অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাৰ ৰোগৰ হোমিও চিকিৎসা :

স্ত্ৰী-ৰোগৰ ভিতৰত সাধাৰণতে জৰায়ুৰ ৰোগত চিকিৎসাৰ বিষয়ে হোমিঅপেথিক দিহা অধিক পোৱা যায়।

জৰায়ু সম্বন্ধীয় ৰোগ সমূহৰ ভিতৰত -

  • মেনোৰেজিয়া,
  • মেটোৰেজিয়া,
  • ডিচমেনোৰিয়া,
  • লিউকোৰিয়া আদি অধিক হয়।

ডিচমেনোৰিয়া -

ৰীতিমতে ঋতুস্ৰাৱ নোহোৱাকৈ থকা ৰোগকে ডিচমেনোৰিয়া বুলি কোৱা হয়। এই ৰোগত মহিলাসকলৰ ঋতুৰ সময়ত তলপেটৰ বিষ হয়। ঋতু নিয়মিত নহয়। ঋতুস্ৰাৱ কম পৰিমাণৰ হয়।

ডিচমেনোৰিয়া তিনি প্ৰকাৰৰ-

১)নিউৰালজিক,

২)মেকানিকেল আৰু

৩)কনজেনটিভ।

১)নিউৰালজিক:

এই ৰোগত স্নায়বিক বিষ হয়। তল পেটত হেঁচা মাৰি ধৰিলে, গৰম সেক দিলে, অধিক ৰক্তস্ৰাৱ হ’লে বিষ উপশম হয়।

২)মেকানিকেল:

কোনো কাৰণবশত, জৰায়ুৰ স্থানচ্যুতি হৈ ঋতুস্ৰাৱৰ সময়ত স্বাভাৱিক ঋতুস্ৰাৱৰ সময়ত স্বাভাৱিক ঋতুস্ৰাৱক বাধা পৰি তলপেট বিষালে তাক ‘মেকানিকেল’ বোলে।

৩)কনজেষ্টিভ:

এই ৰোগত জৰায়ুৰ ভিতৰত অতিৰিক্ত তেজ জমা হয়, জৰায়ু ফুলে, ঋতু প্ৰকাশ পোৱা চাৰি-পাঁচ দিন আগৰে পৰা বাধক বেদনা হয়।

ঋতুৰ তেজত সৰু, ডাঙৰ চেকুৰা-চেকুৰ তেজ মিহলি হৈ থাকে। কোনো কোনো মহিলাৰ তেজৰ হেঁচা পৰি জৰায়ু বাহিৰলৈ ওলাই আহে। কিছুমানৰ এই সময়ত জ্বৰ হয়।

চিকিৎসা:

১)Calcarea phos 30:

এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া মহিলা বয়সীয়া হ’লে ২/৩ মাহৰ মূৰে মূৰে এবাৰ ঋতুস্ৰাৱ হয়।

ঋতুস্ৰাৱ হোৱাৰ কেইদিনমানৰ আগত হৈ থাকোতে আৰু ঋতুস্ৰাৱ হৈ যোৱাৰ কেইদিনমানৰ পাছলৈকে তলপেটত বিষ থাকে।

২)Causticum 30:

এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া মহিলাসকলৰ ঋতু ঘনাই হয় যদিও অতি কম পৰিমাণে ঋতুস্ৰাৱ হয়।

স্ৰাৱ কেৱল দিনতহে হয়, ৰাতি শোৱাৰ লগে লগে স্ৰাৱ বন্ধহৈ যায়। ভৰি, হাত জঠৰ হোৱাৰ দৰে অনুভৱ কৰে।

৩)Lachesis 30:

এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ ঋতু অতি ঘনাই হয়, বহুদিনলৈকে থাকে, ঋতুস্ৰাৱ বন্ধ নোহোৱাৰ দৰেই হয়। ঋতুস্ৰাৱৰ ৰক্ত কিছু পনীয়া বা চেঁকুৰা-চেকুৰ হয়। ৰং-ৰঙা, ঘোলা বা ক’লা হয়।

৪)Sabina 30:

Sabina ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ ঋতু অতি ঘনাই হয়, বহুদিনলৈকে থাকে, ঋতুস্ৰাৱ বন্ধ নোহোৱাৰ দৰেই হয়।

ঋতুস্ৰাৱৰ ৰক্ত কিছু পনীয়া বা চেকুঁৰা-চেকুৰ হয়। ৰং- ৰঙা, ঘোলা বা ক’লা হয়।

৫)Pulsatilla 30:

ঋতুস্ৰাৱৰ পৰিৱৰ্তে পাকস্থলীৰ পৰা তেজ ওলালে এই ঔষধ ব্যৱহাৰ হয়।

৬)Cantharides 30:

ঋতু বন্ধৰ লগত প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা কৰিলে সাধাৰণতে এই ঔষধ ব্যৱহাৰ হয়। প্ৰস্ৰাৱত জ্বলা-পোৰা থাকিলে বুকু, চকু আদি জ্বলা-পোৰা কৰে।

মেটোৰেজিয়া আৰু মেনোৰেজিয়া -

মহিলাসকলৰ নিয়মিত সময়ত ঋতু নহৈ আন সময়ত অধিক পৰিমাণে বা আন কাৰণবশতঃ অধিক পৰিমাণে জননেন্দ্ৰিয়ৰ পৰা ৰক্তস্ৰাৱ হ’লে তাক মেটোৰেজিয়া বোলে।

মহিলাসকলৰ নিয়মিত সময়ত ঋতু হৈ অধিক দিন আৰু অধিক পৰিমাণে ৰক্তস্ৰাৱ হ’লে তাক মেনোৰেজিয়া বোলে।

মেনোৰেজিয়াত কেতিয়াবা ৰক্ত ডোখৰ ডোখৰ, মাংস ধোৱা পানীৰ দৰে, ক’লা চেকুঁৰা-চেকুৰা ইত্যাদি অলপ অলপ জননেন্দ্ৰিয়ৰ পৰা ওলায়। ক্ৰমান্বয়ে শৰীৰ ৰক্তহীন, শেঁতা আৰু দুৰ্বল হৈ পৰে।

মেটোৰেজিয়াত স্ত্ৰী-জননেন্দ্ৰিয়ৰ পৰা ৰক্ত প্ৰায়ে সোঁত বোৱাৰ দৰে ওলায়। কেতিয়াবা একে লেথাৰিকৈ স্ৰাৱ চলিয়ে থাকে।

তল পেটত বিষ, বমি, মূৰ্চ্ছা, উশাহ-নিশাহ লোৱাত কষ্ট ইত্যাদি হয়।

চিকিৎসা:

হোমিও চিকিৎসাত একেটাই ৰোগ আৰু ৰোগীৰ লক্ষণৰ ঔষধৰ ‘ক্ৰিয়া থকা লক্ষণ’ মিলিলে মেটোৰেজিয়া আৰু মেনোৰেজিয়াত একেইবোৰ ঔষধেই ব্যৱহাৰৰ হয়। ৰোগৰ নাম জনা থাকিলে চিকিৎসকক ঔষধ নিৰ্বাচন কৰাত সহায় কৰে।

১)Ipecec uanha 30:

জৰায়ুৰ পৰা উজ্জ্বল ৰক্ত ওলোৱাৰ লগত বমি বা বমিৰ ভাব লাগি থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।

২)Kreosotum 30:

এই ঔষধটো জৰায়ুৰ জটিল ৰোগৰ ফলত ৰক্তস্ৰাৱ হ’লে সাধাৰণতে ব্যৱহাৰ হয়। কোনো কাৰণত অপৰিষ্কাৰ ৰক্ত জ্বলা পোৰা কৰি জৰায়ুৰ পৰা ওলালে, মাজে মাজে ৰক্তস্ৰাৱ বন্ধ হৈ পুনৰ প্ৰকাশ পালে বা ৰক্তস্ৰাৱ বন্ধ হ’লে সকলো যন্ত্ৰণা বৃদ্ধি পালে এই ঔষধ ব্যৱহাৰ কৰিব লাগে।

৩)Lachesis 30:

এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া মহিলা সকলৰ জৰায়ুৰ পৰা ৰক্ত অবিৰামভাৱে ওলায়। ৰক্ত ওলোৱা বন্ধ হ’লে সকলো যন্ত্ৰণা বৃদ্ধি পায়। পুনৰ স্ৰাৱ আৰম্ভ হ’লে যন্ত্ৰণা লাঘৱ হয়।

৪)Acid Nitric 30:

এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া মহিলাৰ জৰায়ুৰ পৰা ক’লা, ঘোলা আৰু অপৰিষ্কাৰ ৰক্ত ওলায়। ব্যৱহাৰ হোৱাৰ বিশেষ লক্ষণ হ’ল-

ৰোগীৰ হঠাৎ পানী লাগে আৰু হঠাৎ অতিসাৰ হয়।

জটিল ধৰণৰ জৰায়ুৰ ৰোগত ঘোলা, ক’লা ৰঙৰ দুৰ্গন্ধযুক্ত পনীয়া ৰক্ত ওলালে, ৰোগীয়ে ৰক্তাল্পতাত ভুগিলে, মাতিত ৰক্ত পৰি গোট নেমাৰিলে ব্যৱহাৰ।

৫)Ustilago 30:

এই ঔষধটো জৰায়ুৰ পৰা ৰঙা চেকুঁৰা-চেকুৰ বা ক’লা চেঁকুৰা-চেকুৰ ৰক্ত ওলালে সাধাৰণতে ব্যৱহাৰ হয়।

এই ঔষধ ব্যৱহাৰ কৰাৰ বিশেষ লক্ষণ হ’ল- জৰায়ুৰ পৰা ৰক্ত অলপ অলপকৈ প্ৰায়ে ওলাই থাকে। জৰায়ুৰ যি কোনো দোষতেই হওক, যেনে-

জৰায়ুৰ স্থানচ্যুতি, জৰায়ুৰ ফোঁহা(Tumour),

ঋতুস্ৰাৱ আৰম্ভ হৈ বহুদিনলৈ স্ৰাৱ বন্ধ নহ’লে প্ৰসৱৰ পিছত দীৰ্ঘ দিনলৈকে ৰক্তস্ৰাৱ হোৱা ইত্যাদি নানা কাৰণত জৰায়ুৰ পৰা ৰক্তস্ৰাৱ হ’লে Ustilago ব্যৱহাৰ হয়।

লিউকোৰিয়া -

লিউকোৰিয়া সৃষ্টিৰ কাৰণ সঠিক ভাৱে নিৰ্ণয় কৰিব নোৱাৰি। কোনো কাৰণত জৰায়ুৰ শ্লেষ্মাৰ দ্বাৰা গঠিত পাতল আৱৰণত সংক্ৰমণ হৈ জৰায়ুৰ পৰা গাখীৰৰ দৰে বগা বা হালধীয়া ৰক্ত মিহলি স্ৰাৱ আৰু বগা, ঘোলা পানীৰ দৰে, বগা পানীৰ দৰে নানা ধৰণৰ স্ৰাৱ যোনিদ্বাৰেদি ওলোৱাকে প্ৰদৰ ৰোগ বা ‘লিউকোৰিয়া’(বগাস্ৰাৱ) বোলে।

এই ৰোগ একেৰাহে দীৰ্ঘদিন ধৰি হৈ থাকিলে ৰোগী ক্ৰমান্বয়ে-

  • দুৰ্বল হৈ আহে,
  • তেজ নাইকিয়া হয়,
  • মূৰ ঘূৰণি, মূৰ কামোৰণি,
  • হাত ভৰি জিন-জিনাই থাকে,
  • বিশেসকৈ বুকুৰ ধপ-ধপনি ইত্যাদিৰ উপসৰ্গই দেখা দিয়ে।

চিকিৎসা:

১)Alumina 30:

এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া ৰোগীৰ প্ৰায়ে শৌচ কৰিবলৈ ইচ্ছা নাথাকে। কেবাদিনৰ মূৰত এদিন শৌচ হয়। শৌচ কৰোতে বা প্ৰস্ৰাৱ কৰোতে অতিৰিক্ত জোৰ দিবলগীয়া হয়।

২)Sulphar 30:

এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ কিছুদিন প্ৰদৰ স্ৰাৱ হয়, আকৌ কিছুদিনৰ বাবে আৰোগ্য হয়। ৰোগীৰ –

  • হাত,
  • ভৰি,
  • চকু,
  • কাণ বিশেষকৈ ভৰিৰ তলুৱা জ্বলা-পোৰা কৰে।

৩)Graphitis 30:

এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীয়ে মুখত কোনো খাদ্য স্বাদ নেপায়। কিছুমানৰ জিভাত ঘা থাকে। ধুনীয়া শকত আৱত আৰু শৌচ কঠিন হোৱা মহিলাৰ ক্ষেত্ৰত বিশেষভাৱে ব্যৱহাৰ হয়।

৪)Cauloplyllum:

এই ঔষধ ব্যৱহাৰ কৰা ৰোগীৰ অপৰিষ্কাৰ প্ৰদৰ স্ৰাৱ হয়। প্ৰায়বিলাক ৰোগীয়ে শৰীৰৰ ভিতৰত কঁপি থকা যেন অনুভৱ কৰে কিন্তু বাহিৰৰ পৰা একো দেখা পোৱা নাযায়।

৫)Cocculus Indica 30:

এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ মাহেকীয়া ঋতুস্ৰাৱ বন্ধ থাকে আৰু ঋতুস্ৰাৱৰ পৰিৱৰ্তে প্ৰদৰ স্ৰাৱ হয়। ৰোগী অতিৰিক্ত দুৰ্বল হয়।

কঁকালৰ পৰা তলছোৱা দুৰ্বল হোৱা হেতুকে থিয় হোৱাৰ ক্ষমতা নাথাকে। মূৰ ঘূৰণি থাকে। বিছনাৰ পৰা উঠিলে মূৰ ঘূৰায়। সামান্য কিবা কাৰণতে মূৰ্চ্ছা যায়।

৬)Hydrastis Canadensis 30:

এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ আহাৰ খাওক বা নেখাওক সকলো সময়তে পেট ফুলি থাকে। প্ৰদৰ আঠাৰ দৰে হয়। শৌচত শাওঁ থাকে।

লেখিকা: ডাঃ এলিজা বেগম(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 3/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate