মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ৰং কৰা চুলিৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰং কৰা চুলিৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা

ৰং কৰা চুলিৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা লিখা হৈছে

 

আজিকালি চুলি ৰং কৰাটো যুৱক-যুৱতীসকলৰ মাজত যথেষ্ট জনপ্রিয়। তেজৰঙা, বেঙুনীয়া, নীলা, চকলেট আদি বিভিন্ন ৰঙেৰে চুলিখিনি সজোৱাতো যুৱক-যুৱতীসকলৰ নতুন ফেশ্বন। পিছে চুলিত ৰং কৰাৰ পিছত চুলিৰ বিভিন্ন সমস্যাত ভোগা দেখা যায়।

চুলি ৰং কৰাৰ পিছত ল’বলগীয়া কিছু সাৱধানতা হ’ল-

 

১। প্রথমবাৰ কাৰণে যদি চুলি ৰং কৰিব তেনেহ’লে চুলি বিশেষজ্ঞ এজনৰ লগত কথা পাতিহে চুলি ৰং কৰিব।

২।  ভাল ব্ৰেণ্ডৰ ৰঙহে ব্যৱহাৰৰ কৰিব।

৩। বজাৰত বহুতো ৰং কৰা চুলিক সুৰক্ষা দিব পৰা কৰাৰ আগতে চেম্পুৰ ব্ৰেণ্ডটোৰ বিষয়ে ভালকৈ জানি ল’ব।

৪। কণ্ডিচনাৰ ব্যৱহাৰ কৰাটো খুবেই প্রয়োজন। ৰং কৰা চুলিৰ সুৰক্ষাৰ বাবে ডিপ কণ্ডিচনিং কৰিব।

৫। উফি থকা চুলিত ৰং নকৰিব। উফিমুক্ত হৈহে ৰং কৰিব লাগে।

৬। তিতা চুলিত কাহানিও ৰং নকৰিব।

৭। ছুইমিং পুল আদিত স্বাৱাৰ কেপ পৰিধান কৰিব।

৮। মূৰ নুধুলে চুলিত পানী নলগাব।

৯। চুলিত ৰং কৰা দুদিনলৈকে মূৰ নুধুব।

১০। প্রখৰ ৰ’দে চুলিৰ ক্ষতিসাধন কৰে। সেয়ে বাহিৰলৈ ওলালে মূৰত স্কাফ নাইবা ছাতিলৈহে ওলাব।

১১ । এটা ৰঙ কৰাৰ পঁচিছদিন মান পিছত হে আৰু এটা ৰং লগাব।

১২। ৰং কৰা চুলিত হট অইল মাছাজ কৰিব। চুলি ভালে ৰাখে।

১৩। প্ৰচুৰ পানী খাব। স্বাস্থ্যকৰ খাদ্য খাব।

উৎস: গণ অধিকাৰ।

2.88
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top