অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰসায়ন চিকিৎসাৰ গুণাগুণ -

ৰসায়ন চিকিৎসাৰ গুণাগুণ -

 

আয়ুৰ্বেদৰ উৎপত্তি ভগৱান ব্ৰহ্মাৰ দ্বাৰা হোৱা বাবে ইয়াক অতি পৱিত্ৰ শাস্ত্ৰ বুলি জ্ঞান কৰা হয়|ইয়াত উল্লেখ কৰা সকলো চিকিৎসা সূত্ৰৰ লক্ষ্য মূলতঃ দুটা –

নিৰোগী মানুহৰ স্বাস্থ্য ৰক্ষা আৰু ৰোগসমূহৰ প্ৰতিকাৰ কৰা |ৰোগ প্ৰতিৰোধৰ উদ্দেশ্যটো আয়ুৰ্বেদৰ মুখ্য উদ্দেশ্য |তাৰ বাবে বিভিন্ন ধৰণৰ ঔষধ-কল্পনা আয়ুৰ্বেদৰ চিকিৎসা শাস্ত্ৰসমূহত উল্লেখ আছে| আয়ুৰ্বেদৰ যিটো ভাগ ৰোগ প্ৰতিৰোধৰ লগত জড়িত তাক "ৰসায়ন আৰু বাজীকৰণ" বুলি নামাকৰণ কৰা হৈছে |ইয়াত অকল ৰসায়ন চিকিৎসাৰ বিষয়ে থুলমুলকৈ উল্লেখ কৰিব বিচাৰিছোঁ|
যিবোৰ দ্ৰব্য, আহাৰ অথবা কৰ্মৰ দ্বাৰা ৰোগ আৰু বাৰ্ধক্যক প্ৰতিৰোধ কৰি মানুহ দীৰ্ঘজীৱী হ'ব পাৰে তাকেই ৰসায়ন বুলি কোৱা হয় |আয়ুৰ্বেদৰ অন্যতম শাস্ত্ৰ চৰক সংহিতাত ইয়াৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ আছে | এই চিকিৎসা পদ্ধতিটোৰ দ্বাৰা হোৱা লাভসমূহ চৰকে এইদৰে উল্লেখ কৰিছে - আয়ুবৃদ্ধি, স্মৃতিশক্তি, মেধা, আৰোগ্য, বয়সস্থাপক, বৰ্ণ, স্বৰ, ইন্দ্ৰিয়সমূহৰ শক্তি আৰু উৎকৃষ্ট কৰ্ম ইত্যাদি | মহৰ্ষি চৰকে দুইধৰণৰ ৰসায়ন চিকিৎসাৰ বিষয়ে উল্লেখ কৰিছে –

১)কুটীপ্ৰাৱেশিক অৰ্থাৎ যিটো চিকিৎসা ৰোগীজনৰ ঘৰৰ ভিতৰত ৰাখি কৰা হয় আৰু

২)বাতআতপিক- অৰ্থাৎ যিটো চিকিৎসা ৰোগীজনক বতাহ আৰু ৰ'দৰ সংস্পৰ্শত ৰাখি কৰা হয় |

প্ৰায় যিকোনো শাৰীৰিক অৱস্থাতেই ৰসায়ন চিকিৎসা পদ্ধতি প্ৰয়োগ কৰিব বা গ্ৰহণ কৰিব পৰা যায় |মহৰ্ষি চৰকে বিভিন্ন ধৰণৰ ৰসায়ন ঔষধিৰ যোগ আৰু প্ৰয়োগৰ বিষয়ে উল্লেখ কৰিছে, পিছলৈ ইয়াৰ বিষয়ে বিস্তৃতভাৱে লিখিবলৈ চেষ্টা কৰিম |

তেওঁ উল্লেখ কৰা দুবিধ উৎকৃষ্ট অাৰু সহজলভ্য ৰসায়ন ঔষধিৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ - শিলিখা আৰু আমলখি |

শিলিখা :- পুৰঠ শিলিখা পঞ্চৰসযুক্ত অৰ্থাৎ ইয়াত নিমখীয়াৰ বাহিৰে কেঁহা, মিঠা, টেঙা, জ্বলা, তিতা পাচোঁটা ৰসেই পোৱা যায় | ই স্বাস্থ্যৰ বাবে অতি উপকাৰী,লঘু গুণযুক্ত, পাচন ক্ৰিয়াত সহায়ক| ই আয়ুবৰ্ধক, মেধা আৰু স্মৃতিশক্তি বৰ্ধক | শিলিখাই প্ৰায় প্ৰতিটো ৰোগৰে নিৰাময় কৰে| ই উপশম কৰা কেইটামান ৰোগ এনেধৰণৰ- গুল্ম (Tumour), শোষ(Consumption), পাণ্ডু (Anaemia), মদ (Intoxication), অৰ্শ (Piles), গ্ৰহণী - দোষ(Intestinal disorders), যিকোনো জ্বৰ, হৃদৰোগ (Heart disease), অতিসাৰ (Diarrhea), অৰুচি, প্ৰমেহ(diabetes), আনাহ(distension of abdomen), স্বৰভঙ্গ, বৰ্ণহানি(loss of complexion), ক্ষয়থু(edema), হাঁপানীৰোগ, বমি, স্মৃতিশক্তিৰ লগত জড়িত যিকোনো ৰোগ আদি |ইয়াৰ অতুলনীয় গুণসমূহৰ বাবে আয়ুৰ্বেদত ইয়াক "ধাত্ৰী" বুলি অভিহিত কৰা হৈছে |

আকৌ শিলিখাৰ নিষেধাজ্ঞা থকা শাৰীৰিক অৱস্থাসমূহ এনেধৰণৰ - অজীৰ্ণ, শুকান আহাৰ গ্ৰহণ কৰা লোক, সুৰা আৰু বিষৰ দ্বাৰা আক্ৰান্ত ব্যক্তি, ভোকাতুৰ আৰু পিয়াহত আতুৰ লোক|
আমলখি:- শিলিখাৰ বিৱৰণৰ পিছত মহৰ্ষি চৰকে আমলখিৰ কথা উল্লেখ কৰিছে আৰু শিলিখাৰ প্ৰায় সকলো গুণাগুণেই আমলখিৰ লগত মিল আছে বুলি কৈছে | আমলখিক শ্ৰেষ্ঠ বয়স স্থাপক ঔষধি বুলিও কোৱা হৈছে |

গতিকে ৰসায়নৰ গুণসমূহ লাভ কৰিবলৈ হ'লে অতিকৈ সহজলভ্য এই দুয়োবিধ ঔষধিয়েই আমি ব্যৱহাৰ কৰিব পাৰোঁ | সেইবাবে সকলোৱেই নিৰোগী আৰু চিৰসেউজ হৈ থাকিবলৈ সদায় কমেও এটাকৈ হ'লেও পুৰঠ আৰু সতেজ আমলখি আৰু শিলিখা খোৱাৰ অভ্যাস কৰিব লাগে |

লেখিকা: প্ৰিয়ংকা শৰ্মা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate