অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাসকলৰ বাবে ফিকা চাহহে উপকাৰী :

মহিলাসকলৰ বাবে ফিকা চাহহে উপকাৰী :

 

আপুনি বাৰু দিনটোত কেইকাপ চাহ খায়? আপুনি খোৱা চাহকাপত চেনি আৰু গাখীৰ বেছিকৈ দি আপোনাৰ পছন্দমতে জুতি লগাকৈ খায় নেকি? চাহকাপ আপুনি গাখীৰ-চেনি দিয়েই খাওক বা ফিকা হিচাপেই খাওঁক, চাহৰ পৰা কিছু পৰিমাণে আপুনি উপকাৰ পাবই। পুৱাৰ কাঢ়া চাহকাপে আপোনাৰ তন্দ্ৰাৰ ভাৱ আঁতৰায়। তেনেকৈ আবেলিৰ চাহকাপে আপোনাৰ দিনটোৰ কামৰ ভাগৰৰ বোজা লাঘৱ কৰে। পিছে শেহতীয়া এক গৱেষণাত প্ৰমাণিত হৈছে যে গাখীৰ-চেনি দি চাহকাপতকৈ ফিকা চাহকাপহে আপোনাৰ বাবে বেছি উপকাৰী হ’ব পাৰে। এনে একাপ চাহ পুৰুষতকৈ মহিলাসকলৰ বাবে বেছি উপকাৰী বুলি গৱেষকসকলে প্ৰমাণ পাইছে। অলপতে ‘আমেৰিকান জাৰ্ণেল অব ক্লিনিকেল নিউট্ৰিচন’ত প্ৰকাশিত চাহৰ উপকাৰিতা সম্পৰ্কীয় এটি প্ৰবন্ধত এই কথা প্ৰকাশ পাইছে যে- যিসকল মহিলাই দিনে অতি কমেও দুকাপ ফিকা চাহ খায়, তেওঁলোকৰ ডিম্বাশয়ৰ কেন্সাৰ হোৱাৰ আশংকা, দিনে একাপ পৰিমাণৰ এনে চাহ খোৱা মহিলাতকৈ ৩২ শতাংশ কম। ইয়াৰ কাৰণ হিচাপে কোৱা হৈছে যে ফিকা চাহত থকা কেইবিধমান ফ্লেভনয়ডে (চাহগছে সংশ্লেষণ কৰা এন্টিঅক্সিডেন্ট যৌগ) মহিলাৰ ডিম্বাশয়ৰ কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে। উল্লেখ্য যে, এই পৰীক্ষালানিত কেৱল ‘ক’লা চাহ’ (ব্লেক-টি) গুণাগুণৰ ওপৰতহে অধ্যয়ন কৰা হৈছিল।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate