অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সন্তানহীনৰ প্ৰধান কাৰণ অভাৰিয়ান চিষ্ট (PCOD)

সন্তানহীনৰ প্ৰধান কাৰণ অভাৰিয়ান চিষ্ট (PCOD)


আজি কালি ডিম্বাশয়ৰ চিষ্ট ( PCOD) ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। সাধাৰণতে এই ৰোগ ২০-৪০ বছৰীয়া মহিলাৰ হয় যদিও আজিকালি যুৱতী সকলহে অধিক পৰিমাণে আক্ৰান্ত হোৱা দেখা পোৱা গৈছে। বিশেষকৈ মধ্যবিত্ত পৰিয়ালৰ যুৱতী আৰু নৱিবিবাহিত মহিলাৰ ডিম্বাশয় চিষ্ট সৰ্বাধিক ।শাৰীৰিক পৰিশ্ৰম নকৰাটো এটা মূল কাৰক । আগতে এগৰাকী মধ্যবিত্ত পৰিয়ালৰ যুৱতী বা মহিলাই যিমান শাৰীৰিক পৰিশ্ৰম কৰিছিল তাৰ ২০% পৰিশ্ৰম নকৰে বৰ্তমানৰ যুৱতী সকলে । উল্লেখযোগ্য যে বৰ্তমান সময়ত প্ৰায় ২০% ভাৰতীয় ছাত্ৰ-ছাত্ৰীহে শাৰীৰিক ভাৱে স্বাস্থ্যৱান আৰু ইয়াৰ বাবে দায়ী পিতৃ-মাতৃ । আনহাতে এই শ্ৰেণীৰ লৰা-ছোৱালীয়ে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কৃত্ৰিমভাৱে প্ৰস্তুত কৰা খাদ্য খোৱা বাবে অভাৰিয়ান চিষ্ট হোৱাৰ সম্ভাৱনা নোহোৱা নহয় । আজি কিছুদিনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক ১০-১৫ গৰাকী যুৱতীয়ে অভাৰিয়ান চিষ্টৰ আয়ুৰ্বেদিক চিকিৎসাৰ বাবে হোৱাটৃএপ বা মেছেঞ্জাৰৰ জৰিয়তে মোৰ পৰা পৰামৰ্শ বিছৰাত মই আচৰিত মানিছো ।


ৰোগৰ কাৰণ -


এই ৰোগৰ কোনো নিৰ্দিষ্ট কাৰণ নায়। এষ্ট্ৰোজেন হৰমনৰ অস্বাভাৱিক ক্ৰিয়া, ডিম্বাশয়ত অধিক ৰক্তসঞ্চালন , ডিম্বাশয়ত হোৱা উত্তেজনা, গৰ্ভনিৰোধক আৰূ থাইৰইড হৰমন জাতীয় ঔষধ অত্যাধিক ব্যৱহাৰৰ, ডিম্বাশয় শোথ , বন্ধ্যা, ভয়,ক্ৰোধ ,মানসিক উৎকণ্ঠা আৰু বংশগত কাৰণত এই ৰোগ হয় ।

ৰোগৰ লক্ষণ :-
প্ৰায় সকলো বয়সৰ মহিলা এই ৰোগত আক্ৰান্ত হয় ।
চিষ্ট খোলা এটাৰ ভিতৰত আবৃত হৈ থাকে। খোলাটোৰ ভিতৰত বগা বা চকলেট বৰণীয়া লেতকেতীয়া প্ৰোটিশ থাকে, স্পৰ্শ কৰিলে নিমজ আৰু কোমল অনুভৱ হয়, নীল-বগা বৰণীয়া , গোলাকাৰ, সৰু ডাঙৰ বিভিন্ন আকাৰৰ হয় । চিষ্টৰ আকাৰ বৃদ্ধিৰ লগে লগে পেট আৰু শ্ৰোণী গহ্বৰ বাঢ়িবলৈ ধৰে । সচৰাচৰ এটা ডিম্বাশয় আক্ৰান্ত হোৱা বাবে তলপেটৰ একাষ বেছিকৈ বাঢ়ে। চিষ্টৰ আকাৰ অনুযায়ী কেৱল তলপেট অথবা গোটেই পেটটো উখহি উঠে। পেটৰ সিৰাবোৰ স্পষ্টকৈ দেখা যায় , পেটট মৃদু ধৰণৰ বিষ হয় । ৰোগৰ আৰম্ভণিতে স্বাস্থ্য অৱনতি নহয়, ৰোগ পুৰণি হলে অথবা চিষ্টৰ আকাৰ বৃদ্ধি হলে অৰুচি , অজীৰ্ণতা,ৰক্তহীনতা, দূৰ্বলতা আৰু শুকাই-ক্ষীণাই যায়।ৰোগৰ কাৰণে সাধাৰণতে ঋতুস্ৰাৱৰ গণ্ডগোল নহয় যদিও কেতিয়াবা ৰক্তস্ৰাৱ , ৰজৰোধ ,কষ্ট আৰ্তৱ হয় ।শ্ৰোণী অঞ্চলত আভ্যন্তৰিণ চাপ পৰিলে পেচাব অৱৰোধ, সঘনাই পেচাব লগা, দুয়ো ভৰিত শোথ আৰু কেতিয়াবা জলোদৰ হয় ।ওপৰ পেট আৰু বক্ষগহ্বৰত আভ্যন্তৰীণ চাপ পৰিলে শ্বাসকষ্ট আৰু হৃদকম্পন হয় । পেটত হাতেৰে স্পৰ্শন কৰিলে নিমজ , কোমল বা কঠিন, লৰচৰ কৰিব পৰা গোলাকাৰ চিষ্ট পোৱা যায়। চিষ্টটো কিবাকাৰণত পাক খালে তীব্ৰ ধৰণৰ পেটৰ বিষ হয় । কেতিয়াবা চিষ্ট ফাটিলে তীব্ৰ বিষ আৰু বীজাণু সংক্ৰমণৰ কাৰণে জ্বৰ আৰু অন্যান্য লক্ষণ দেখা পোৱা যায়।


ৰোগৰ উপসৰ্গ -


ডিম্বাশয় পাকখায় , পাকখোৱা ডিম্বাশয় কেতিয়াবা পেটৰ অন্য অঙ্গত এঠা খাই লাগি ধৰে, চিষ্ট ফাটি সংক্ৰমণ হোৱাৰ সম্ভাৱনা, উদৰাবৰণ কলা শোথ, দুয়োটা ভৰি ফূলে , জলোদৰ আৰু ৰোগ পুৰণি হলে কৰ্কট ৰোগলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা। আজিকালি গৰ্ভধাৰণ কৰিব নোৱাৰা অধিকাংশ মহিলা ডিম্বাশয় চিষ্ট ৰোগত আক্ৰান্ত।
ৰোগ নিৰ্ণয়:-
X-RAY, USG ইত্যাদি ।
চিকিৎসা:-
ডিম্বাশয়ৰ চিষ্ট আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা বিনা অস্ত্ৰোপচাৰে সম্পূৰ্ণ ভাল হয় ।


আয়ুৰ্বেদিক চিকিৎসা -


(১) পেটেণ্ট ঔষধ :-

CLEMENSTAL, ASHOK CORDIAL ,GYNOCURE , AMYCORDIAL syr HYPONIDD tab মাহেকীয়া ঋতূস্ৰাৱ স্বাভাৱিক কৰি ৰখাৰ বাবে।অথবা মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া কৰাৰ বাবে PATRANGASAVA , LODHRASAVA -চাৰি চামুচকৈ দিনে তিনিবাৰ খাব‌ ।
(২)। শাস্ত্ৰীয় ঔষধ:-

KANCHANAR GUGULU , TRIFALA GUGULU - যিকোনো এবিধৰ দুটাকৈ দিনে তিনিবাৰ খালে চিষ্টৰ আকাৰ কমিব ধৰে।
(3) ROUDTA RAS , NITYANANDA RAS ; যিকোনো এবিধ দুটাকৈ দিনে তিনিবাৰ খালে চিষ্টৰ আকাৰ কমিব ধৰে ।
(4) Hyponidd tablet -দুটাকৈ দিনে দুবাৰ খাব
এই ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিছুদিন খোৱাৰ পিছত সম্পূৰ্ণ নোহোৱা হয় ।।এই ৰোগ ধৰা পৰিলে আয়ুৰ্বেদিক চিকিৎসকৰ লগত পৰামৰ্শ কৰি ঔষধ খালে অস্ত্ৰোপচাৰ নকৰাকৈ সম্পূৰ্ণ ভাল পাব ।


লেখক :- ডা: মনোজ কুমাৰ শইকীয়া

উৎস:- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate