অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অ’ৰেল ৰিহাইড্ৰেচন থেৰাপী

অ’ৰেল ৰিহাইড্ৰেচন থেৰাপী

অ’ৰেল ৰিহাইড্ৰেচন থেৰাপী বা অ’ আৰ টি হ’ল শৰীৰত নাটনি হোৱা পানী পুনৰ স্থাপিত কৰা। এই ব্যৱস্থাত পানীৰ লগত এক নিৰ্দিষ্ট পৰিমাণৰ চেনি আৰু খোৱা নিমখ মিলাই তাক হাগনি ৰোগীক খাবলৈ দিয়া হয়। বজাৰত পোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ সুত্ৰ মতে তৈয়াৰী অ’ৰেল ৰিহাইড্ৰেচন ছলিউচনত (ORS) অলপ পটাছিয়াম ছল্টো মিহলি হৈ থাকে।

অ’ আৰ এছ (ORS) কুৰি শতিকাত মানৱ সভ্যতালৈ এক অনবদ্য উপহাৰ। দেখাত সাধাৰণ যেন লগা এই পানীয়ই অতিসাৰ ৰোগীৰ মৃত্যুৰ স্ংখ্যা ৯৩ শতাংশ কম কএইব পাৰে। ১৯৮০ চনৰপৰা ২০০৬ চনলৈ (যেতিয়াৰপৰা ‘অ’ আৰ এছ’ হাগনি ৰোগত বহুলভাৱে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হ’ল) সমগ্ৰ বিশ্বতে হাগনি ৰোগত মৃত্যু হোৱা শিশুৰ সংখ্যা ৫০ লাখৰপৰা ৩০ লাখলৈ হ্ৰাস পালে। ২০০৮ চনত দেখা গ’ল যে সমগ্ৰ বিশ্বতে ‘অ’ আৰ এছ’ৰ মূল্যক অলপ অৱজ্ঞা কৰি তাৰ ব্যৱহাৰ কমাই দিয়াৰ লগে লগে হাগনি ৰোগৰ বাবে মৃত্যু হোৱা শিশুৰ সংখ্যা পুনৰ বাঢ়িবলৈ ধৰিলে। ২০০৮ চনতো হাগনি ৰোগ শিশুৰ মৃত্যুৰ এক অন্যতম কাৰণ (১৭ শতাংশ) হৈ ৰ’ল।

প্ৰায় ২৫০০ বছৰৰ আগেয়ে ভাৰতীয় চিকিৎসা বিশেষজ্ঞ ‘সুশ্ৰুত’ই হাগনি ৰোগৰ চিকিৎসা ডাবৰ পানী(Rice water), ডাব নাৰিকলৰ পানী আৰু গাজৰৰ ছুপেৰে কৰিবলৈ উপদেশ দিছিল।

পশ্চিমৰ দেশসমূহত অ’ আৰ টিৰ উপকাৰিতা ১৯৬০ চনলৈকে জনা নাছিল। বিশ্বৰ বিভিন্ন ঠাইত যেনে ভাৰতবৰ্ষত বিভিন্নজনে অ’ আৰ টিৰ বিভিন্ন ধৰণে ব্যৱহাৰ কৰি আহিছিল যদিও কোনো অন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ ওপৰত গৱেষণা-পত্ৰ প্ৰকাশ কৰা নাছিল বা আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি প্ৰাপ্তিৰ বাবে তুলনামূলক গৱেষণা (Control trial) কৰা নাছিল। ১৯৬০ চনত জৈৱ ৰসায়ন বিশেষজ্ঞ ৰৰ্বাট ফ্ৰেনে এই কথা আৱিষ্কাৰ কৰিলে যে শৰ্কৰা (চেনি) জাতীয় দ্ৰব্যৰ উপস্থিতিত হাগনি ৰোগীৰ ছ’ডিয়াম আৰু ক্ল’ৰাইড সহজে শৰীৰত হজম হয় (Sodium-glucose-co-transport mechanism)আৰু এই সময়তে এই কথাও গম পালে যে হাগনি ৰোগত পাকস্থলী বা খাদ্যনলীৰ শ্লেস্মা আৱৰণ (Mucus membrane)ৰ কোনো ক্ষতি নহয়। আধুনিক যুগৰ অ’ আৰ টিৰ সূত্ৰপাত ইয়াৰপৰাই আৰম্ভ বুলি কোৱা হয়।

১৯৭১ চনত বাংলাদেশ জন্মৰ সময়ত যেতিয়া কলেৰা মহামাৰী হৈছিল, তেতিয়া চেলাইন (Intra venous Fluid)ৰ অভাৱত বহু চিকিৎসকে অ’ আৰ টি’ ব্যৱহাৰ কৰে। মহামাৰীৰ ক্ষেত্ৰত দেখা গ’ল যে যিসকল ৰোগীক চেলাইন দিয়া হৈছিল, তেওঁলোকৰ মৃত্যুৰ হাৰ আছিল ৩০ শতাংশ ভাগ। আনহাতে, অ’ আৰ টি’ ব্যৱহাৰ কৰা ৰোগীসকলৰ মৃত্যুৰ হাৰ আছিল ৩.৬শতাংশ।

হজমৰ সময়ত আমি খোৱা পানী খাদ্যনলীৰ কোষত সোমায়, এই পানীত শৰীৰৰ তেজৰ নিচিনা বহু ছ’ডিয়াম থাকে (এদিনত প্ৰায় ২০০০-৩০০০ মিঃ গ্ৰাঃ মান) এই সকলো ছ’ডিয়াম পুনৰ শৰীৰে শুহি লয়। ফলস্বৰুপে শৰীৰত ছ’ডিয়ামৰ পৰিমাণ সদায় সমান থাকে। কিন্ত হাগনি ৰোগত এই ছ’ডিয়াম শৰীৰে পুনৰ শুহি লোৱাৰ আগেয়েই শৌচৰ লগত ওলাই যায়। গাতিকে শৰীৰত বহু সোনকালে ভয়ানকভাৱে ছ’ডিয়ামৰ পৰিমাণ কম হৈ যাব পাৰে-ইয়াত কোৱা বহু জটিল সমীকৰণৰ বাবে ছ’ডিয়ামৰ লগতে শৰীৰত পটাছিয়ামৰো পৰিমাণ কম হৈ যায়। ছ’ডিয়াম নহ’লে খাদ্যনলীৰপৰা শৰ্কৰা (চেনি) জাতীয় দ্ৰব্যৰো হজম নহয়। সেয়েহে অ’ আৰ এছত ছ’ডিয়াম, পটাছিয়াম আৰু গ্লুক’জ তিনিও পদাৰ্থ সমানে থাকে।

অ’ আৰ এছ প্ৰস্তত কেনেদৰে কৰা হয়?

বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ইউনিছেফে যুটীয়াভাৱে অ’ আৰ এছ উৎপাদনৰ বাবে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা প্ৰকাশ কৰে। এই দুটা সংস্থাই ইয়াৰ পৰিৱৰ্তে ঘৰত কেনেদৰে অ’ আৰ টি তৈয়াৰ কৰিব পাৰি তাৰ বাবেও পৰামৰ্শ দিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ সূত্ৰ অনুসৰি তৈয়াৰ কৰা অ’ আৰ এছত ২.৬ গ্ৰাম নিমখ (Sodium Chloride), ২.৯ ট্ৰাই ছডিয়াম চাই গ্ৰাম ট্ৰাই ছডিয়াম চাইট্ৰেট ডাইহাইড্ৰেট (C6H5Na3O7, 2H2O) ১.৫ গ্ৰাম পটাছিয়াম ক্ল’ৰাইড (Kcl) আৰু ১৩.৬ গ্ৰাম এনহাইড্ৰাছ গ্লুক’জ (C6H12O6) থাকে। এই সকলো থকা এটা পাউদাৰৰ পেকেট এক লিটাৰ বিশুদ্ধ পানীত মিহলাই ল’ব লাগে।

এই সূত্ৰ অনুসৰি সাধাৰণতে পাউদাৰ হিচাপত থকা অ’ আৰ এছৰ উপৰি আগেয়েই পানীত মিহলোৱা, খাবলৈ তৈয়াৰী হিচাপতো বজাৰত অ’ আৰ এছ পোৱা যায়। কিন্ত আমাৰ দেশত সাধাৰণতে পলিপেকেটত পোৱা ‘অ’ আৰ এছ’ বুলি লিখা বহু পানীয় দ্ৰব্য কিন্ত আচলতে ‘অ’ আৰ এছ’ নহয়। এনে ধৰণৰ পানীয় দ্ৰব্যৰ দ্বাৰা হাগনি ৰোগৰ চিকিৎসা কৰিবতো নোৱাৰিয়েই, বৰঞ্চ ইয়াৰপৰা শিশুৰ বহু অনিষ্টহে হ’ব পাৰে। এনে পেকেটবোৰত সাধাৰণতে ‘অ’ আৰ এছ’ শব্দৰ পিছত বা কেতিয়াবা আগত আন কিবা এটা আখৰ লিখা থাকে। আপুনি যদি এনেকুৱা তৈয়াৰী অ’ আৰ এছ খুৱাব খুজিছে- তাক আচল নে নকল ধৰিব নোৱাৰিলে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক। ফলৰ ৰসৰ দৰে এনে অ’ আৰ এছৰ সোৱাদ সাধাৰণতে ভাল বাবে মানুহে বেছিকৈ তাক ক্ৰয় কৰি পিছত বিপদত পৰে।

লিখক: ডাঃ দেৱজিৎ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate