অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বগাস্ৰাৱ/ শ্বেতপ্ৰদৰ (Leucorrhea):

বগাস্ৰাৱ/ শ্বেতপ্ৰদৰ (Leucorrhea):



আজি যিটো সমস্যাৰ বিষয়ে আলোকপাত কৰিবলৈ গৈ আছো সেই সমস্যাটো সম্পূৰ্ণৰূপে ছোৱালী বা মাইকী মানুহৰ লগত জড়িত এটা সমস্যা। ছোৱালীবিলাকে তেওঁলোকৰ অন্তৰ্বাসত প্ৰায়ে বগা বগা দাগ লগা প্ৰত্যক্ষ কৰে আৰু তেওঁলোকে জননাংগৰ পৰা কিছুমান বগা বগা স্ৰাৱ হোৱা প্ৰায়ে অনুভৱ কৰে। যদিও এইটো এটা চিন্তনীয় বিষয় তথাপি তেওলোকে প্ৰায়ে এই বিষয়টো নিজৰ মাক বা পৰিয়ালৰ সদস্য, আনকি চিকিৎসকৰ পৰাও লুকাই ৰাখিব চেষ্টা কৰে। কেতিয়াবা এনেকুৱা বগা স্ৰাৱৰ লগতে দুৰ্গন্ধ ওলোৱাও দেখা যায় যাৰ ফলত এই সমস্যাত আক্ৰান্ত ছোৱালীবিলাক অন্য মানুহৰ ওচৰলৈ যাবলৈ সংকোচবোধ কৰে। এনেকুৱা ছোৱালী বা তিৰোতা মানুহবিলাকক শ্বেতপ্ৰদৰত আক্ৰান্ত হোৱা বুলি কোৱা হয়।
শ্বেতপ্ৰদৰ গোটেই পৃথিৱীৰ বাবে এটা ডাঙৰ সাস্থ্য সমস্যা। শিশুকালৰ পৰা ষাঠি বছৰীয়া মাইকী মানুহো এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। ভাৰতবৰ্ষৰ ক্ষেত্ৰত বিশেষকৈ যৌন শিক্ষাৰ অভাৱত আৰু সঠিক দিহা পৰামৰ্শৰ অভাৱত এই সমস্যাটোৰ চিকিৎসা সদায় দেৰিকৈ আৰম্ভ হয় আৰু বেছিভাগ ক্ষেত্ৰতে সাধাৰণতে বিয়াৰ পিছতহে চিকিৎসাৰ ব্যৱস্থা কৰা দেখা যায়। মইও মোৰ চিকিৎসক জীৱনত এনেকুৱা বহু ৰোগীক চিকিৎসা তথা দিহা পৰামৰ্শ প্ৰদান কৰিছো আৰু বেছিভাগ ক্ষেত্ৰতে দেখিছো যে ছোৱালীৰ অভিভাৱক সকল এই বিষয়ে যিমান সজাগ হব লাগে সিমান নহয়। আয়ুৰ্বেদত যি প্ৰায় ২০০০ বছৰ পুৰণি, বহুতো ভাল ভাল ঔষধ থকাৰ পিছতো আমি এই ছোৱালী বা মহিলা সকললৈ সহায়ৰ হাত আগবঢ়াব নোৱাৰাটো দূৰ্ভাগ্যজনক।
এই বেমাৰটোৰ দ্বাৰা আক্ৰান্ত হৈ ছোৱালী বিলাক মানসিকভাৱে অশান্তজৰ্জৰ হৈ পৰে আৰু বেছিভাগ ক্ষেত্ৰতে সঠিক চিকিৎসাৰ অভাৱত মহিলা বিলাকৰ গৰ্ভাশয়ৰ অনিয়মীয়া ৰক্তস্ৰাৱ হয় আৰু কেতিয়াবা মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত মজলীয়াৰ পৰা তীব্ৰ পেটৰ বিষ হব পাৰে।
শ্বেতপ্ৰদৰ হ'ল মহিলা সকলৰ জননাংগৰ পৰা নিঃসৰন হোৱা বগা জুলীয়া স্ৰাৱ। ই পানীৰ নিচিনা বা অৰ্ধ জুলীয়া বা আঠাজাতীয় হব পাৰে। যেতিয়া এই স্ৰাৱ হালধীয়া বা দুৰ্গন্ধযুক্ত হয় বুজা উচিত যে এই সমস্যাটো কিবা সংক্ৰমণৰ বাবে হৈ আছে।
মহিলা মানুহৰ হোৱা এই বগা ৰঙৰ স্ৰাৱ অন্য ধৰনৰ কোনো পদাৰ্থ নহয় ই হ'ল গৰ্ভাশয়ৰ ভিতৰৰ পৰা ওলাই অহা শ্লেষ্মাৱৰনৰ ( mucosal layer) তৰপ মাত্ৰ আৰু ই এটা দেহৰ সাধাৰণ প্ৰতিৰোধ প্ৰক্ৰিয়া যিয়ে মহিলাৰ জননাংগৰ pH ৰ মাত্ৰা স্বাভাবিক অৱস্থাত ৰাখিবলৈ চেষ্টা কৰে। pH হ' ল এটা সংখ্যা যিয়ে কোনো এটা দ্ৰব আম্লিক নে ক্ষাৰীয় সেইটো নিৰ্ধাৰণ কৰে। স্বাভাবিক অৱস্থাত pH ৰ মান ৭ হব লাগে য' ত দ্ৰবটোৰ ক্ষাৰ আৰু অম্লৰ মাত্ৰা সাম্য অনুপাতত থাকে। যদি pH ৰ মাত্ৰা ৭ তকৈ বাঢ়ি যায় তেনেহ'লে দ্ৰবটোক ক্ষাৰযুক্ত হয় আৰু ৭ তকৈ কমিলে আম্লিক হয়।
শ্বেতপ্ৰদৰ দুই ধৰণৰ হয়-
১। স্বাভাৱিক বা শাৰীৰিক শ্বেতপ্ৰদৰ -  য'ত কোনো চিকিৎসাৰ দৰকাৰ নহয়।
২। অস্বাভাৱিক বা বীজাণুযুক্ত সংক্ৰমিত শ্বেতপ্ৰদৰ -  য'ত চিকিৎসাৰ দৰকাৰ হয়।
স্বাভাৱিক বা শাৰীৰিক শ্বেতপ্ৰদৰ - স্বাভাৱিকতে হৰমন বা কিবা উত্তেজনাৰ প্ৰভাৱত হোৱা শ্বেতপ্ৰদৰ য'ত সাধাৰণতে কোনো চিকিৎসাৰ দৰকাৰ নহয়। ইয়াৰ কাৰনবিলাক হ'ল –

ক) মাকৰ দেহৰ ভিতৰত অত্যধিক ইষ্ট্ৰজেন হৰমন নিঃসৰন হোৱাৰ বাবে কিছুমান সদ্যোজাত শিশুৰ জননাংগৰ পৰা বগা বগা কিছু পৰিমানৰ স্ৰাৱ নিৰ্গত হোৱা দেখা যায় আৰু এইটো স্বাভাবিক পৰিঘটনা হয়।
খ) ডিম্বাশয়ৰ পৰা ডিম্ব বা কণী ওলোৱাৰ সময়ত (ovulation) আৰু গৰ্ভধাৰণৰ প্ৰথম অৱস্থাত মহিলাবিলাকৰ কিছু পৰিমানে বগা বগা স্ৰাৱ হোৱা দেখা যায় আৰু এইটো স্বাভাৱিক হয়। ইয়াৰ কাৰনে কোনো চিকিৎসাৰ দৰকাৰ নহয় কিন্তু এই স্ৰাৱৰ বৰণ বগা আৰু ই গোন্ধহীন হোৱা উচিত।
গ) যৌন উত্তেজনাৰ সময়তো মহিলাৰ জননাংগৰ পৰা বগা বগা স্ৰাৱ ওলোৱা দেখা যায় আৰু ইয়ো এটা স্বাভাৱিক পৰিঘটনা আৰু কোনো চিকিৎসাৰ দৰকাৰ নহয়।
ঘ) গৰ্ভাৱস্থাৰ অগ্ৰগতিৰ লগে লগে কিছুমান মহিলাৰ গোন্ধহীন, পাতল গাখীৰৰ নিচিনা বগা স্ৰাৱ নিৰ্গত হোৱা দেখা যায় আৰু সময়ৰ লগে লগে ই কমি যায়। অত্যধিক ইষ্ট্ৰজেন হৰমনৰ প্ৰভাৱত আৰু জননাংগৰ অঞ্চললৈ ৰক্তসঞ্চালন বৃদ্ধি পোৱা বাবে এনে হয়।
ঙ) স্কুলত পঢ়া কিছুমান ছোৱালীৰ কন্যাকাল প্ৰাপ্তিৰ আদি অৱস্থাত কেতিয়াবা বগা, গোন্ধহীন স্ৰাৱ নিৰ্গত হোৱা দেখা যায় আৰু ই নিজে নিজে কিছু মাহৰ পিছত নোহোৱা হৈ যায়। হৰমনৰ তাৰতম্যতাৰ ফলত এনে ঘটে। যদি এই স্ৰাৱ বেছি দিনৰ বাবে থাকে তেন্তে চিকিৎসাৰ প্ৰয়োজন হয়।
অস্বাভাৱিক বা বীজাণুৰ সংক্ৰমণৰ ফলত হোৱা শ্বেতপ্ৰদৰ - - এই ক্ষেত্ৰত কোনো বেমাৰ বা সংক্ৰমণৰ ফলত শ্বেতপ্ৰদৰ এটা লক্ষণ হিচাপে দেখা দিয়ে। এই প্ৰদৰ বা স্ৰাৱ পিশ্চিল, ডাঠ আৰু কেতিয়াবা ৰক্তমিশ্ৰিত হব পাৰে আৰু দুৰ্গন্ধযুক্ত হয়। বেছিভাগ ক্ষেত্ৰতে তলত দিয়া কাৰক বিলাকৰ প্ৰভাৱত বেছিকৈ হোৱা দেখা যায় –

ক) মহিলাৰ প্ৰজনন তন্ত্ৰত হৈ থকা যিকোনো ৰোগ যেনে- জননাংগত হোৱা সংক্ৰমণ ইত্যাদি। মহিলাৰ জননাংগত যিকোনো সংক্ৰমণ খুব সোনকালে হয় কাৰণ জননাংগৰ ঠাইখিনি জীপাল হৈ থাকে আৰু বেছিভাগ সময়তে ঢাক খাই থাকে। লগতে মহিলাৰ দেহৰ এই ঠাইখিনি খুব ঘামি থাকে যাৰ ফলত যিকোনো সংক্ৰমণৰ বাবে এটা উপযুক্ত বাতাবৰণৰ সৃষ্টি হয়।
খ) পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱত বিশেষকৈ গাৱলীয়া আৰু সৰু চহৰত বাস কৰা মহিলাবিলাকৰ ক্ষেত্ৰত যিয়ে মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত এতিয়াও চেনিটাৰী পেড্ ব্যৱহাৰ নকৰি সৰু সৰু কিছুমান কাপোৰৰ টুকুৰা ব্যৱহাৰ কৰে। এনে ধৰণৰ অভ্যাসে অকল মহিলা গৰাকীৰ প্ৰজনন তন্ত্ৰই নহয় গোটেই মানুহজনীকে কিছুমান অনাকাংক্ষিত বিপদলৈ ঠেলি দিয়ে।
গ) শ্ৰোণী( pelvic) অঞ্চলত হোৱা প্ৰদাহ জনিত বিভিন্ন বেমাৰ যাক ইংৰাজীত Pelvic Inflammatory Disease চমুকৈ PID বুলি কোৱা হয়, ফলত মহিলাৰ গৰ্ভাশয়, ফেলোপিয়ান নলী, ডিম্বাশয়, চাৰভিক্সকে ধৰি গোটেই প্ৰজনন তন্ত্ৰত বিভিন্ন ধৰণৰ সংক্ৰমণ হোৱা দেখা যায়। এনেকুৱা সংক্ৰমণ সাধাৰণতে এজনৰ পৰা আন জনলৈ যৌন সংগমৰ দ্বাৰা বিয়পে আৰু সেয়েহে ইয়াক যৌন সংক্ৰমিত ৰোগ বুলি কোৱা হয়, যেনে-- ক্লেমাইডিয়া, গনোৰিয়া ইত্যাদি ।সাধাৰণতে যিবিলাক মহিলাৰ একাধিক যৌন সংগী থাকে আৰু অসুৰক্ষিত যৌন সংগমত লিপ্ত হয় তেনে মহিলাৰ এনে ধৰণৰ যৌন সংক্ৰমণ হোৱাৰ পূৰা মাত্ৰাই আশংকা থাকে।
ঘ) বেক্টেৰিয়া, ভেঁকুৰ বা অন্য পৰজীৱি জীৱাণুৰ সংক্ৰমণৰ ফলত বিশেষকৈ মূত্ৰনলীত হোৱা সংক্ৰমণৰ ফলতো এনে ধৰণৰ শ্বেতপ্ৰদৰ ৰোগ হোৱা দেখা যায়।
ঙ) শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অভাৱ, সঘনাই বেমাৰৰ দ্বাৰা আক্ৰান্ত মহিলাৰ ক্ষেত্ৰত পুষ্টিহীনতা আৰু ৰক্তহীনতা হোৱা দেখা যায় আৰু ইয়ো এটা শ্বেতপ্ৰদৰ ৰোগৰ মূখ্য কাৰণ হয়।
চ) গৰ্ভনিৰোধক উপকৰণ, যেনে- কপাৰ - টি ৰ ব্যৱহাৰৰ ফলত কেতিয়াবা মহিলাৰ গৰ্ভাশয়ত সংক্ৰমণ ঘটি শ্বেতপ্ৰদৰ ৰোগৰ সৃষ্টি হব পাৰে।
ছ) সন্তান প্ৰসৱৰ সময়ত কেতিয়াবা সন্তান জন্ম হোৱা পথত আঘাত লাগি ঘাঁ হব পাৰে আৰু এই ঘাঁটুকুৰা ঠিকমতে নুশুকালে ই সংক্ৰমণৰ উৎস হিচাপে কাম কৰিব পাৰে আৰু তেতিয়াই চিকিৎসা ব্যৱস্থা জৰুৰী হৈ পৰে।
গতিকে এটা কথা মনত ৰখা উচিত যে কোনো মহিলাৰ দীৰ্ঘদিন ধৰি যদি গোন্ধযুক্ত বিভিন্ন ৰংৰ স্ৰাৱ হৈ থাকে তেন্তে অতি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
অন্য কাৰণ-
১/পুৰুষ বা মহিলা উভয়ে বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক ব্যৱস্থা, যেনে - - কণ্ডম ইত্যাদি ব্যৱহাৰ কৰাৰ ফলত কেতিয়াবা যৌনাংগত প্ৰদাহ বা জলনৰ সৃষ্টি হৈ শ্বেতপ্ৰদৰৰ উৎপত্তি হব পাৰে।
২/যৌন উত্তেজনা বৃদ্ধিৰ বাবে ব্যৱহৃত কিছুমান মলম বা জেল জাতীয় বস্তুৰ ব্যৱহাৰৰ ফলতো শ্বেতপ্ৰদৰ ৰোগৰ সৃষ্টি হব পাৰে।
৩/যিকোনো কাৰণতে বৃদ্ধি হোৱা ইষ্ট্ৰজেন হৰমনৰ মাত্ৰা এই বেমাৰৰ এটা প্ৰধান কাৰণ।
# লেবৰেটৰীত কৰিব লগীয়া পৰীক্ষা -
১/তেজৰ সামান্য পৰীক্ষা।
২/পেচাৱৰ সামান্য পৰীক্ষা।
৩/পেটৰ আল্ট্ৰাচন'গ্ৰাফী (বিশেষকৈ প্ৰজনন তন্ত্ৰৰ)।
৪/যৌনাংগৰ পৰা ওলোৱা স্ৰাৱৰ বিশ্লেষণাত্মক পৰীক্ষা।
৫/তেজৰ শৰ্কৰা পৰীক্ষা।
খাদ্য আৰু জীৱনশৈলী-
*অত্যধিক ভোজন, চৰ্বীজাতীয়, অত্যধিক ভজা - পোৰা, মছলাযুক্ত, টেঙা খাদ্য পৰিহাৰ কৰিব লাগে।
*চাহ, কফি, এলকহল, ক' ল্ড ড্ৰিংক, আমিষ আহাৰ পৰাপক্ষত পৰিহাৰ কৰিব লাগে।
*খাদ্য খোৱাৰ পিছত তামোল আৰু পাণ সেৱন কৰিলে ভাল ফল পোৱা যায়।
*ফল-মূল, শাক -পাচলি, চালাদ প্ৰচূৰ পৰিমাণে সেৱন কৰিব লাগে।
*বেছিকৈ জুলীয়া খাদ্য যেনে - পানী, চুপ, গাখীৰ, ফলৰ ৰস ইত্যাদি সেৱন কৰিব লাগে ।
ঘৰুৱা দিহা-
১/দুই বা তিনি চামুচ মেথি গুটি এক লিটাৰ পানীত উতলাই লব লাগে। যেতিয়াই উতলিব ধৰে জুই কমাই দি আধা ঘণ্টা জুইৰ ওপৰতে ৰাখি থব লাগে। তাৰ পিছত ইয়াক চেকনিৰে চেকি ঠাণ্ডা হবলৈ দি যৌনাংগৰ প্ৰক্ষালন কৰিব লাগে।
২/এক চামুচ শতাৱৰি চূৰ্ণ মৌৰ লগত মিহলাই দিনত দুবাৰ খাব লাগে।
৩/ডাঙৰ চামুচেৰে তিনি চামুচ চাউল তিনি কাপ পানীত উতলাই লৈ পানীখিনি চেকি চাউলখিনি আতৰাই লব লাগে। অলপ অলপ গৰমে থকা অৱস্থাত এক চামুচ চেনি মিহলাই সেৱন কৰিলে সুফল পোৱা যায়। ইয়াক তণ্ডুলোদক নামেৰে জনা যায়।
৪/এক চামুচ ধনিয়া গুটি এগিলাচ পানীত গোটেই ৰাতি তিয়াই ৰাখি ৰাতিপুৱা পানীখিনি চেকি খালেও ভাল ফল পোৱা যায়।
অন্য বনৌষধি –

আয়ুৰ্বেদত এই বেমাৰৰ বাবে বহু ফলপ্ৰসূ ঔষধৰ বৰ্ণনা কৰা আছে, সেইবিলাকৰ ভিতৰত তলত কেইটামান উদাহৰণ দিয়া হ'ল-
পুষ্যানুগ চূৰ্ণ, প্ৰদৰান্তক লৌহ, পত্ৰংগাসৱ, লোধ্ৰাসৱ, চন্দ্ৰপ্ৰভা বঁটী, সুপাৰি পাক, অশোকাৰিষ্ট ইত্যাদি। ইয়াৰ উপৰিও বজাৰত বহুতো পেটেন্ট ঔষধৰ প্ৰচলন দেখা যায়। কিন্ত ঔষধ সমূহ চিকিৎসকৰ পৰামৰ্শ লৈহে সেৱন কৰা উচিত।
সংক্ৰমণ যদি অতি গম্ভীৰ ধৰণৰ হয় তেন্তে এন্টিবায়টিকৰ সহায় লোৱা উচিত।
সামৰণি –

আমাৰ কাৰণে অতি দূৰ্ভাগ্যজনক যে আমি সভ্যতাৰ শিখৰত আৰোহণ কৰাৰ পাছতো আমাৰ মা, ভণ্টি সকলে জ্ঞানৰ অভাৱেই হওক বা স্বাস্থ্যকৰ্মীৰ সন্মুখত প্ৰকাশ নকৰা বাবেই হওক বহুদিন এই বেমাৰৰ ভূক্তভূগী হব লগা হয়। সঠিক ঔষধ ব্যৱহাৰ কৰি এই ৰোগৰ পৰা আশু আৰোগ্য লাভ কৰিব পৰা যায় যদিও অকণমান সময়ৰ প্ৰয়োজন হয়। আয়ুৰ্বেদিক চিকিৎসা এই ৰোগৰ বাবে অতি উত্তম হয় আৰু কোনো পাৰ্শ্চক্ৰিয়াও নাথাকে। কিন্তু ৰোগটো পুনৰ্নাবৃত্তি হোৱাৰ সম্ভাৱনা থাকে।


লেখক-ডা:  মুকুল শৰ্মা

ফোন নং-(9508026825)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate