অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভাৱতী মহিলাই কিকি খাব আৰু কিকি নাখাব :

গৰ্ভাৱতী মহিলাই কিকি খাব আৰু কিকি নাখাব :

এক সুস্থ সবল শিশু জন্ম দিয়াটো সকলো মাতৃৰে কামনা আৰু এই ইচ্ছা পূৰণ কৰিবৰ বাবেই প্ৰতি গৰাকী মাতৃয়ে পূষ্টিকৰ আহাৰ গ্ৰহন কৰাতো অতি জৰুৰী।গৰ্ভাৱস্থাত মাতৃয়ে খোৱা আহাৰৰ পৰাই গৰ্ভস্থ সন্তানৰ শাৰীৰিক আৰু মানষিক উৎকৰ্ষ সাধন হয়। গতিকে গৰ্ভাৱতী মহিলাই এনেকুৱা আহাৰ খাব লাগে যি গৰ্ভস্থ সন্তানক সম্পূৰ্ন পুষ্টি যোগান ধৰে।

সৰ্বসাধাৰনতে এগৰাকী মহীলাক দৈনিক ২১ শ কেলৰি প্ৰয়োজন হয়। কিন্তু এগৰাকী গৰ্ভাৱতী মহীলাক আহাৰত ৩০০ কেলৰি অতিৰিক্ত প্ৰয়োজন হয়। অৰ্থাৎ এগৰাকী গৰ্ভাৱতী মহিলাই প্ৰতি দিনে ২৪ শ কেলৰিৰ খাদ্য খাব লাগে। গৰ্ভাৱস্থাত এগৰাকী মহীলাই আইৰন, ফলিক এছিড, ভিতামিন D যূক্ত আহাৰ উপযুক্ত পৰিমানে খাব লাগে। যিটো শিশুৰ বিকাশত সম্পূৰ্ণ সহায়ক হয়। আহক এতিয়া আমি জানো গৰ্ভাৱস্থাত মহিলাই কি কি খাদ্য খাব লাগে আৰু কিমান পৰিমানৰ লব লাগে।

সৰ্ব প্ৰথম প্ৰটিন -

গৰ্ভাৱতী মহীলাই প্ৰতিদিন ৬০ৰ পৰা ৭০ গ্ৰাম প্ৰতিন যুক্ত খাদ্য খাব লাগে।গৰ্ভাৱতী মহীলাৰ গৰ্ভাশয়, স্তন আৰু গৰ্ভৰ বিকাশ আৰু বৃদ্বিৰ বাবে প্ৰটিনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শেষৰ ৬ মাহত প্ৰায় ২০ কিল’গ্ৰাম প্ৰটিনৰ প্ৰয়োজন হয়। প্ৰটিন যুক্ত আহাৰ ভিতৰত-

  • গাখীৰ আাৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য,
  • পনীৰ,
  • পায়খ,
  • কাজু বাদাম,
  • দাইল,
  • মাছ,
  • মাংস,
  • কণী আদি।

কেলছিয়ামঃ-

গৰ্ভাৱতী মহীলাক দিনে ১৫ৰ পৰা ১৬ শ মিলি গ্ৰাম কেলছিয়াম প্ৰয়োজন। গৰ্ভৱতী মহীলা আৰু গৰ্ভস্থ সন্তানৰ সুস্থ আৰু মজবুত হাড়দিৰ বাবে কেলছিয়ামৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। কেলছিয়াম যুক্ত আহাৰৰ ভিতৰত- গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য সামগ্ৰী-

  • মাখন,
  • ছিজ,
  • ক্ৰীম,
  • দৈ,
  • মেঠি,
  • বিট,
  • আঙুৰ,
  • তৰমূজ আদি।

ফলিক এছিড -

গৰ্ভৱতী মহিলাক প্ৰথম তিনি মাহত প্ৰতিদিনে ৪ এম জি ফলিক এছিডৰ প্ৰয়োজন হয়। দৃতীয় আৰু তৃতীয় মাহৰ পৰা প্ৰতিদিনে ৬ এম জি ফলিক এছিডৰ প্ৰয়োজন হয়। পৰ্যাপ্ত পৰিমানে ফলিক এছিড ললে জন্মদোষ আৰু গৰ্ভপাত হোৱাৰ পৰা ৰক্ষা পাব পাৰি।

লগতে গৰ্ভধাৰণৰ সময়ত হোৱা বমি -বমি ভাবৰ পৰাও ৰক্ষা পাব পাৰে। যেতিয়া এগৰাকী মহীলা গৰ্ভধাৰণৰ বাবে প্ৰস্তুত হয় তেতিয়াৰে পৰা ফলিক এছিড সেৱণ কৰিবলৈ আৰম্ভ কৰিব লাগে।

ফলিক এছিড যুক্ত আহাৰ হ’লঃ-

  • দালি,
  • ৰাজমাহ,
  • পালেং,
  • মটৰ,
  • মাকৈ,
  • ভেন্দি,
  • চয়াবিন,
  • কাবেলি বুট,
  • স্তবেৰী,
  • কল,
  • কমলা,
  • আপেল,
  • ব্ৰেড আাদি।

পালেং শাকৰ দৰে সেউজীয়া শাক পাঁচলি ফলিক এছিডৰ ভাল সমাবেশ। এক সমীক্ষাত দেখা গৈছে যিসকল মহীলাই গৰ্ভাৱস্থাৰ ৪ মাহৰ আগৰে পৰাই ফলিক এছিড নিৰ্দিষ্ট পৰিমানে গ্ৰহন কৰিছে তেনে মহীলাই জন্ম দিয়া শিশুৰ মানসিক বিকাশ হোৱা দেখা গৈছে।

পানীঃ-

গৰ্ভৱতী মহীলাই শৰীৰৰ প্ৰয়োজনীয় পানীৰ চাহীদা পূৰণ কৰিবৰ বাবে প্ৰতিদিন কমচেকম ৩ লিটাৰ বা ১০ৰ পৰা ১২ গিলাছ পানী খোৱাটো অতি আৱশ্যক। গৰম দিনত ১২ৰৰ পৰা ১৪ গিলাচ খাব লাগে। এটা কথা সদায় মনত ৰাখিব বিশুদ্ধ পানীহে সেৱণ কৰিব।

নহলে সন্তানৰ ক্ষতি হ’ব পাৰে। বাহিৰত খোৱাৰ সময়ত সদায় লগত বিশুদ্ধ খোৱা পানী লবলৈ নাপাহৰিব। বিশ্বাস যোগ্য বতলিং পানীহে প্ৰান কৰিব। পানীৰ প্ৰতিটো টোপাল আপোনাৰ গৰ্ভাৱস্থাক সুস্থ আৰু সুৰক্ষীত ৰখাৰ সহায়ক হয়।

ভিটামিনঃ-

গৰ্ভাৱস্থাৰ সময়ত ভিটামিনৰ প্ৰয়োজনীয়তা বাঢ়ি যায়। খোৱা খাদ্য এনেকোৱা হ’ব লাগে যে অধিকৰ পৰা অধিক কেলৰী আৰু উচিত মাত্ৰাত প্ৰটিনৰ লগতে ভিটামিনৰো অভাব পূৰ কৰিব পাৰে। সেউজীয় শাক-পাঁচলি, গাখীৰ আদিৰ পৰা ভিটামিনৰ অভাব পূৰণ হয়।

আইডিনঃ-

গৰ্ভাৱতী মহীলাক প্ৰতিদিনে ২০০ৰ পৰা ২২০ মাইক্ৰগ্ৰাম আইঅডিনৰ প্ৰয়োজন হয়। আইঅডিন শিশুৰ মস্তিস্কৰ বিকাশৰ বাবে খুবেই প্ৰয়োজন। আইঅডিনৰ অভাৱত শিশুৰ মানসিক ৰোগ, উজন বৃদ্ধি হোৱা আৰু মহিলাৰ গৰ্ভপাতৰ দৰে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।

গৰ্ভাৱতী মহীলাই ডাক্তৰৰ পৰামৰ্শ অনুসৰী থাইৰইড প্ৰফাইল পৰীক্ষা কৰিব লাগে। আইঅডিনৰ প্ৰাকৃতিক উপাদান বোৰ ডালিম, গাখীৰ, কণী, মাছ আদি। খাদ্যত আইঅডিন যুক্ত নিমখ প্ৰয়োগ আইঅডিনৰ অভাব পূৰণ কৰাৰ এটা ভাল উপায়।

জিংক -

গৰ্ভৱতী মহীলাৰ বাবে প্ৰতিদিনে ১৫ ৰ পৰা ২০ মিঃগ্ৰাম জিংক আৱস্যক হয়। ইয়াৰ অভাৱত ভোক নালাগে শাৰীৰিক বিকাশ বন্ধ হৈ যাব পাৰে। পৰ্যাপ্ত পৰিমানে শৰীৰত জিংকৰ মাত্ৰা পূৰণ কৰিবৰ বাবে সেউজীয়া শাক-পাঁচলি আৰু মাল্টি ভিটামিন পৰিপূৰক লব পাৰে। বহু মহীলাই গৰ্ভাৱস্থাত দোমোজাত পৰে নন’ভেজ খাব নে নাখাব ইত্যাদি।

যদি আপোনাৰ নন’ভেজ খোৱাৰ বাবে কোনো সমস্যা নহয় তেনে আপোনাৰ লগতে গৰ্ভস্থ সন্তানৰ বাবেও উপকাৰী হ’ব। যদি আপোনাৰ শৰীৰত আইঅডিনৰ পৰিমান পৰ্যাপ্ত পৰিমানে থাকে তেনেহলে নন’ভেজৰ প্ৰয়োগ ১০-১২ সপ্তাহৰ পৰা কৰিব পাৰে। নন’ভেজৰ ভিতৰত মাছ খোৱাটোৱেই সকলোতকৈ সুবিধাজনক হ’ব। ননভেজ খাদ্যত OMEGA3 ফেটি এছিড পৰ্যাপ্ত পৰিমানে পোৱা যায়। আৰু ই গৰ্ভস্থ সন্তানৰ বাবে বহু উপকাৰী।

গৰ্ভৱতী মহীলাই নিয়মিত পুষ্টিকৰ খাদ্য খাব লাগে। প্ৰতি ৪ ঘণ্টাৰ মূৰে মূৰে খাদ্য খাব লাগে। কিয়নো আপোনাৰ ভোক নালাগিলেও হয়টো গৰ্ভস্থ সন্তানৰ ভোক লাগিবও পাৰে। খোৱা খাদ্য কম পৰিমানে খাব লাগে। গাখীৰ পাগ নকৰা কৈ খাব নালাগে।

মদ্যপান, ধূমপান একেবাৰে কৰিব নালাগে। চাহ, কফি যিমান পাৰে কমাই খাব। প্ৰতিদিন ২০০ মিঃগ্ৰাঃত কৈ বেছি কেফেইন লোৱা মহীলাৰ গৰ্ভপাত বা কম উজনৰ শিশু জন্ম হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

গৰ্ভাৱতী মহীলাই গৰম মছলা যুক্ত বস্তু খাব নালাগে। এনিমিয়াৰ পৰা ৰক্ষা পাবৰ ৱাবে বইল আঞ্জা, সেউজীয়া শাক-পাচলি, গুৰ, বইল মাংখ আদি খাব লাগে। পূৰ্ণগৰ্ভাৱস্থাত মহিলাৰ উজন ১০-১২ কেজি বৃদ্ধি হ’ব লাগে। গৰ্ভাৱস্থাত উপবাসে থাকিব নালাগে।

গৰ্ভাৱতী মহীলাই ভেজিটেবল চুপ আৰু জুচ লব লাগে। ফাচফুডৰ দোকানত পোৱা যিকোনো খাদ্য যতদূৰ সম্ভৱ এৰাই চলিব লাগে। বেছি তেল যুক্তখাদ্য, বেছি টেঙা, বেছি জলা আৰু মছলা যুক্ত খাদ্য খাব নালাগে। ডাক্তৰৰ পৰামৰ্শ অনুসৰী ভিটামিন আৰু আইৰন টেবলেট নিয়মিত লব লাগে। গৰ্ভাৱস্থাত শিশুৰ মস্তিস্কৰ কোষিকা সমূহত অক্সিজেন যোগান ধৰাত সহায়ক হয়।

গৰ্ভাৱস্থাৰ জটিলতা দূৰ কৰাৰ বাবে নাৰিকল খোৱাতো সহায়ক হব পাৰে। নাৰিকল খালে বহু ৰোগৰ পৰা ৰক্ষা পাব পাৰি। নাৰিকলৰ পানী গৰ্ভৱতী মহীলাৰ বাবে বহু লাভ দায়ক। মানুহৰ মাজত এটা ভূল ধাৰনা আছে যে গৰ্ভাৱতী মহীলাই নাৰিকলৰ পানী খাব নালাগে।

আহক আমি জানো গৰ্ভৱতী মহীলাই নাৰিকল কিয় খাব লাগে -

গৰ্ভাৱস্থাত মহীলাই বহু সমস্যাৰ সন্মুখীন হ’ব লগা হয়। গতিকে নাৰিকল খালে মহীলাই হৰমণৰ সমস্যাৰ পৰা বাছি থাকিব পাৰে। নাৰিকল গৰ্ভৱতী মহীলাৰ বাবে বহু উপকাৰী হয়। কিয়নো নাৰিকল গৰ্ভৱতী মহীলা আৰু গৰ্ভস্থ সন্তানক পৰিপুষ্টি দিব পৰা উপাদানেৰে সমৃদ্ব। নাৰিকল কলেষ্টৰেল শূন্য হয়।

লগতে নাৰিকল খালে H D C কলেষ্টৰেল সথিক মাত্ৰাত থকাৰ সহায়ক হয়। নাৰিকলৰ পানী গৰ্ভৱতী মহীলাৰ কলেষ্টৰেল নিয়ন্ত্ৰন কৰাত সহায় কৰে।

গৰ্ভাৱস্থাত মহীলা দূৰ্বল আৰু ডি হাইড্ৰেচনৰ সমস্যাৰ সন্মূখীন হ’ব লগা হয় আৰু নাৰিকল খালে এই সমস্যা দূৰ হোৱাত সহায়ক হয়। যদি গৰ্ভাৱতী মহীলাই প্ৰাকৃতিক নিমখ খাব বিছাৰে তেতিয়া নাৰিকলত প্ৰাকৃতিক নিমখো থাকে।

নাৰিকল সেৱনৰ দ্ধাৰা ইমোন’চিস্টেমক শক্তিশালি কৰিব পৰা যায় আৰু গৰ্ভাৱস্থাৰ সময়ত ইনফেক্সন, ফ্লু আদি সমস্যাৰ পৰা ৰক্ষা পাব পাৰি।

সাধাৰণতে নাৰিকলত এন্টি বেক্টেৰিয়েল, এন্টি ফাঙ্গেল, আৰু এন্টি ফ্লু উপাদান পোৱা যায়। ই গৰ্ভাৱতী মহীলাক বিভিন্ন সমস্যাৰ পৰা সকাহ দিব পাৰে।

গৰ্ভাৱস্থাৰ সময়ত পাচন তন্ত্ৰক শক্তিশালী কৰা আৰু পেটৰ সমস্যাৰ পৰা ৰক্ষা পাবৰ বাবে নাৰিকল খাব লাগে।

ইয়াৰ উপৰিও নাৰিকল সেৱনৰ দ্বাৰা কোষ্ঠকাঠিন্য সমস্যাৰ পৰাও বাছিব পৰা যায়। সৰ্বসাধাৰনতে গৰ্ভাৱস্থাত বহু মহীলা UTI ৰ দ্বাৰা পীড়ীত হোৱা দেখা যায়। নাৰিকল সেৱনৰ দ্বাৰা এই সমস্যাৰ পৰা বাছিব পৰা যায়। নাৰিকলৰ পানী খালে প্ৰস্ৰাবৰ সমস্যাৰ পৰাউ মূক্ত হব পাৰি।

গৰ্ভাৱস্থাৰ সময়ত বিভিন্ন ধৰনৰ ঔষধ সেৱন কৰিৰ বাবে হোৱা পাৰ্শ্বক্ৰিয়াৰ পৰাও নাৰিকলৰ পানী সেৱন কৰিলে ৰক্ষা পোৱা সম্ভব গৰ্ভাৱস্থাৰ সময়ত অতিৰিক্ত উজন কমাবৰ বাবেও নাৰিকল খোৱাতো অতি আৱশ্যক। যদি আপোনী গৰ্ভৱতী তেনে সঠিক পৰিমানে ভিটামিন যুক্ত খাদ্য গ্ৰহণ কৰক আৰু সুস্থ সৱল সন্তানৰ মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰক।

লেখক: ডাঃ হৰিকান্ত দাস

ফোন-9954340102

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate