অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেন’পজ :

 

মেন’পজ বা ৰজোনিবৃত্তি এগৰাকী মহিলাৰ জীৱনৰ এটি গুৰুত্বপূৰ্ণ অধ্যায়। প্ৰতিগৰাকী মহিলাৰ জীৱনলৈ মেন’পজ আহিবই। মেন’পজ কোনো ৰোগ নহয়। ই মহিলাৰ শৰীৰ এক স্বাভাৱিক অৱস্থা। অৱশ্যে মেন’পজ হোৱা মহিলাৰ ক্ষেত্ৰত কিছুমান শাৰীৰিক সমস্যা(যেনে- হ’ট ফ্লাছ(Hot Flush), মেদবহুল হৈ শকত হোৱা, হজম শক্তি কমি যোৱা আদি), কিছুমান ৰোগ(যেনে- ডায়েবেটিছ, অষ্টিওপ’ৰোছিছ, অষ্টিওআৰ্থাইটিছ, কৰ্কট ৰোগ আদি) আৰু কিছুমান মানসিকপ সমস্যা(যেনে কথা পাহৰি যোৱা হতাশাত ভোগা আৰু ডিমেনচিয়া আদি) অধিক হোৱা দেখা যায়। মেন’পজ হোৱা মহিলাসকলে পৰিয়ালৰ আন্য লোকৰপৰা শাৰীৰিক আৰু মানসিকভাৱে অলপ সচেতন হৈ খাদ্যাভ্যাসৰ পৰিৱৰ্তন ঘটাই সুস্থ জীৱনশৈলী কটাই নিয়মিত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে এনে সমস্যাবোৰ প্ৰতিৰোধ কৰাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিলে এক উন্নতমানৰ জীৱন যাপন কৰি দীৰ্ঘায়ু লাভ কৰিব পাৰে। তলত মেন’পজ কি, মেন’পজ হ’লে হোৱা শাৰীৰিক, মানসিক সমস্যা আৰু এইবোৰ প্ৰতিৰোধ কৰাৰ কিছু উপায় আলোচনা কৰা হৈছে।

মেন’পজ কি?

এগৰাকী মহিলাৰ ঋতুস্ৰাৱ প্ৰাকৃতিকভাৱে সম্পূৰ্ণৰূপে বন্ধ হৈ এবছৰ পাৰ হোৱাৰ পিছত যদিহে পুনৰ ঋতুস্ৰাৱ নহয় তেতিয়া মহিলাগৰাকীৰ মেন’পজ বা ৰজোনিবৃত্তি হোৱা বুলি কোৱা হয়। মেন’পজ হোৱা মহিলাৰ শৰীৰত স্ত্ৰী যৌন হ’ৰমন এষ্ট্ৰোজেন আৰু প্ৰ’জেষ্টেৰণৰ পৰিমাণ কমি যায়। প্ৰথমে প্ৰ’জেষ্টেৰণ কমে, পিছলৈ এষ্ট্ৰোজেন কমি যায়। ডিম্বাশয়ৰপৰা ডিম্বানুৰ ক্ষৰণ এই বয়সত নোহোৱা হয়। ভাৰতবৰ্ষত সাধাৰণতে ৪৫ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত মহিলাসকলৰ মেন’পজ হয়। অৱশ্যে কিছুমান জনগোষ্ঠীৰ মহিলাৰ মেন’পজ ইয়াতকৈ কম বয়সতো হোৱা দেখা যায়। যি মহিলাৰ অস্ত্ৰোপচাৰ কৰি ডিম্বাশয় দুয়োটাই উঠাই দিয়া হ আৰু কৰ্কট ৰোগৰ বাবে কেম’থেৰাপি দিয়া হয়, তেনে মহিলাৰ ক্ষেত্ৰত মেন’পজ অধিক আগেয়ে আহে।

পেন’পজ অহাৰ দুবৰছৰমান আগৰেপৰাই মহিলাৰ মাহেকীয়া অনিয়মীয়া হ’বলৈ আৰম্ভ কৰে। এই সময়ছোৱাক ‘ক্লাইমেক্টেৰিক’(Climacteric) পৰ্যায় বুলি কোৱা হয়। এই সময়ছোৱাত মহিলাৰ মাহৰ মূৰত মাহেকীয়া হোৱাৰ পৰিৱৰ্তে দিন বাঢ়ি যায় আৰু ঋতুস্ৰাৱৰ পৰিমাণ লাহে লাহে কমি আহে। দুয়োটা বিসংগতিৰ লক্ষণ বৃদ্ধি পাই অৱশেষত ঋতুস্ৰাৱ বন্ধ হৈ পৰে। ‘ক্লাইমেক্টেৰিক’ সময়ছোৱাত মহিলাসকলৰ মন অস্তিৰ হয় , সৰু সৰু কথাতে মন বেয়া লাগে, সঘনাই মুড পৰিৱৰ্তন হয়, কামত মনোযোগ কমি আহে, অনবৰতে শাৰীৰিকভাৱে অসুস্থতা অনুভৱ কৰে, বাৰে বাৰে পায়খানা আৰু প্ৰস্ৰাৱ লাগে, শৰীৰত চৰ্বি জমা হ’বলৈ ধৰে, স্তনৰ গঠন সলনি হয়, বুকু ধপধপায়, মূৰৰ বিষ হয়, মূৰ ঘূৰণি হয়, গাঁঠিৰ বিষ হয়, শৰীৰত বিষৰ অনুভৱ বেছি হয়, অতিমাত্ৰা গৰম লাগে, ৰাতি টোপনিত ব্যাঘাত জন্মে, ৰাতি ঘামি যোৱা আদি নানা লক্ষণে দেখা দিয়ে। এইবোৰ মেন’পজ অহাৰ প্ৰাকৃতিক লক্ষণ।

মেন’পজৰ সময়ত হোৱা বিভিন্ন সমস্যা -

মহিলাসকলক মেন’পজৰ সময়ত হোৱা সকলো সমস্যাৰে মূল কাৰক হ’ল শৰীৰত ক্ৰমান্বয়ে হ্ৰাস পাই অহা এষ্ট্ৰোজেনৰ পৰিমাণ। মেন’পজৰ সময়ত অতি বেছিকৈ হোৱা লক্ষণ এটা হ’ল ‘হ’ট ফ্লাছ(Hot Flush)। মেন’পজৰ এবছৰ বা দুবছৰৰ ভিতৰতে সাধাৰণতে এই লক্ষণটো দেখা যায়। হঠাৎ গাটো গৰম লাগে, ঘাম ওলায়, গাল-মুখ ৰঙা পৰে, ৰাতি শোৱাৰপৰা হঠাতে সাৰ পাই যায়। ইয়াৰ ঠিক অলপ পিছতেই ঠাণ্ডা অনুভৱ হয়, কিছু সময়ৰ পিছতে মূৰ গৰম হয়, ৰাতি টোপনিত ব্যাঘাত হয়। বতৰৰ তাপমাত্ৰাৰ লগত এই লক্ষণৰ কোনো সংগতি নাথাকে। গৰম বা ঠাণ্ডা বতৰতো এই লক্ষণবোৰে দেখা দিব পাৰে। ‘হৰম’ন ৰিপ্লেচমেন্ট থেৰাপি’(HRT) কৰি এই সমস্যা কমাব পাৰি। মেন’পজ হোৱা মহিলাসকলৰ যৌন স্পৃহা কমি যায় আৰু জননাংগৰ ভিতৰৰ আৱৰণখনৰ এট্ৰ’ফি হৈ পাতল আৰু শুকান হয়।

মেন’পজল হোৱা মহিলাসকলৰ শৰীৰত হঠাৎ এষ্ট্ৰোজেন হ’ৰমন কমি যায় বাবে তলপেটত চৰ্বি জমা হ’বলৈ ধৰে আৰু ইয়াৰ বাবে ইনচুলিন প্ৰতিৰোধ ক্ষমতা বাঢ়ি যায়। ফলত মহিলাগৰাকী শকত হোৱাৰ লগতে টাইপ-২ ডায়েবেটিছ বেছিকৈ হয়। মেন’পজৰ সময়ত এল ডি এল নামৰ উপাদানবিধ তেজত বাঢ়ি যায় আৰু হৃদৰোগ্ৰ সম্ভাৱনা বৃদ্ধি পায়। হাড়ৰ কেলচিয়াম অলপ অলপকৈ কমিব ধৰে আৰু অষ্টিওপোৰ’ছিছ হোৱা দেখা যায়। হাড়বোৰ ঠুনুকা হয়, সামান্য আঘাততে ভাগি যাব পাৰে। আঁঠুৰ বিষ(অষ্টিওআৰ্থাইটিছ) হোৱাও দেখা য়যায়। মেন’পজ হোৱা মহিলাসকলৰ কথা পাহৰি যোৱা, খোৱা-বোৱাৰ প্ৰতি উদাসীন ফোৱা অধিক খিঙখিঙীয়া স্বভাৱৰ হোৱা হতাশাত ভোগা, ডিমেনচিয়া হোৱা আৰু আলঝেইমাৰ ৰোঘ অধিক হোৱা দেখা যায়। মেন’পজ হোৱা মহিলাসকলক স্তন, জৰায়ু, ডিম্বাশয়, হাঁওফাঁও আদিত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অধিক দেখা যায়।

মেন’পজ আৰু পুনঃ ঋতুস্ৰাৱ -

বহু মহিলাৰ মেন’পজ হোৱাৰ কিছুবছৰ পিছত পুনঃ ঋতুস্ৰাৱ হোৱা দেখা যায়। সামান্য পৰিমাণৰ পুনঃ ঋতুস্ৰাৱ হ’লেও তাক অৱহেলা কৰিব নালাগে। এনে হ’লে অতি সোনকালে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা অতি প্ৰয়োজন। চিকিৎসকে পৰীক্ষা কৰি কি কাৰণে পুনঃ ঋতুস্ৰাৱ হৈছে তাক থিৰাং কৰি চিকিৎসা কৰিব। বিভিন্ন সময়ত এনে ৰোগৰ কাৰক জৰায়ুৰ কৰ্কট, চাৰ্ভাইকেল কৰ্কট ইত্যাদি হ’ব পাৰে। কেতিয়াবা হ’ৰমনৰ অভাৱ অথবা উচ্চ ৰক্তচাপৰ বাবেও তেনে হ’ব পাৰে। জৰায়ুৰ যি অংশৰপৰা ঋতুস্ৰাৱ হয়, তাক ‘এণ্ডোমেট্ৰিয়াম’ বুলি কোৱা হয়। মেন’পজৰ পিছত সাধাৰণতে এই তৰপ শুকাই যায়। কিন্তু ডায়েবেটিছ থাকিলে বা মহিলাগৰাকী যথেষ্ট শকত হ’লে এই তৰপৰ বৃদ্ধিও হ’ব পাৰে। তেতিয়া পুনৰ ঋতুস্ৰাৱ আৰম্ভ হ’ব পাৰে। বহু সময়ত সহবাসজনিত আঘাতৰ বাবেও ৰক্তক্ষৰণ হোৱা দেখা যায়। কেতিয়াবা একো কাৰণ নোহোৱাকৈয়ে মেন’পজ হোৱা নাৰীৰ জৰায়ুৰপৰা ৰক্তক্ষৰণ হয়। ইয়াক DUB বুলি কোৱা হয়। এনে হ’লে জৰায়ু অস্ত্ৰোপচাৰ কৰি গুচাই দিয়া হয়।

‘হৰম’ন ৰিপ্লেচমেন্ট থেৰাপি’ কি?

মেন’পজ হোৱা মহিলাৰ শৰীৰত এষ্ট্ৰোজেন আৰু প্ৰ’জেষ্টেৰণ কমি যোৱাতো আঁতৰাবৰ বাবে চিকিৎসকৰ পৰামৰ্শ মতে, মেন’পজ হোৱাৰপৰা ষাঠী বছৰ বয়সলৈকে কম পৰিমাণে দুয়োবিধ বা যিকোনো এবিধ হ’ৰমন মহিলাসকলে গ্ৰহণ কৰিব পাৰে। এনে কৰাকে হ’ৰমন ৰিপ্লেচমেন্ট থেৰাপি বুলি কোৱা হয়। যদিহে মহিলাগৰাকীৰ জৰায়ু গুচাই পেলোৱা থাকে, তেন্তে কেৱল এষ্ট্ৰোজেন আৰু জৰায়ু থাকিলে এষ্ট্ৰোজেন আৰু প্ৰ’জেষ্টেৰণ দুয়োবিধ দিয়া হয়। হৰম’ন ৰিপ্লেচমেন্ট থেৰাপিত মূলতঃ ‘হট ফ্লাছ’ সম্পূৰ্ণৰূপে নাইকিয়া হয়। হাড়ৰ গঠন প্ৰণালীত আমূল পৰিবৰ্তন ঘটে আৰু কেলচিয়াম নষ্ট হৈ যোৱা প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। সেয়েহে অষ্টিওপোৰ’ছিছ হোৱাৰপৰা মহিলাগৰাকী ৰক্ষা পৰে। হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ আশংকা বহু পৰিমাণ কমি আহে। মহিলাগৰাকী বহুদিনলৈ কাৰ্যক্ষম হৈ থাকে। ছালৰ উজ্জ্বলতা বৃদ্ধি পায়, মনৰ পৰিৱৰ্তন ঘটে আৰু শৰীৰলৈ যৌৱন ঘূৰি অহাৰ দৰে লাগে। মেন’পজ হোৱা মহিলাৰ পুনঃ ঋতুস্ৰাৱ হ’লে যদি যদি জৰায়ুৰ পৰীক্ষা কৰি একো ৰোগ পোৱা নাযায়, তেন্তে পুনঃ ঋতুস্ৰাৱ বন্ধ কৰিবলৈ হৰম’ন ৰিপ্লেচমেন্ট থেৰাপি কৰিব পাৰি। অৱশ্যে হৰম’ন ৰিপ্লেচমেন্ট থেৰাপিত প্ৰতি ৩০ হাজাৰৰ বিপৰীতে ৮ জনৰ স্তন অথবা জৰায়ুৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাও থাকে।

মেন’পজ আৰু সুস্থ জীৱনশৈলী -

মেন’পজ হোৱা মহিলাই মেদবহুলতা আঁতৰাই শৰীৰৰ ওজন সঠিক ৰাখি ধূমপান, মাদকদ্ৰব্য সেৱন আদি বন্ধ কৰি সুস্থ জীৱনশৈলী কটালে হৃদৰোগ, অষ্টিওপোৰ’ছিছ আদি সমস্যাবোৰ এৰাই চলিব পাৰে। এনে মহিলাই দৈনিক খোজকঢ়া, ব্যায়াম কৰাৰ উপৰি চাইকেল চলোৱা, জগিং কৰা, লাহে লাহে দৌৰা, সাঁতোৰা আদি কৰিব। শাৰীৰিক ব্যায়ামৰ লগতে আন শ্ৰমহীন জীৱনশৈলীৰ পৰিৱৰ্তন(যেনে- গাড়ী ধোৱা, বাগিচাত কাম কৰা, ঘৰ চাফা কৰা, কুকুৰ ফুৰাবলৈ নিয়া, বেডমিন্টন খেলা, লিফট ব্যৱহাৰ নকৰা, খোজকাঢ়ি বজাৰ-সমাৰ আদি) কৰিব পাৰে। টোপনি ভালদৰে মাৰিব। নিয়মিত শোৱা, খেলা-ধূলা কৰা, টিভি চোৱা, সভা-সমিতিলৈ যোৱা, বিয়া-সবাহলৈ যোৱা আদি নিয়মিতভাৱে কৰিব। মানসিক চাপ ত্যাগ কৰি প্ৰাণায়াম, ধ্যান আদিৰ প্ৰতি মনোনিৱেশ কৰিব। বন্ধু আৰু পৰিয়ালৰ লোকসকলৰ সৈতে আড্ডা দিব। প্ৰাণভৰি হাঁহিব। দেহৰ লিপিড প্ৰ’ফাইল, ভিটামিন ডি. কেলছিয়াম আৰু ৰক্তচাপ সঠিককৈ ৰাখিব।

মেন’পজ আৰু খাদ্য -

মেন’পজ সংক্ৰান্তত হোৱা সমস্যাবোৰ প্ৰতিৰোধকৰাৰ বাবে মেন’পজ হোৱা মহিলাসকলে খাদ্যৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে। এনে মহিলাই প্ৰচুৰ ছয়াবিন খাব লাগে। ছয়াবিনত থকা ফাইট’ এষ্ট্ৰোজেন একপ্ৰকাৰ ‘হৰম’ন ৰিপ্লেচমেন্ট থেৰাপি’ হিচাপে কাম কৰে। মেন’পজৰ কালছোৱাত মহিলাসকলে কেলচিয়ামৰ অভাৱ বেছিকৈ হোৱাৰ বাবে যথেষ্ট পৰিমাণে ‘কেলচিয়াম’যুক্ত খাদ্য খোৱা দৰকাৰ। গাখীৰ, দুগ্ধজাত খাদ্য, কণী আৰু মাছত কেলচিয়াম অধিক থাকে। এক লিটাৰ গৰুৰ গাখীৰে ১২০০ মিলিগ্ৰাম কেলচিয়াম দিয়ে। দৈনিক পৰ্যাপ্ত গাখীৰ খাই থাকিলে যথেষ্ট পৰিমাণে কেলচিয়াম পাব পাৰি। কেলচিয়ামৰ লগতে ভিটামিন ‘ডি’যুক্ত খাদ্য প্ৰচুৰ খাব লাগে। কণীৰ কুহুম, গাখীৰ, লিভাৰ, মাখন, মাছ আৰু মাংসৰ হাড়ত ই প্ৰচুৰ পৰিমাণে থাকে। ভিটামিন ‘ডি’ পাবলৈ প্ৰতিদিনে অলপ সময় হ’লেও শৰীৰত ৰ’দ পৰিব দিব লাগে। প্ৰয়োজনত কেলচিয়াম আৰু ভিটামিন ‘ডি’ টেবলেট খোৱাৰ লগতে আইৰণ, ভিটামিন আৰু মেগনেচিয়াম ছাপ্লিমেন্ট খাব লাগে। শাক-পাচলি, ফল-মূল, চালাদ আৰু পানী যথেষ্ট পৰিমাণে খাব লাগে। ভিটামিন ‘ই’ সমৃদ্ধ খাদ্য(যেনে- আমলখি, বিট, গাজৰ, বন্ধাকবি, চয়াবিন আদি) আৰু এন্টি-অক্সিডেন্টযুক্ত পুষ্টিকৰ খাদ্য(যেনে- হালধি, শুকান ফল, সাগৰীয় মাছ, জামু আদি) খাব লাগে। চৰ্বিযুক্ত খাদ্য আৰু কৃত্ৰিম উপায়েৰে তৈয়াৰী জাম-জেলি, চাওমিন, চিপছ, কৃত্ৰিম ফলৰ ৰস নাখাব।

    মেন’পজ জীৱনৰ বাবে দহটি পৰামৰ্শ -

ইন্টাৰনেচনেল মেন’পজ ছ’চাইটীয়ে মেন’পজ হোৱা মহিলাক সুস্বাস্থ্য বৰ্তাই ৰখাৰ বাবে দহটি পৰামৰ্শ দিছে। সেইবোৰ হ’ল- ধূমপান ত্যাগ কৰক। মদ্যপান কমাওক। প্ৰতিদিনে শাৰীৰিক ব্যায়াম কৰক। স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক। শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰক। মানসিকভাৱে উজ্জীৱিত থকাৰ বাবে কৰ্মত ব্যস্ত থাকক। নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি ‘অষ্টিওপ’ৰোচিচ স্ক্ৰীণিং’ আৰু কৰ্কট ৰোগৰ স্ক্ৰীণিং(যেনে- ‘স্তন কৰ্ক্ট স্ক্ৰীণিং’, ‘পেপ স্মিয়াৰ’, ‘কল’ৰেক্টেল কেন্সাৰ স্ক্ৰীণিং’ আদি। কৰক। ষাঠী বছৰ বয়সৰ কম মহিলাসকলে হ’ট ফ্লাছ আৰু অন্য মেন’পজজনিত লক্ষণ নিয়ন্ত্ৰণ কৰাৰ বাবে ‘হৰমোনৰি প্লেচমেন্ট থেৰাপি’ৰ সহায় ল’ব পাৰে।

শৰীৰত থকা ৰোগৰ চিকিৎসা কৰি থাকক। যিকোনো সমস্যা হ’লেই চিকিৎসকৰ সহায় লওক।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/2/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate