অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাৰ এটি ভয়াবহ ৰোগ স্তন টিউমাৰ

মহিলাৰ এটি ভয়াবহ ৰোগ স্তন টিউমাৰ



বৰ্তমান দিনকদিনে বৃদ্ধি পাব ধৰিছে যুৱতী আৰু বিবাহিত মহিলাৰ স্তন টিউমাৰ। কিন্তু যুৱতী আৰু বিবাহিতা মহিলা সকল সচেতন নোহোৱা বাবে আৰু লাজতে ৰোগটো লুকুৱাই ৰখাৰ বাবে শেষত স্তন কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে। সেয়েহে যুৱতী আৰ মহিলা সকলৰ উপকাৰ হোৱাৰ বাবে পোষ্টটো দিয়া হৈছে।
স্তন গ্ৰন্থিৰ তন্তুকোষত হোৱা সাম্য অৰ্বূদ বা টিউমাৰক (Benign Tumour) ফাইব্ৰোএডিন'মা (fibroadenoma) বোলা হয় । সাম্য অৰ্বূদ যৌৱন কাল আৰম্ভণিৰ পৰা ২০ বছৰ বয়সলৈ সৰ্বাধিক পৰিমাণে আৰু ২০-৫০ বছৰ বয়সত কম পৰিমাণে হয়। এইবিধ অৰ্বূদ বাওঁ স্তনত বেছিকৈ হয়। সচৰাচৰ এটা অৰ্বূদ হয় যদিও কিছুমান যু্ৱতীৰ দুই বা ততোধিক হয়।
ৰোগৰ কাৰণ

হৰমন জাতীয় ঔষধ বেছিকৈ ব্যৱহাৰ কৰা, কৃত্ৰিম তন্তুৰে তৈয়াৰী ব্ৰেচিয়াৰ ব্যৱহাৰ, সন্তানক স্তনপান নকৰোৱাৰ ফলত স্তনৰ গাখীৰ দূগ্ধকুল্যাত গোটমাৰি লাগি ধৰা, অন্ত:স্ৰাবী গ্ৰন্থিৰ অস্বাভাৱিক ক্ৰিয়া, থাইৰইড আৰু এষ্ট্ৰোজেন হৰমনৰ প্ৰভাৱ, ক্ৰোধ,শঙ্কা , মানসিক অশান্তি আৰু বংশগত কাৰণত সাম্য অৰ্বূদ হয়। আজিকালি কিছুমান চিকিৎসকে জধেমধে থাইৰইড হৰমন মহিলাৰ ওপৰত প্ৰয়োগ কৰা কাৰণে কেইবছৰমানৰ পিছত অসমৰ বহুতো যুৱতী আৰু মহিলা স্তন টিউমাৰ আৰু স্থন কেঞ্চাৰ ৰোগত আক্ৰান্ত হব । থাইৰইড হৰমন গ্ৰ'থ হৰমন আৰু লৰা-ছোৱালী বৃদ্ধিৰ বাবে এই হৰমন প্ৰয়োজন হয়, কিন্তু বয়সস্থ মহিলাৰ ক্ষেত্ৰত কিয় ইয়াক ব্যৱহাৰ কৰে ???
ৰোগৰ লক্ষণ

স্তনত স্পৰ্শ কৰিলে টৈমুনা (lump) পোৱা যায় । টৈমুনাটো ৰবৰৰ দৰে সোপোকা,দৃঢ় বা লৰচৰ কৰে , সামান্য বিষায়, কোমল বা কঠিন আৰু ৰোগাক্ৰান্ত স্থানত ছালৰ বৰণ পৰিৱৰ্তন নহয় । টেমূনাটো তন্তূ কোষৰে গঠিত খোলা এটাৰ মাজত আবদ্ধ হৈ থাকে বাবে চাৰিওকাষ নিমজ আৰু সমান হোৱাৰ উপৰিও ওচৰৰ কোষ, ৰক্তসন্চালন আৰু লচিকা প্ৰণালীলৈ(lymphatic system) বিস্তাৰিত হ'ব নোৱাৰে দিনক দিনে অৰ্বূদৰ আকাৰ বাঢ়িবলৈ ধৰে কাৰণে অৰ্বুদটোৱে চাৰিওফালে অধিক চাপ উৎপন্ন কৰে । সাম্য অৰ্বূদে ৰোগীৰ স্বাস্থ্য অৱনতি নকৰে বাবে শাৰীৰিক ৰোগৰ লক্ষণসমূহ ধৰা নপৰে।
স্তন টিউমাৰ চিকিৎসা

কাঞ্চনাৰ গুগুলূ , কৈশোৰ গুগুলূ , ত্ৰিফলা গুগুলু। , ৰৌদ্ৰ ৰস ,নিত্যানন্দ ৰস , সাৰিবাদ্যাসৱ ইত্যাদি শাস্ত্ৰীয় আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা স্তন টিউমাৰ ভাল কৰিব পাৰি। আয়ুৰ্বেদিক ঔষধ প্ৰয়োগ কৰিলে টিউমাৰৰ আকাৰ দিনকদিনে কমি আহে আৰু সম্পূৰ্ণৰূপে ভাল হয়। সেয়েহে এনে ৰোগীয়ে অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ লগত পৰামৰ্শ কৰিব পাৰে।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate