অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰোগ নিৰাময়ৰ মহৌষধ হাঁহি

ৰোগ নিৰাময়ৰ মহৌষধ হাঁহি

 

এদল গৱেষক-চিকিৎসকৰ মতে, 'মানুহৰ মুখত হাঁহি বিৰিঙি থাকিলে দেহত দেখা দিয়া ৰোগসমূহ আঁতৰি যায়। সেয়ে এনে কথা মানিলে আমি প্ৰথমতে আমাৰ ঘৰখনতেই হাঁহি বিৰিঙাব লাগিব। পুৱাৰে পৰা নিশালৈ আমি প্রধান তিনিটা আহাৰ গ্ৰহণ কৰো আৰু সেই সময়ত হাস্যবদনে থাকিব লাগে। অর্থাৎ প্রথম পুৱাৰ জলপান, দ্বিতীয়-দুপৰীয়াৰ আহাৰ (বন্ধৰ দিনতহে সম্ভৱ) আৰু তৃতীয় নিশাৰ আহাৰ। আমি যদি পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰ সৈতে হাঁহিমুখে আহাৰ গ্ৰহণ কৰো, তেনেহ’লে ঘৰখনত হাঁহি-আনন্দই ভৰি থাকিব। বৃদ্ধকালতো মানুহে বেমাৰ কি, দুখ কি অনুভৱ কৰিবই নোৱাৰি।

এগৰাকী চিকিৎসকৰ মতে, ‘মুখৰ হাঁহি আৰ মনৰ আনন্দই ৰোগ নিৰাময়ৰ মহৌষধ।” আপুনি যদি অন্তৰৰ পৰাই খোলামনে হাঁহে, তেনেহ’লে আপোনাৰ হাৰ্ট, দেহ আৰু মন সদায় প্রফুল্ল হৈ থাকিব।

কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ‘স্কুল অব্‌ মেডিচিন’ৰ অধ্যাপক ডাঃ নর্মান কেজিনছে বিশ্বাস কৰিছিল যে, তেওঁৰ দেহত দেখা দিয়া ৰোগসমূহৰ পৰা তেওঁ মুক্তি পাইছিল যেতিয়া নিতৌ কেবা ঘন্টা ধৰি হাঁহি-খিকিন্দালিৰ মাজত তেওঁ নিজকে আৱদ্ধ কৰি ৰাখিছিল।

আন এগৰাকী বিশেষজ্ঞৰ মতে, হাঁহিয়ে বেমাৰক প্রতিহত কৰিব পাৰে আৰু এনেছথেছিয়াৰ দৰে কাম কৰে। তদুপৰি হাঁহিয়ে দেহত এণ্ডৰফিন নির্গত কৰে আৰু পেইনকিলাৰৰ নিচিনা কাম কৰে।

গৱেষকৰ মতে, ‘হাঁহিয়ে দেহৰ ষ্ট্ৰেছ দূৰীভূত কৰে আৰু ষ্ট্ৰেছৰ পৰা উদ্ভূত ৰোগসমূহ আৰু হাৰ্ট এটেকৰ পৰা মানুহক ৰক্ষা কৰে।

বিশ্বৰ হাঁহি গৱেষক ডাঃ উইলিয়াম এফ ফ্রায়ে গৱেষণাত পালে যে, মন খোলা হাঁহিয়ে হাৰ্টৰ পেশীবোৰ কাৰ্যক্ষম কৰে, হাৰ্ট শক্তিশালী কৰে, শ্বাস প্ৰক্ৰিয়া বৃদ্ধি কৰে। অর্থাৎ শ্বাস-প্রশ্বাসৰ সময়ত দেহৰ প্ৰতি কোষে অক্সিজেন বেছিকৈ লাভ কৰে।

আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ "ৰিহাবিলিটেশ্বন হাস্পতালৰ কর্তৃপক্ষই আজি প্রায় এক দশক পূর্বে লাফিং ৰূম’ নির্মাণ কৰিছে য’ত ৰোগী, ৰোগীৰ পৰিয়ালৰ সদস্যই একেলগে বহি ‘কমেডি চলচ্চিত্ৰ' চোৱাৰ ব্যৱস্থা আছে। তদুপৰি এই ৰুমতেই হাঁহিৰ খোৰাকৰ কিতাপৰো ভাণ্ডাৰ আছে। এনে ব্যৱস্থাৰ দ্বাৰা বহু ৰোগীয়ে বেমাৰৰ পৰা আৰোগ্য লাভ কৰাৰ সুযোগ পাইছে। কেলিফর্নিয়াৰ 'লাফ্‌টাৰ ছ’চাইটি'য়ে এনে ক্ষেত্ৰত অর্থাৎ হাঁহিৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱা বুলি জানিব পৰা গৈছে। সেয়ে সম্প্রতি বহু বিশেষজ্ঞই ক’ব খোজে আপেলৰ ক্ষেত্ৰত থকা ফকৰাটো দৰে- ‘A laugh a day doctors away'।

পিচে সাৱধান! খুবকৈ হাঁহিলেও বিপদ। লছ এঞ্জেলছৰ লৰী লেভিন নামৰ লোক এজনে প্রথমবাৰৰ বাবে নৈশ ক্লাবলৈ গৈছিল, য’ত কমেডিয়ান এজনে এনে কিছুমান কথাৰে সকলোকে হহুৱালে যে, লৰী হাঁহি হাঁহি মুচকঁচ গ’ল।

এলেন হানছেন নামৰ ব্রিটেইনৰ ছোৱালী এজনীয়ে এটা নৃত্যশালাত এজন লোকৰ খুহুতীয়া কথা শুনাৰ লগে লগে তাইৰ বৰ হাঁহি উঠিল আৰু হাঁহি বন্ধ নহ’ল। ঘৰলৈ অনাৰ সময়তো বাটে বাটে হাঁহিয়েই থাকিল। পাচত হাস্পতালত ভর্তি কৰোৱাই দৰৱৰ ব্যৱস্থা কৰা হ’ল। তাইৰ গভীৰ টোপনি আহিল। পিচদিনা পুৱাই তাই নিজকে আৱিস্কাৰ কৰিলে হাস্পতালৰ বিছনাত।

আমেৰিকাৰ বব মিটছন নামৰ এগৰাকী সৈনিকে ‘কমিকছ'ৰ কিতাপ পঢ়ি থাকোতে এনে হাঁহি উঠিল যে হাঁহি আৰু বন্ধ নহ’ল। চিকিৎসকৰ দৰবেও কাম নিদিলে। অৱশ্যে এনে ঘটনা কাচিৎহে ঘটে বুলি চিকিৎসকে কয়। গতিকে ভয় নাখাব। মন খুলি হাঁহক। জীৱন উপভোগ কৰক আৰু বিষতুল্য হৈ পৰা পৃথিৱীখনক মৌবৰষা কৰক।

লিখক: ড° পবিত্ৰ কুমাৰ পাটোৱাৰী, সাদিন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate