অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাই নিজে কৰিব পাৰে স্তন পৰীক্ষা :

মহিলাই নিজে কৰিব পাৰে স্তন পৰীক্ষা :

 


আমাৰ সন্মানীয় বহুত মহিলাৰ স্তনৰোগ পৰীক্ষা সম্বন্ধে অভিজ্ঞতা কম , যাৰ ফলত স্তন টিউমাৰ বা কেন্চাৰ আদি ৰোগ ধৰা পেলাওতে পলম হয় । সেয়েহে এই লিখনি পোষ্ট কৰিছো কোনেও যাতে ভূল নুবুজে।
যুৱতী আৰু মহিলাৰ ভালেমান স্তন ৰোগ হয় । ইয়াৰ ভিতৰত স্তন টিউমাৰ আৰু কেন্চাৰ অন্যতম ভয়ানক ৰোগ । এই ৰোগ সমূহ আৰম্ভণি অৱস্থাত ধৰা পেলাই উপযুক্ত চিকিৎসা কৰিলে ভাল হয় ।স্তনৰ স্বাভাৱিক আৰু অস্বাভাৱিকতা পৰীক্ষা কৰা পদ্ধতি তলত উল্লেখ কৰা হ'ল ।
(১) মাহেকীয়া ঋতুস্ৰাৱৰ ছয় দিনৰ পিছত নিয়মীয়াকৈ দুয়োটা স্তন পৰীক্ষা কৰিব। নিপল ভিতৰলৈ সোমাই থকা অথবা কোনো ধৰণৰ অস্বাভাৱিক ৰস ওলোৱা । নিপল বা স্তনৰ ছাল কোচ খোৱা আদি অস্বাভাৱিক লক্ষণ।
(২) আইনাৰ সন্মুখত ঠিয় হৈ দুয়োটা নিপলৰ ওপৰত এডাল ৰূলমাৰী ৰাখিব । এনে অৱস্থাত ৰূলমাৰীডাল সমান্তৰালভাৱে আছে নে নাই চাব । স্বাভাৱিক স্থনৰ ক্ষেত্ৰত ৰূলমাৰীডাল সমান্তৰাল ভাবে থাকে।
(৩) সেইদৰে দুয়োটা স্তনৰ তলত ৰূলমাৰীডাল ৰাখিব আৰু স্তন দুটা সমান স্তৰত আছে নে নাই চাওক।এনে অৱস্থাত স্বাভাৱিক স্তন যূগল সমান স্তৰত থাকে।
(৪) দুয়োটা স্তনৰ আকৃতিৰ পাৰ্থক্য আছে নেকি চাওক।
(৫) মূৰৰ পিছফালে সোহাত ৰাখিব আৰু বাওহাতেৰে সো স্তনত সামান্য চাপ দি ঘৰীৰ কাটাৰ দিশত ঘূৰাই পৰীক্ষা কৰক । সেইদৰে বাওঁ হাত মূৰৰ পিছলৈ নি সোহাতেৰে বাওস্থন পৰীক্ষা কৰক ‌। এই পৰীক্ষা কৰোঁতে স্তনত টেমুনা বা আন অস্বাভাৱিকতা পাইছেনেকি মন কৰিব ‌
(৬) স্তনৰ বাহিৰৰ পৰা নিপলৰ দিশত মৃদূ চাপ দি পৰীক্ষা কৰিব। টেমুনা বা আন অস্বাভাৱিক কিবা পাইছেনেকি মন কৰক ।
অস্বাভাৱিক লক্ষণ ধৰা পৰিলে অনতিপলমে চিকিৎসকৰ লগত পৰামৰ্শ কৰিব।
(৭) কাষলতিৰ তলত যিকোনো ধৰণৰ টেমুনা ধৰা পৰিলে চিকিৎসকৰ পৰামৰ্শ ল'ব ।
(৮)২০ বছৰৰ পৰা ৪০ বছৰ বয়স পৰ্যন্ত মহিলা সকলে ২-৩ বছৰৰ মূৰত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্তন পৰীক্ষা কৰিব লাগে ।
(৯) ৪০ বছৰ বয়সৰ পিছত মহিলা সকলে প্ৰতি বছৰেই অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্তন পৰীক্ষা কৰিব লাগে ।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate