অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্তন ক্যান্সাৰ কি?

স্তন ক্যান্সাৰ কি?

 

শৰীৰৰ অন্যান্য স্থানৰ দৰে স্তনত অস্বাভাবিক কোষ বৃদ্ধিৰ ফলত কোনো গোটা টান মাংসপিণ্ডৰ সৃষ্টি হলে তাকে টিউমাৰ বোলে। শৰীৰৰ বিনা প্রয়োজনত অনিয়ন্ত্রিত কোষ বিভাজনৰ ফলত ইয়াৰ সৃষ্টি হয়। সাধাৰণতে টিউমাৰ দুই ধৰণৰ হয়।

এটা হৈছে বিনাইন টিউমাৰ বা অক্ষতিকাৰক টিউমাৰ যি উৎপত্তি স্থানৰ মাজতেই সীমাবদ্ধ থাকে। ওচৰৰ বা দূৰৰ শৰীৰৰ কোনো অঙ্গ-প্ৰত্যঙ্গকে আক্রান্ত নকৰে।

আনটো হ'ল ম্যালিগন্যান্ট টিউমাৰ বা ক্ষতিকাৰক টিউমাৰ যি উৎপত্তি স্থানৰ সীমা অতিক্ৰম কৰি শৰীৰৰ আশেপাশে অন্যান্য অঙ্গ-প্রত্যঙ্গ নাইবা গ্রন্থিক আক্রান্ত কৰে। স্তনৰ এই ম্যালিগন্যান্ট টিউমাৰটোৱেই হৈছে স্তন কেন্সাৰ।

কাৰ কাৰ হোৱাৰ প্ৰৱণতা থাকে -

*মাক বা দেউতাকৰ পৰিয়ালৰ কোনো মহিলাৰ স্তন কেন্সাৰ থাকিলে সেই বংশত হোৱাৰ প্ৰৱণতা থাকে|
*১২ বছৰ বয়সৰ পূর্বে মাহেকীয়া আৰম্ভ আৰু ৫০ বছৰৰ পিছত মাহেকীয়া বন্ধ হলে হোৱাৰ প্ৰৱণতা থাকে|

*দীর্ঘ সময় ধৰি জন্মনিয়ন্ত্রণ টেবলেট সেৱন কৰিলে স্তন কেন্সাৰৰ প্ৰৱণতা বঢ়াই|

*যিসকলে দীর্ঘ সময় ধৰি অতিৰিক্ত ইস্ট্রোজেনৰ সংস্পৰ্শত থাকে, মাহেকীয়াৰ নিৰ্দ্দিষ্ট তাৰিখৰ ব্যাঘাত জন্মাব টেবলেট গ্ৰহন কৰে তেখেত সকলৰ হোৱাৰ প্ৰৱণতা থাকে।

*এটা স্তনত কেন্সাৰ হোৱাৰ পিছত আনটোত ও হোৱাৰ সম্ভাৱনা থাকে|

*নিঃসন্তান মহিলাৰ স্তন কেন্সাৰ প্ৰৱণতা বেছি থাকে|

*৩০ বছৰৰ পিছত বিয়া আৰু প্রথম সন্তানৰ মাক হোৱাৰ পিছত সন্তানক দুগ্ধপান নকৰালেও স্তন কেন্সাৰ প্ৰৱণতা থাকে|

*শাক-পাচলিৰ কম ব্যৱহাৰ আৰু চর্বি জাতীয় খাদ্যৰ অত্যধিক ব্যৱহাৰৰ ফলতো হ'ব পাৰে|
*মদ-পান, অতিৰিক্ত ওজন ও শাৰীৰিক কম পৰিশ্ৰমৰ ফলতো হ'ব পাৰে |

*সকলো সময়তে অন্তৰবাস পিন্ধি থকাৰ ফলতো স্তন ৰ প্ৰৱণতা বৃদ্ধি পায়|

লক্ষণসমূহ -


অধিকাংশ মহিলাৰ ক্ষেত্রত স্তন কেন্সাৰৰ প্রথম লক্ষণৰ ভিতৰত বিষহীন মাংসপিণ্ডৰ অৱস্থিতি দেখা যায়| ইয়াৰ উপৰিও তলত দিয়া লক্ষণ সমূহত সচেতন থকা দৰকাৰ:

*স্তনৰ আকাৰ বা আকৃতিতে পৰিবৰ্তন|

*স্তনৰ নিপুলত পৰিবৰ্তনৰ লগতে নিপুলত ডাঠ কলা ডাগ পৰা, নিপুল ভিতৰৰ ফালে সোমাই যোৱা|

*স্তনৰ নিপুলৰ পৰা ৰক্ত সহ তৰল পদাৰ্থৰ ক্ষৰণ হোৱা| নিপুলত অত্যধিক খজুঁৱতি|

স্তন কেন্সাৰ স্ক্রিনিং -

যিসকলৰ ওপৰোক্ত লক্ষণসমূহ দেখা দিয়া নাই কিন্তু কেন্সাৰ হোৱা পৰিয়ালত জন্ম বা মনত সন্দেহ হৈছে স্তনৰ পৰিবৰ্তন দেখি তেখেত সকলৰ মাজৰপৰা বাচি উলিৱাওৱা পদ্ধতিয়েই হৈছে কেন্সাৰ স্ক্ৰিনিং।

স্তন কেন্সাৰৰ স্ক্রিনিংৰ বাবে মূলত তিনিটা পদ্ধতিয়েই প্ৰধান:

১)ম্যামোগ্রাম

২)ক্লিনিক্যাল ব্রেস্ট এক্সামিনেশন

৩)ব্রেস্ট সেলফ এক্সামিনেশন

মনত ৰাখিব, প্রাথমিক পর্যায়ত ধৰা পৰিলে স্তন ক্যান্সাৰ নিৰাময়ৰ সম্ভাৱনা প্রায় এশ শতাংশ।

লেখক: ডাঃ শ্বাহিদুল প্ৰীতম

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate