মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৃহিণীসকল সুস্থ থকাৰ উপায়ঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৃহিণীসকল সুস্থ থকাৰ উপায়ঃ

প্ৰায়বোৰ গৃহিণীয়ে, বিশেষকৈ একান্নৱৰ্তী পৰিয়ালৰ গৃহিণীসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগী নহয়। গৃহিণীসকলৰ শৰীৰ সুস্থ ৰখাৰ উপায় হ’ল-

প্ৰায়বোৰ গৃহিণীয়ে, বিশেষকৈ একান্নৱৰ্তী পৰিয়ালৰ গৃহিণীসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগী নহয়। গৃহিণীসকলৰ শৰীৰ সুস্থ ৰখাৰ উপায় হ’ল-

  • খালী পেটে চাহ খোৱা বা দুবাৰৰ বেছি চাহ খোৱা উচিত নহয়।

অন্তঃসত্ত্বা অৱস্থাত একেবাৰে খাব নালাগে।

  • জুইৰ পৰা নমায়েই অতি গৰম চাহ খোৱা উচিত নহয়।
  • কিডনীৰ পাথৰ হোৱা এৰাবলৈ বেছিকৈ পালেংশাক খাব।

হঠাৎ বদহজম হ’লেঃ

  • ভাত খাই বদহজম হ’লে যোৱান আৰু বীটলোণ খাব লাগে।
  • দালি খাই বদহজম হ’লে যোৱান আৰু লোণ খাব লাগে।
  • মাছ খাই বদহজম হ’লে কাজি পাণ খাব লাগে।
  • মাংস খাই বদহজম হ’লে যোৱান আৰু লোণ খাব লাগে।
  • ৰুটি খাই বদহজম হ’লে যোৱান আৰু লোণ পানীৰে সৈতে খাব লাগে।
  • পিঠা খাই বদহজম হ’লে বেছিকৈ ঠাণ্ডা পানী খাব লাগে।
  • পায়স খাই বদহজম হ’লে কেঁচা মুগৰ দালি চোবাই খাব লাগে।
  • নাৰিকল খাই বদহজম হ’লে চাউল খালে বহুত উপকাৰ পোৱা যায়।
  • গাখীৰ খাই বদহজম হ’লে ঘোল খাব লাগে।
  • খিচিৰী খাই বদহজম হ’লে সৈন্ধৱ লোণ খাব লাগে।
  • ঘুগুনী খাই বদহজম হ’লে শিলিখা খাব লাগে
  • বগৰী খাই বদহজম হ’লে গৰম পানী খাব লাগে।
  • কঁঠাল খাই বদহজম হ’লে কঁঠালৰ গুটি বা কল খাব লাগে।
  • কল খাই বদহজম হ’লে লোণ খাব লাগে।
  • তাল খাই বদহজম হ’লে চাউল খাব লাগে।
  • জাম খাই বদহজম হ’লে শিলিখা খাব লাগে।
  • ঘি খাই বদহজম হ’লে কাজি নেমুটেঙা খাব লাগে।
  • মাখন খাই বদহজম হ’লে ত্ৰিফলাৰ পানী খাব লাগে।
  • লুচি খাই বদহজম হ’লে পিপলি চূৰ্ণ খালে উপকাৰ পোৱা যায়।
  • মালপোৱা খাই বদহজম হ’লে যোৱান খাব লাগে।
  • চুজিৰ হালোৱা খাই অজীৰ্ণ হ’লে কৰ্পূৰৰ পানী খাব লাগে।
  • মদ খাই অজীৰ্ণ হ’লে তেঁতেলীৰ পানী খাব লাগে।
  • তৈলাক্ত দ্ৰব্য খাই বদহজম হ’লে পঁইতাভাতৰ পানী খাব লাগে।
  • মৌ খাই অজীৰ্ণ হ’লে পিপলি চূৰ্ণ খাব লাগে।
  • আম খাই বদহজম হ’লে তালমিছৰি খাব লাগে।
  • বেল খাই বদহজম হ’লে গুৱামুৰি খাব লাগে।
  • ৰঙালাউ খাই বদহজম হ’লে আদা খাব লাগে।
  • লোণ খাই অজীৰ্ণ হ’লে পঁইতাভাতৰ পানী খাব লাগে।

কোন খাদ্যত কি গুণঃ

  • পুঠি মাছ খালে চকুৰ ৰোগ নহয়, শুক্ৰ বৃদ্ধিকাৰক হয়।
  • তামোল-পান খালে লম্বুপোক নাশ হয়, মুখৰ দুৰ্গন্ধ নাশ হয়।
  • বাদাম খালে বায়ু পিত্ত নাশ হয় আৰু শুক্ৰ বলবৃদ্ধিকাৰক হয়।
  • পকা বেল খালে মহৰোধক, আমৰোগ উপশম হয়।
  • মানকচু পুষ্টিজনক আৰু শোথনাশক হয়।
  • মূলা খালে ত্ৰিদোষ নাশ হয়।
  • পানিফল খালে বলকাৰক, ৰক্তজনক, পিত্তনাশক হয়।
  • লাউ খালে ধাতুপুষ্টি, পিত্ত শ্লেষ্মানাশক হয়।
  • জলকীয়া খালে অগ্নিকৰ অজীৰ্ণ (বেছি খোৱা ক্ষতিকৰ)।
  • সৰিয়হ তেল খালে বেদনানাশক, অম্লদায়ক হয়।
  • সৈন্ধৱ লোণ খালে ত্ৰিদোষনাশক, বলকাৰক, চকুৰ কাৰণে হিতকৰ।
  • যোৱান খালে কৃমি নিবাৰক, কুষ্ঠনাশক, হজম হয়।
  • লং খালে বমি, ক্ষয়ৰোগ নিবাৰণ হয়।
  • নিম খালে কুষ্ঠনাশক, জ্বৰ, তেজৰ দোষ নাশক, মলৰোধক হয়।
  • হালধী খালে কৃমি, কুষ্ঠ, তেজৰ দোষ নাশক, মলৰোধক হয়।
  • শিলিখা খালে অৰ্শ, শোথ, পিত্তশূল আৰু হাঁপানীনাশক হয়।
  • আমলখি খালে হেঁকেটি, শ্বেতপ্ৰদৰ, পিত্তশূল আৰু বমিনাশক হয়।
  • আম (পকা) খালে শুক্ৰ বৃদ্ধিকাৰক, বায়ুনাশক, বলকাৰক হয়।
  • আদা খালে বাত, কফ, পিত্তনাশক হয়।
  • আম খালে মলবৰ্ধক, বীৰ্যবৰ্ধক, বাতনাশক, কৃমিনাশক।
  • সৰু ইলাচী খালে শ্বাস, কাহ, কফনাশক হয়।
  • খিচমিচ খালে পুষ্টিকৰ পিত্তনাশক হয়।
  • ইলিচ মাছ খালে বায়ুনাশক হয়।
  • খাহিৰ মাংস খালে চৰ্বিবৰ্ধক হয়।
  • কাছৰ মাংস খালে চকু হিতকৰ হয়, বল আৰু শুক্ৰ বৃদ্ধি হয়।
  • কল খালে বল আৰু শুক্ৰ বৃদ্ধিকাৰক, শীতল।
  • আখৈ খালে কোষ্ঠ পৰিষ্কাৰক, বলবৰ্ধক হয়।
  • গম খালে ৰুচি পিত্তনাশক, বলকাৰক হয়।
  • ঘিউ খালে বায়ু, পিত্তনাশক হয়।
  • গাজৰ খালে বল, শ্লেষ্মা আৰু অৰ্শনাশক হয়।

জন্মৰোধঃ

  • সহবাসৰ পিছত আধাতোলা ৰাশিতেলৰ লগত ৪ ৰতি সৈন্ধৱ লোণ মিহলাই খালে গৰ্ভ নহয়।
  • কৃষ্ণা চতুৰ্থীৰ দিনা ক’লা ধতুৰা গছৰ শিপা তামৰ তাবিজৰ ভিতৰত ভৰাই স্ত্ৰীৰ কঁকালত বান্ধি সহবাস কৰিলে গৰ্ভ নহয়।

(উৎসঃ স্বামী ৰামদেৱৰ মুখনিঃসৃত আয়ুৰ্বেদিক ঔষধ দৰ্শন, তথ্যসংগ্ৰহ ও সম্পাদনাঃ এন. গোস্বামী)।

3.10869565217
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top