অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৰায়ুৰ মুখৰ কৰ্কট :

জৰায়ুৰ মুখৰ কৰ্কট :

 

জৰায়ুৰ মুখৰ কৰ্কট ৰোগক চিকিৎসা বিজ্ঞানৰ পৰিভাষাত চাৰভাইকেল কেন্সাৰ বোলা হয়। আমাৰ দেশত হোৱা মহিলাৰ কৰ্কট ৰোগৰ ভিতৰত জৰায়ুৰ মুখৰ কৰ্কটৰ হাৰ সৰ্বাধিক যদিও বিশ্বব্যাপী পৰিসংখ্যাৰ হিচাপ ল’বলৈ হ’লে মহিলাৰ স্তনৰ কৰ্কটকহে সৰ্বাধিক বুলি কোৱা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষামতে সমগ্ৰ বিশ্বৰ ভোগা জৰায়ুৰ মুখৰ কৰ্কট ৰোগীৰ ভিতৰত একপঞ্চমাংশ ৰোগী হ’ল ভাৰতবৰ্ষৰ। আমাৰ দেশত প্ৰতি বছৰে প্ৰায় ৬০ হেজাৰৰো বেছি মহিলাই জৰায়ুৰ মুখৰ কৰ্কট ৰোগত মৃত্যুবৰণ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো ৰোগত মৃত্যুবৰণ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আৰু ভাবিলেও আচৰিত হ’ব লাগে যে যদিহে প্ৰথম অৱস্থাতে ধৰা পৰে ১০০ ভাগ জৰায়ুৰ মুখৰ কৰ্কটেই অস্ত্ৰোপচাৰৰ আৰু ৰেডিঅ’থেৰাপীৰ দ্বাৰা নিৰাময় কৰিব পাৰি। প্ৰথম অৱস্থাতে ধৰা পেলাবলৈ হ’লে প্ৰাথমিক পৰীক্ষা হিচাপে PAP Testৰ (Papanicolaou Smear Test) বিকল্প একোৱেই নাই। সমগ্ৰ পৃথিৱীত উন্নতমানৰ দেশসমূহৰ সকলো চৰকাৰী, বেচৰকাৰী সামৰিক আনকি ব্যক্তি খণ্ড উন্নত মানৰ চিকিৎসালয়সমূহতো এই টেষ্টৰ প্ৰচলন এটা বাধ্যতামূলক সৰ্ব্ব্যাপী পালিত কৰ্মসূচী আৰু সেই কাৰণেই হয়তো উন্নত দেশসমূহত বিশেষকৈ আমেৰিকা যুক্তৰাজ্যত জৰায়ুৰ কৰ্কট ভীষণভাৱে কমি গৈছে। অৱশ্যে উন্নত দেশসমূহত বিশেষকৈ আমেৰিকা যুক্তৰাজ্যত জৰায়ুৰ কৰ্কট ভীষণভাৱে কমি গৈছে। অৱশ্যে উন্নত দেশবোৰত জৰায়ুৰ কৰ্কটতকৈ স্তনৰ কৰ্কটৰ হাৰ বেছি। চাৰভাইকেল বা জৰায়ুৰ মুখ আৰু স্তন দুয়োবিধ কৰ্কটৰ ক্ষেত্ৰতেই এষাৰ কথা সমানে প্ৰযোজ্য যে দুয়োবিধ কৰ্কটৰ পূৰামাত্ৰাই প্ৰতিৰোধৰ একমাত্ৰ অস্ত্ৰ হ’ল সচেতনতা আৰু সজাগতা। কিন্তু সবাতোকৈ পৰিতাপৰ কথা এয়া যে আমাৰ দেশত এইক্ষেত্ৰত জনসচেতনতা একেবাৰে কম। এইখন ভাৰতবৰ্ষত এইবিধ ৰোগ যেতিয়া জৰায়ুত হোৱা বুলি গম পোৱা যায় তেতিয়া আৰু উপযুক্ত চিকিৎসাৰ যোগ্য হৈ নাথাকে। ৪০-৫০ বছৰ বয়সৰ মহিলাৰ মাজতেই এই কৰ্কট অধিক হয়। ইয়াতকৈ বেছি বয়সতো নাইবা যুৱতী বয়সতো(২০-২৫ বছৰ) এই ৰোগত আক্ৰান্ত হোৱাৰ নজিৰ নোহোৱা নহয়। বিশেষকৈ যিসকল যুৱতী অসামাজিক যৌন সংসৰ্গৰ লগত অভ্যস্ত। কম বয়সৰপৰাই যাৰ যৌন সংগী থাকে, সেইবোৰ যুৱতীয়েই কম বয়সতে জৰায়ু মুখৰ কৰ্কটৰ চিকাৰ হয়। অৱশ্যে সাম্প্ৰতিক কালত জৰায়ুৰ মুখৰ কৰ্কটৰ এবিধ গুৰুত্বপূৰ্ণ কাৰণ হিচাপে ‘হিউমেন পেপিলোমা ভাইৰাছ’(HPV) নামৰ ভাইৰাছ এবিধৰ সংক্ৰমণ ধৰা পৰিছে। HPV সংক্ৰমণ হৈ যৌনাংগৰ বাহিৰত প্ৰথমতে ‘জেনিটেল ৱাট’ বা ‘কণ্ডাইলোমোটা-একুমিনাটা’ নামৰ মাৰাত্মক এবিধ যৌন ৰোগে দেখা দিয়ে। তাৰ পিছত ইয়াৰপৰা যৌন মিলনৰদ্বাৰা জৰায়ুৰ মুখলৈ বিয়পি যায় আৰু সৰ্বশেষত এণ্ডোচাৰভাইকেল সংক্ৰমণ হয়। যিসকল মহিলাৰ টাইপ HPV ১৬, ১৮, ৩১ আৰু ৩৩ৰ দ্বাৰা এণ্ডোচাৰভাইকেল সংক্ৰমণ হয়, তাৰে ভিতৰত Cervical Intraepithelial Newplasm(CIN)আৰু Cervixinvasiveৰ প্ৰৱণতা বেছি থাকে। CIN হৈছে চাৰভাইকেল কেন্সাৰৰ একেবাৰে প্ৰাথমিক ষ্টজবা ‘O’ ষ্টেজ। চেল বা কোষৰ  প্ৰকৃতি জানিবলৈ হ’লে চাৰভাইকেল কেন্সাৰৰ ভিতৰত সংহভাগেই হৈছে ৮০-৮৫% ‘স্কোৱামাছ চেল কাৰ্চিনোমা হয় আৰু বাকীখিনিত ‘এডেনো কাৰ্চিনোমা’ হয়। কাচিৎহে ‘চাৰকোমা’ দেখা যায়।

ইনভেচিভ কেন্সাৰ হোৱাৰ লগে লগে চাৰ্ভিক্স বা জৰায়ুৰ মুখৰপৰা কৰ্কটৰ কোষে লাহে লাহে জৰায়ুৰ গভীৰতাত প্ৰৱেশ কৰি ভিতৰত থকা ক্ষুদ্ৰ-ক্ষুদ্ৰাতি ৰক্তনলী, লিমফবাহী জালিকাৰে প্ৰথমে অন্তৰ্জননেন্দ্ৰিয়, পিছত দেহৰ অন্যান্য অংশলৈকো বিয়পি পৰিব পাৰে(Metastasis)। প্ৰথম অৱস্থাত চাৰ্ভিক্সৰ কেউপিনে থকা টিচু, পেলভিক ৱাল, লিমফগ্লেণ্ড, যোনি, মলাশয়, প্ৰস্ৰাৱস্থলী আৰু সৰ্বশেষত দেহৰ দূৰৱৰ্তী অংগসমূহতো প্ৰৱেশ কৰিব পাৰে।

লক্ষণ: প্ৰথম অৱস্থাত ৰোগীয়ে বিষ-বেদনা বা তেনে কোনো যন্ত্ৰণা অনুভৱ নকৰে বা সন্দেহ কৰিবলগীয়া আন কোনো লক্ষণো ৰোগীৰ দৃষ্টিগোচৰ নহয়। যৌন মিলনৰ পিছত হঠাতে কেতিয়াবা মাহেকীয়াৰ দৰে ৰক্তপাত দেখা গ’লে সেই ৰক্তস্ৰাৱে মহিলাগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে যে কিবা এটা হোৱা যেন লাগিছে। চাৰ্ভিক্সৰ কৰ্কট খুব লাহে লাহে

গভীৰতালৈ প্ৰৱেশ কৰে। ধৰা নপৰিলে বা চিকিৎসা নাপালে ই প্ৰসাৰিত হৈ কিছুমান গুৰুতৰ লক্ষণো দেখা দিব পাৰে। তাৰ ভিতৰত প্ৰচুৰ পৰিমাণৰ ৰক্তক্ষৰণ, দুৰ্গন্ধযুক্ত যোনিস্ৰাৱ, প্ৰস্ৰাৱ অৱৰোধ অনিয়মিত পেটৰ আহুকাল, কঁকালৰ অসহ্য বিষ, ভৰি ফুলা, ৰক্তহীনতাত ভোগা আদি।

ৰোগ নিৰ্ণয়: একেবাৰে প্ৰাৰম্ভিক কালতে এই ৰোগ দৃষ্টিগোচৰ হ’ব পাৰে ‘পেপ টেষ্ট’ৰ মাধ্যমেৰে। নহ’লে বায়’ন্সিৰদ্বাৰা ইয়াৰ ৯০ শতাংশ ধৰা পেলাব পৰা যায়। সেয়েহে মহিলাসকলে যুৱতী কালতে ৰুটিন হিচাপেই এই টেষ্ট প্ৰতিবছৰে এবাৰ কৰি চাব লাগে। যদি দুই-তিনি বছৰ ধৰি টেষ্ট নিগেটিভ হয় তেনেহ’লে তিনি বা চাৰি বছৰৰ ব্যৱধানত এই টেষ্ট পুনৰ কৰা দৰকাৰ। উন্নত ৰাষ্ট্ৰসমূহৰ মহিলাৰ ৫০ শতাংশ মহিলাই ইয়াক মানি চলে। আমেৰিকাত প্ৰায় প্ৰতিগৰাকী মহিলাই ইয়াক মানে আৰু মানি চলাটো বাধ্যতামূলক আৰু ভাৰতবৰ্ষৰ কথানো কি কোৱা যাব? ‘পুথিগত দিহা’ বুলি কেৰেপকে নকৰে। সেইবাবেই হয়তো প্ৰতি বছৰে প্ৰায় ৬০ হেজাৰতকৈও বেছি মহিলা চাৰ্ভিক্সৰ কৰ্কট ৰোগত মৃত্যুবৰণ কৰে। PAP টেষ্টত অস্বাভাৱিক কিবা পোৱা গ’লে বায়’ন্সি কৰি নিশ্চিত হোৱাৰ প্ৰয়োজন। Colposcop যন্ত্ৰৰপৰা জৰায়ুৰ মুখৰ সঠিক ঠাইডোখৰ চিনাক্ত কৰি বা বাচি লৈ সেইখিনিৰপৰাই বায়’ন্সিৰ নমুনা সংগ্ৰহ কৰি টিচু কাটি আনি পৰীক্ষা কৰা হয়। দেহৰ অন্যান্য অংশলৈ ৰোগ বিয়পিছে নেকি তাক চাবলৈ তলৰ সকলো পৰীক্ষাই কৰি চোৱা দৰকাৰ। অৱশ্যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এইসমূহ অত্যন্ত খৰচী পৰীক্ষা। বুকুৰ এক্সৰে, পেলভিচন চি টি স্কেন আৰু MRI স্কেন, পেলভিচন এক্সৰে, চিষ্টস্কোপি, IVP, ছিগময়েডোস্কপি, বেৰিয়াম, এনেমা ইত্যাদি।

ষ্টেজিং নিৰ্দ্ধাৰণ: চাৰ্ভাইকেল কৰ্কটৰ কেন্সাৰ চেলসমূহৰ বৃদ্ধি কিমান দূৰলৈ বিস্তাৰিত হৈছে আৰু চিকিৎসাৰ প্ৰকাৰ কি হ’ব, তাক নিৰ্ণয় কৰিবলৈ যাওঁতে ষ্টেজিং কৰাৰ প্ৰয়োজন হৈ পৰে।

ষ্টেজ ০: ছাৰ্ভিক্সৰ আৱৰণখনত অস্বাভাৱিক কৰ্কট কোষৰ উপস্থিতি দৃষ্টিগোচৰ হৈছে যদিও আৱৰণখনতেই সীমাবদ্ধ হৈ আছে। তাৰপৰা কিঞ্চিতো বিস্তাৰ হোৱা নাই। ইয়াকেই ষ্টেজ ‘০’ বা Carcinoma in Situ বুলি কোৱা হয়।

ষ্টেজ ১: চাৰ্ভিক্সৰ গভীৰতালৈ কৰ্কটৰ কোষে কমেও তিনি মি: মি: মান আক্ৰান্ত কৰিছে। কিন্তু পেলভিচৰ বেৰ অতিক্ৰম কৰি বাহিৰলৈ বিস্তাৰিত হৈ পৰা নাই। ইয়াক Cervical Intraepithelial Neoplasm বা CIN বোলা হয়।

ষ্টেজ ২: ষ্টেজ ১তকৈ কিছু অধিক মাত্ৰাত বিয়পিছে। হ’লেও পেলভিচৰ বেৰখন পাৰ হৈ বাহিৰলৈ যোৱা নাই।

ষ্টেজ ৩: পেলভিচৰ বেৰলৈ বিস্তাৰিত হৈছে।

ষ্টেজ ৪: পেলভিচৰ বেৰ অতিক্ৰমি চাৰ্ভিক্সৰ কাষতে থকা প্ৰস্ৰাৱৰ নলী, মলাশয় আৰু যোনী পথলৈ বিয়পিছে।

চিকিৎসা; চাৰ্ভিক্সৰ কৰ্কটৰ চিকিৎসা ওপৰত দেখুওৱা ৰোগ বিয়পি যোৱাৰ ষ্টেজিঙৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰাথমিক অৱস্থাত ষ্টেজ আৰু ষ্টেজ ১ৰ ক্ষেত্ৰত সাধাৰণভাৱে জৰায়ুটো ছেদন কৰি উঠাই পেলালেই হ’ল(Simple Hystereetomy) কিন্তু কৰ্কট কোষৰ বিস্তৃতি যদি ৩ৰপৰা ৫ মি:মি: হৈছেগৈ, তেতিয়াহ’লে আকৌ Total Hystereetomy অৰ্থাৎ সম্পূৰ্ণভাৱে জৰায়ু ছেদন কৰি পেলাব লাগে(সম্পূৰ্ণভাৱে মানে দুয়োটা ডিম্বকোষ আৰু দুয়োডাল ডিম্বনলীৰে সৈতে সমস্ত জৰায়ু)। ইয়াতকৈ বেছি হ’লে অৰ্থাৎ ষ্টেজ ২ৰ ক্ষেত্ৰত Radical Hystereetomy কৰি পেলোৱাই উচিত অৰ্থাৎ সম্পূৰ্ণ জৰায়ু ছেদন কৰি দুয়োফালৰ ডিম্বকোষ, ডিম্বনলী, দুয়োফালে থকা ওচৰৰ লিগামেন্টসমূহ, লিমফ গ্ৰন্থীসমূহ, যেনে- পেৰামেট্ৰিয়েল, অবটুৰেটৰ, ইন্টাৰনেল আৰু এক্সাটাৰ্নেল ইলিয়াক(আৰু কেতিয়াবা কমন ইলিয়াক গ্ৰুপ) গুচাই পেলোৱা হয়। এই অপাৰেচনটোৰ নাম Wertheim’s Operation বুলিও কোৱা হয়। এনে অস্ত্ৰোপচাৰৰদ্বাৰা বেছিভাগ ক্ষেত্ৰতে ৰোগীক পাঁচ বছৰ কাললৈ নিৰাপদে ৰাখিব পাৰি। ইয়াৰ পিছত কেনেবাকৈ যদি কোনো লিমফ গ্ৰন্থীত কৰ্কটৰ কোষে পুনৰ উক দিয়ে বা ধৰা পৰে তেন্তে ৰেডিঅ’ থেৰাপীৰ সহায়েৰে চিকিৎসা কৰাৰ প্ৰয়োজন হৈ পৰে। আকৌ ষ্টেজ ৩ৰ ক্ষেত্ৰত ৰেডিঅ’ থেৰাপী মাধ্যমেৰেই চিকিৎসা কৰা হয়। যদিহে পেলভিচৰ বাহিৰলৈ কৰ্কট কোষ সঞ্চাৰিত হয়(মেটাষ্টচিচ হোৱাৰ ক্ষেত্ৰত) কেম’থেৰাপীৰ সহায়ত চিকিৎসা কৰা হয়। বিভিন্ন গ্ৰুপৰ চাইটোটক্সিক দৰবৰ সহায়েৰে এনে চিকিৎসা চলোৱা হয়, য’ত ২০-২৫ শতাংশ ক্ষেত্ৰত টিউমাৰৰ আকৃতি সৰু হয় আৰু ৰোগৰ উপশম ক্ষীণ মাত্ৰাত হয়। কেতিয়াবা যদি ৰেডিঅ’ থেৰাপীৰদ্বাৰা উপযুক্ত ফল পোৱা নাযায় তেনে ক্ষেত্ৰতো কেম’থেৰাপীৰ প্ৰয়োগ হয়। এইবিধ কৰ্কটৰ চিকিৎসা সম্পৰ্কীয় সকলো পৰামৰ্শ অভিজ্ঞ চাৰ্জিকেল অঙ্গলজিষ্ট আৰু ৰেডিঅ’ থেৰাপিষ্টৰ লগত আলোচনা কৰিহে আগবঢ়া উচিত। আমি মাত্ৰ এই লেখাৰ জৰিয়তে আলোচনাৰ বাট মুকলি কৰি দিলো।

লেখক: ডা: দীপক শৰ্মা(দৈনিক অসম)

 

 

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate