অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভাশয়ত কৰ্কট- নতুন তথ্য :

গৰ্ভাশয়ত কৰ্কট- নতুন তথ্য :

 

আনুবংশিকভাৱে পিতৃৰ পৰা অহা এটা জিনৰ বাবেই মহিলাসকল গৰ্ভাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হয়। শেহতীয়াকৈ কৰা এক অধ্যয়নৰ আলমত আমেৰিকাৰ বাফেলোস্থিত কেন্সাৰ চেণ্টাৰৰ গৱেষকৰ এটি দল এই সিদ্ধান্তত উপনীত হয়। গৱেষকগণৰ মতে, পিতৃৰপৰা পোৱা ‘এক্স’ ক্ৰম’জ’মৰ জৰিয়তে এই জিন কন্যা সন্তানৰ দেহলৈ আহে আৰু ইয়ে আগলৈ গৰ্ভাশয়ৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বৃদ্ধি কৰে। এই কাৰণেই একেটা পৰিয়ালৰ আটাইকেইগৰাকী কন্যা সন্তানে কেতিয়াবা গৰ্ভাশয়ৰ কৰ্কট ৰোগত ভোগা দেখা যায়। গৰ্ভাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত ১৮৬ গৰাকী মহিলাৰ ক্ৰম’জ’ম ছিকুৱেনছিং কৰি অধ্যয়ন কৰাত গৱেষকগণে এক্স ক্ৰম’জ’মত মজুত থকা বি আৰ চি এ নামৰ জিনবিধৰ বিষয়ে জানিব পাৰে, যিয়ে গৰ্ভাশয়ৰ কৰ্কট ৰোগ হোৱাৰ আশংকা বঢ়াই তোলে। গৱেষকগণৰ মতে, এগৰাকী পিতৃৰ যিমানগৰাকী কন্যা সন্তান থাকিব, সেই আটাইকেইগৰাকীলৈকে একেই ক্ৰম’জ’ম যায় বাবেই আটাইকেইগৰাকীয়ে গৰ্ভাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এই অধ্যয়নৰ আলমত এতিয়াৰেপৰা কৰ্কট ৰোগৰ চিকিৎসা বিশেষকৈ গৰ্ভাশয়ৰ কৰ্কট ৰোগৰ চিকিৎসা আনুবংশিক উপায়েৰে কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে গৱেষকগণে।

কেলচিয়াম আৰু পাৰ্কিনছন -

হাড়ৰ বিকাশ তথ্য সুস্বাস্থ্যৰ বাবে কেলচিয়ামৰ অপৰিহাৰ্যতাৰ কথা ন-কৈ দোহৰাৰ প্ৰয়োজন নাই। কিন্তু শৰীৰত কেলচিয়ামৰ আধিক্য মস্তিষ্কৰ বাবে ক্ষতিকাৰক। অতি শেহতীয়াকৈ কৰা এক অধ্যয়নত এই কথা পোহৰলৈ আহিছে যে কেলচিয়ামৰ আধিক্যৰ ফলত মস্তিষ্কৰ কোষত বিষাক্ত পদাৰ্থৰ সৃষ্টি হয়, যিয়ে স্নায়ুতন্ত্ৰজনিত ৰোগ পাৰ্কিনছনৰ কাৰক হৈ পৰে। পাৰ্কিনছন শৰীৰৰ এনে এক স্থিতি, যাৰ ফলত ৰোগীৰ বিভিন্ন অংগত কম্পন হ’বলৈ ধৰে আৰু তাৰ ফলত শাৰীৰিক ভাৰসাম্য অক্ষুণ্ণ ৰখাত ব্যাঘাত জন্মে। কেম্ব্ৰিজ ইউনিভাৰ্ছিটীৰ গৱেষকৰ এটি দলে কৰা অধ্যয়নত জানিব পাৰে যে এই ৰোগ মস্তিষ্কত স্বাভাৱিক উপায়ে নিৰ্মিত প্ৰ’টিনৰ খেলিমেলি হোৱাৰ ফলত হয়। যাক এমলয়ড ফাইব্ৰিল আখ্যা দিয়া হয়। এয়া মুলত: কেলচিয়ামৰ আধিক্যৰ বাবে হয়। গৱেষকগণৰ মতে, কেলচিয়ামৰ আধিক্যৰ ফলত মস্তিষ্কৰ কোষবোৰ নষ্ট হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। যাৰ ফলত আগলৈ গৈ পাৰ্কিনছনৰ দৰে ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়। কেলচিয়ামৰ আধিক্যই যে মানুহৰ শৰীৰত প্ৰতিকুল প্ৰভাৱ পেলাব পাৰে, এই সংক্ৰান্তত এয়া প্ৰথম গৱেষণা বুলি দাবী কৰে গৱেষকগণে।

লেখক:  চন্দন কুমাৰ কলিতা (স্বাস্থ্য বাৰ্তা )

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate