলে এই পৰীক্ষা কৰোৱাটো আৱশ্যকীয়। এই পৰীক্ষাটোৰ সহায়ত ব্ৰেষ্ট কেন্সাৰৰ পৰা মুক্তি পাব পাৰি। যদি পৰিয়ালত এই বেমাৰত ভোগা ব্যক্তি আছে তেন্তে এই বেমাৰবিধ বেলেগলৈও সোঁচৰিব পাৰে।

এই ধৰণৰ পাঁচটা পৰীক্ষা কৰিলে মহিলাসকলে শৰীৰটোক সুস্থ সবলভাৱে ৰাখিব পাৰিব।

উৎস: গণ অধিকাৰ।

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate