অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাৰ মাজত এইচআইভিৰ সংক্ৰমণ বেছিকৈ ঘটাৰ কাৰণ:

 

প্ৰয়োজনীয়িহ পদক্ষেপ:

 

আজি বিশ্বজুৰি এইডছ আৰু এইচআইভিৰ বিপক্ষে যুঁজাৰ বাবে চিকিৎসক তথা সচেতনল নাগৰিক, এনজিঅ’ আদি সতৰ্ক হৈছে। এইক্ষেত্ৰত মহিলাসকল এইচআইভি-এইডছৰ সংক্ৰমণৰ পৰা বাচিবলৈ তলত উল্লেখ কৰা পদক্ষেপবোৰ গ্ৰহণ কৰা অতি আৱশ্যকীয় হৈ উঠিছে-

  • সমাজৰ সকলো শ্ৰেণীৰ মহিলাকে শিক্ষিত কৰি তোলা।
  • যৌন ৰোগ তথা এইচআইভিৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কনডমৰ ব্যৱহাৰ।
  • মহিলাসকলৰ অৰ্থনৈতিক স্বাধীনতা বাঢ়িবলৈ স্বাধীনভাৱে জীৱিকা উপাৰ্জনৰ বাবে দেখুওৱা।
  • পুষ্টিকাৰক আহাৰ গ্ৰহণৰ বাবে উৎসাহ।
  • যৌন ৰোগসমূহৰ সম্যক জ্ঞান দিয়া।
  • যৌন ৰোগ নিৰাময়ৰ ব্যৱস্থা পৰ্যাপ্ত ৰূপত আগবঢ়োৱা।

কাৰণ:

 

এতিয়া সতকাই মনত উঠা প্ৰশ্নটি হ’ল- মহিলাসকলৰ মাজত এইচআইভিৰ সংক্ৰমণ বেছিকৈ ঘটাৰ কাৰণ কি?

ভালদৰে ফঁহিয়াই চালে দেখা যায় যে মহিলাসকলে-

  • যৌনতাৰ ক্ষেত্ৰত স্বাধীন নহয়, ফলত বহুক্ষেত্ৰত স্বামীৰ বাহিৰেও সমাজৰ নেতৃস্থানীয় লোক, ওপৰ খাপৰ চাকৰিয়াল তথা আন সুযোগসন্ধানী লোকৰ কামনাৰ বলি হ’ব লগাত পৰে।
  • আৰ্থিকভাৱে স্বাৱলম্বী হ’ব নোৱাৰাৰ ফলত পুৰুষৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে। ফলত পুৰুষৰ কথা মতেই অনৈনিত কাৰ্যত লিপ্ত হ’বলৈ বাধ্য হৈ পৰে।
  • জৈৱিকভাৱে যৌন সম্পৰ্কৰ সময়ত তেওঁলোক বিভিন্ন ৰোগৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা বাঢ়ে। কিয়নো মহিলাসকলৰ প্ৰসৱ পথৰ পাতল আৱৰণেৰে যৌন সম্পৰ্কৰ সময়ত এইচআইভিৰ বীজাণু শৰীৰত প্ৰৱেশ কৰিব পাৰে।
  • ৰাজনৈতিক পৰাধীনতাৰ বাবেও এইচআইভিৰ বীজাণুৰ সংক্ৰমিত হ’ব পাৰে। এইক্ষেত্ৰত উদাহৰণৰ খাতিৰত গাদ্দাপিয়ে নিজ মহিলা অংৰক্ষকসকলৰ ওপৰত চলোৱা অত্যাচাৰলৈ আঙুলিয়াব পাৰি।

গৰ্ভাৱস্থাত অশুভ প্ৰভাৱ:

ভাৰতবৰ্ষত প্ৰায় প্ৰতিটো জনগোষ্ঠীয় শ্ৰেণীৰ মাজতেই পুৰুষকেন্দ্ৰিক ক্ষমতা ন্যস্ত থাকে। কিন্তু মহিলাকেন্দ্ৰিক ক্ষমতা থকা মণিপুৰত ভাৰতবৰ্ষৰ ভিতৰতে বেছিকৈ এইডছ ৰোগী দেখা গৈছে। ২০১৩ চনত প্ৰকাশিত তথ্য মতে ১.১৫ শতাংশ, যিটো ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক।

এইচআইভি সংক্ৰমণে গৰ্ভাৱস্থাত বহুতো অশুভ প্ৰভাৱ পেলায়। তাৰ ভিতৰত কিছু উল্লেখ্য হ’ল-

 

  • সঘনে ঘটা গৰ্ভপাত
  • মৃত শিশু প্ৰসৱ
  • সময়তকঈ আগতে প্ৰসৱ
  • কম ওজনৰ(২.৫ কিলোগ্ৰামতকৈ কম) শিশুৰ জন্ম
  • জন্মৰ পাছতে শিশুটি নানা ৰোগত আক্ৰান্ত হোৱা ইত্যাদি।

যিহেতু এগৰাকী এইচআইভি বীজাণুৰ দ্বাৰা সংক্ৰমিত মহিলাই উপযুক্ত চিকিৎসা, খাদ্য আৰু পৰিয়ালৰ যত্ন তথা মৰমৰ ফলত এক স্বাভাৱিক জীৱন-যাপন কৰিবলৈ সক্ষম। গতিকে, তেওঁলোকক সমাজে এইখিনি সহানুভূতি দেখুৱাবই লাগিব। উক্ত বীজাণুৰ দ্বাৰা আক্ৰান্ত মহিলাসকলে সন্তান জন্ম দিয়াৰ আগৰে পৰা প্ৰসৱৰ বাবে ভালদৰে পৰিকল্পনা কৰিব লাগে। আৰু সন্তানলৈ এইচআইভিৰ সংক্ৰমণ নঘটিবৰ বাব০এ চিকিৎসালয়লৈ গৈ চিকিৎসকৰ দিহামতে কৰিবলগীয়া উপযুক্ত পৰীক্ষা তথা ঔষধ খাব লাগে। তদুপৰি তেওঁলোকে চিকিৎসালয়তে সন্তান প্ৰসৱৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

যিহেতু চৰকাৰী চিকিৎসালয়ত এইচআইভিৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হয় আৰু ইয়াৰ ফলাফল গোপনে ৰখা হয়, সেয়ে সকলো মহিলাই এই সেৱাৰ সদ্ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি আহিব লাগে আৰু আন গৰ্ভৱতী মহিলাকো এইক্ষেত্ৰত সজাগ কৰিব লাগে। প্ৰত্যেক এইচআইভিত আক্ৰান্ত মহিলাই সন্তানক মাতৃদুগ্ধৰ বিকল্প দিবৰ বাবে যত্ন কৰিব লাগে। কিয়নো মাতৃদুগ্ধৰ জৰিয়তেও মাকৰ দেহৰ পৰা সন্তানলৈ এইচআইভিৰ বীজাণুৰ সংক্ৰমণ ঘটে।

সদৌ শেষত সকলো মহিলালৈ অনুৰোধ- সজাগ হওক, অসুৰক্ষিত যৌন মিলন পৰিহাৰ কৰক আৰু যৌন সম্পৰ্ক এজনৰ লগতেই সীমাবদ্ধ ৰাখক। যৌন ৰোগসমূহৰ বিষয়ে জানক, বুজক আৰু আনকো জনাওক।

লেখক: ডাঃ বীৰেন্দ্ৰ নাৰায়ণ শৰ্মা(দেওবৰীয়া সুকন্যা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate