ভাৰতবৰ্ষকে ধৰি বিশ্বৰ উন্নয়নশীল তথা পুৰুষ প্ৰধান সমাজ-ব্যৱস্থাৰ দেশবোৰত নাৰী সকলো দিশতে অৱহেলিত আৰু অৱদমিত হৈ আছে। স্বাস্থ্যৰ ক্ষেত্ৰতো ইয়াৰ ব্যক্তিক্ৰম হোৱা দেখা নাযায়। দুখীয়া দেশৰ অধিকাংশ নাৰীয়েই ৰুগ্ন তথা পুষ্টিহীন। অনেকেই যথোচিত চিকিৎসা সেৱা লাভৰ পৰাও বঞ্চিত। প্ৰায়ভাগ উন্নয়নশীল দেশতে নাৰীৰ গড় আয়ুষ পুৰুষৰ তুলনাত কম।
সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ সৰ্বাধিক প্ৰয়োজনীয় বিষয় হ’ল, প্ৰতিদিনে পৰ্যাপ্ত মাত্ৰাত সুষম আহাৰ গ্ৰহণ কৰা আৰু নিয়মিতভাৱে ব্যায়াম বা শাৰীৰিক শ্ৰম কৰা। কিন্তু উন্নয়নশীল দেশবোৰৰ অধিকাংশ নাৰীয়েই যথোচিত মাত্ৰাত সুষম আহাৰ গ্ৰহণ আৰু নিয়মিতভাৱে ব্যায়াম কৰাৰ ক্ষেত্ৰত সচেতন নহয়। এনেবোৰ দেশত অৱশ্যে বহুসংখ্যক নাৰীয়ে পৰ্যাপ্ত মাত্ৰাত পুষ্টিকৰ খাদ্য লাভৰ পৰা বঞ্চিত হৈও থাকে। এই পৰিস্থিতিৰ পৰিৱৰ্তনৰ বাবে ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়োজন হৈছে। নিজৰ স্বাস্থ্যৰ প্ৰতি উদাসীনতা, অত্যধিক কামৰ বোজা, পাৰিবাৰিক আৰু সামাজিক অৱদমন প্ৰভৃতি কাৰণতে উন্নয়নশীল ৰাষ্ট্ৰৰ নাৰীসকল শাৰীৰিক শ্ৰম-ব্যায়াম কৰাৰ প্ৰতিও আগ্ৰহী নহয়। যিখন দেশ বা সমাজৰ অধিকাংশ নাৰীয়েই স্বাস্থ্যহীন, সেইখন দেশ বা সমাজৰ সৰ্বাংগীণ বিকাশ তথা উন্নয়ন সম্ভৱ নহয়। সেয়েহে প্ৰতিগৰাকী নাৰীয়েই নিজৰ স্বাস্থ্যৰ যত্ন লোৱা তথা নিয়মিতভাৱে শ্ৰম ব্যায়াম কৰা নিতান্তই প্ৰয়োজনীয়। তেওঁলোকে নিজৰ নিজৰ বয়স, প্ৰয়োজনীয়তা, শাৰীৰিক অৱস্থা আদিৰ ভিত্তিত, বিশেষজ্ঞৰ সৈতে আলোচনা কৰি কৰিবলগীয়া ব্যায়ামবোৰ বাছনি কৰা উচিত। নিয়মিত ব্যায়াম কৰাৰ জৰিয়তে নাৰীসকলে বিষ-বেদনাবিহীনব তথা সক্ৰিয় জীৱন যাপন কৰিব পাৰিব, স্বাস্থ্য ভালে থাকিলেহে গৃহিণীসকলে ঘৰ একোখন সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিব।
সাম্প্ৰতিক কালত কিছুসংখ্যক নাৰীয়ে ব্যায়ামাগাৰকৈ যাবলৈ লৈছে যদিও এতিয়াও পুৰুষৰ তুলনাত ব্যায়ামাগৰলৈ যোৱা নাৰীৰ সংখ্যাত যথেষ্ট কম। বহুতো নাৰীয়ে তেওঁলোকৰ বিয়া বা আন কোনো বিশেষ উপলক্ষ্যৰ কিছুদিন আগৰ পৰা ব্যায়ামাগাৰলৈ যাবলৈ লয়, যাতে সেই অনুষ্ঠানৰ দিনা তেওঁলোকক সুন্দৰ দেখায়। কিন্তু সেই অনুষ্ঠান উদযাপনৰ দিনটো পাৰ হৈ যোৱাৰ পিছত তেওঁলোকৰ বেছিভাগেই পুনৰ আৰু ব্যায়ামাগাৰলৈ যাবলৈ বাদ দিয়ে। সেইসকল নাৰীয়ে এটা কথা উপলব্ধি কৰা উচিত যে ব্যায়াম কৰাৰ উপযোগিতা কেৱল শৰীৰটো নিপোটল তথা দেখনিয়াৰ কৰাতেই সীমাবদ্ধ নহয়, ব্যায়াম কৰাৰ জৰিয়তে ভালেমানে শাৰীৰিক সুফলো পোৱা যায়।
যিসকল নাৰীয়ে নিয়মিতভাৱে ব্যায়াম কৰে, তেওঁলোকে কেন্সাৰ, বিশেষকৈ স্তনৰ কেন্সাৰ, অষ্টিঅ’পৰ’চিছ আদি জটিল ৰোগত আক্ৰান্ত হোৱাৰ আশংকা যথেষ্ট কমি থাকে আৰু তেওঁলোকৰ শৰীৰ মেদবহুল হৈ নপৰে। অধিকাংশ ব্যায়ামগাৰতে নাৰীক কেৱল ট্ৰেডমিল আৰু এৰ’বিক ব্যায়ামহে কৰিবলৈ দিয়া হয়। এইবোৰ ব্যায়ামৰ যথেষ্ট উপযোগিত আছে যদিও নাৰীয়ে এইবোৰৰ বাহিৰেও অন্যান্য ব্যায়ামো কৰিব পাৰে। উদাহৰণস্বৰূপে, তেওঁলোকে বিশেষজ্ঞৰ তত্বাৱধানত ‘ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰচাইজ’ কৰিব পাৰে।
হাড়ত কেলচিয়ামৰ মাত্ৰা কমি যোৱা সমস্যাটোত মহিলাসকল আপেক্ষিকভাৱে বেছিকৈ ভোগে। বিশেষকৈ ৰজোনিবৃত্তিৰ পিছত এই সমস্যা বেছিকৈ উদ্ভৱ হয়। হাড়ত কেলচিয়ামৰ মাত্ৰা কমি যোৱাৰ ফলত হাড়ৰ ঘনত্ব হ্ৰাস পায় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত হাড় ঠুনুকা হয় আৰু অনেকেই অষ্টিঅ’পৰ’চিছত আক্ৰান্ত হয়। নিয়মিতভাৱে ‘ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰচাইজ’ কৰি থাকিলে হাড়ত কেলচিয়ামৰ মাত্ৰা সহজে কমি নাযায় আৰু ইয়াৰ ফলত হাড় মজবুত হৈ থাকে। আনহাতে হৰমোন চিকিৎসা গ্ৰহণ কৰি থকা মহিলাসকলে সমান্তৰালভাৱে বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ব্যায়াম কৰিলে অধিক সুফল লাভ কৰিব পাৰে।
অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে, বয়ঃসন্ধি কালৰ পৰা নিয়মিতভাৱে ব্যায়াম কৰা নাৰীৰ পিছলৈ স্তনৰ কেন্সাৰ হোৱাৰ আশংকা যথেষ্ট কমি থাকে। আনহাতে, কেন্সাৰৰ পৰা আৰোগ্য লাভ কৰা মহিলাই ব্যায়াম কৰিবলৈ ল’লে, তেওঁলোকৰ শৰীৰত দুনাই কেন্সাৰ উক দিয়াৰ আশংকা যথেষ্ট হ্ৰাস পায়। মেদবহুলতা, বিশেষকৈ পেট আৰু কঁকাল অংশত মেদ জমা হোৱাটো অধিকাংশ মধ্য বয়সীয়া মহিলাৰ ক্ষেত্ৰতে দেখা দিয়া এটা সমস্যা। এই সমস্যাৰ পৰা হাত সাৰি থাকিবৰ বাবে মধ্যবয়সীয়া মহিলাসকলে আহাৰ নিয়ন্ত্ৰণ কৰাৰ লগতে নিয়মিত ব্যায়াম কৰাটো নিতান্তই প্ৰয়োজন। সন্তান প্ৰসৱৰ পিছত বহুসংখ্যক মহিলা শকত হৈ পৰে। ইয়াৰ কিছুসংখ্যকৰ শৰীৰ পিছলৈ চৰ্বিমুক্ত হয় যদিও অধিকাংশ মহিলাই শকত হৈয়ে থাকে। এনে পৰিস্থিতিত কোনো কোনো মহিলাই পেটৰ শিথিল হৈ পৰা মাংসপেশী টান কৰাৰ বাবে বেল্ট আদি ব্যৱহাৰ কৰে যদিও তেনে ব্যৱস্থাৰে বৰ বেছি সুফল পাব নোৱাৰি। সেয়েহে এইসকল মহিলাই শৰীৰ নিৰ্মেদ তথা নিপোটল কৰাৰ বাবে ব্যায়াম কৰাতহে অধিক গুৰুত্ব দিব লাগে। ব্যায়াম কৰিলে তেওঁলোকৰ শৰীৰ ঋজু হোৱাৰ লগতে আন বহুতো সুফল লাভ কৰিব পাৰে। মহিলাসকলে বিশেষজ্ঞৰ পৰা যাৱতীয় পৰামৰ্শ লৈ পাইলেটছ(Pilates) ব্যায়াম কৰিলে যাথেষ্ট ভাল ফল পাব পাৰে। পাইলেটছ ব্যায়ামে দেহৰ মাধ্যাংশ সবল কৰি তোলে আৰু ভিন ভিন মানুহৰ প্ৰয়োজনীয়তা তথা শাৰীৰিক অৱস্থাৰ সৈতে সংগতি ৰাখি এই ব্যায়াম কৰিব পাৰি।
বিশ্বজুৰি নাৰীৰ মৃত্যুৰ এটা প্ৰধান কাৰক হ’ল হৃদৰোগ। হৃদৰোগত পুৰুষ বেছিকৈ আক্ৰান্ত হয় বুলি এটা ধাৰণা প্ৰচলন হৈ আছে যদিও যথেষ্ট সংখ্যক নাৰীও এই প্ৰাণঘাতী ৰোগত আক্ৰান্ত হয়।
হৃদৰোগত আক্ৰান্ত হোৱাৰ পৰা হাত সাৰি থকাৰ ক্ষেত্ৰত ব্যায়ামে যথেষ্ট সহায় কৰিব পাৰে। ব্যায়ামে শাৰীৰিকৰ লগত মানসিক দিশতো যথেষ্ট ইতিবাচক প্ৰভাৱ পেলায়। যাৰ ফলত বিমৰ্ষতা(Depression) আৰু মানসিক চাপ হ্ৰাস পায়। পুৰুষতকৈ নাৰী আপেক্ষিকভাৱে সহজে নিমৰ্ষতাৰ চিকাৰ হয়। আনহাতে, বিমৰ্ষতা আৰু মানসিক চাপত ভুগি থাকিলে হৃদৰোগকে ধৰি কেইবাবিধো মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পায়।
অধিকাংশ নাৰীয়েই প্ৰতিটো দিন বিভিন্ন প্ৰকাৰৰ কামত ব্যস্ত হৈ থাকি কটাবলগীয়া হয়। সেয়েহে তেওঁলোক শাৰীৰিক-মানসিকভাৱে সবল তথা অফুৰন্ত প্ৰাণ-শক্তিৰ অধিকাৰী হোৱাটো প্ৰয়োজনীয়- সেই অৱস্থা তেওঁলোকে লাভ কৰিব পাৰে ব্যায়ামৰ জৰিয়তে। ব্যয়ামৰ জৰিয়তে লাভ কৰা সবল মাংসপেশী, টেগুন আৰু লিগামেন্টে তেওঁলোকক দৈনন্দিন কাম-কাজবোৰ সুচাৰুৰূপে কৰি যোৱাত সহায় কৰে।
মহিলাসকল সততে পিঠিৰ বিষত আক্ৰান্ত হোৱা দেখা যায়, ব্যায়াম কৰাৰ জৰিয়তে পিঠিৰ মাংসপেশী সবল হোৱাৰ পৰিপ্ৰেক্ষিতত পিঠিৰ বিষত আক্ৰান্ত হোৱাৰ আশংকা বহুলাংশে কমি যায়।
নিয়মিতভাৱে ব্যায়াম কৰাৰ লগতে প্ৰতিদিনে যথোচিত মাত্ৰাত সুষম আহাৰ আৰু পানী খোৱা, পৰ্যাপ্ত মাত্ৰাত শোৱা, সকলো ক্ষেত্ৰতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখা প্ৰভৃতি যাৱতীয় স্বাস্থ্যবিধিসমূহ মানি চলাটোও নাৰে-পুৰুষ নিৰ্বিশেষে সকলোৰে বাবে নিতান্তই প্ৰয়োজনীয়। ইয়াৰ অন্যথাই সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ আশা কৰিব নোৱাৰি।
লেখক: অমল ভাগৱতী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)
শেহতীয়া উন্নীতকৰণ: : 2/9/2023