মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ৰজঃসন্ধি ল’বলগীয়া সতৰ্কতা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰজঃসন্ধি ল’বলগীয়া সতৰ্কতা:

 

কাৰণসমূহ:

 

  • অনিয়মীয়া মাহেকীয়া।
  • হট ফ্লাছ অৰ্থাৎ তাৎক্ষণিক ডিঙি, মুখমণ্ডল বা দেহৰ ওপৰৰ অংশ গৰম অনুভৱ হোৱা।
  • নিদ্ৰাৰ সমস্যা। নাইট ছুৱেট অৰ্থাৎ নিশা অতিমাত্ৰা গৰমৰ ফলত ঘামি উঠা।
  • সংগম কালত বিষ অনুভৱ কৰাৰ লগতে ডাইনেছ। হতাশাত ভোগা বা সঘনাই মন সলনি হোৱা। হাড় পাতল হোৱা।
  • শৰীৰৰ ওজন বৃদ্ধি হোৱা। শৰীৰৰ ছাল শুকাই যোৱা আৰু চুলি সৰা।
  • সঘনাই হৃৎস্পন্দন বৃদ্ধি হোৱা। প্ৰস্ৰাৱৰ দ্বাৰত সংক্ৰমণ হোৱা। মাহেকীয়া হোৱাৰ লক্ষণসমূহ প্ৰায়ে ভিন্ন হোৱা দেখা যায়ু। সৰহসংখ্যক মহিলাই অনিয়মীয়া মাহেকীয়াত কিছুবছৰ ভোগাৰ পিচত সম্পূৰ্ণৰূপে বন্ধ হৈ যায়।
  • মাহেকীয়া অনিয়মীয়া হোৱাৰ লগে লগে স্বাস্থ্যৰ অৱনতি প্ৰতিৰোধ কৰিবলৈ চিকিৎসকৰ কাষ চাপিব লাগে। ৰজঃসন্ধি হোৱাৰ লগে লগে দেহত বিভিন্ন পৰীক্ষা চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰাব লাগে। এনে সময়ত প্ৰায়ে মহিলাসকলে অস্বাভাৱিক উচ্চ ৰক্তচাপ আৰু অস্থিৰতাত ভোগে।

প্ৰয়োজনীয় খাদ্য:

 

এনে সময়ত মহিলাসকলে পুষ্টিকৰ খাদ্যৰ লগতে কেলচিয়ামযুক্ত আহাৰ খাব লাগে। গাখীৰ বা গাখীৰৰ দ্বাৰা তৈয়াৰী খাদ্য, মাছ, শাক-পাচলি, ফল-মূল প্ৰচুৰ পৰিমাণে খাব লাগে। একে সময়তে চৰ্বিযুক্ত আহাৰ পৰিহাৰ কৰিব লাগে।

লেখিকা: ডা আয়না বৰঠাকুৰ(সম্ভাৰ)

2.89285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top