অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৰায়ুৰ ফাইব্ৰয়েড টিউমাৰ

জৰায়ুৰ ফাইব্ৰয়েড টিউমাৰ

জৰায়ুৰ ‘ফাইব্ৰয়েড’ হ’ল ফাইব্ৰাছ কলা আৰু মাছকুলাৰ কলাৰে মিশ্ৰিত অনিষ্টহীন এবিধ টিউমাৰ বা টেমুনা যাৰ আৱিৰ্ভাৱ জৰায়ুৰ গাটোৰ বা মাজতে বা ভিতৰতে হয়। এই ধৰণৰ টিউমাৰক ‘ফাইব্ৰ’মায়ামা’ বা ‘লিঅ’মায়ামা’ বুলিও কোৱা হয়। চিকিৎসা বিজ্ঞানৰ ভাষাত এনেধৰণৰ টিউমাৰক বিনাইন (Benign) টিউমাৰ বুলিও কোৱা হয়, অৰ্থাৎ কৰ্কট ৰোগৰ (Malignant) টিউমাৰৰ দৰে এইবিধ টিউমাৰ দেহৰ অনিষ্টকাৰী বা হানিকাৰক নহয়। জৰায়ুৰ গাৰ পৰা ফলৰ ঠাৰি সদৃশ এডাল পেশীয়ে টিউমাৰটোক ওলোমাই ৰখা দেখা যায়(Perdunculated) নতুন জৰায়ুৰ গাতে লিপিত খাই থকাও পোৱা যায়(Sessile type)। সচৰাচৰ বহুবোৰ সৰু-বৰ টেমুনাৰ সমষ্টিৰে একোটা ডাঙৰ ফাইব্ৰয়েড টিউমাৰৰ সৃষ্টি হয় আৰু বেছি ভাগ ক্ষেত্ৰতে জৰায়ুৰ পেশীৰ মাজতে পোত খাই থকা পোৱা যায়। এনে অৱস্থাত জৰায়ুৰ গাতো প্ৰত্যক্ষভাৱে লিৰিকি বিদাৰি থাকিলে অসমান বা ওখ-চাপৰ লাগিব।

গাঁথনিগত দিশেৰে বৰ্ণনা দিবলৈ হ’লে ফাইব্ৰয়েড তিনি প্ৰকাৰৰ হয়। জৰায়ুৰ পেশীৰ মাজত অৰ্থাৎ গাটোৰ ভিতৰত পোত খাই থাকিব পাৰে(intramural type), জৰায়ুৰ গহ্বৰৰ মাজত মিউকাছ আৱৰণেৰে ঢাক খাই থকা হ’ব পাৰে(Submucosal), নতুবা একবাৰে বাহিৰৰ পেৰিটনিয়েল আৱৰণে ঢাকি থোৱা প্ৰকৃতিৰো (Subserosal type) হ’ব পাৰে। কেতিয়াবা আকৌ ডিম্বনলী বা ফেলপিয়ান টিউবৰ গাতে লাগি, নতুবা ব্ৰডলিগামেণ্টৰ মাজত আৱদ্ধ হৈ থাকিবও পাৰে। ফাইব্ৰয়েডৰ আকৃতি কেতিয়াবা একোটা তৰমুজৰ লেখীয়াও হয়। পেটৰ ভিতৰত ফাইব্ৰয়েডৰ আকৃতি ইমান ডাঙৰ হ’লে কেতিয়াবা, কেতিয়াবা দেখাত মহিলাৰ গৰ্ভাৱস্থাৰ (Pregnancy) লগত ভূল হ’ব পাৰে।

কাৰণ

জৰায়ুত ফাইব্ৰয়েড কিয় হয় প্ৰকৃত কাৰণ জনা নাযায়। আমাৰ দেশত হোৱা স্ত্ৰীৰোগসমূহৰ ভিতৰত ফাইব্ৰয়েডৰ পৰিসংখ্যা ৩.৩ শতাংশ। শ্বেতাঙ্গসকলতকৈ কৃষ্ণাংগ মহিলাসকল তিনিগুণে বেছিকৈ ভোগে। ফাইব্ৰয়েড টিউমাৰ ইষ্ট্ৰ’জেন হৰম’ন নিৰ্ভৰশীল। সেয়েহে মহিলাৰ তেজৰ সোঁতত ইষ্ট্ৰ’জেন হৰম’নৰ মাত্ৰাৰ তাৰতম্য হোৱাৰ ফলতেই জৰায়ুত ফাইব্ৰয়েড টিউমাৰৰ সৃষ্টি হয়। মহিলাৰ প্ৰজনন কালত ইষ্ট্ৰ’জেন হৰম’নৰ মাত্ৰা আৰু ৰক্তসঞ্চালনৰ গতি বৃদ্ধি হয় বাবেই এই কালছোৱাতে ফাইব্ৰয়েডৰ দৌৰাত্ম্য বেছি। আকৌ মেন’পজ বা ৰজোঃনিবৃত্তি কালত তেজত ইষ্ট্ৰ’জেনৰ মাত্ৰা কমি অহাৰ ফলত ফাইব্ৰয়েড শুকাবলৈ ধৰে আৰু আকৃতি সৰু হয়।

উৎপত্তি

ফাইব্ৰয়েড টিউমাৰৰ উৎপত্তি কোষৰ বিষয়ে বিজ্ঞানে সঠিকভাৱে মন্তব্য কৰিব পৰা হোৱা নাই। জৰায়ুৰ গাত থকা মাংসপেশীৰ পৰিপক্ক বা অপৰিপক্ক কোষৰপৰা সৃষ্টি নে ৰক্তবাহী সিৰাৰ গাত সোমাই থকা মাংসপেশীৰ কোষৰ (Muscle tissue) পৰা ইয়াৰ সৃষ্টি তাক সঠিকভাৱে ক’ব পৰা হোৱা নাই। মাংসপেশীৰ কোষপুঞ্জৰ লগতে অৱশ্যে অহীয়া কোষপুঞ্জ জড়িত (Fibrous tissue) হৈ থকা বুলি কলাস্থান বিজ্ঞানে (Histo-Pathology) ঠাৱৰ কৰিছে। এই মুখ্য কাৰণটোৰ উপৰি মহিলাৰ বন্ধ্যাত থাকিলে আৰু বংশগত কাৰণে ফাইব্ৰয়েড টিউমাৰ সৃষ্টিত প্ৰভাৱ পেলাব পাৰে।

লক্ষণ

সাধাৰণতে ক্ষুদ্ৰ ফাইব্ৰয়েডৰ ক্ষেত্ৰত ফাইব্ৰইয়েড মৌন হৈ থাকে অৰ্থাৎ বেছিভাগতে কোনো লক্ষণে দেখা নিদিয়ে। কিন্ত ফাইব্ৰয়েডৰ আকাৰ-প্ৰকাৰ বৃদ্ধি হ’লে তলপেট গধুৰ গধুৰ লাগিব। মাজে-সময়ে পেট আৰু কঁকালত বিষ অনুভৱ কৰিব। মল-মুত্ৰ ত্যাগ কৰাৰ সময়তো ৰোগীয়ে কষ্ট পাব। ঘনে ঘনে প্ৰস্ৰাৱ লাগিব, কোষ্ঠকাঠিন্যও হ’ব পাৰে। তলপেট অনবৰতে ফুলি থকা যেন অনুভৱ হ’ব। হাতেৰে তলপেট পিটিকি চালে (paplpation) গোটা টেমুনাৰ দৰে অনুভৱ হ’ব। উল্লেখযোগ্য লক্ষণৰ ভিতৰত মাহেকীয়া ঋতুত বেমেজালিয়ে দেখা দিব। মাহেকীয়াৰ সময়ত প্ৰচুৰ পৰিমাণে ৰক্তস্ৰাৱ হ’ব আৰু বেছি দিনলৈ স্ৰাৱ গৈ থাকিব; অথবা উভয় অৱস্থা বিদ্যামান হ’ব। কেতিয়াবা একেটা মাহৰ ভিতৰত দুই-তিনিবাৰ মাহেকীয়া হ’ব। ইয়াকে স্ত্ৰীৰোগ বিজ্ঞানত ‘মেম’ৰেজিয়া’ আৰু ‘মেট্ৰ’ৰেজিয়া’ বুলি নামকৰণ কৰা হৈছে। কেতিয়াবা আকৌ ঋতু শুলৰ লক্ষণে দেখা দিব পাৰে। (Congestive dysmenorrhoea) মহিলা গৰাকীৰ গৰ্ভাৱস্থা থাকিলে প্ৰসৱৰ সময়ত জটিলতাই দেখা দিব পাৰে। গৰ্ভস্ৰাৱ হৈ থাকিব পাৰে, যাৰ ফলত ৰক্তাল্পতা বা এনিমিয়াই দেখা দিব। জৰায়ুৰ গাৰপৰা ওলমি থকা ফাইব্ৰয়েড (Pendunculated) হ’লে বাহ্যিক কোনো আঘাত পালে বা নিজে নিজেও পেটৰ ভিতৰত মোচৰ খাই যাব পাৰে (Torsion) আৰু এনে হ’লেই বিষৰ প্ৰকোপ মাৰাত্মক হ’ব পাৰে। এনে অৱস্থাত জৰুৰী অস্ত্ৰোপচাৰ অৱশ্যেই প্ৰয়োজন। ফাইব্ৰয়েডৰ দ্বাৰা ডিম্ব নলী বা ফেল’পিয়ান টিউব চাপগ্ৰস্ত হ’লে সি বন্ধ্যাত্বৰ কাৰণ হৈ উঠিব পাৰে। গৰ্ভাৱস্থাত জৰায়ুত ফাইব্ৰয়েড থাকিলে অকালতে গৰ্ভফুল বা প্লেচেণ্টা খহি পৰিব পাৰে নতুন ভ্ৰণৰ বিকৃত উপস্থিতি বা malpresentation হ’ব পাৰে, যাৰ বাবে চিজাৰিয়ান অপাৰেচনৰ দ্বাৰাহে সন্তান প্ৰসৱ কৰাব লগা হ’ব পাৰে।

জৰায়ুৰ ফাইব্ৰয়েড হ’লে মাহেকীয়া স্বাৱ অত্যাধিক হোৱাৰ কাৰণ

ফাইব্ৰয়েডৰ দ্বাৰা জৰায়ু গহ্বৰৰ আয়তন বৃদ্ধি হয় ফলত ভিতৰত লিপিত খাই থকা এণ্ডোমেট্ৰিয়েল আৱৰণখনৰ আয়তন বাঢ়ে, বেছি সোপোকা আৰু ডাঠ হয় আৰু যথেষ্ট তেজাল হৈ এক নতুন প্ৰসাৰিত ৰুপত ঠন ধৰি উঠে। মাহেকীয়া সময়ত এণ্ডোমেট্ৰিয়েল টিছুবোৰ খহিবলৈ লয় তেতিয়াই  নতুন প্ৰসাৰিত ৰুপৰ সেই বহল আৰু তেজাল আৱৰণৰখনৰ ৰক্তসিৰা উপসিৰাবোৰ ভাঙি-ছিঙি প্ৰচুৰ পৰিমাণে ৰক্তস্ৰাৱ নিৰ্গত হ’বলৈ ধৰে। তদুপৰি ফাইব্ৰয়েডত দেখা দিয়া প্ৰদাহ (Infection) টিছু ধ্বংস প্ৰক্ৰিয়া বা বিজতৰীয়া অৱস্থা হোৱাৰ ফলতো (Necro biosis & Red degeneration) এণ্ডোমেট্ৰিয়েল আৱৰণখন পাতল হৈ স্পৰ্শকাতৰ হৈ পৰে। পুনৰ যদি নতুনকৈ গজিবলৈ লয় সিও ক্ৰুটীপূৰ্ণ হয়। অৰ্থাৎ Impaired regeneration হৈ অস্বাভাৱিক ৰক্তস্ৰাৱ হয় যাৰ ফলত ৰোগীয়ে গুৰুতৰ আৰু ক্ৰণিক এনিমিয়াত ভুগি ভুগি প্ৰচণ্ডভাৱে দুৰ্বল হৈ যায়। Red degeneration ৰ দৰে ফাইব্ৰয়েডৰ বিজতৰীয়া অৱস্থা এটা গৰ্ভাৱস্থাৰ সময়তো বা প্ৰসৱৰ পিছতো হ’ব পাৰে, তেতিয়া সি আৰু অধিক যন্ত্ৰণাদায়ক হৈ উঠে।

ৰোগ নিৰ্ণয়

দৈহিক আৰু মহিলাৰ আভ্যন্তৰীণ জননেন্দ্ৰিয়ৰ ক্লিনিকেল পৰীক্ষাৰ দ্বাৰা তলপেটত পেলভিক টেমুনাৰ উপস্থিতি গম ল’ব পৰা যায়। পিছত আল্ট্ৰাচ’নোগ্ৰাফী পৰীক্ষা, চি টি স্কেন বা এম আৰ আই পৰীক্ষাৰ সহায়েৰে এওগ সাব্যস্ত কৰা হয়। কৰ্কট ৰোগৰপৰা নিশ্চিত হৈ থাকিবলৈ পেপটেষ্ট, হিষ্টৰ’স্কপি আৰু জৰৰয়ু গহ্বৰৰ আৱৰণৰপৰা এণ্ডোমেট্ৰিয়েল বায়স্পি কৰিব লগা হয়। তেজৰ পৰীক্ষাৰ মাধ্যমেৰে হিম’গ্লবিনৰ মাত্ৰা চোৱাটো অৱশ্যেই প্ৰয়োজনীয়।

চিকিৎসা

লক্ষণ বিহীন ৰোগীসকলৰ বেছি ভাগ ক্ষেত্ৰতে কোনো চিকিৎসাৰ প্ৰয়োজন নহয়। সৰু ফাইব্ৰয়েড থাকিলে বছৰত এবাৰকৈ পেলভিছৰ পৰীক্ষা কৰি ফাইব্ৰয়েড আকাৰ-প্ৰকাৰ দ্ৰুত গতিত বৃদ্ধি হৈছে নেকি তাক চোৱা দৰকাৰ। সৰু ফাইব্ৰয়েড কেতিয়াবা নিজে নিজে লুপ্ত হৈ যোৱা দেখা যায়। লক্ষণ থকা ৰোগীক ঔষধেৰে চিকিৎসা কৰাৰ প্ৰয়োজন আছে। যদিহে চিকিৎসাৰ কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি তেতিয়াহে শল্য চিকিৎসাৰ মাধ্যমেৰে ফাইব্ৰয়েড কাটি উলিয়াই পেলোৱা হয়। ঔষধৰ চিকিৎসাৰ বাবে অভিজ্ঞ স্ত্ৰীৰোগ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। অভিজ্ঞ চিকিৎসকে জানে কোনবিধ ঔষধেৰে চিকিৎসা কৰিলে ফাইব্ৰয়েড টিউমাৰৰ বৃদ্ধি টুটি আহিব বা আকৃতি সৰু হৈ আহিব আৰু হানিকাৰক লক্ষণবোৰ সমাপ্ত হ’ব, তাক নিজস্ব জ্ঞান আৰু অভিজ্ঞতাৰে ঠাৱৰ কৰি ল’ব। ঔষধৰ মাত্ৰা কি ধৰণে সেৱন কৰা হ’ব তাৰ বাবে চিকিৎসকজনেই দিহা দিব। কিন্ত যিসকল মহিলাৰ ফাইব্ৰয়েড খুব বেছি ডাঙৰ হৈ লক্ষণসমূহ ভীষণ কষ্টকৰ হৈ উঠে আৰু মেডিকেল থেৰাপী বা ঔষধৰ দ্বাৰা উপশম নহয় সেইসকল মহিলাই শল্য চিকিৎসাৰ মাধ্যমেৰে ফাইব্ৰয়েড টিউমাৰ গুচাই পেলাব লাগে। মধ্যবয়স্ক মহিলা যাৰ বয়স ৪০ৰ ওপৰ, ভৱিষ্যতে আৰু সন্তানৰো প্ৰয়োজন নাই সেইসকলৰ ক্ষেত্ৰত গোটেই জৰায়ুটোক টিউমাৰসহ গুচাই পেলাব লাগে। শল্য চিকিৎসাৰ ভাষাত তাক হিষ্টেৰ’ক্‌টমী বোলা হয়। এনে কৰিলে ৰোগৰ প্ৰায় সকলো লক্ষণেই উৎখাত হয় আৰু সমস্যাৰ অন্ত পৰে। গুচাই নেপেলোৱাকৈ ৰৈ যোৱা ফাইব্ৰয়েড টিউমাৰৰ বৃদ্ধি টুটি অহাৰ পৰিৱৰ্তে ৰজোঃনিবৃত্তি বা Menopause ৰ পিছত যদি আকৃতি ডাঙৰ হৈ আহিবলৈ ধৰে অথবা ৰক্তস্ৰাৱ আৰম্ভ হ’বলৈ ধৰে তেনেহ’লে কৰ্কট ৰোগৰ লক্ষণ সন্দেহ কৰা হয়। ০.৫ শতাংশ টিউমাৰৰ ক্ষেত্ৰত চাৰ্ক’মা (Sarcoma) নামৰ কৰ্কট ৰুপৰ টিউমাৰলৈ ৰুপান্তৰ (Malignant change) হয় বুলি পৰিসংখ্যাৰ পৰা জনা যায়।

লিখক: ডাঃ দীনেশ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 5/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate