অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খং নামেই চণ্ডালঃ

খং নামেই চণ্ডালঃ

খং নামেই চণ্ডাল বুলি কিয় কোৱা হয়-

উপৰিউক্ত প্ৰবচনফাঁকি নিবন্ধটিৰ শিৰোনামৰূপে ব্যৱহাৰ কৰিলো পঢ়ুৱৈসকলৰ দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যে। চণ্ডাল শব্দৰ দ্বাৰা ইয়াত নিশ্চয়কৈ সমাজৰ নিম্নস্তৰৰ সেইসকল অৱহেলিত মানুহক বুজোৱা হোৱা নাই- যিসকলে সাধাৰণতে শ্মশানত মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰাৰ ক্ষেত্ৰত সহায় কৰে। খং উঠিলে মানুহৰ মানসিক অৱনতি ঘটি এনে এক পৰ্যায় পায়গৈ যে দেৱতুল্য মানুহেও যিকোনো গৰ্হিত কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। আজি দুবছৰৰ পূৰ্বে ফুটবল বিশ্বকাপৰ ফাইনেল (ফিফা) পৰ্যায়ৰ এখন খেলত ঘটা এটা ঘটনাৰ বিষয়ে মোৰ মনলৈ আহিছে। খঙৰ ভমকত এজন খেলুৱৈয়ে প্ৰতিপক্ষ দলৰ এজনক ৰাজহুৱাভাৱে প্ৰহাৰ কৰা ঘটনাই সমগ্ৰ বিশ্বতে বিতৰ্কৰ খলকনি তুলিছিল। অৱশ্যে খেলুৱৈগৰাকীৰ বিপক্ষে যে যথাবিহিত শাস্তিমূলক ব্যৱস্থা লোৱা হৈছিল সেই কথা উল্লেখ কৰাটো নিষ্প্ৰয়োজন।

খং কি-

 

প্ৰহাৰ কৰা বা মাৰধৰ কৰাটো হৈছে খং, হতাশা আৰু ভয় অনুভূতিৰ এক বাহ্যিক তথা প্ৰাথমিক প্ৰকাশ আকাংক্ষিত বা অবাঞ্ছনীয় বুলিবও পাৰি।

চিকিৎসা বিজ্ঞানৰ মতে খং কি-


চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে খং নামৰ অনুভূতিটোৰ উৎপত্তিৰ স্থান হৈছে মগজুৰ এমিগডালা নামৰ ঠাইডোখৰ। এক ছেকেণ্ডৰ ভগ্নাংশৰ ভিতৰতে খং উঠিলে ইয়াৰ পৰা নিঃসৰিত হোৱা ৰাসায়নিক দ্ৰব্যবোৰ হৈছে আৰ্জাই নিন-ভেছ’প্ৰেছিন, ড’পামিন, ক’ৰ্টিকো-ট্ৰ’পিন নিঃসৰণকাৰী দ্ৰব্যসমূহ, ন’ৰএডৰেনেলিন আৰু লগতে ছেৰ’টনিনৰ মাত্ৰা বাঢ়ে। এনেবোৰ ৰাসায়নিক দ্ৰব্যৰ মাত্ৰা বৃদ্ধিৰ হেতুকে শৰীৰে এক যুদ্ধং দেহি কিম্বা পলায়নৰ মানসিকতা গ্ৰহণ কৰে। কলিজাৰ কম্পনৰ নিৰিখ খৰ হয়, চকুৰ মণি বেছি ডাঙৰ হয়, ৰক্তচাপ বাঢ়ি যায় আৰু বেছিকৈ ঘাম ওলাবলৈ ধৰে। তাৎক্ষণিকভাৱে মগজুৰ সন্মুখৰ অংশটিলৈ তেজৰ সৰবৰাহ বাঢ়ি যায়। ছেৰ’টনিনৰ দৰে অন্যান্য ৰাসায়নিক দ্ৰব্যৰ নিঃসৰণতো ইয়াৰ এক ভূমিকা আছে। এইবোৰৰ মাত্ৰাধিক্যৰ বাবে যুক্তিযুক্ততাৰ ওভটনি যাত্ৰা ঘটে আৰু এনেদৰে লাহে লাহে ক্ৰোধৰ অৱসান ঘটে। অত্যধিক ক্ৰোধে সমগ্ৰ শৰীৰ সত্ত্বা আগুৰি ধৰিলে সেই স্থান আৰু পৰিৱেশ ত্যাগ কৰাই বাঞ্ছনীয় আৰু বিকল্প উপায়ৰূপে মৌখিক অথবা শাৰীৰিকভাৱে দ্বন্দ্বযুদ্ধত অৱতীৰ্ণ হ’ব লাগিব। দেহাত ছেৰ’টনিনৰ মাত্ৰা তাকৰীয়া হ’লে যুক্তিবিহীনভাৱে খং উঠে আৰু আগ্ৰাসনমূলক আচৰণ ব্যক্তিগৰাকীয়ে প্ৰদৰ্শন কৰিব পাৰে।

ক্ৰীড়াংগনত থকা সময়ত বিশেষকৈ ফুটবল আৰু মল্লযুদ্ধৰ দৰে যিবোৰ খেলত অংশগ্ৰহণকাৰীসকল নিবিড়ভাৱে দৈহিক সংস্পৰ্শলৈ আহিবলগীয়া হয়, তেনেবোৰ খেলত এক বিজয় লাভৰ মানসিকতা গঢ় লৈ উঠে আৰু সেয়েহে প্ৰয়োজনসাপেক্ষে বিপক্ষ দলৰ প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতি হিংস্ৰ আচৰণ প্ৰদৰ্শন কৰিব পাৰে। এই আচৰণেই জিকা-হৰাৰ এক কাৰক হৈ পৰে। অন্যান্য মানুহৰ বাবে দৈহিক বা মৌখিকভাৱে হিংস্ৰ আচৰণ প্ৰদৰ্শন মুঠেই যুক্তিযুক্ত নহয়। সমাজৰ এজন কাৰ্যক্ষম সুনাগৰিক হ’বলৈ হ’লে ক্ৰোধ নিয়ন্ত্ৰণ নিশ্চয়কৈ অপৰিহাৰ্য।

খঙৰ অপকাৰিতা-

 

শৰীৰ আৰু মনত ক্ৰোধৰ দাবানল জ্বলি উঠাৰ সময়ত ব্যক্তিগৰাকীয়ে ইয়াৰ অগনি অনুভৱ কৰিব পাৰে। এই অনুভূতিটোৰ বহিঃপ্ৰকাশ তেওঁ ঘটাব পাৰে বা অৱদমিত কৰিব পাৰে আৰু নিজকে শান্ত কৰিব পাৰে। বয়োজ্যেষ্ঠ বা ক্ষমতাত অধিষ্ঠিত কোনো ব্যক্তিৰ প্ৰতি খঙৰ ভাব প্ৰদৰ্শনে ব্যক্তিগৰাকীৰ ভৱিষ্যৎ জীৱনত বিৰূপ প্ৰভাৱ পেলায়। আনহাতে দীঘলীয়া সময়ৰ বাবে অৱদমিত কৰি ৰখা খঙেও ব্যক্তিগৰাকীৰ দেহত ঋণাত্মক প্ৰভাৱ পেলায়, ৰক্তচাপ বাঢ়ে। তদুপৰি এই অনুভূতিৰ হেতুকে ষ্ট্ৰোক হৈ হাত-ভৰি অসাৰ হ’ব পাৰে আৰু অত্যধিক বুকুৰ বিষ হৈ হাৰ্ট এটেক হ’ব পাৰে। খং প্ৰশমিত কৰিবলৈ বহুতে বেছিকৈ খোৱা-বোৱা কৰে আৰু ইয়াৰ ফলত মেদবহুলতাত আক্ৰান্ত হোৱাৰ উপৰি হতাশাতো ভুগিব পাৰে।

এনেধৰণৰ পৰিণতিৰ বিষয়ে অৱগত হোৱাৰ পাছত নিশ্চয়কৈ পঢ়ুৱৈসকলৰ মনত খং প্ৰশমনৰ উপায় সম্বন্ধে উৎসুকতা জাগিব। যিহেতু ৰং-ধেমালি বা যৌনতাৰ দৰে খঙো হৈছে এক আদিম অনুভূতি, গতিকে ইয়াৰ ঋণাত্মক প্ৰভাৱৰ হেতুকে প্ৰশমন কৰাটোৱেই সৰ্বোত্তম উপায়। খঙৰ ভমকত বুকুৰ ধপধপনি অনুভূত হ’লে মনত একৰ পৰা দহলৈকে গণনা কৰিব লাগে আৰু ইয়াৰ পূৰ্বে খঙৰ বাহ্যিক প্ৰকাশ ঘটাব নালাগে। ইয়াৰ ফলত মগজুৰ ফ্ৰণ্টেল ল’ব এমিগডালাৰ কাম-কাজ নিয়ন্ত্ৰণ কৰিবলৈ সময় লভে। একে সময়তে কেইটামান দীঘলীয়া উশাহ ল’ব লাগে। কেতিয়াবা মনতে ‘ওম শান্তি’ শব্দটি কেইবাবাৰো আওৰাই থাকিলেও সুফল পাব পাৰি। সৌ তাহানিখনৰে পৰাই খং প্ৰশমনৰ দিশত ফলপ্ৰসূ উপায় হৈছে যোগাসন আৰু ধ্যান।

খং কমাবৰ বাবে উপায়-

 

যুক্তিৰ সহায়ত কেতিয়াবা খঙক পৰাভূত কৰিব পাৰি। ঘটনাৰ ক্ৰমবোৰ যুক্তিপূৰ্ণভাৱে বিশ্লেষণ কৰিলে মানসিক বোজা ভালেখিনি পাতল হয়। খঙাল প্ৰকৃতিৰ মাত্ৰা কমাবলৈ খং উঠি থকা মানুহজনে যাৰ ওপৰত খং উঠিছে তেওঁৰ বক্তব্য শুনাৰ অভ্যাস কৰাৰ উপৰি নিয়মীয়াকৈ খোজ কঢ়াৰ অভ্যাস কৰিব লাগিব।

একোজন ব্যক্তিৰ দৈহিক আৰু মানসিক গাঁথনিৰ ওপৰত এনেবোৰ ব্যায়াম নিয়মীয়াভাৱে ৪০ মিনিটকৈ কৰিলে যোগাত্মক প্ৰভাৱ পৰে- চাইকেল চালনা, খোজকঢ়া, দৌৰা, সাঁতোৰা আৰু জগিং কৰা। এনেধৰণৰ ব্যায়াম কৰা হেতুকে মাংসপেশীৰ পৰা নিঃসৰিত দ্ৰব্যই ছেৰ’টনিনৰ মাত্ৰা বঢ়ায়। অৱশ্যে এষাৰ কথা অনস্বীকাৰ্য যে নিতৌ ব্যায়াম কৰা মানুহবোৰৰো খং নুঠাকৈ নাথাকে। পিছে দেহৰ পৰা নিঃসৰিত হোৱা দ্ৰব্যবোৰ হিংস্ৰ আচৰণত লিপ্ত হোৱাত বাধা দিয়ে।

নিজেই কণমানি শিশুবোৰে কেতিয়াবা অস্বাভাৱিক আচৰণ কৰে। আনকি ইহঁতে কামুৰিবও পাৰে। সিহঁতক বুজি পাবলৈ প্ৰাপ্তবয়স্কসকলে দেখুওৱা অসামৰ্থতাৰ বাবেই এনে হয়। বয়সৰ অগ্ৰগতিৰ লগে লগে মগজুটি পৈণত হোৱাৰ সময়ত ফ্ৰণ্টেল ল’বটিৰ কাম-কাজ সক্ৰিয় হয় আৰু ফলত অবাঞ্ছনীয় কাম-কাজবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অৱশ্যে যদিহে এই মগজুৰ ফ্ৰণ্টেল আৰু টেম্প’ৰেল ল’ব নামৰ অংশকেইটাৰ কিবা শৰীৰতাত্ত্বিক বিজুতি ঘটিলে প্ৰাপ্তবয়স্ক অৱস্থাটো মানুহ এজনে অস্বাভাৱিক ধৰণৰ হিংস্ৰ আচৰণ কৰিব পাৰে। ই-ই জি বা এম আৰ আই স্কেন কৰি এনেধৰণৰ অস্বাভাৱিকতা ধৰা পেলাব পাৰি।

দুৰ্ঘটনাক্ৰমে মানুহে কামুৰিলে তাৰ পৰিণতি ভয়াবহ হব পাৰে। আক্ৰান্ত ব্যক্তিৰ ছালত ক্ষত স্থানৰ সৃষ্টি হয়। এই স্থানৰ জৰিয়তে ভালেমান বেক্টেৰিয়া আৰু ভাইৰাছৰ সংক্ৰমণ ঘটিব পাৰে। গতিকে চাবোন পানী আৰু এণ্টিচেপ্টিক ক্ৰীমৰ সহায়ত ক্ষতস্থান পৰিষ্কাৰ কৰি ধুব লাগে। প্ৰয়োজনসাপেক্ষে টিটেনাছ টক্সাইড আৰু বি-হেপাটাইটিছ ভাইৰাছ বিধ্বংসী ছিটা ল’ব লাগিব। এনে ক্ষত স্থানৰ জৰিয়তে সুস্থ শৰীৰলৈ এইচ আই ভি ভাইৰাছৰো অনুপ্ৰৱেশ ঘটে। গতিকে তেজ পৰীক্ষা কৰাব লাগিব।

ব্যক্তিভেদে খং তথা আক্ৰোশমূলক মনোভাবৰ তীব্ৰতাৰ ভিন্নতা থাকে আৰু ইয়াৰ মাত্ৰা নিয়ন্ত্ৰিত হয় জিনৰ দ্বাৰা। পিছে এই জিন নিৰ্ণয়ৰ ক্ষেত্ৰত বিজ্ঞানীসকলৰ অগ্ৰগতি বৰ আশাপ্ৰদ নহয়। লণ্ডনৰ সামাজিক, জেনেটিক আৰু উন্নয়নমূলক মনস্তত্ত্ববিজ্ঞান কেন্দ্ৰৰ উপ-সঞ্চালক অধ্যাপক ৰবাট প্ল’মিনে এনে মন্তব্য কৰে। তেওঁ এনেদৰে কয়- ‘কোনো এটা বা আন এটা বিশেষ জিন কেতবোৰ বিশেষ ৰোগ সৃষ্টিৰ বাবে জগৰীয়া বুলি ধাৰ্য কৰি ইতিমধ্যে হয়তো বহুতো গৱেষণাৰ ফলাফল প্ৰকাশ হৈছে’।

পিছে শেহতীয়াভাৱে বিজ্ঞানীসকলে স্বকীয় দৃষ্টিভংগীৰ আমূল পৰিৱৰ্তন ঘটাইছে। প্ৰতিডাল জিনৰ কাম-কাজ সুকীয়াভাৱে নিৰীক্ষণ কৰাৰ পৰিৱৰ্তে মানৱ শৰীৰৰ আটাইবোৰ জিনৰ সুস্থ তথা ৰুগ্ন অৱস্থাত থকা প্ৰভাৱৰ বিষয়ে সমূহীয়াভাৱে গৱেষণা চলোৱা হৈছে। মানুহ আৰু নিগনিৰ শৰীৰত চলোৱা গৱেষণাৰ জৰিয়তে জনা গৈছে যে ছেৰটনিনৰ বাহক জিনৰ ডি এন এ-ৰ গাঁথনিৰ বৈশিষ্ট্যৰ ওপৰত এজন ব্যক্তিৰ মানসিকতাত খং, আক্ৰোশমূলক মনোভাবে কিমান প্ৰভাৱ পেলায় সেয়া নিৰ্ভৰ কৰে।

 

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate