বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত মানুহে কাহানিবাই চন্দ্ৰত ভৰি দিলে । ইতিমধ্যে দুখীয়া দেশ ভাৰতেও মংগল গ্ৰহত ভৰি দিবলৈ উথপথপ লগাইছে ! জকাইচুকীয়া হলেও আমিও ৰিম`ট টিপি টিভি চাবলৈ শিকিছোঁ, ম`বাইলেৰে দূৰত থকা নেদেখাজনৰ সৈতে কথা পাতি থকাৰ মুহূৰ্ততো শনিবাৰে নতুন কামত হাত দিম নে নিদিও সেয়া ভাবি থাকোঁ ! দুই দশক পূৰ্বেই গণেশ দেৱতা আহিছিল আমাৰ হাতৰপৰা গাখীৰ খাবলৈ (স্বৰ্গত গাখীৰৰ বৰ অভাৱ আছিল চাগৈ !)! গণেশক গাখীৰ খুৱাব পায় নিজকে সৌভাগ্যৱান বুলি ভাবিছিলোঁ । কিছু বছৰ পূৰ্বেই লিংগ অদৃশ্য হোৱা বুলি পেণ্টৰ পকেটত হাত সুমুৱাই খেপিয়াই চাইছিলোঁ । নিজৰ ল`ৰা-ছোৱালীক ডাক্টৰ-ইঞ্জিনীয়াৰ আদি হ`বলৈ যত্নৰ অকণো ট্ৰুটি নকৰোঁ । অৱদেৱতাৰ প্ৰভাৱৰপৰা হাত সাৰিবলৈ দুই বাহু আৰু ককাঁলত আঁৰি থৈছোঁ এডজন তাবিজ ! দুষ্ট গ্ৰহৰ কু-প্ৰভাৱৰপৰা হাত সাৰিবলৈ হাতৰ আঙুলিত আছে কেবাটাও মূল্যৱান পাত্থৰৰ আঙঠি । ভূত-প্ৰেত-পিশাচনী আদিৰ বদ্ নজৰৰপৰা ৰক্ষা পাবলৈ সিদিনা জন্ম পোৱা ফু-কুমলীয়া সন্তানটিৰ দেহতো ওলোমাই দিয়া হ`ল কেইটামান মাদুলি । সি নিজৰ দেহটোৰ বহন কৰিব নোৱাৰিলেও মাদুলিৰ ওজন নিতৌ সহ্য কৰিবলগীয়া হয় । কেচুৱাটোৰ পেটৰ কামুৰণি হ`লেও কাজী জোনাব বা ওজাৰ জৰা-ফুকা কৰা পানীখিনি নুখুওৱালৈকে দেখোন মনত শান্তিয়ে নালাগে । ডাক্টৰৰ দুই এটা দৰ্শনীতে কোনো ৰোগ আৰোগ্য নহ`লে কোনোবাই মানে কোনোবা শত্ৰুৱে আহুদি খুৱালে নেকি তাকে চাবলৈ ওজা বা বেজৰ ওচৰ চাপোঁ । আহ ! কি বিচিত্ৰ মনৰ আধুনিক যুগৰ মানৱ আমি ! বিজ্ঞানৰ চৰম শিখৰত ভৰি থৈয়ো, চন্দ্ৰত খোজ থৈয়ো, সাফল্যৰ আন্দত হাঁহিব এৰি সাধাৰণ মানুহক ভয় খুৱাবলৈ কওঁ: চন্দ্ৰত ভৰি দিয়াৰ লগে লগে নীল আৰ্ম`ষ্ট্ৰঙে আজান শুনিবলৈ পাইছিল ! ভাবিলেই আচৰিত লাগে, আমাৰ প্ৰতিটো খোজতে অন্ধবিশ্বাস তথা কু-সংস্কাৰে এনেকৈ শিপাই আছে যে তাৰ কবলৰপৰা উদ্ধাৰ পোৱা বৰ দূৰূহ ।
জনবিশ্বাসে আমাৰ হাড়ে-হিমজুৱে এনেকৈ শিপাই আছে যে জণ্ডিছৰ দৰে যকৃতৰ গুৰুতৰ ৰোগতো কোনোবা ওজাৰ মালা পৰিধান কৰিলেই এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি বুলি আমি আজিও ভাবোঁ ! পৰিঘটনাটোৱে জনবিশ্বাসত স্থান লাভ কৰিব পৰাকৈ চমৎকাৰিতাও অৰ্জন নকৰাকৈ নথকা নহয় ! কাৰণ, মালাধাৰি পৰিধান কৰাৰ পাছত আচৰিত ধৰণে ই বাঢ়িব ধৰে ! এটা সময়ত এই বৃদ্ধি বন্ধ হয় আৰু জণ্ডিছ ৰোগো আঁতৰি যায় ! আমাৰ গ্ৰাম্যাঞ্চল, আনকি চহৰ অঞ্চলতো এনে মালা প্ৰদানকাৰী বাবা বা ওজাৰ অভাৱ নাই !কিছুমানে বিতৰণ কৰে ব্যৱসায়িক ভাৱে আৰু কিছুমানে বিতৰণ কৰে ঐশ্বৰিক প্ৰদত্ত বুলি বিনামূলীয়া ভাৱে ! একেদৰে এনে মালা পৰিধানকাৰী ব্যক্তিৰো অভাৱ নাই; বিজুলী-বাতিৰ পৰশ নপৰা কোনোবা জকাইচুকৰ ৰংমনহঁতৰপৰা আৰম্ভ কৰি চহৰৰ সদা ব্যস্ত বিজ্ঞান-স্নাতক তথা শিক্ষকগৰাকীলৈকে-সমাজৰ প্ৰায় সিংহভাগ ব্যক্তি ইয়াৰ মোহত আচ্ছন্ন হৈ আছে ।
জণ্ডিছ হলে চকুৰ বগা অংশৰ লগতে নখ, ছাল, জিভা আদি হালধীয়া হৈ পৰে । আচলতে বিলিৰুবিন নামৰ এবিধ হালধীয়া ৰাসায়নিক ৰঞ্জক পদাৰ্থৰ বাবে এনে ঘটিবলৈ পায় । মানুহ আৰু অন্যান্য মাংসভোজী প্ৰাণীৰ যকৃতৰ পিত্তত এই বিলিৰুবিন নামৰ ৰঞ্জক পদাৰ্থবিধ থাকে। আৰু এই ৰঞ্জক পদাৰ্থৰ পৰিমান ১৫-৩০% মাত্ৰ । তেজৰ লোহিত কনিকাৰ ৰঙা হিম`গ্ল`বিনৰ পৰা যকৃতৰ কুপ্ফাৰ কোষত এক নিৰ্দিষ্ট ৰাসায়নিক প্ৰক্ৰিয়াৰে এই সোণালী ৰঙৰ পদাৰ্থবিধ তৈয়াৰ হয় । পিত্তবাহী নলীৰে এই পদাৰ্থ ক্ষুদ্ৰান্ত্ৰলৈ যায় আৰু তাত চৰ্বিজাতীয় খাদ্য শোষণ কৰাত সহায় কৰে । আমাৰ মল-মুত্ৰটো কিছু পৰিমানে বিলিৰুবিন মিহলি (প্ৰতিদিনে ৪০-২৮০ মিলিগ্ৰাম) হয় বাবেই মল-মুত্ৰৰ ৰং কিছু হালধীয়া হয় । যকৃতৰ উপৰিও প্লীহা আৰু হাড়ৰ মজ্জাতো সামান্য পৰিমানে বিলিৰুবিন প্ৰস্তুত হয় । তেজত থকা ইয়াৰ স্বাভাবিক পৰিমাণ হৈছে প্ৰতি ১০০ চিচিত ০.১-১ মিলিগ্ৰাম । ইয়াতকৈ বেছি পৰিমানে ক্ষৰণ হলে আমাৰ মল-মুত্ৰ, চকুৰ বগা অংশ, নখ, ছাল, জিভাৰ তল অংশ আদি অতিৰিক্ত ভাবে হালধীয়া হয় । তেজত বিভিন্ন কাৰণত বিলিৰুবিনৰ পৰিমান বাঢ়িব পাৰে । তাৰে এটা সাধাৰণ কাৰণ হৈছে ভাইৰাছজনিত যকৃতৰ প্ৰদাহ(Hepatitis)। এই ভাইৰাছক নিৰ্মূল কৰিবপৰাকৈ কোনোধৰণৰ ঔষধ নাই যদিও আমাৰ শৰীৰৰ সাধাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে ই এসপ্তাহতকৈ বেছি দিন থাকিব নোৱাৰে । অৱশ্যে ইয়াৰ নিমিত্তে ৰোগীক পুৰ্ণ বিশ্ৰামৰ লগতে ভিটামিন আৰু গ্লুকোজ জাতীয় খাদ্যৰ প্ৰয়োজন হব, লগতে চৰ্বিজাতীয় খাদ্য পৰিহাৰ কৰিব লাগিব । পিত্তনলীত পাত্থৰ, টিউমাৰ, কৰ্কট হলে বা পিত্তনলীৰ ওচৰত হোৱা আন কোনো অৰ্বুদে(Tumour)পিত্তনলীৰ পথ অৱৰুদ্ধ কৰিলে পিত্তই তাৰ লক্ষ্যস্থান ক্ষুদ্ৰান্তলৈ যাব নোৱাৰাৰ ফলত তেজত বিলিৰুবিনৰ পৰিমাণ বাঢ়ি যায় । তেতিয়া আমাৰ মলৰ ৰং প্ৰায় বগা হৈ পৰে । কেতিয়াবা কোনো কাৰণত তেজৰ লোহিত কণিকা যদি অত্যধিক পৰিমানে ভাঙিব ধৰে তেতিয়াও হিম`গ্ল`বিনত বেছি পৰিমানে বিলিৰুবিন প্ৰস্তুত হব । তেনে ক্ষেত্ৰত জণ্ডিছ হব পাৰে । সাধাৰণতে নৱজাতকৰ ক্ষেত্ৰত, কিছুমান ৰক্তহীনতাত, সৰ্প দংশনত, ৰোগীক তেজ দিয়াৰ গলযোগত এনে জণ্ডিছ হব পাৰে । এনে জণ্ডিছৰোগত ওজাৰ মালাৰ দ্বাৰা প্ৰকৃত চিকিৎসা সম্ভব নহয় ।
সাধাৰণতে ভাৰ্গী(Clerodendron siphonanthus), অপামাৰ্গ বা আপং(Achyranthes asperao) আৰু ভৃংৰাজ(Eclypta alba)ৰ ডালেৰে জণ্ডিছৰ মালা গাঁথা হয় । কিন্তু আচৰিত কথা এই যে পুৰণি বা আধুনিক ভেষজবিজ্ঞানৰ কোনো এটা পাততে এই উদ্ভিদসমূহৰ জণ্ডিছৰ সৈতে সম্পৰ্কৰ উল্লেখ নাই । যকৃতৰ ৰোগত ভৃংগৰাজৰ ক্ৰিয়া আছে, সেইবুলি জণ্ডিছত নহয় । গতিকে এইবিলাক উদ্ভিদৰ ডালৰ মালাই জণ্ডিছ নিৰাময় কৰে বুলি ভবাটো তেনেই ভ্ৰান্তিকৰ ! এই মালা পৰিধান কৰিলে মালাৰ দৈৰ্ঘ্য বাঢ়ে কিয় ? পিছে আমোদজনক কথাটো হল- কেৱল পৰিধান কৰিলেই নহয়, এনে ওলোমাই থলেও ইয়াৰ দৈৰ্ঘ্য বাঢ়ে । আপোনালোকে কোনোবা ওজাৰপৰা এধাৰি মালা নি পৰীক্ষা কৰি চাব পাৰে । ৰহস্যৰ অন্তৰালত আছে মালাৰ গাঁথি ! ওপৰত উল্লেখ কৰা উদ্ভিদৰ সৰু সৰু ডালবোৰ দুই আঙুল জোখত সমানকৈ কাটি সূতাৰে গাঁথি দিয়া হয়; যিটো গাঁথিক ইংৰাজীত কোৱা হয় Shiffers' knot বা Sailor's knot । ডালবোৰ যিমানেই শুকায়, গাঁথিবোৰ সিমানেই শিথিল হয়; সূতাৰ পাক ঢিলা হৈ মালাডাল দীঘল হয় ! তাতোকৈ ডাঙৰ কথা, মালা পৰিধান কৰিলে জণ্ডিছ কমে ! পিছে মালা পৰিধান নকৰিলেও জণ্ডিছ কমিব, যদিহে ৰোগীয়ে তেল-মছলা, চৰ্বি-মাখন আদি খোৱা সাময়িকভাবে পৰিহাৰ কৰি নিৰামিষ সিদ্ধাহাৰী হয় । মন কৰিবলগীয়া কথা এই যে কোনো ওজাই পথ্য-অপথ্যৰ সতৰ্কীকৰণ নোহোৱাকৈ মালা নিদিয়ে আৰু এই পথ্য-অপথ্যতে অন্তৰ্নিহিত হৈ আছে জণ্ডিছ আৰোগ্যৰ মূলমন্ত্ৰ ! মালাডালত একো নাই ।
বসন্ত ৰোগৰ বাবে আমি শীতলা আই বা বসন্ত দেবীক দায়ী কৰাটো একপ্ৰকাৰ আমাৰ কু-সংস্কাৰত পৰিণত হৈছে । শীতলা হৈছে পৌৰানিক দেবী, পৌৰানিক যুগৰ শেষৰফালে মানৱ মনত থিতাপি লৈছিল এই দেবীয়ে ।সেইবাবে সৰস্বতী, লক্ষ্মী, ষষ্ঠী, পাৰ্বতী, গংগা আদি দেবীৰ চৰিত্ৰ আৰু বৈশিষ্ট্যৰ সংমিশ্ৰণত সৃষ্টি কৰা হৈছে এই দেবীক । শীতলাৰ হাতত আছে কূলা আৰু ঝটা ।কূলা আৰু ঝঁটাৰ দ্বাৰা অপদেৱতাৰ প্ৰভাৱ আৰু অমংল দূৰ কৰাৰ পৰিকল্পনা অতি প্ৰাচীন কালৰ ! বসন্ত ৰোগ হলে শীতলাৰ নামটো উস্য ৰাখি `মাৰ দয়া` বা মাৰ কৃপা বুলি কোৱাটো একপ্ৰকাৰ আমাৰ ৰীতি হৈ পৰিছে। সেইবাবে বসন্ত হলে শীতলা দেবীৰ পূজা কৰা, দেবীৰ থানত পইছা আদি আগবঢ়োৱাৰ লগতে বসন্তৰোগীক জাব পৰিধান কৰোৱাৰ দৰে কেতবোৰ কু-সংস্কাৰ প্ৰচলিত হৈ আছে । উল্লেখ্য বিশ্ব স্বাস্থ্য সংস্থাৰ তত্পৰতাত সমগ্ৰ পৃথিৱীতে ভয়াবহ গুটি বসন্তৰ নিৰ্মূল হৈছে । আমাৰ দেশৰ মানুহে আজিও বসন্তৰ দৰে ৰোগ হলে ওজা আৰু শীতলা দেবীৰ শৰণাপন্ন হয় ।
বসন্ত ৰোগ হয় একপ্ৰকাৰৰ ভাইৰাছৰ আক্ৰমণৰ ফলত । বসন্ত হলে ছালৰ ওপৰিভাগত পানীৰে ভৰা এক প্ৰকাৰ গুটি ওলায় । পানীভৰা গুটিক pock বোলা হয়, যাৰ বহুবচন pox ! বসন্ত দুই ধৰণৰ-গুটি-বসন্ত(small pox)আৰু পানী বসন্ত (chicken pox)। গুটি বসন্ত অতি মাৰাত্মক । জ্বৰ হোৱাৰ তিনিদিনৰ পাছত হাত-ভৰি-গাল-মুখ আদিত গুটি ওলাবলৈ ধৰে । কিন্তু পানীঅবসন্তৰ গুটি, জ্বৰ হোৱাৰ প্ৰথম দিনাৰপৰাই ওলাব ধৰে । সাধাৰণতে শিশুসকল এই বসন্তত বেছিকৈ আক্ৰান্ত হয় । ভাইৰাছক নিৰ্মূল কৰিবপৰা কোনোধৰণৰ ঔষধ এইপৰ্য্যন্ত আৱিষ্কাৰ হোৱা নাই । উপযুক্ত সেৱা-শুশ্ৰূষা আৰু আনুষংগিক চিকিৎসাৰ দ্বাৰা ৰোগীক ৰক্ষা কৰিব পাৰি । সম্প্ৰতি মানুহৰ বৈজ্ঞানিক চিন্তা-চেতনা যথেষ্ট বৃদ্ধি পালেও ভাইৰাছৰ বিৰুদ্ধে যুঁজিব পৰাকৈ প্ৰযৌক্তিক জ্ঞানৰ অভাৱ আছে । প্ৰাচীনকালত এনে অসহায়তা আছিল আৰু ব্যাপক, এই অতি-সংক্ৰামক ৰোগবিধৰপৰা ৰোগীক ৰক্ষা কৰিবপৰা বিজ্ঞান-সন্মত পদ্ধতিও জনা নাছিল । সেইবাবেই এটা সময়ত এই ৰোগৰ কবলত পৰি এখনৰ পাছত এখনকৈ কেইবাখনো গাঁও মৰিশালীত পৰিণত হৈছিল । ৰোগ আৰু মৃত্যুৰ ভয়াবহতাৰ মাজত ঠিয় হৈ তাহানিৰ অসহায় মানুহে শীতলা দেবীকে ধৰি নানান দেৱ-দেৱী তথা অতীন্দ্ৰিয় শক্তিৰ ওপৰত নিৰ্ভৰশীল হবলৈ বাধ্য হৈ পৰিছে । মাদুলি-তাবিজ-মন্ত্ৰ আদিকে ৰোগ নিৰাময়ৰ একমাত্ৰ অস্ত্ৰ হিছাপে বাছি লবলৈ বাধ্য হৈছিল । কাৰণ প্ৰাচীন মানৱে ভাবিয়ে লৈছিল যে ৰোগবোৰ কোনো কোনো দেৱতাৰ ৰোষতহে হয় ! আজিৰ মানৱে উন্নত চিন্তা-ধাৰাৰ দ্বাৰা উৎঘাটন কৰিব পাৰিছে যে ৰোগবোৰ হয় বীজাণু বা ভাইৰাছৰ আক্ৰমণতহে । গতিকে তাহানিৰ দৰে পূজা-অৰ্চনা কৰিলে, মন্ত্ৰপুত মাদুলি-তাবিজ পৰিধান কৰিলে ৰোগীক মৃত্যুমুখলৈ ঠেলি দিয়াহে হব, সমাজৰ প্ৰত্যেক ব্যক্তিয়ে এনে ভাৱ-ধাৰা ললে ঠিক তাহানিৰ দৰে কোনো ভাইৰাছ বা জীৱাণুজনিত সংক্ৰামক ৰোগৰ কবলত পৰি একো একোখন গাঁও উছন হওঁতে বেছি দিন নালাগে । মাদুলি তাবিজে অন্ধবিশ্বাসীজনক সাময়িকভাবে মানসিক সকাহ দিব পাৰে; কিন্ত তাৰ বিপৰীতে তেনেজনৰ দেহৰপৰা ৰোগৰ বীজাণু সুস্থজনলৈ বিয়পাত তেওঁ নিজেই বাহক হৈ পৰে । উল্লেখ্য, পৃথিৱীৰপৰা গুটিবসন্ত সম্পূৰ্ণ নিৰ্মূল হৈছে যদিও সেই ৰোগ যে কোনো ঠাইত কোনো দিনেই নহব তাৰ কোনো নিশ্চয়তা নাই ! পানী বসন্তৰ প্ৰাদূৰ্ভাৱ আমাৰ দেশত এতিয়াও আছে । ইয়াৰ ভাইৰাছ খুৱ এটা ভয়াবহ নহয়, ছালত কিছু দাগ এৰি লাহে লাহে ই আঁতৰি যায় । যত্ন ললে কিছুদিন পাছত সেই দাগো মিলি যায় । কোনো সুস্থ ব্যক্তি বসন্তৰোগীৰ সংস্পৰ্শলৈ অহাৰ তিনি দিনৰ ভিতৰতে টিকা ললে তেওঁৰ গালৈ এই ৰোগ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বহুগুণে কমি যায় । মানুহৰ বাহিৰে অন্য প্ৰাণী এই ৰোগত নোভোগে যদিও ৰোগ সংক্ৰমিত হোৱাত সহায় কৰে । সেইবাবে শৈশৱতে এই টিকা ললে দেহলৈ এই ৰোগ সংক্ৰমিত হোৱাৰ সম্ভাৱনা বহুগুণে কমি যায় ।
পাগল কুকুৰে কামুৰিলে জলাতংক ৰোগ হয় বুলি আমি প্ৰায় সকলোৱে আতংকিত হৈ পৰোঁ । পানী দেখিলেই এই ৰোগৰ ৰোগী আতংকিত হৈ পৰে বাবেই ৰোগবিধৰ এই নাম দিয়া হৈছে । অৱশেষত ৰোগীয়ে পানী নোখোৱাকৈ মৃত্যুক সাৱটিব লগীয়া হয় । আকৌ কুকুৰে কামুৰা ব্যক্তিগৰাকী হেনো কুকুৰৰ দৰে পগলা হৈ অনাই-বনাই ঘূৰি ফুৰে ! তেনে ব্যক্তিয়ে হেনো আন মানুহকো কামুৰিব পাৰে, কামুৰিলে সেই ব্যক্তিও পাগল হব । কুকুৰে কামুৰাৰ পাছত, ৰোগ পুৰণি হলে কামুৰা ব্যক্তিগৰাকীয়ে হেনো কুকুৰৰ দৰে ভুকিব ধৰে ! কুকুৰৰ কামুৰৰপৰা এই ৰোগ হয় বাবেই কুকুৰৰ দৰে মাত ! ইয়াতকৈ আৰু মানুহৰ বাবে নীচাত্মক চিন্তা কি হব পাৰে ?এই ৰোগ আৰু ৰোগীৰ লক্ষণক লৈ অলেখ জনবিশ্বাস তথা অন্ধবিশ্বাস আমাৰ সমাজত প্ৰচলিত হৈ আছে । সেইবোৰ আৰু ইয়াত বৰ্ণনা নকৰোঁ । জলাতংক(Rabies)ৰোগবিধ হয় এবিধ বিশেষ ধৰণৰ ভাইৰাছৰ আক্ৰমণৰ ফলত ।Rabies শব্দটো আহিছে লেটিন শব্দ rabio-ৰপৰা, যাৰ অৰ্থ হৈছে পাগল হৈ যোৱা । পুৰণি গ্ৰিক ভাষাত lyssa নামৰ এটা শব্দ আছে যাৰ অৰ্থ হৈছে পাগলামি কৰা । গ্ৰিক ভাষাতে জলাতংকক hydrophobia বোলা হয় য`ত hydro মানে হৈছে পানী, আৰু phobos মানে হৈছে ভয় বা আতংক । এই ৰোগবিধ অতি সাংঘাটিক, প্ৰতি মুহূৰ্ততে মৃত্যুই আতংকিত কৰে । কাৰণ এইবিধ ভাইৰাছে মানুহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক আক্ৰমণ কৰে যাৰ বাবে উত্তেজনা, আক্ৰমণ কৰাৰ নিচিনা অংগী-ভংগী আৰু অনিচ্ছাকৃত পাগলামিয়ে দেখা দিয়ে । অৱশেষত মাংসপেশী অৱশ হৈ ৰোগী মৃত্যুমুখত পৰে । সেইবুলি এই ৰোগবিধ যে কেৱল কুকুৰৰপৰাই হয় এনে নহয়, উষ্ণৰক্তধাৰী প্ৰাণী, যেনে শিয়াল, মেকুৰী, বাদুলী আদিৰপৰাও হব পাৰে । তেজ শুহি খোৱা এক প্ৰকাৰ বাদুলী(vampire bat) এই ৰোগত আক্ৰান্ত হলে সি কামুৰা মানুহৰ শৰীৰলৈ এই ৰোগ বিয়পে । অৱশ্যে আমাৰ দেশত এইবিধ বাদুলী নাই । সেইবুলি শিয়াল, কুকুৰ, মেকুৰীয়ে কামুৰিলেই যে এই ৰোগ হব তাৰ কোনো নিশ্বয়তা নাই। কামুৰা প্ৰাণীবিধৰ শৰীৰত পূৰ্বেই এই ভাইৰাছবিধ সংক্ৰমিত হব লাগিব আৰু ভাইৰাছ থকা ইহঁতৰ লালটি মানুহৰ তেজৰ সৈতে মিহলি হব লাগিব ।১৮৮১ চনত ফৰাচী বিজ্ঞানী লুই পাস্তুৰে ইয়াক আৱিষ্কাৰ কৰিছিল । ৰোগাক্ৰান্ত কুকুৰ বা শিয়ালে কামুৰাৰ লগে লগে এই ৰোগ নহয়, কমেও ১২ দিন লাগে; কেতিয়াবা দুই এমাহ বা এবছৰ পাছতো ৰোগে দেখা দিব পাৰে । যি কুকুৰে বা শিয়ালে কামুৰে সেই কুকুৰ বা শিয়াল যদি কামুৰাৰ ১০ দিনৰ পাছতো জীয়াই থাকে তেন্তে বুজিব লাগিব তাৰ শৰীৰত জলাতংক ৰোগবিধ নাছিল । গতিকে তাৰ কামুৰৰপৰা এই ৰোগ বিয়পাৰ সম্ভাবনা নাই । কাৰণ, ৰোগ আৰম্ভ হোৱাৰ পাছত ৬ দিনতকৈ বেছি কুকুৰ বা শিয়াল জীয়াই থাকিব নোৱাৰে আৰু ৰোগ আৰম্ভ হোৱাৰ ৪ দিন আগৰেপৰা তাৰ লালটিত সংক্ৰামক ভাইৰাছ নাথাকে । সেইবাবে কমেও ১০ দিন কামুৰা কুকুৰ বা শিয়ালটো লক্ষ্য ৰাখিব লাগে । তাৰ পাছতো কুকুৰ বা শিয়াল বাছি থাকিলে ৰেবিছ ভাইৰাছ ধ্বংস কৰাৰ নিমিত্তে ১৪টা বেজী(antirabies vaccine, ARV) লোৱাৰ কোনো প্ৰয়োজন নাই । অৱশ্যে প্ৰাণীবিধক লক্ষ্য ৰাখিব নোৱাৰিলে জীৱনৰ নিৰাপত্তাৰ খাটিৰত বেজীকেইটা লবই লাগিব । কাৰণ, এই ৰোগটো হলে এসপ্তাহৰ ভিতৰত মৃত্যু অনিবাৰ্য্য ।
জলাতংক ৰোগ আৰম্ভ হোৱাৰ দুই এদিনৰ ভিতৰতে এই ভাইৰাছে ৰোগীৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত আক্ৰমণ চলায় । ইয়াৰ ফলত ৰোগী মানসিকভাবে সামান্য উত্তেজিত হলেই শৰীৰৰ মাংসপেশীবোৰ অতি তীব্ৰভাবে উত্তেজিত হৈ পৰে। পানী খাব ললেই মুখমণ্ডলৰ স্নায়ু বা যিবোৰ পেশী লৰচৰ কৰিবলগীয়া হয়, সেইবোৰ উত্তেজনাৰ বাবেই সংকুচিত হৈ পৰে । লগে লগে ৰোগীৰ চেহেৰা আতংকগ্ৰস্ত ব্যক্তিৰ নিচিনা হয় । আচলতে ৰোগীয়ে পানী দেখি আতংকিত নহয়, ৰোগীয়ে পানীলৈ চাই থাকিব পাৰে, খোৱাৰ কথা ভাবিলেহে লেঠা লাগে ! কিন্তু খোৱাৰ কথা নভবালৈকে ৰোগীৰ একো নহয় । কেৱল পানী খাবলৈ চেষ্টা কৰিলেই যে এনে হয়, তেনে নহয়; শীতল বতাহ, তীব্ৰ শব্দ-পোহৰ-গোন্ধ ইত্যাদি সামান্য উত্তেজনাতেই মুখৰ মাংসপেশী সংকুচিত হৈ পৰে । আনকি হাত-ভৰিৰ পেশীও উত্তেজিত হৈ পৰে । স্বৰযন্ত্ৰৰ পেশী সংকুচিত হলে স্বৰ বা মাত বিকৃত হব পাৰে ; সেইবুলি কুকুৰৰ দৰে মাত ওলাব বুলি কোনো নিশ্চয়তা নাই । মাংসপেশীৰ আকস্মিক সংকোচনৰ নিমিত্তে কেতিয়াবা দাঁত-মুখ নিকটাই থকাৰ দৰে, হা-কৈ মুখখন মেলি, আৰু কেতিয়াবা লালটি ওলাই থাকিব পাৰে । তেনে অৱস্থাত কমুৰিবলৈ বা আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ নিচিনা লাগিব পাৰে । প্ৰকৃততে এনে ৰোগীৰ তেনে কোনো অভিপ্ৰায় নাথাকে । আচলতে জলাতংক বা hydrophobia শব্দটো ভুল ধাৰণাৰ ভিত্তিত প্ৰতিস্থিত । ওজা বা বেজে এই ৰোগ কোনোপধ্যে আৰোগ্য কৰিব নোৱাৰে । সেইবাবে কাৰোবাক কুকুৰ বা শিয়ালে কামুৰিলে ওজাৰ শৰণাপন্ন হোৱাতকৈ বিজ্ঞান-সন্মত চিকিৎসা ব্যবস্থা অতি জৰুৰী ।
নৱজাত শিশুক যশ-যশিনী বা পিশাচনীয়ে পায় বুলি আমাৰ সমাজত আৰু এক প্ৰকাৰ অন্ধবিশ্বাসে বাৰুকৈয়ে শিপাইছে । সাধাৰণতে নৱজাতকে প্ৰায়ে জ্বৰ আৰু আক্ষেপন(Spasm)ত ভূগে । গ্ৰাম্যাঞ্চলৰ বেছিভাগ নৱজাতক এই ৰোগত মৃত্যুমুখত পৰে । মানুহৰ বিশ্বাস শিশুটোক পিশাচনীয়ে মাৰে । নৱজাতকক পিশাচনীৰ পৰা ৰক্ষা কৰিবলৈ পিতৃ-মাতৃ ওজাৰ শৰণাপন্ন হবলগীয়া হয় । বেছিভাগ ক্ষেত্ৰতে ওজা বিফল হয় আৰু শিশুটি মৃত্যুমুখত পৰে ! কাৰণ অস্তিত্বহীন যশ বা যশিনীৰ বাবে নহয়, ক্লষ্ট্ৰিডিয়াম টিটেনি(Clostridium tetani) নামৰ এবিধ জীৱাণুৰ বাবেহে, যি টিটেনাছ নামৰ ৰোগ এটাৰ বাবে দায়ী । ইয়াৰ উপৰিও অন্য জীৱাণু বা ভাইৰাছৰ আক্ৰমণৰ ফলত হোৱা মেনিনজাইটিছ, এনকেফেলাইটিছ, নিউমোনিয়া আদি ৰোগৰ বাবেও জ্বৰ, আক্ষেপন আদি হব পাৰে । এইবিলাক ৰোগৰ চিকিৎসা কেতিয়াও বেজৰ বেজালিত নকমে । দুৱাৰমুখত আঁৰি দিয়া বগৰীৰ কাঁইট বা শিশুৰ গাঁত দিয়া ফটা জালে এনে ৰোগ আৰোগ্য কৰিব নোৱাৰে । বেছিভাগ ক্ষেত্ৰতে টিটেনাছ ৰোগত শিশুৰ মৃত্যু ঘটে ।সাধাৰণতে উষ্ণ অঞ্চল, দৰিদ্ৰ পৰিয়াল আৰু অস্বাস্থ্যকৰ পৰিৱেশত এই ৰোগ বেছিকৈ হয় । নৱজাতকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হলে এই ৰোগ হোৱাৰ সম্ভাৱনা আৰু বৃদ্ধি পায় । প্ৰথম কেইমাহমানৰ বাবে শিশুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা পায় নিজৰ মাতৃৰপৰা । মাতৃয়ে যদি অপুষ্টিত ভুগি দুৰ্বল হৈ পৰে তেন্তে তেনে মাতৃৰ শিশুক এইবোৰ ৰোগে আক্ৰমণ কৰাৰ সম্ভাৱনা খুবেই প্ৰৱল হৈ পৰে । গতিকে গৰ্ভাৱস্থাত মাতৃক উপযুক্ত পুষ্টিকৰ খাদ্য যোগান ধৰিব লাগে আৰু এমাহৰ ব্যৱধানত টিটেনাছ প্ৰতিৰোধী বেজী দুবাৰ দিয়াটো বাঞ্ছনীয় । সাধাৰণতে প্ৰসবৰ পাছত শিশুৰ শৰীৰৰ সৈতে সংলগ্ন নাড়ী(umbilical cord)কটাৰ ক্ষতৰপৰাই শিশু টিটেনাছত আক্ৰান্ত হয় । সেইবাবে এই নাড়ী কাটোতে বাঁহৰ আঁহ, মামৰে ধৰা পুৰণি ব্লেড বা কটাৰী আদি ব্যবহাৰ কৰাৰ পৰিবৰ্তে জীৱাণুমুক্ত ছুৰি বা ব্লেড ব্যবহাৰ কৰিব লাগে । নতুন ব্লেড বা কটাৰী এখন জুইত পুৰি ললেই জীৱাণুমুক্ত হৈ পৰে । মাত্ৰ এবাৰেই ব্যবহাৰ কৰিব পৰা জীৱাণুমুক্ত ব্লেড আজি-কালি কিনিবলৈয়ো পোৱা যায় ।তেনে ব্লেড মাত্ৰ এবাৰেই ব্যবহাৰ কৰিব লাগে, কেতিয়াও দ্বিতীয়বাৰ ব্যবহাৰ কৰিব নালাগে । শিশুৰ টিটেনাছ বা জ্বৰ অথবা আক্ষেপন হলে বা খিলামুৰীয়ে ধৰিলে ততালিকে হস্পিতাললৈ গৈ বিজ্ঞানসন্মত বিধিৰ বাবে চিকিৎসকৰ শৰণাপন্ন হব লাগে ।
কিছুদিন আগতে দূৰদৰ্শনৰ পৰ্দাত এটা অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ সৌভাগ্য(নে দূৰ্ভাগ্য !)হৈছিল । কিছুমান ভক্তৰ ঘৰত থকা ছাইবাবাৰ ছবিখনৰপৰা হেনো আপোনা-আপুনি বিভূতি ওলাইছে। ছবিখনৰপৰা বা এনেয়েও হেনো বহুতকে ছাইবাবাই শাৰীৰিকভাবে খন্তেকৰ বাবে দেখা দিয়ে ! মৃত্যুৰ পাছত ব্যক্তি এজনে শাৰীৰিকভাবে কাৰোবাক দেখা দিয়াটো সম্ভৱ নে ?আমাৰ অভিনেতা তথা পৰিচালক ব্ৰজেন বৰাই বৰ আবেগ ঢালি ছাইবাবাৰ ঈশ্বৰত্বই একপ্ৰকাৰ প্ৰমাণ কৰি দিলে । ৰাইজৰ মধ্যমণি(Ikon)য়ে যেতিয়া বিজ্ঞানসন্মত চিন্তাধাৰালৈ পিঠি দি কুসংস্কাৰত নিমজ্জিত হয়, তেন্তে সেই মধ্যমণিক অনুসৰণ কৰা জনতাৰ কি দশা হব ? মানুহৰ মন জীৱন্ত স্নায়ু আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল এক জটিল প্ৰক্ৰিয়া ।বহুতেই জটিল আৰু বিচিত্ৰ মনৰ অস্বাভাৱিকত্বত ভোগে । এনে অস্বাভাৱিকত্বৰ এটা দিশ হল-বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ অনুভুতি । এনে অনুভুতিক তিনি ভাগত ভাগ কৰিব পাৰি । যেনে-ভ্ৰমাত্মক অনুভুতি বা চিত্ৰবিভ্ৰম(illusion), অলীক প্ৰত্যক্ষ বা মতিভ্ৰম(hallucination)আৰু ভ্ৰান্ত ধাৰণা(delusion)। Illusion হৈছে কোনো বস্তুক যি ধৰণে থাকে সেই ধৰণে উপলব্ধি নকৰা । Hallucination হৈছে অস্তিত্বহীন কোনো বস্তু সম্পৰ্কে ভ্ৰান্ত অনুভুতি লাভ কৰা । Delusion হৈছে কোনো ঘটনা সম্পৰ্কে অসুস্থ আৰু বদ্ধমূল ভ্ৰান্ত ধাৰণা বা বিশ্বাসত আসক্ত হোৱা । পঞ্চেন্দ্ৰিয়ৰ ওপৰত ভিত্তি কৰি illusion আৰু hallucination-ৰ অনুভূতি আকৌ পাঁচ ধৰণৰ হব পাৰে । সেই পাঁচবিধ হৈছে-দৃষ্টিভ্ৰম(visual), শ্ৰৱনভ্ৰম(auditory), স্পৰ্শজনিত ভ্ৰম(tactile), ঘ্ৰাণজনিত ভ্ৰম(olfactory)আৰু স্বাদজনিত ভ্ৰম(taste)। এগৰাকী পিয়াহত আঁতুৰ ব্যক্তিয়ে মতিভ্ৰমৰ বাবেই মৰুভুমিত দেখিবলৈ পায় মৰূদ্যান অথবা জলাশয় !সদায় পূজা-অৰ্চনাত মত্ত এজন সৰল চিত্তৰ ব্যক্তিয়ে যদি নিতৌ জনৈক দেৱতাৰ ধ্যানতে ব্যস্ত থাকে, খাওঁতে-শোওঁতে, উঠোতে-বহোতে কেৱল সেই তথাকথিত দেৱতাগৰাকীৰ কাল্পনিক ছবি এখনকে মনলৈ আনি থাকে তেন্তে তেনে ব্যক্তিয়ে এটা সময়ত মতিভ্ৰম হৈ এনে অনুভবো কৰিব পাৰে,-যেন সেই দেৱতাগৰাকীয়ে তেওঁৰ আগত স-শৰীৰে আহি দেখা দিছে ! কেৱল দেখা দিয়াই নহয়, মূৰত হাত থৈ তেওঁক আশীৰ্বাদো দিছে ! দেৱতাগৰাকীয়ে হয়তো তেওঁক কোনো কামত সহায়ো কৰি দিয়া যেন অনুভৱ হব পাৰে । কিবা খাব দিব পাৰে, খাই সোৱাদ পোৱাৰ অনুভৱো হব । তদৃশ ধূপ-ধূনাৰ গোন্ধ পাই পূজা হোৱা বুলি অনুভব কৰা, কাৰোবাক দেখি কোনো দেৱতা বুলি অনুভৱ কৰা, শুকান পাতৰ খচ্খচনিত ভূত বা কোনো প্ৰেতাত্মাৰ খোজৰ শব্দ বুলি অনুভৱ কৰা, আন্ধাৰ নিশা বা জোনাক নিশা বগা বিজুলী-তাঁৰৰ খুটাক জীন বা অন্য দেৱতা বুলি ভ্ৰম দেখা ইত্যাদি এশ এবুৰি মতিভ্ৰম আমাৰ প্ৰায় সকলোৰে জীৱনত কম-বেছি পৰিমানে ঘটিয়ে থাকে । ব্যক্তিৰ নিজস্ব চিন্তাধাৰা আৰু বিশ্বাস অনুযায়ী এনে ভ্ৰান্ত অনুভুতিও ভিন্ন হোৱা দেখা যায় । এনে ভ্ৰান্ত বিশ্বাসসমুহকে মূল উপজীব্য হিচাপে লৈ এচাম অসাধু ওজা বা বেজে অতি গাম্ভীৰ্য্য আৰু বিশ্বাসযোগ্যতাৰে সাধাৰণ মানুহৰ আগত উপস্থাপন কৰি অন্ধ্ববিশ্বাসৰ আন্ধাৰকণ দ-কৈ শিপোৱাত সহায় কৰে যাতে বিজ্ঞানৰ পোহৰে তেওঁলোকক সহজে স্পৰ্শ কৰিব নোৱাৰে । এনে ভ্ৰান্ত ধাৰণাৰ বাবে কিছু পৰিমাণে মানসিক স্বাস্থ্য(Psychological)ও দায়ী হব পাৰে । মস্তিষ্কৰ উপযুক্ত বিকাশ নঘটিলে অথবা পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্ৰভাৱত বহুতে অত্যধিক ভাবুক, আবেগপ্ৰৱণ আৰু কল্পনাপ্ৰৱণ হৈ ডাঙৰ দীঘ্ল হয় । মস্তিষ্ক আৰু স্নায়ুকোষৰ অস্বাভাবিক কাৰ্য্যৰ ফলতেই এনে ক্ৰিয়াবোৰ সম্ভৱ হয় । তাতোকৈ ডাঙৰ কথা, এনেধৰণৰ ব্যক্তিক সহজেই সন্মোহিত কৰিব পাৰি বা তেওঁলোক নিজেই আত্মসন্মোহনৰ বলী হয় । গতিকে তেওঁলোকে সন্মোহিত অৱস্থাৰ দৰে বিভিন্ন ভ্ৰান্ত অভিজ্ঞতা সহজেই লাভ কৰে । একেদৰে কেতিয়াবা পুৰণি কোনো স্মৃতি বা অভিজ্ঞতাও তেওঁলোকৰ ওচৰত জীৱন্ত হৈ ধৰা দিয়ে । সৰু কালৰে পৰা ভূত-ভগৱান-ঈশ্বৰ, শিৱ-কৃষ্ণ-ছাইবাবা আদিৰ বিভিন্ন অলৌকিক ক্ৰিয়া-কাণ্ডৰ কথা শুনোতে শুনোতে এই অস্তিত্বহীন কাল্পনিক জীৱবোৰৰ সম্পৰ্কে কেতবোৰ বদ্ধমূল ধাৰণা মনৰ গভীৰতাত বাহ লয় । ফলত সামান্য ধৰণৰ ধূপ-ধূনা, মন্ত্ৰ-পাঠ, বা তেনেধৰণৰ পৰিৱেশ পালেই আত্মসন্মোহিত হৈ ভ্ৰান্ত অনুভুতি বা মতিভ্ৰমৰ সন্মুখীন হয় । অতি গাঢ় প্ৰেমিক-প্ৰেমিকাৰ প্ৰেমিকাই যদি অতি গভীৰভাৱে প্ৰেমিকৰ কথা ভাবি থাকে, তেন্তে প্ৰেমিকৰ কথা শুনিবলৈ পোৱাৰ দৰে ভ্ৰান্ত শ্ৰৱনানুভুতি হব পাৰে। ফলত এটা সময়ত এনেদৰে ভাবি ভাবি আপোন পাহৰা হৈ নিজৰ সৈতেই কথা-বতৰা আৰম্ভ কৰিব পাৰে । এনেদৰেই কাৰোবাৰ ধ্যান(যাক transcedental meditation বোলা হয়)কৰি কৰি, বা ছবিত কোনো দেৱতাক দেখি অথবা ছাইবাবাৰ ফটোলৈ চাই চাই গভীৰভাবে ভাবি ভাবি কাৰোবাৰ অনুভৱ হব পাৰে যেন সেই দেৱতা বা ছাই বাবা স্বয়ং তেওঁৰ সন্মুখত ঠিয় হৈ আছে । আমাৰ এচাম মধ্যমণিয়ে নিজৰ ভ্ৰমকে ঈশ্বৰ বুলি সাৱটি লৈ সৰ্বসাধাৰণক অন্ধবিশ্বাসৰ গভীৰ এন্ধাৰলৈ ঠেলি দিছে যাতে সুস্থ বিজ্ঞান-মনস্কতাৰ অধিকাৰী হব নোৱাৰে । সম্ভৱত বৰাৰ দৰে ব্যক্তিসকলে নাজানে, এই ছাইবাবা নামৰ তথাকথিত ভগৱানগৰাকীক ভাৰতৰ লেখক খুছৱন্ত সিঙে তাহানিতে ভগৱানগিৰি জাহিৰ কৰাৰ নিমিত্তে কি শিক্ষা দিছিল !
শেহতীয়া উন্নীতকৰণ: : 6/5/2020