অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মন মাপক যন্ত্ৰঃ

মন মাপক যন্ত্ৰঃ

মন মাপক যন্ত্ৰ কি-

 

সচেতন পঢ়ুৱৈসকলৰ মনত শিৰোনামটিয়ে ভিন্ন ধৰণে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা নিতান্তই স্বাভাৱিক। বিশষকৈ যিসকল ব্যক্তি ‘ছায়েফিক’ বা কল্পবিজ্ঞান বাহিনীৰ প্ৰতি আসক্ত বা দুৰ্বাৰভাৱে আকৰ্ষিত হৈ আছে তেওঁলোকৰ মগজুৰ চিন্তাৰ তৰংগ হয়তো এনেদৰে ঢাল খাইছে যে এই লেখকে ছায়েফিক গল্প ৰচনাতো হাত দিলে। তেওঁলোকৰ অনুমান পিছে একেবাৰে মিছা নহয়। এই লেখকৰ দ্বাৰা ৰচিত ভালেমান কল্পবিজ্ঞান কাহিনী ইতিমধ্যে বিভিন্ন আলোচনীত প্ৰকাশ হৈ গৈছে। পিছে আজিৰ নিৱন্ধটিত চিকিৎসা বিজ্ঞানৰ এক নৱতম আৱিষ্কাৰৰ বিষয়েহে আলচিব খুজিছো। বিজ্ঞানীসকলে এই যন্ত্ৰৰ সহায়ত মগজুৰ পৰা গ্ৰহণ কৰা দৃশ্য বা প্ৰতিবিম্ব (ইমেজ) সকলোকে দেখুৱাব পাৰে।

ব্ৰেইন স্কেনাৰৰ জৰিয়তে সংগৃহীত তথ্যৰ আধাৰত ভিত্তি কৰি এই পদ্ধতিৰ দ্বাৰা মানুহৰ মুখমণ্ডল সঠিকভাৱে অংকন কৰা হৈছে। গৱেষকসকলৰ মতে অদূৰ ভৱিষ্যতত কোনোবা দিনা হয়তো মানুহৰ স্মৃতি, কল্পনা শক্তি আৰু সপোনবোৰ পুনৰ নিৰ্মাণ বা সজাব পৰা যাব। তদুপৰি অনাগত দিনবোৰত প্ৰত্যক্ষদৰ্শীৰ বৰ্ণনাৰ আধাৰত ভিত্তি কৰি কুকাৰ্য সংঘটিত কৰা অপৰাধীৰ মুখাৱয়ৱ সঠিকভাৱে অংকন কৰিব পৰা যাব।

আমেৰিকাৰ বাৰ্কলেস্থিত কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ স্নায়ৱিক বিজ্ঞানী এলান কাৱেনৰ মতে অতি সঠিকভাৱে স্নায়ৱিক পুনৰ নিৰ্মাণ পদ্ধতিৰ দ্বাৰা মুখাৱয়ৱৰ অংকন সম্ভৱপৰ হৈছে। ওপৰত উল্লিখিত সপোন, স্মৃতি আৰু কল্পনা শক্তিৰ অভিজ্ঞতাসমূহ অফলাইন পৰিঘটনা বুলি আখ্যায়িত কৰিব পাৰি।

গৱেষণাৰ সময়ছোৱাত ৬ জন স্বেচ্ছাসেৱকক এম আৰ আই স্কেনিং কৰি থকা অৱস্থাত ৩০০ খন মুখমণ্ডল দেখুওৱা হৈছিল। সমগ্ৰ প্ৰক্ৰিয়াটোৰ সময়ছোৱাত বিভিন্ন ধৰণৰ মুখাৱয়ৰ প্ৰতি সংশ্লিষ্ট ব্যক্তিগৰাকীৰ মানসিকতাত ভোগা প্ৰতিক্ৰিয়াৰ বিষয়ে নিৰীক্ষণ কৰা হৈছিল। কেঁকোৰা চুলিৰ পৰা নীলা চকুকে ধৰি কৃষ্ণকায় ছালযুক্ত ব্যক্তিকে ধৰি ভিন্নজনৰ সমাৱেশ ঘটিছিল এই গৱেষণা প্ৰকল্পত। বিজ্ঞানীসকলে ডাটাবেছ গঠন কৰাৰ পাছত মগজুৰ বিভিন্ন এলেকাত ব্যক্তিসকলৰ মুখাৱয়ৱ দৰ্শনৰ প্ৰতি ঘটা সঁহাৰিৰ বিষয়ে অধ্যয়ন চলোৱা হৈছিল।

এই গৱেষণাৰ মূলগত আধাৰ প্ৰকৃততে গঢ়ি উঠিছে এক অত্যন্ত সূক্ষ্ম তথা বিতৰ্কিত বিষয়ৰ ওপৰত ভিত্তি কৰি। মানুহৰ সকলো ধৰণৰ চিন্তা-ভাৱনাৰ সৈতে জড়িত হৈ থাকে স্নায়ৱিক পৰ্যায়ত ঘটা কেতবোৰ পৰিৱৰ্তন। এই পৰিৱৰ্তনৰ বাবে জগৰীয়া কাৰক হৈছে মগজুৰ বৈদ্যুতিক আৰু ৰাসায়নিক কাৰ্যকলাপসমূহ।

এনেধৰণৰ ধ্যান-ধাৰণা বহুতৰে বাবে এইবাবেই উদ্ভট যেন বোধ হ’ব যে আত্মা-পৰমাত্মাৰ সৈতে মানুহৰ মানসিকতাৰ ওতঃপ্ৰোত সম্পৰ্কৰ দিশটো নস্যাৎ কৰি এই নৱতম বৈজ্ঞানিক ধাৰণাৰ জৰিয়তে মগজুৰ ৰাসায়নিক পৰিৱৰ্তনেহে মানসিকতাৰ সৃষ্টিত মুখ্য ভূমিকা গ্ৰহণ কৰে বুলি প্ৰচাৰ কৰা হৈছে। বিপৰীতো স্নায়ৱিক বিজ্ঞানীৰ বাবে আকৌ বিষয়টি আকৰ্ষণীয় ৰূপত এইবাবেই ধৰা দিয়া বুলিব পাৰি যে যদিহে অনাগত ভৱিষ্যতৰ কোনোবা এটা ক্ষণত এনে এক সংবেদনশীল যন্ত্ৰ উদ্ভাৱন কৰিব পৰা যায় যে মগজুত সৃষ্টি হোৱা সকলো ধৰণৰ চিন্তা-ভাৱনা ৰেকৰ্ড কৰাটো সম্ভৱপৰ হৈ উঠিব। নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ ব্ৰাইছ ক’ল আৰু য়ালে বিশ্ববিদ্যালয়ৰ অধ্যাপক মাভিন শ্ব’নৰ মতে মানুহৰ মগজুৰ পৰা মুখাৱয়ৱৰ দৃশ্যপট অংকন কৰাটো হৈছে প্ৰথম পৰ্যায়ৰ কাম, যাৰ জৰিয়তে অদূৰ ভৱিষ্যতত কোনোবা দিনাখন হয়তো মানুহৰ মানসিকতাত ভুমুকি মৰা বিভিন্ন চিন্তাৰ তৰংগৰ বিষয়ে অৱগত হোৱাটো সম্ভৱ হ’ব। এগৰাকী বিজ্ঞানীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে যে বৰ্তমান এই সংক্ৰান্তত চলি থকা বিতৰ্কৰ ভিত্তি হৈছে যে সকলো মানসিক পৰিঘটনা ভৌতিকতাৰ আধাৰতে গঢ়ি উঠিছে নে নাই।

এইক্ষেত্ৰত লঘু হ’লে এচাম বিজ্ঞানীয়ে পোষণ কৰা এটা মতামত হৈছে যে বৰ্ণবাদৰ পৃষ্ঠপোষকতা কৰা ব্যক্তিসকলৰ মানসিকতা পৰীক্ষা কৰা এইবাবেই সমীচীন যে ছালৰ ভিন্ন বৰ্ণই তেওঁলোকৰ মনত কোনোধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেই কথা জানিব পৰা যাব। তদুপৰি অ’টিজিম ৰোগাক্ৰান্ত ব্যক্তিসকলৰ মানসিকতাৰ পৰিৱৰ্তনৰ বিষয়ে জ্ঞাত হোৱা এইবাবেই দৰকাৰ যে এনেধৰণৰ ৰোগীৰ মুখাৱয়ৱৰ তেনে কোনো পৰিৱৰ্তন পৰিলক্ষিত নহয়।

এই সন্দৰ্ভত এজন গৱেষকৰ বক্তব্য হৈছে এনেধৰণৰ- গৱেষণাৰ জৰিয়তে স্মৃতিশক্তিৰ বিষয়ে অধ্যয়ন চলোৱা হৈছে। আমাৰ মগজুলৈ অহা কোনোধৰণৰ চিন্তাৰ তৰংগৰ সৈতে ওতঃপ্ৰোতভাৱে সংলগ্ন হৈ থাকে নানা তৰহৰ মানসিক দৃশ্যপট। এইবোৰ সঠিকভাৱে অংকন কৰিবলৈ আহৰণ কৰা সক্ষমতা নিশ্চয়কৈ শিহৰণকাৰী। স্বপ্নাৱিষ্ট অৱস্থাৰ পুনৰ্গঠন তথা পুনৰ্নিমাণো কিছুদিনৰ ভিতৰতে সম্ভৱপৰ হ’বগৈ বুলি আশা কৰিব পাৰি। অৱশ্যে অনতিপলমে আমাৰ সপোনবোৰক কোনো যন্ত্ৰৰ সহায়ত এনে এক অৱস্থালৈ ৰূপান্তৰ ঘটাব নোৱাৰি যে সজ্ঞান অৱস্থাত আমি সেইবোৰ এখন চিনেমাৰ দৰে উপভোগ কৰিবলৈ সক্ষম হম। পিছে গৱেষণাৰ জৰিয়তে পদ্ধতিবোৰৰ সামগ্ৰিকভাৱে উন্নীত সাধন হৈছে আৰু সংবেদনশীলতা বাঢ়িছে।

লণ্ডন ইউনিভাৰ্ছিটী কলেজৰ স্নায়ৱিক বিজ্ঞান বিভাগৰ অধ্যাপক ডাঃ গেৰাইন ৰীছৰ মতে গৱেষণাই এতিয়া কাৰিকৰী দিশত যথেষ্ট উন্নতি লভিছে। গতিকে ব্ৰেইন স্কেনাৰৰ নিৰীক্ষণত থকা অৱস্থাত এজন নিদ্ৰামগ্ন মানুহে কেনেধৰণৰ সপোন দেখি আছে সেই কথা মানুহজনৰ মুখাৱয়ৱৰ সামান্যতম পৰিৱৰ্তনৰ জৰিয়তে জানিব পৰা যাব।

ইংলেণ্ডৰ বাৰ্মিংহামৰ এষ্ট’ন বিশ্ববিদ্যালয়ৰ স্নায়ৱিক ৰেডঅ’লজী বিভাগৰ অধ্যাপিকা ডাঃ জিনা ৰিপ্পনে উপৰিউক্ত সমীক্ষাবোৰ সন্দৰ্ভত প্ৰশংসামুখৰ হৈ এনে মন্তব্য কৰে- আটাইতকৈ আকৰ্ষণীয় কথা হ’ব যে একেই মুখাৱয়ৱত প্ৰবাহিত হোৱা ভিন্নধৰ্মী ভাবধাৰাবোৰ যদিহে এনে যন্ত্ৰৰ দ্বাৰা ধৰা পেলাব পৰা যায়। হতাশা বা অন্যান্য মানসিক সমস্যাৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ যন্ত্ৰৰ উদ্ভাৱনে নিশ্চয়কৈ সমস্যা সমাধানৰ দিশত অৰিহণা যোগাব।

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate