অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিদ্ৰাহীনতাঃ

নিদ্ৰাহীনতাঃ

নিদ্ৰাহীনতা কি-

সাম্প্ৰতিক সময়ত প্ৰায়ভাগ লোকেই নিদ্ৰাহীনতাৰ সমস্যাত ভোগা দেখা যায়। যাক ইনছ’মনিয়া বুলি কোৱা হয়। বৰ্তমানৰ যান্ত্ৰিক যুগত মানুহৰ শাৰীৰিক পৰিশ্ৰম হ্ৰাস পাইছে। মানসিক হেঁচা বা চাপ বৃদ্ধি পাইছে। গাড়ী-মটৰৰ শব্দ বাঢ়িছে, কংক্ৰিটৰ অট্টালিকা বাঢ়িছে। ইয়াৰ তাপ, গৰমৰ ফলতো মানুহৰ নিদ্ৰা হ্ৰাস পাইছে। দিনৰ দিনটো কষ্ট কৰাৰ পাছত নিশা টোপনি নাহে। যেতিয়া গোটেই পৃথিৱীখনে নাক বজাই শোৱে, তেতিয়া ফেঁচাৰ দৰে চকু মেলি থাকিব লগা হ’লে কেনে লাগে কেৱল ভুক্তভোগীগৰাকীয়েহে জানে। তাতে দিনত চকু জ্বলি থাকে, মূৰ কামোৰে। নিদ্ৰাহীনতাৰ ফলত গেষ্ট্ৰিক, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি ৰোগে লাহে লাহে আগুৰি ধৰে।

নিদ্ৰাহীনতাৰ ওপৰত শ্বেইক্সপীয়েৰে লিখিছে- ‘সেই শিৰত অস্বস্তিয়ে শোভা বৰ্ধন কৰে, য’ত মুকুট পিন্ধা হয়’। এই নিদ্ৰাহীনতাৰ বাবে বহুতো ৰজা-মহাৰজাই নানা ধৰণৰ উপায় অৱলম্বন কৰিও টোপনি যাব পৰা নাছিল। সেয়ে ইয়াৰ ওপৰত বিশদভাৱে অধ্যয়নৰ প্ৰচেষ্টা চলাই থকা হৈছে। অধ্যয়নৰ ফলস্বৰূপে আমাৰ দৃষ্টিগোচৰ হোৱা কেইটামান কথা অৱগত কৰাব বিচাৰিছোঁ। নিদ্ৰাহীনতাৰ লক্ষণসমূহ চাই আমি ইয়াক কেইবাটাও ভাগত ভগাব পাৰোঁ। প্ৰথম শ্ৰেণী হৈছে তেওঁলোক- যিসকলে ওৰে নিশাটো উজাগৰে কটায়। কিবা কাৰণত যদি টোপনি ভাঙে আৰু যদি পুনৰ টোপনি নাহে। দ্বিতীয় শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে, যিয়ে মদ্যপান কৰে, মাদক দ্ৰব্য সেৱন কৰে নাইবা অইন কোনো ধৰণৰ টোপনি অহা ঔষধ খায়। তৃতীয় শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে- যিসকলে টোপনি নহা সমস্যাত সৰুৰে পৰা ভুগি আহিছে। চতুৰ্থ শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে সেইসকল যিয়ে মাৰাত্মক হতাশাত ভুগি আছে। বহুত চিন্তাত দিন পাৰ কৰি আছে। পঞ্চম শ্ৰেণীৰসকল হৈছে, যিয়ে অনবৰতে টোপনিয়াই থাকে, কিন্তু গভীৰ টোপনি নাহে। যি কামেই নকৰক কিয় টোপনিয়াই থাকে, শুবলৈ বিচাৰে অহৰ্নিশে। ষষ্ঠ শ্ৰেণীত অন্তৰ্ভুক্তসকলৰ মূল সমস্যা শ্বাস-প্ৰশ্বাস। এওঁলোকৰ টোপনি সঘনাই ভাঙে শ্বাস-প্ৰশ্বাসৰ সমস্যা হোৱা বাবে। সপ্তম বিধৰ টোপনিত খোজকঢ়াৰ অভ্যাস। টোপনিত দাঁত কৰচা, হাত-ভৰি মাৰি থকা সকলৰো আচলতে গভীৰ টোপনি নাহে।

নিদ্ৰাহীনতা হলে কি কৰা উচিত-


সমস্যা বা কাৰণ যিয়েই নহওক কিয়, টোপনি অহা দৰব খাবলৈ দিয়া উচিত নহয়। দৰব সেৱন কৰি টোপনি যাব বিচৰাতকৈ উজাগৰী নিশা কটোৱাই বেছি ভাল। খাদ্যৰ ক্ষেত্ৰত কিছু শৃংখলা আনিলেও টোপনি আহিব পাৰে। যেনে পিছবেলালৈ কফি খাব দিব নালাগে। কফিত কেফেইন থাকে। কেফেইনে সজাগতা বঢ়ায়, যাৰ বাবে টোপনি নাহে। টোপনি নাহিলেও সময়ত শুবলৈ যাব লাগে। সম্পূৰ্ণভাৱে এন্ধাৰত থাকি চকু মুদি আৰাম কৰিলেও কৰিব পাৰে। টোপনি নাহিলেও স্নায়ু, মগজু, শৰীৰ আৰু মনটোৱে আৰাম পাব, শান্ত হ’ব।

নিয়মিতভাৱে ৰাতিপুৱা ব্যায়াম, যোগ, প্ৰাণায়াম কৰিব লাগে। শাৰীৰিক পৰিশ্ৰম কৰাটো ভাল। কিন্তু অত্যধিক কৰিলেও টোপনি নাহে। পিছবেলা গধুৰ শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰিলেও টোপনি নাহিব পাৰে। বেছি ক্ষেত্ৰত দেখা যায় নিদ্ৰাহীনতাত ভোগা লোকসকলে শোৱাৰ আগে আগে বহুত চিন্তা কৰে। চিন্তাগধুৰ হৈ উজাগৰে নিশাটো পাৰ কৰে। এনে কৰাৰ পৰা বিৰত থাকিব লাগে।

আধ্যাত্মিক চিন্তা-চৰ্চা কৰিলে টোপনি ভাল হোৱাৰ সম্ভাৱনা বাঢ়ে। ঈশ্বৰ চিন্তা কৰিলে স্বয়ংক্ৰিয়ভাৱে মনৰ পৰা সকলো চিন্তা, দুশ্চিন্তা, ভয়, শংকা আদি অদেখা শক্তিৰ ওপৰত অৰ্পিত হয়। তেতিয়া মনটোৱে সকাহ অনুভৱ কৰে। মনটোৱে সকাহ পালে চিন্তা-ভাৱনা-শংকা নোহোৱা হয়। মানসিক শান্তিয়ে সুন্দৰ টোপনিত সহায় কৰে।

মালিচ কৰিলে বা কৰালে টোপনি ভাল হয়। ডিঙি, কান্ধ, ৰাজহাড়ত মালিচ দিব। তেল ভাল নাপায় যদি ক্ৰীম, পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। খালি হাতেৰেও মালিচ দিব পাৰে। ভৰিৰ সৰু গাঁঠিৰ পৰা আঁঠুলৈ মালিচ দিব। কিছুসময় খোজকাঢ়িব। অলপ ধ্যান কৰিব। বিছনাৰ কাপোৰ-কানি পৰিষ্কাৰ আৰু পৰিপাটি কৰি ল’ব। যদি ঘৰৰ কামত খুব হুলস্থূল হৈ থাকে, তেন্তে যোগনিদ্ৰা কৰিব নাইবা ডীপশ্লীপ মিউজিক শুনিব। SATTVA, YOGNIDRA, DEEP SLEEP MUSIC APP আপোনাৰ ফোনত ডাউনলোড কৰি লৈ শুনিব পাৰে। MEDITATION FOR SLEEP ভাল এপছ, ইয়াকো শুনিব পাৰে।

যিজনে পাৰে একেটা সময়তে শুবলৈ চেষ্টা কৰিব। একে সময়তে নুশুলে টোপনি ভাঙে আৰু পুনৰ টোপনি নাহে। যেতিয়াই টোপনি টোপনি লাগে, শুবলৈ যাব। শ্বাস-প্ৰশ্বাসৰ ওপৰত ধ্যান দিব, ওলোটাকৈ ১০০ৰ পৰা গণ্টি কৰিবলৈ আৰম্ভ কৰিব।

খাদ্য-

 

খাদ্যৰ জৰিয়তে টোপনি অনাত সহায়ক হ’ব পাৰে। আপেল, চাইদাৰ ভিনেগাৰ টোপনি অনাত সহায় কৰে। গাজৰ বা গাজৰৰ ৰস খালেও টোপনি আহে। ইয়াৰ উপৰি আৰু বহুতো খাদ্য আছে, যিবোৰ খালে টোপনি আহিব পাৰে।

পিঁয়াজঃ কেঁচা বা পোৰা বা সিজোৱা পিঁয়াজ খালে টোপনি আহে। পিঁয়াজ পুৰি তাৰ ৰস উলিয়াই ৪ চামুচমান খালে ধুনীয়া টোপনি আহে।

মিঠাতেল বা খাঁটি সৰিয়হৰ তেল খালে টোপনি আহে। ভৰিৰ তলুৱা মিঠাতেলেৰে মালিচ কৰিলেও টোপনি আহে বুলি আয়ুৰ্বেদ গ্ৰন্থত পোৱা যায়।

ইয়াৰ উপৰি দ্ৰোণ শাক, পচতীয়া পাত, তিতাকেৰেলা, নেফাফু, কালমেঘ খালেও টোপনি ভাল হয়।

আম, বন্ধাকবি, ফুলকবি খালে টোপনি আহে আৰু গভীৰ হয়।

গাখীৰৰ পৰা উৎপাদিত মেৱা বা গোটা ক্ষীৰ ৫০ গ্ৰাম ৰাতি শোৱাৰ আগে আগে খালে টোপনি ভাল হয়। এগিলাচ গাখীৰত গুৰ আৰু মাখন এচামুচকৈ মিহলাই খাব। ইয়াৰ ফলতো ভাল টোপনি হয়।

ধনিয়া পাত বা ধনিয়া গুটি টোপনি আনিবলৈ কামত দিয়ে। সতেজ ধনিয়া পাত পিহি পানী, মিচিৰি আৰু চিকুট সন্ধ্যা নিমখৰ লগত মিহলাই চৰবত বনাই খাব। টোপনি ভাল হ’ব।

দৈ, চফ, জালুকৰ গুড়ি, চেনি মিহলাই খালেও টোপনি ভাল হয়।

মৌ, নেমুৰ ৰস মিহলাই খাই ৰাতি শুলেও টোপনি ভাল হয়। যদি নেমু নাই, তেন্তে পানীৰ লগত মৌ মিহলাই খালেও কামত দিয়ে।

কুহুমীয়া গৰম পানীত ভৰি তিয়ালেও টোপনি ভাল হয়। বিশেষকৈ কষ্ট-পৰিশ্ৰম অধিক হ’লে গামলাত কুহুমীয়া গৰম পানী ল’ব, নিমখ মিহলাব আৰু ভৰি তিয়াই থ’ব। টোপনি ভাল হ’ব। এনে কৰিলে বহুতৰ মূৰ ঘূৰায়, তেনে অনুভৱ কৰিলে চকুৰ ওপৰত এখন তিতা গামোচা ল’ব। গৰমৰ দিনত কুহুমীয়া পানীৰ সলনি চেঁচা পানী ল’লে বেছি আৰাম পাব। টোপনি ভাল হ’ব।

জীৱনটো সুন্দৰ কৰিবলৈ অলপ টোপনিৰ প্ৰয়োজন। টোপনি নাই বুলি বৰ চিন্তাও নকৰিব। অত্যধিক মেধাৱী লোকৰ টোপনি কম, কিয়নো তেওঁলোকৰ মগজু অইনতকৈ অধিক সচেতন অৱস্থাত থাকে। আব্ৰাহাম লিংকন, জৰ্জ ৱাশ্বিংটন, উইলিয়াম শ্বেইক্সপীয়েৰ, জৱাহৰলাল নেহৰু, ভূপেন হাজৰিকাকে আদি কৰি লোকসকলে নিদ্ৰাহীনতাৰ সমস্যাত ভুগিছিল। তেওঁলোকে এই কথাত মূৰ নঘমাই সেই সময়খিনিৰ সৎ ব্যৱহাৰ কৰিছিল। আপোনালোকেও কৰিব পাৰে।

(উৎসঃ অসমীয়া খবৰ, মধুমিতা শইকীয়া)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate