অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰোগ নিৰাময়ৰ বাবে বিশেষ আহাৰ

ৰোগ নিৰাময়ৰ বাবে বিশেষ আহাৰ

সুস্বাস্থ্যৰ বাবে প্ৰত্যেক জন ব্যক্তিক দৈনিক নিৰ্দিষ্ট পৰিমাণৰ আহাৰ আৰু পৰিপোষকৰ আৱশ্যক হয়। অসুস্থ অৱস্থাত এজন ব্যক্তিক দিব লগীয়া দৈনিক আহাৰ সুস্থ ব্যক্তি এজনক দিয়া আহাৰতকৈ কিছু সাল-সলনি কৰি দিব লগীয়া হয় প্ৰধানকৈ দুটা কাৰণত। প্ৰথম কাৰণটো হ’ল- তেনে আহাৰে যাতে ৰোগ নিৰাময়ত সহায় কৰে। দ্বিতীয়টো হ’ল ৰোগীয়ে যাতে সেই আহাৰৰ পৰা স্বাস্থ্য পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় হোৱা অতিৰিক্ত পুষ্টি লাভ কৰিব পাৰে।

স্বাভাৱিক অৱস্থাত কোনো ধৰণৰ অপকাৰ নকৰা কিছু খাদ্য ৰোগ আক্ৰান্ত হোৱা কালত নিষিদ্ধ কৰিব লগীয়া হ’ব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৰোগ নিৰাময়ৰ বাবে উপযুক্ত আহাৰৰ যোগান ধৰা আৱশ্যক। কেৱল ঔষধৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে ৰোগ নিৰাময় হ’ব নোৱাৰে, উপযুক্ত আহাৰৰ যোগেদিও ৰোগৰ চিকিৎসা সম্ভৱ হ’ব পাৰে। আয়ুৰ্বেদ শাস্ত্ৰতো ঔষধৰ পৰিবৰ্তে সঠিক আহাৰৰ যোগেদি ৰোগ নিৰাময় কৰাৰ বিষয়ে উল্লেখ আছে। এলোপেথিক চিকিৎসাতো ৰোগাক্ৰান্ত অৱস্থাত ‘সু-পথ্য’ যোগানৰ ওপৰত গুৰুত্ব দিয়া হয়। আজিকালি আধুনিক চিকিৎসালয় বিলাকত ৰোগীৰ বাবে আহাৰৰ পৰামৰ্শ দিবলৈ খাদ্য বিশেষজ্ঞ নিয়োগ কৰাটো এক নিয়মত পৰিণত হৈছে।

ৰোগৰ প্ৰকৃতি, অৱস্থা, ৰোগীৰ বয়স, দেহৰ ওজন, খোৱা-বোৱাৰ প্ৰতি থকা ৰুচি আৰু অভিৰুচিৰ ওপৰত অধিক গুৰুত্ব দি ৰোগীৰ আহাৰ নিৰ্বাচন, পৰিকল্পনা প্ৰস্ত্তত কৰিব লাগে। ৰোগ নিৰাময়ৰ বাবে বিশেষ আহাৰ পৰিকল্পনা কৰোতে কিছুমান বিশেষ দিশলৈ আটায়ে গুৰুত্ব দিয়া প্ৰয়োজন।

১) ৰোগীৰ আহাৰ যাতে সুষম আৰু পুষ্টিকৰ হয় তালৈ লক্ষ্য ৰাখিব লাগে।

২) ৰোগীৰ দেহত যদিহে বিশেষ এবিধ বা দুবিধ পৰিপোষকৰ অভাৱ ঘটিছে তেনেহ’লে সেই অভাৱ পুৰণ কৰিব পৰাকৈ খাদ্য নিৰ্বাচন কৰিব লাগে।

৩) কোনো কোনো ক্ষেত্ৰত ৰোগৰ লক্ষণ আৰু অৱস্থা অনুসৰি কিছুমান পৰিপোষকৰ পৰিমাণ হ্ৰাস কৰিব লগীয়াও হ’ব পাৰে। আনহাতে আন কিছুমান পৰিপোষকৰ পৰিমাণ বৃদ্ধি কৰিব লগা হয়। এনেবোৰ কথালৈ গুৰুত্ব দি উপযুক্ত আহাৰ প্ৰস্ত্তত কৰিব লাগে।

৪) ৰোগীৰ খাদ্যভাস, ৰুচি-অভিৰুচি আৰু আহাৰ সম্পৰ্কে থকা ধাৰণাৰ প্ৰতিও গুৰুত্ব দিয়া উচিত।

৫) ৰোগ নিৰাময়ৰ বাবে প্ৰস্ত্তত কৰা আহাৰে যাতে ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে তাৰ প্ৰতিও চকু দিব লাগে।

৬) ৰোগীৰ বাবে তৈয়াৰ কৰা আহাৰ সুগন্ধিযুক্ত আৰু সহজে জীণ যোৱা ধৰণে হ’ব লাগে।

৭) ৰোগীৰ বাবে আহাৰ প্ৰস্ত্তত কঁৰোতে সু-পাচ্য হিচাপে সিজোৱা আহাৰৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় যদিও ৰোগৰ প্ৰকৃতি অনুসৰি চিকিৎসকৰ পৰামৰ্শ লৈ অন্যান্য ৰন্ধন পদ্ধতিৰে ৰোগীয়ে খাবলৈ ভাল পোৱা আহাৰো প্ৰস্ত্তত কৰিব পাৰি।

৮) ৰোগীক সদায় পৰিমিত আহাৰ আৰু নিয়মিত ভাৱে নিৰ্দিষ্ট সময়ত ভোজন কৰাব লাগে। প্ৰয়োজন সাপেক্ষে দিনটোত কম কমকৈ কেইবা বাৰো খুওৱাৰ ব্যৱস্থা কৰিব লাগে।

৯) চিকিৎসকে নিষিদ্ধ কৰি দিয়া খাদ্য বস্ত্ত ৰোগীক কেতিয়াও খোৱাব নালাগে।

ৰোগীৰ শাৰীৰিক অৱস্থা, ৰোগৰ কাৰণ, প্ৰকৃতি আৰু চিকিৎসা ব্যৱস্থা অনুসৰি, ৰোগ নিৰাময়ৰ ক্ষেত্ৰত স্বাভাৱিক আহাৰৰ পৰিৱৰ্তে জুলীয়া আহাৰ, কোমল আহাৰ, সহজ-পাচ্য আহাৰ, মছলা বিহীন আহাৰ আৰু নলীৰে খুৱাব পৰা আহাৰ দিয়াৰো ব্যৱস্থা কৰা হয়।

ৰোগ আৰু ৰোগীৰ অৱস্থা অনুসৰি কেতিয়াবা ৰোগীৰ বাবে অধিক প্ৰোটিন যুক্ত, কেলৰিযুক্ত আহাৰ, অথবা কিছুমান ৰোগীৰ বাবে নিমখ বিহীন, কম কেলৰি, কম শৰ্কৰা আৰু চৰ্বি নিয়ন্ত্ৰিত আহাৰ প্ৰস্ত্তত কৰিব লগীয়া হ’ব পাৰে। তদুপৰি আহাৰৰ ঘনত্ব বা গাঢ়তাৰ পৰিৱৰ্তন কৰি পাতল, তৰল বা জুলীয়াকৈ প্ৰস্ত্তত কৰিও ৰোগীক খুৱাব লগীয়া হ’ব পাৰে।

ৰোগীৰ বাবে কোমল আহাৰ

ৰোগীক পুষ্টিৰে ভৰপুৰ, কোমল আহাৰৰ দ্বাৰা ৰোগ নিৰাময় কৰা হয়। বিশেষকৈ কোনো ৰোগত আক্ৰান্ত হৈ ৰোগীৰ হজম ক্ষমতা হ্ৰাস পালে কোমল আহাৰ দিব লাগে। কোমল আহাৰ কেৱল ৰোগীয়েই নহয় কেচুৱা আৰু বৃদ্ধ লোকৰ বাবেও সমানে উপকাৰী। দাঁতৰ নানা ধৰণৰ ৰোগত আক্ৰান্ত, ভালকৈ চোবাই খাব নোৱাৰা লোকৰ বাবে, অথবা সংক্ৰমিত ব্যাধিত আক্ৰান্ত ৰোগীক খিচিৰি, পুডিং, কাষ্টাৰ্ড, চুৰুহা, পায়স আদি কোমল আহাৰৰ যোগান ধৰিব লাগে। কোমল আহাৰ প্ৰস্ত্তত কৰোতে বেছিকৈ মা-মছলা প্ৰয়োগ কৰা উচিত নহয়।

ৰোগীৰ বাবে জুলীয়া আহাৰ

ৰোগৰ অৱস্থা অনুসৰি জুলীয়া আহাৰ ৰোগীক খুওৱা হয়, দুই প্ৰকাৰৰ জুলীয়া আহাৰ প্ৰস্ত্তত কৰিব পাৰি- সম্পূৰ্ণ জুলীয়া আহাৰ আৰু আধা জুলীয়া আহাৰ। সাধাৰণতে অস্ত্ৰোপচাৰৰ পাছত ৰোগীক জুলীয়া আহাৰ দিয়া হয়। তদুপৰি অন্যান্য সংক্ৰামক ৰোগত আক্ৰান্ত ৰোগীক অথবা সঘনে জ্বৰ, বমি, শৌচ আদি হৈ থকা ৰোগীক সম্পূৰ্ণ জুলীয়া আহাৰ দিয়া হয়। ৰোগীৰ বাবে চাহ, কফি, ডাবৰ পানী, ফলৰ ৰস, ছানাৰ পানী, গ্লুকোজ পানী, ভাতৰ মাৰ, চুৰুহা, চিৰাৰ মগু, দাইলৰ পানী, বাৰ্লি পানী, গাখীৰ, লাচ্ছি, ঘোল, কুঁহিয়াৰৰ ৰস ইত্যাদি তৈয়াৰ কৰি খোৱাব পৰা যায়।

ৰোগীৰ অৱস্থা অনুসৰি আহাৰৰ পৰিবৱৰ্তন কৰা উচিত। ৰোগী আৰোগ্য নোহোৱা পৰ্যন্ত যথেষ্ট সাৱধান হ’ব লাগে। কিয়নো ৰোগীয়ে আঁহযুক্ত শাক-পাচলি, বেছি মা-মছলা থকা খাদ্য সহজে হজম কৰিব নোৱাৰে। ৰোগৰ লক্ষণ অনুসৰি ইছুমান ৰোগ নিৰাময়ৰ বাবে নিমখ নিয়ন্ত্ৰণ কৰিব লগীয়া হয়। আনহাতে কিছুমানৰ ক্ষেত্ৰত তেল আৰ চৰ্বি, চেনি বা শৰ্কৰা আৰু কাৰ্বোহাইড্ৰেটৰ (শ্বেতসাৰ) পৰিমাণ কমাব লগীয়া হয়। আনহাতে কিছুমান ৰোগীৰ বাবে দৈনিক প্ৰোটিনৰ মাত্ৰা, কেলৰিৰ পৰিমাণ, খনিজ লৱণৰ পৰিমাণ বঢ়াব লগীয়া হয়। গতিকে এজন ৰোগীক আহাৰৰ যোগেদি ৰোগ নিৰাময় কৰিবলৈ হ’লে কেনেবোৰ পৰিপোষকৰ প্ৰয়োজন হ’ব, সেই বিষয়ে ৰোগীৰ পৰিচৰ্যাকাৰী সকলে বা পৰিয়ালৰ লোক সকলে চিকিৎসক বা খাদ্য বিশেষজ্ঞৰ পৰা জানি লোৱা উচিত। তাৰোপৰি কি ৰন্ধন পদ্ধতি প্ৰয়োগ কৰি ৰোগীৰ বাবে পুষ্টিকৰ, সু-স্বাদু, খাবৰ মন যোৱা আৰু সহজে হজম কৰিব পৰা আহাৰ প্ৰস্ত্তত কৰিব পাৰি সেই বিষয়েও জনা উচিত। কোনটো ৰোগত ৰোগীক কি আহাৰ খুৱাব লাগে, সেই বিষয়ে জানি নোলোৱাকৈ ৰোগীক নিজ ইচ্ছানুসৰি কোনো আহাৰ নুখুৱাব।

ৰোগীক নিয়মীয়াকৈ পৰোপুষ্টিৰে ভৰপুৰ সোৱাদযুক্ত আহাৰ পৰিবেশন কৰিব পাৰিলে ৰোগী যে সোনকালে আৰোগ্য হায় তাত কোনো সন্দেহ নাই। অৱশ্যে আহাৰ পৰিকল্পনা কৰোঁতে পৰিপুষ্টি সম্পৰ্কীয় কিছু কথা জানি লোৱা দৰকাৰ। কি কি ৰোগত কেনে ধৰণৰ আহাৰ আৰু খাদ্যবস্ত্ত নিষিদ্ধ কৰিব লাগে, তাৰ বিষয়ে নাজানিলেও ৰোগীৰ পথ্য পৰিকল্পনাত অসুবিধা হয়। গতিকে কেবল ঔষধৰ ওপৰতে ভৰসা নকৰি বিভিন্ন আহাৰৰ যোগেদি ৰোগীক আৰোগ্য কৰিবলৈ চেষ্টা কৰা উচিত। কেৱল পুষ্টিকৰ আহাৰেহে এজন ৰোগীক ৰোগ প্ৰতিষেধক ক্ষমতা প্ৰদান কৰি সুস্থ কৰি তুলিব পাৰে।

লেখক: ড° মলয়া মাধুৰী বৰা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন.



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate