অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বহুমূত্ৰত মাতৃত্বৰ সংকটঃ

বহুমূত্ৰত মাতৃত্বৰ সংকটঃ

প্ৰসৱঃ ইনচুলিন প্ৰয়োগেৰে ছুগাৰ নিয়ন্ত্ৰণ কৰা ৰোগীক ৩৮ সপ্তাহত গৰ্ভস্থ সন্তান অপৈণত অথবা জীৱিত থকা-নথকাৰ আশংকাৰ ওপৰত প্ৰসৱ কৰোৱা হয়। প্ৰসৱৰ প্ৰক্ৰিয়া গৰ্ভাৱস্থাৰ ওপৰত নিৰ্ণয় কৰি প্ৰসূতি চিকিত্সকে ঠিক কৰে। সংশয়যুক্ত অৱস্থাত বিশেষকৈ গৰ্ভস্থৰ সংকটজনক অৱস্থা থাকিলে প্ৰসৱকালৰ আগতো প্ৰসৱ কৰোৱাৰ কথা বিবেচনা কৰে। এইসকলক প্ৰয়োজনসাপেক্ষে ভূমিষ্ঠ হ’ব লগা সন্তানৰ শ্বাসতন্ত্ৰ পৈণত হোৱাৰ স্বাৰ্থত ষ্টেৰয়ড ইনজেকচন দিয়াৰ উপৰি অন্যান্য ঔষধৰ খোৰাক তাৰতম্য কৰিব লগা হয়। প্ৰসৱৰ সময়ত (ইনচুলিন লৈ থকাসকলে) ইনচুলিনৰ আগৰ খোৰাক বন্ধ কৰি সাধাৰণ চেলাইন আৰম্ভ কৰা হয়। প্ৰসৱৰ আৰম্ভণিৰ সময়ছোৱাত তেজৰ ছুগাৰ ৭০ mg/d1 কৈ কমি গ’লে গ্লুক’জ দিয়া হয় অথবা সিৰাৰে প্ৰয়োজনসাপেক্ষে ইনচুলিন দিয়া হয়। কেতিয়াবা পাঁচ ইউনিট পাঁচ শতাংশ (ডক্সষ্ট্ৰম)ৰ সৈতে দি ঘণ্টাত ১০০ মিলিলিটাৰ বা প্ৰয়োজন মতে প্ৰতি ঘণ্টাৰ মূৰে মূৰে ছুগাৰ নিৰূপণৰ জৰিয়তে ইনচুলিনৰ খোৰাক কম-বেছি কৰা হয়। সন্তান প্ৰসৱ হোৱাৰ লগে লগে মাতৃয়ে গৰ্ভাৱস্থাৰ পূৰ্ব অৱস্থা (বহুমূত্ৰহীন) লৈ স্থিতি সলনি হয়। তেতিয়া ইনচুলিন বন্ধ কৰা হয়। অৱশ্যে গৰ্ভাৱস্থাৰ আগৰে পৰা ইনচুলিন লৈ থকা বহুমূত্ৰ ৰোগীক আগৰ জোখতে ইনচুলিন সাধাৰণতে লৈ থাকিবলৈ দিয়া হয়। নৱজাতকক স্তনপান কৰোৱা মাতৃসকলে ছুগাৰ কমোৱা মুখেৰে খোৱা ঔষধ ব্যৱহাৰ কৰিব নালাগে। কেৱল ইনচুলিনহে ল’ব লাগে।

যিসকল মাতৃক প্ৰসৱোত্তৰ অৱস্থাত ঔষধৰ প্ৰয়োজন নহয় সেইসকলৰো দ্বিতীয় বৰ্গ বহুমূত্ৰ হোৱাৰ সম্ভাৱনা বেছি থাকে, সেয়ে ডেৰ মাহত গ্লুক’জ খাই তেজৰ শৰ্কৰা পৰীক্ষা কৰাই ছুগাৰ স্বাভাৱিক পোৱাসকলক বছৰি নিৰীক্ষণত ৰখা হয়। লগতে জীৱনশৈলীৰ পৰিৱৰ্তন আৰু বহুমূত্ৰই আনিব পৰা ঔষধৰ প্ৰয়োগ বন্ধ কৰিবলৈ দিয়া হয়।

জন্ম নিৰোধৰ বাবে বড়ি খালে কম খোৰাকত ইষ্ট্ৰ’জেন আৰু প্ৰজেষ্ট্ৰ’ৰণ থকা বড়িহে সেৱন কৰিব লাগে। নৱজাতকৰো বহুমূত্ৰ হোৱাৰ আশংকা পিছৰকালত অতি বেছি থকা হেতুকে কৈশোৰ অৱস্থালৈকে মেদবহুলতা নাহিবৰ বাবে শাৰীৰিক সক্ৰিয়তা- ব্যায়াম আদি নিয়মিতভাৱে সন্তানক কৰোৱাই থাকি নজৰত ৰাখিব লাগে।

সেয়ে বহুমূত্ৰত সুদূৰপ্ৰসাৰী বেয়া ফল নাহিবৰ বাবে বহুমূত্ৰ ৰোগীয়ে গৰ্ভধাৰণৰ পৰিকল্পনা কৰাৰ পূৰ্বে সঠিকভাৱে ছুগাৰ নিয়ন্ত্ৰণ কৰি, প্ৰয়োজন হ’লে ইনচুলিন প্ৰয়োগ কৰি ছুগাৰ নিয়ন্ত্ৰণ কৰাই ল’ব লাগে। যাতে গৰ্ভস্থ সন্তানৰ গঠন প্ৰক্ৰিয়াত অৰ্থাত্ গৰ্ভধাৰণৰ প্ৰথম ডেৰমাহত সন্তানৰ হ’ব লগা গঠনৰ বিজুতি নাহে আৰু পিছৰ কালছোৱা ছুগাৰ সঠিকভাৱে ৰাখিলে গৰ্ভস্থ সন্তানৰ মুখৰ অৱয়ৱ ডাঙৰ হোৱাৰ সম্ভাৱনাৰ বাহিৰে মৃত্যুৰ সম্ভাৱনা নোহোৱা হয়।

লেখকঃ ডাঃ নগেন্দ্ৰ নাথ ডেকা

উৎস: অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate